গুৱাহাটীৰ চিত্ৰগৃহসমূহ
লেখক- বিকাশ দত্ত
২০০২ চনৰ ঘটনা। বৰতাহঁতৰ ঘৰত থকাকৈ গৈছিলোঁ। কৈলাসপুৰ, লংকেশ্বৰ আৰু সাতমাইলৰ মাজতেই। তেতিয়া ফ’ৰলেন ৰাস্তা নাই। পাহাৰখনো ৰাস্তাৰ মাজলৈকে থকাৰ নিচিনা। এতিয়াৰ দৰে ষ্ট্ৰীটলাইট নাই, ফ্লেটবোৰ নাই, চাৰিওফালে পিটনি, মাজেৰে লুংলুঙীয়া বাট, আৰু কাষতে কেইটামান আছাম টাইপ ঘৰ। তাৰে এটা বৰতাহঁতৰ। ওচৰৰে সম্বন্ধীয় আইতাৰ লগত মা, মই আৰু দাদা দুপৰীয়া ৩ মান বজাত চিটী বাছত ওলালোঁ। তেতিয়া মই দ্বিতীয় শ্ৰেণীত। খীণ আছিলো বাবে মাৰ কোলাতে বহি লৈছিলোঁ। তেতিয়াৰ জালুকবাৰীও অলপ বেলেগ। জালুকবাৰী চকটো এতিয়াৰ দৰে ইমান পংকিল বা বিভ্ৰান্তিকৰ (কিছুসংখ্যকৰ বাবে) নাছিল। জালুকবাৰী তেতিয়া তিনি-আলি। এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটৰ পৰা চিধাই ওলাই গুৱাহাটী অভিমুখে গ’লে বাঁওফালেই জালুকবাৰী আৰক্ষী চকী। বিশ্ববিদ্যালয়ৰ মাজেৰে চিটীবাছত মাৰ কোলাত বহি গৈ আছোঁ প্ৰাগজ্যোতি চিনেমাহল অভিমুখে। ডাঙৰ বেনাৰ এখনত লিখা আছে ‘ককাদেউতাৰ ঘৰ-জোঁৱাই’- অভিনয়ত নিপন গোস্বামী, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, হিৰণ্য ডেকা আদি।
বেলকনিৰ টিকট, ২৭ টকা! সেইয়া আছিল ছবিগৃহত মোৰ প্ৰথম প্ৰৱেশ। ডাঙৰ পৰ্দাত চিনেমা চোৱা সেইয়া মোৰ প্ৰথম অভিজ্ঞতা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল, ছবিখন হাউছফুল আছিল। আৰু ওলাই আহোঁতেও টিকট কাউণ্টাৰত পৰৱৰ্তী দৰ্শনীৰ বাবে দীঘল শাৰী দেখিছিলো। হয়, অসমীয়া চিনেমাৰ বাবে সেয়াও এক পৰিৱেশ আছিল!
বৰ্তমান গুৱাহাটীৰ বিভিন্ন ঠাইত বিভিন্ন অত্যাধুনিক প্ৰযুক্তি সম্বলিত চিত্ৰগৃহ আছে। 3D, Dolby Surround Sound, Digital Projector আৰু যে কত কি। বুক মাই শ্ব’ত বিচাৰিলে সকলো ধৰণৰ সৰু বৰ চিত্ৰগৃহই ম’বাইল স্ক্ৰীণত ভিৰ কৰেহি। কিন্তু হয়তো আমি বহুতেই নাজানো যে গুৱাহাটীত প্ৰথমতে এটা নিৰ্বাক চিত্ৰগৃহ আছিল। এয়া হয়তো ৩০ ৰ দশকৰ সময়ছোৱাৰ কথা। কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ কিতাপ “ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী”ত গুৱাহাটীৰ প্ৰথমটো ছবিগৃহৰ বিষয়ে এক বৰ্ণনা দিছে। পাণবজাৰৰ নাগপোতা পুখুৰীৰ ওচৰৰ বৰ্তমান ছিণ্ডিকেট বেংকৰ শাখা কাৰ্যালয়ৰ তিনিমহলীয়া অট্টালিকাটোৰ ঠাইতে গুৱাহাটীৰ প্ৰথমটো ছবিগৃহ প্ৰতিষ্ঠা কৰা হৈছিল, নাম “কামৰূপ চিনেমা কোম্পানী।” প্ৰথম শাৰী কাঠৰ চকী, বাকীবোৰ আছিল বাঁহৰ চাং। ইকৰা, বিৰিণা আদিৰে নিৰ্মিত বেৰত মাটিৰ প্ৰলেপ। অসমৰ গাঁৱলীয়া ঘৰবোৰৰ দৰেই। ছবি এখন আৰম্ভ হোৱাৰ আগে আগে বেণ্ড পাৰ্টি বজোৱা হয়, ফুটবলৰ খেলৰ ৰেফাৰীৰ দৰে হুইচেল বজোৱা হয়। চিনেমা চাবলৈ অহা সৰু সৰু কণ-মাইনাসকলক সেই ছবিগৃহৰ মালিক আৰু লাখটকীয়া অঞ্চলৰ বিশিষ্ট ব্যক্তি ৰফিকুল ৰচুল চাহাবে লুজন খুৱাইছিল। তেওঁক জনা যায় মৌজাদাৰ হিচাপে কিন্তু বহুতে তেওঁক মাইনা বুলিহে মাতিছিল।
গুৱাহাটীৰ প্ৰথমাৱস্থাৰ ছবিগৃহৰ ভিতৰত আন এটা আছিল লক্ষ্মী টকীজ। ৰায়চাহাব সোমেশ্বৰ চৌধুৰীৰ তত্ত্বাৱধানত নিৰ্মিত এই ছবিগৃহটোৰ এটা বৈশিষ্ট্য হ’ল যে গৰাকীৰ ঘৰ ছবিগৃহ একেলগেই একে ঠাইত আছিল। কেতিয়াবা চিনেমা চলি থকাৰ মাজতে সন্মুখেৰে গোহালিলৈ গৰু লৈ যোৱা বা ঘৰৰ ঠাকুৰ-ৰান্ধনী আদিয়ে হাতত হেতা, খন্তি লৈ দৰ্জা খিৰিকীৰে ভূমুকি মাৰি চিনেমা চোৱাও দেখিবলৈ পোৱা গৈছিল। বৰ্তমান ৰায়চাহাবৰ পুত্ৰসকলে “চৌধুৰী টকীজ” নামেৰে ছবিগৃহটো নৱনিৰ্মাণ কৰিলে। একেদৰে মাৰোৱাৰীৰ পৰা আলুগুদাম এটা কিনি লৈ এগৰাকী অভিজাত জাৰ্মান চাহাবে এটা ছবিগৃহ নিৰ্মাণ কৰে, নাম কেলভিন। কেলভিন আছিল গুৱাহাটীৰ দ্বিতীয়টো চিত্ৰগৃহ।
লাহে লাহে সবাক ছবিৰ প্ৰচলনে গুৱাহাটীৰ ছবিগৃহতো নতুন নতুন সংযোজন আনে। ইয়াৰ ভিতৰতে এটা আছিল ফাচী বজাৰৰ বৰ্তমান বন্ধ হৈ থকা বিজুলী চিনেমা। প্ৰথমতে এই ছবি ঘৰটিৰ নাম আছিল পিকচাৰ হাউছ। তাৰ পিছত নামকৰণ কৰা হ’ল সতী টকীজ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতী এই সতী টকীজতেই মুক্তিলাভ কৰিছিল। দিনটো আছিল ১৯৩৯ চনৰ ১ আগষ্ট। ত্ৰিশৰ দশকত মহম্মদ মাচুম নামৰ এগৰাকী উদ্যমী ব্যবসায়ীয়ে নিৰ্মাণ কৰিছিল পিকচাৰ হাউছ। পিছত দ্বিতীয় মহাসমৰৰ শেষাৰ্ধত গুৱাহাটীৰ দুই কলানুৰাগী ব্যক্তি তিলক দাস আৰু ভুৱন চন্দ্ৰ চৌধুৰীয়ে যুটীয়াভাৱে এই ছবিঘৰটি ক্ৰয় কৰি সতী টকীজৰ নাম বিজুলীলৈ সলনি কৰে। প্ৰবীণ ফুকন পৰিচালিত ১৯৪৯ চনৰ পাৰঘাট ছবিখনৰ প্ৰযোজক তথা অভিনেতা তিলক দাসৰ উত্তৰ প্ৰজন্মই বৰ্তমান উৰ্বশী আৰু বিজুলী ছবিগৃহ চলাই আছে।
ষাঠিৰ দশকৰ অন্তিম ভাগত উৰ্বশী চিনেমা হল এক চিনাকি নাম হৈ পৰে চলচ্চিত্ৰ প্ৰেমী দৰ্শক ৰাইজৰ মাজত। ব্যস্ত আৰু জনবহুল ঠাই বাবে উৰ্বশী চিনেমা হলত কেইবাখনো বাণিজ্যিকভাৱে সফল ছবিয়ে মুক্তিলাভ কৰিছিল। ইয়াৰ ভিতৰত আছিল নিপ বৰুৱাৰ আজলী নবৌ আৰু ককাদেউতা, নাতি আৰু হাতী। বিখ্যাত হিন্দী ৰোমাণ্টিক থ্ৰিলাৰ শক্তি সামন্ত পৰিচালিত আৰু শ্বামী কাপুৰ, শৰ্মিলা টেগ’ৰ আৰু প্ৰাণ অভিনীত এন ইভিনিং ইন পেৰিছৰ লগতে বিজয় আনন্দৰ তিচৰী মঞ্জিলৰ দৰে ছবিও উৰ্বশী চিনেমা হলত মুক্তিলাভ কৰিছিল। আনহাতে ১৯৬৭ চনত ছাৰ্জিঅ’ লিয়ন পৰিচালিত আৰু ক্লিণ্ট ইষ্টউড অভিনীত ডলাৰ্ছ ত্ৰিলজীৰ প্ৰথমখন ছবি এ ফিষ্টফুল অৱ ডলাৰ্ছও মুক্তিলাভ কৰিছিল। অৱশ্যে ছবিখনে প্ৰকৃততে ১৯৬৪ চনতে আমেৰিকাত মুক্তিলাভ কৰিছিল। কিন্তু ১৯৬৭ চনত অসমৰ গুৱাহাটীৰ উৰ্বশী চিনেমা হলত পুনৰ ৰিলিজ কথাটোৱেই সুকীয়া। অৰুণলোচন দাসে লগতে কয় যে তেওঁ যেতিয়া ছবিখন উৰ্বশীত চাইছিল তেতিয়া তেওঁ কামৰূপ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।
গুৱাহাটী সেই সময়ৰ বাণিজ্য তথা কলাকেন্দ্ৰ আছিল। সেইয়া আমি কাহানিও নুই কৰিব নোৱাৰো। সাহিত্য সংস্কৃতিৰ বৃহৎ পথাৰখনৰ লগতে চলচ্চিত্ৰ উদ্যোগটোৰো ধনে ধ্যানে শ্ৰীবৃদ্ধি হৈছিল গুৱাহাটীৰ মাজ-মজিয়াতেই। কিন্তু নিৰ্মীয়মান অৱস্থাত আৰু এটা সময়ত দৰ্শকৰ অভাৱত এই চিত্ৰগৃহসমূহ যেন লাহে লাহে হেৰাই গ’ল। স্মৃতিৰ মণিকোঠাত সজীৱ এই ডাঙৰ পৰ্দাসমূহে গুৱাহাটীত চলচ্চিত্ৰৰ যি ইতিহাস কঢ়িয়াই ফুৰিছিল সেয়া যেন এতিয়া ইতিহাসতেই পৰিণত হোৱাৰ উপক্ৰম হৈছেহি।
দুদিনমান আগৰ কথা। অপ্সৰা চিনেমাহলটো বন্ধ হৈ যোৱা বুলি শুনিবলৈ পালোঁ৷ গুৱাহাটীৰ মণিপুৰিবস্তি স্থিত অপ্সৰা চিনেমা হলৰ এক সুকীয়া স্থান আছে। অপ্সৰা আছিল শীত-তাপ নিয়ন্ত্ৰিত আৰু ষ্টেৰিঅ’ফোনিক ধ্বনি ব্যৱস্থাপনাৰ লগতে ১১০০ আসন সমৃদ্ধ অসমৰ প্ৰথমটো বৃহৎ চিত্ৰগৃহ। অৰুণলোচন দাসৰ মতে, ৭৫ মিঃমিঃ ৰ বৃহৎ পৰ্দা সংযোজিত অপ্সৰাত ৰমেশ চিপ্পীৰ শ্বোলে (১৯৭৫)ৰ প্ৰতিটো দৰ্শনীয়েই হাউছফুল হৈছিল। জীৱনৰ এয়া এক বিশেষ অভিজ্ঞতা বুলিও তেওঁ মতপোষণ কৰে। খবৰটো পোৱা মাত্ৰকে গুগল মেপত টাইপ কৰি চালোঁ, “Permanently Closed” বুলি দেখুৱাইছে। এয়া সঁচাকৈয়েই দুখজনক।
সেয়েহে মাল্টিপ্লেক্স আৰু নৱতম ছবিগৃহসমূহৰ লগতে যদিহে নতুন হিন্দী, অসমীয়া, ইংৰাজী ভাষাৰ ছবিসমূহ এই চিত্ৰগৃহসমূহতো প্ৰদৰ্শন কৰা হয় তেন্তে নিশ্চয়কৈ এক ধনাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব। লগতে পুৰণি ছবিগৃহসমূহত নতুন প্ৰযুক্তিৰ সংযোজনৰ জৰিয়তেও এক আৰম্ভণি কৰিব পাৰি। প্ৰাগজ্যোতি বা অনুৰাধা ছবিগৃহত ডিজিটেল পৰ্দাৰ লগতে অনুৰাধাত 3D ৰ সংযোজনো কৰা হৈছে, যাৰ বাবে দৰ্শকৰ মনত এক ইতিবাচক আশাৰ সঞ্চাৰ হোৱাও আমি দেখি আহিছোঁ।