গুৱাহাটীৰ নিষিদ্ধ এলেকা
লেখক- অভিনিবেশ
‘‘সখীৰ বিয়াত উত্তৰ গুৱাহাটীলৈ গৈছো জোৰোণৰ দিনাই। কাৰণ আমি দুয়ো নোওৱা–ধুওৱা সখী। নাৱৰ পাৰঘাট আছিল বৰ্তমানৰ জাহাজ ঘাটৰ কাষতে। আমি আগবাঢ়িছোঁ নামঘৰৰ বাটেৰে খোজকাঢ়ি। তেতিয়াৰ দিনত বৰ্তমান ফটিক কুটীৰৰ পাহাৰটোৰ কাষত কিছুমান সমাজৰ বেয়া মানুহে বাস কৰিছিল। সেইপিনে যোৱা আমাৰ মানা। ডাঙৰ মানুহে কয়, সেইপিনে সমাজৰ পাপী মানুহ বাস কৰে; সৰু ল’ৰা–ছোৱালী যাব নেপায়। সেইদিনা বুঢ়ীবায়ে আমাক সেইপিনে নিয়ে। বাধা পোৱা বাটে গৈ বেয়া ঘৰবোৰৰ পিনেই চকু গ’ল। দেখিলোঁ কেইজনীমান ধুনীয়া শাৰী পিন্ধা তিৰোতা বাহিৰত বহি আছে। এজনীক এটা মানুহে বাউসীত ধৰি ভিতৰলৈ টানি আনি লৈ গ’ল। এই দৃশ্যটো দেখি মোৰ মনটো আতঙ্কত কঁপি উঠিল। মনতে ভাবিছিলোঁ, কিয় আহিছিলো এই পিনে। সদায় পাপৰ কথা শুনি পাপৰ ভয়ত কঁপি উঠিল। পাপীৰ ঘৰলৈ চাই পাপ দৃশ্য দেখিলোঁ, মোৰো গাত পাপ লাগিছে। এই কথা ভাবি ভাবি মনত শান্তি নেপাওঁ। যিমানেই সেই দৃশ্যৰ কথা পাহৰিবলৈ বিচাৰোঁ সিমানেই মনলৈ আহে। মনৰ অশান্তি লৈয়েই সখীৰ বিয়ালৈ গ’লোঁ। সখীক নোৱাই–ধুৱাই বিয়াৰ শেষত ঘৰলৈ উভতিলোঁ। কিন্তু মনৰ পৰা মোৰ সেই অশান্তি দূৰ নহ’ল। শেষত উপায় নাপাই আইতাক সকলো কথা কৈ সুধিলোঁ, ‘আইতা! মোৰ পাপ লাগিছে নেকি?’ মোৰ মনৰ দেখোন সেই দৃশ্যটো নুগুচে। কি কৰোঁ? আইতাই ক’লে, ‘কিয় পাপ লাগিব? নিজে পাপ নকৰিলে তোক কোনো পাপে চুব নোৱাৰে। ইশ্বৰক প্ৰাৰ্থনা কৰিবি, ইশ্বৰে যেন তোক সকলো পাপৰ পৰা আঁতৰাই ৰাখে।’ এয়া আছিল ১৯০৯ চনৰ কথা।”
– নলিনীবালা দেৱী (এৰি অহা দিনবোৰ)
যশস্বী কবি নলিনীবালা দেৱীয়ে উক্ত মন্তব্য আগবঢ়াইছিল চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰা গুৱাহাটীৰ প্ৰথমখন গণিকালয়ৰ (brothel) বিষয়ে। হয়, গুৱাহাটীৰ মাজমজিয়াত এখন গণিকালয় আছিল। আৰু এই বেশ্যাপটি আছিল সভ্য সমাজৰ বাবে ‘নিষিদ্ধ এলেকা’ (Red Light Area)।
বিংশ শতিকাৰ দ্বিতীয় দশকলৈকে উজান বজাৰ এলেকাত অৱস্থিত এই নিষিদ্ধ এলেকাৰো এক ইতিহাস আছে। তাৰ বাসিন্দা – ‘the underbelly of urban life and the outcastes of society’ – বেশ্যাসকলৰ আশা–আকাংক্ষা, জিলিক–মিলিক সাজে ঢাকি ৰখা অবুজ বেদনাই দুই–এজন গল্পকাৰৰ বাহিৰে সৃজনী প্ৰতিভাৰ গৰাকী আন লোকক আজিলৈকে আকৃষ্ট কৰিব পৰা নাই। গুৱাহাটীৰ ইতিহাস প্ৰণয়ণ কৰিবলৈ হ’লে কিন্তু এই নিষিদ্ধ এলেকাৰ বিষয়ে উল্লেখ থকাটো বাঞ্ছনীয়। মই গল্পকাৰ নহয়, বুৰঞ্জীৰ ছাত্ৰ হিচাপে মোৰ ভাষা খহতা। সেয়েহে তেনে এক প্ৰচেষ্টা হাতত লোৱাৰ পৰা বিৰত থাকি নিষিদ্ধ এলেকাটোৰ ইতিহাসৰ বিষয়ে মাথোঁ আভাস দিয়াৰ যত্ন কৰিম।
প্ৰয়াত কুমুদেশ্বৰ হাজৰিকাই এই লেখকক কোৱা মতে এই বেশ্যাপটি স্থাপিত হৈছিল চৰকাৰী পৃষ্ঠপোষকতাত – দীৰ্ঘদিন নিজৰ পৰিয়ালৰ পৰা নিলগত থকা জাহাজৰ খালাচীসকলৰ বাবে। ঊনবিংশ শতিকাৰ শেহৰ ফালে স্থাপন হোৱা গণিকালয়সমূহলৈ আহিছিল অবিভক্ত বংগ প্ৰদেশৰ মৈমনসিং জিলাৰ লোক। খালাচীসকলক বহুতে দস্যু প্ৰকৃতিৰ মানুহ বুলিয়েই গণ্য কৰিছিল। তেওঁলোকৰ কাণ্ড–কাৰখানাও আছিল ঠিক তেনেকুৱাই। পৰিয়ালৰ পৰা দূৰত থকাৰ গইনা লৈ তেওঁলোকে ৰাতিৰ সময়ত নিচাগ্ৰস্ত অৱস্থাত লটাশিল–উজান বজাৰ অঞ্চলত অৰাজকতাৰ সৃষ্টি কৰিছিল। তিৰোতাসকলৰ চিঞৰ–বাখৰ, কিৰিলিয়ে উজান বজাৰৰ বাসিন্দাসকলক ব্যতিব্যস্ত কৰি তুলিছিল। ইয়াকে লৈ মিউনিচিপেলিটিৰ চেয়াৰমেন মাণিকচন্দ্ৰ বৰুৱাৰ ওচৰত উজানবজাৰৰ সমীপত থকা বাসিন্দাসকলৰ নানা ওজৰ–আপত্তি। সকলোৱে একে সুৰতে ক’লে যে সেই ঠাইৰ পৰা গণিকালয় উঠাই দিব লাগে। কিন্তু সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি সহৃদয়ী মাণিক বৰুৱাই প্ৰথমে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছিল – ‘‘নহয়, এওঁলোক থাকক, কিছুমান লোকৰ বাবে এওঁলোক অপৰিহাৰ্য। আনহাতে এওঁলোকক আঁতৰাই দিলে সেই শ্ৰেণীৰ লোকে নিৰুপায় হৈ ভদ্ৰ ঘৰৰ নৈতিকতাতো আঘাত কৰিব পাৰে।’’ কিন্তু অধিক কোলাহল হোৱাত বৰুৱাই বিকল্প ব্যৱস্থা এটাৰ বিষয়ে চিন্তা–চৰ্চা কৰিলে, আৰু কেইদিনমান পাচতেই সেই গণিকালয় পুলিচ ৰিজাৰ্ভ আৰু লাখটকীয়াৰ ৰেল লাইনৰ ৩নং গে’টৰ কাষলৈ স্থানান্তৰিত কৰা হ’ল।
অৱশ্যে অতীজৰ আন বহু প্ৰতিষ্ঠানৰ দৰে এই গণিকালয়খনকো আমি নিৰপেক্ষ দৃষ্টিৰে চাব লাগিব – in all its complexities. অতীতক আমি কেৱল ক’লা আৰু বগা বোলেৰে নাচাই এটা বিশেষ উদ্দেশ্যৰে চাব লাগিব – to bring out the infinite shades of gray. And, learn how to infer what drives and motivates human behaviour. সেয়েহে হয়টো কোনোবাই কৈছিল – History is not something to be judged, but to be understood contexually. নলিনীবালা দেৱীৰ মন্তব্যটোও আমি ঠিক তেনেদৰেই বিশ্লেষণ কৰি চাব লাগিব আৰু লগতে গণিকালয়ৰ তিৰোতাসকলকো।
উল্লেখযোগ্য যে উজান বজাৰৰ তথাকথিত ভদ্ৰলোক কেইজনমানে দুৰ্ব্যৱহাৰ কৰা সাধাৰণ শ্ৰেণীৰ লোকক ‘সমাজৰ বেয়া মানুহ’ এই তিৰোতাসকলেই আদৰ–সাদৰ কৰি ৰাখিছিল তেওঁলোকৰ ‘বেয়া ঘৰবোৰত’; হৈছিল দুখৰ সমভাগী। অনাথ বুলি ‘ভদ্ৰ সমাজৰ’ তুচ্ছ–তাচিল্যৰ ভুক্তভোগী হোৱা কেইটামান কণমানি ল’ৰাক ‘পাপী মনৰ’ বেশ্যাইহে আশ্ৰয় দিছিল। নিজেই এক অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’লেও ল’ৰাকেইটাৰ ফুলকুমলীয়া মনত তেওঁলোকে আশাৰ সঞ্চাৰ কৰিছিল। লক্ষ্ণৌৰ ফালৰ এগৰাকী ইছলামধৰ্মী তিৰোতাই মাক–দেউতাক নথকা অসমীয়া ব্ৰাহ্মণ ল’ৰা এটাক তুলি–তালি, ডাঙৰ–দীঘল কৰাৰ কথা উজান বজাৰৰ জনদিয়েক বয়োজ্যেষ্ঠ ব্যক্তিয়ে জানে। ল’ৰাজন পাচলৈ গুৱাহাটীৰ এজন নামজ্বলা ব্যক্তি হয়গৈ। কলিকতা, পাটনা, লক্ষ্ণৌ আদি ঠাইৰ পৰা অহা তিৰোতাসকলৰ প্ৰভাৱ উজান বজাৰৰ বাসিন্দাসকলৰ কথা–বতৰাটো পৰিছিল। এই বিষয়ে কুমুদেশ্বৰ হাজৰিকাই এঠাইত লিখিছে এইদৰে – “নিজস্ব কথনশৈলী আৰু শব্দসম্ভাৰেৰে পৰিপুষ্ট উজান বজাৰৰ ভাষা পৰৱৰ্তী সময়ত বেছ জনপ্ৰিয় হৈ পৰিল। তচনচ, নিহিলাবি, কোলাত লোৱা, ৰুকণ–ৰুকণ, চাৰু–পাৰু–নিৰু, ইদিকে ব’ল ইত্যাদি শব্দ তিৰোতা আৰু খালাচীসকলৰে দান।”
গুৱাহাটীৰ এই গণিকালয়খনৰ কথা ভাবিলে মোৰ মনত পৰে মেৰি এলেন মাৰ্কে তোলা মোম্বাইৰ ফ’কলেণ্ড ৰ’ডৰ বেশ্যাপটিৰ ফটোকেইখনলৈ। ফটোখিনি চাই কোনোবা এজনে কৈছিল— She looked through the lens of absolute empathy and concern. নিশ্চয় গুৱাহাটীৰো কোনোবা এজন আলোকচিত্ৰশিল্পীয়ে তাহানি কেমেৰাত বন্দী ধৰি ৰাখিছিল গুৱাহাটীৰ প্ৰথমখন গণিকালয়ৰ ছবি – and invested them with a ‘palpable humanism’.