গুৱাহাটীৰ উল্লেখযোগ্য পুথিভঁৰালসমূহ
লেখক- ড॰ অলকা বুঢাগোঁহাই
পাতনি:
পুৰণি কালত প্ৰাগজ্যোতিষপুৰ নামেৰে প্ৰখ্যাত আজিৰ গুৱাহাটী নগৰ বৰ্তমান অসমৰ ৰাজধানী। ১৯৭১ চনলৈকে অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত থাকোঁতেও ৰাজ্যৰ সাংস্কৃতিক, বৌদ্ধিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ৰাজধানী–সদৃশ ভূমিকা পালন কৰি অহা এই গুৱাহাটীতেই নতুন–পুৰণি কেইবাটিও উল্লেখযোগ্য পুথিভঁৰালে বৌদ্ধিক সমাজৰ চাহিদা পূৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছে। বিভিন্ন সময়ত, বিভিন্ন উদ্দেশ্যেৰে স্থাপিত এই পুথিভঁৰালসমূহ হৈছে—
১. ৰাজহুৱা পুথিভঁৰাল
২. বিদ্যায়তনিক পুথিভঁৰাল আৰু
৩. বিশেষ পুথিভঁৰাল।
১. ৰাজহুৱা পুথিভঁৰাল
ক) নবীন বৰদলৈ হল আৰু পুথিভঁৰালঃ গুৱাহাটীৰ বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনৰ চাহিদা পূৰণৰ প্ৰয়োজনতেই ১৯০৩ চনত গুৱাহাটীত প্ৰথম উল্লেখযোগ্য ঐতিহ্যমণ্ডিত পুথিভঁৰাল কাৰ্জন হল লাইব্ৰেৰীটো প্ৰতিষ্ঠা কৰা হৈছিল। অতীতৰ স্মৃতিৰে সমৃদ্ধ কাৰ্জন হল লাইব্ৰেৰীটোকেই দেশ স্বাধীন হোৱাৰ পিছত ১৯৫৩ চনত গুৱাহাটী পৌৰ সভাৰ সভাপতি প্ৰয়াত দেৱেন্দ্ৰ নাথ শৰ্মাৰ কাৰ্যকালত অসমৰ সুযোগ্য সন্তান নবীন চন্দ্ৰ বৰদলৈৰ নামেৰে ‘নবীন বৰদলৈ হল আৰু পুথিভঁৰাল’ বুলি নতুনকৈ নামকৰণ কৰা হয়। উল্লেখযোগ্য যে বৃটিছৰ শাসন কালৰ ৰাজপ্ৰতিনিধি তথা ভাইচৰয় কেইগৰাকীৰ ভিতৰত লৰ্ড কাৰ্জন অতি প্ৰতিক্ৰিয়াশীল বুলি বিবেচিত হৈছিল। বংগ ভংগ আঁচনিৰে অসমৰ মযাৰ্দা হানি কৰিবলৈ বিচৰা, অসমক সামৰি বৃটিছৰ বহতীয়া এখন দেশৰ (Buffer State) পৰিকল্পনা কৰা আদি কাৰ্যৰ বাবে কাৰ্জনৰ নাম অসমত যুগমীয়া কৰাৰ প্ৰয়োজন নাই বুলি পিছত বিবেচনা কৰা হৈছিল।
১৯০০ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জন অসমলৈ আহোঁতে তেওঁক সম্বদ্ধৰ্না জনাবলৈ গঠন কৰা অভ্যৰ্থনা সমিতিয়ে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰে। এই সমিতিৰ দূৰদৃষ্টিসম্পন্ন আৰু দেশহিতৈষী সদস্য প্ৰয়াত মাণিক চন্দ্ৰ বৰুৱাৰ সু–পৰামৰ্শ আৰু চীফ কমিচনাৰ হেনৰী কটনৰ সন্মতি সাপেক্ষে সংগৃহীত ধনৰ ৰাহি হোৱা ছয় হাজাৰ টকাৰে কাৰ্জনৰ আগমনৰ স্মৃতি ৰক্ষাৰ লগতে গুৱাহাটীৰ ৰাইজৰো ৰাজহুৱা সভাঘৰৰ বহুদিনীয়া অভাৱটো পূৰণ কৰাৰ উদ্দেশ্যেই কটন কলেজৰ পুৰণি গ্ৰন্থাগাৰটো থকা মাটিডোখৰতেই কাৰ্জন হলৰ প্ৰথমটো ভৱন নিৰ্মাণ কৰা হয় আৰু তাৰ লগতে এটা ৰাজহুৱা গ্ৰন্থাগাৰো প্ৰতিষ্ঠা কৰে। তাৰ দহ বছৰমানৰ পিছত সেই ভৱনটো কটন কলেজে অধিগ্ৰহণ কৰাত নগৰৰ মাজমজিয়াত দীঘলী পুখুৰীৰ পশ্চিম পাৰৰ সুন্দৰ পৰিবেশত থকা বৰ্তমানৰ নবীন বৰদলৈ হলটো চৰকাৰী খৰচত নতুনকৈ নিৰ্মাণ কৰা হয়।
প্ৰণিধানযোগ্য যে প্ৰাচীন কালৰ আৰু মধ্যযুগৰ প্ৰখ্যাত গ্ৰন্থাগাৰবিলাক নিৰ্দিষ্ট একাংশ লোকৰ বাবেহে মুকলি আছিল। ওঠৰ শতিকাৰ শেষাৰ্দ্ধত ফৰাচী বিপ্লবে সূচনা কৰা গণতন্ত্ৰৰ ধাৰণাইহে জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলো স্তৰৰ জনগণৰ বাবে মুকলি ৰাজহুৱা গ্ৰন্থাগাৰৰ জন্ম দিয়ে। বৃটিছ যুক্তৰাজ্যত উনৈশ শতিকাৰ মাজভাগত ৰাজহুৱা গ্ৰন্থাগাৰ বিধি বিধিবদ্ধ হোৱাত, ভাৰততো বৃটিছ চৰকাৰে সাক্ষৰ আৰু শিক্ষিত লোক থকা নগৰত, যেনে – তেজপুৰ, ধুবুৰী, যোৰহাট, নগাঁও, শিৱসাগৰত ৰাজহুৱা পুথিভঁৰাল প্ৰতিষ্ঠা কৰি স্থানীয় পৰিষদৰ হাতত দায়িত্ব দিয়ে। ১৯০৫ চনত কাৰ্জন হল আৰু লাইব্ৰেৰীৰ দায়িত্ব গুৱাহাটী পৌৰ নিগমৰ হাতত অৰ্পণ কৰা হয়।
নবীন বৰদলৈ হল আৰু পুথিভঁৰাল স্থাপিত হোৱাৰ দিনৰে পৰাই ই বহুদিনলৈ অসমৰ বৌদ্ধিক বিকাশত এটা বলিষ্ঠ ভূমিকা লৈ আহিছিল। এটা সময়ত গুৱাহাটীৰ প্ৰায় প্ৰতিঘৰ মধ্যবিত্ত পৰিয়ালৰ লোকৰ জীৱনৰ লগত নবীন বৰদলৈ হল আৰু পুথিভঁৰালৰ এক এৰাব নোৱাৰা সম্বন্ধ আছিল। বিশিষ্ট ভাষাবিদ ড° বাণীকান্ত কাকতি প্ৰমুখ্যে বহুতো স্বনামধন্য ব্যক্তিয়ে সন্ধিয়া সময়ত ইয়াত কিতাপ পঢ়িছিল। ইয়াত বিভিন্ন মূল্যবান বাতৰিকাকত, বহুতো বিখ্যাত আলোচনী আৰু দুষ্প্ৰাপ্য গ্ৰন্থ পঢ়িবলৈ সকলোৱে সুবিধা পাইছিল। অমৃত বাজাৰ পত্ৰিকা, দৈনিক বসুমতী, আনন্দ বাজাৰ পত্ৰিকা, এডভান্স, বোম্বাই ক্ৰনিক’ল, মহাত্মা গান্ধীৰ ইয়ং ইণ্ডিয়া, হৰিজন আদিৰ লগতে অসমৰ পৰা প্ৰকাশিত বাতৰিকাকত আৰু আলোচনীবিলাকো পঢ়ুৱৈৰ আকৰ্ষণৰ স্থল আছিল। ইয়াৰ প্ৰথম গৰাকী পুথিভঁৰালী আছিল অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে সমানেই দক্ষ গোপাল কৃষ্ণ দে। তেওঁ প্ৰয়াত নলিনীবালা দেৱীৰ ঘৰুৱা শিক্ষকো আছিল। ইয়াৰ পিছৰগৰাকী পুথিভঁৰালী প্ৰয়াত হৰমোহন দাসে ১৯২৫ চনৰ পৰা প্ৰায় ২৫ বছৰ কাল পুথিভঁৰালী হিচাপে থাকি কি কিতাপ কিনিব, পঢ়ুৱৈয়ে কি পঢ়িব ইত্যাদি সকলো দিশতে আৱশ্যকীয় সু–পৰামৰ্শ দি কাৰ্জন হল লাইব্ৰেৰীৰ কৃতকাৰ্যতাত প্ৰভুত বৰঙণি আগবঢ়ায়। এওঁৰ পাছত পুথিভঁৰালী হয় প্ৰয়াত মূৰাৰী চৰণ দাস (এম.এ)আৰু উত্তম চন্দ্ৰ দাস। কাৰ্জন হলৰ প্ৰথম গৰাকী চেক্ৰেটাৰী আছিল গুৱাহাটীৰ উকীল প্ৰয়াত মহেন্দ্ৰ মোহন লাহিড়ী। তেওঁ আছিল বিশিষ্ট আইনজ্ঞ, এডভোকেট জেনেৰেল সত্যেন্দ্ৰ মোহন লাহিড়ীৰ পিতৃ। নবীন বৰদলৈ হলত বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী–বেচৰকাৰী সভা বহিছিল। এটা সময়ত কেইবাগৰাকীও সুবক্তাৰ পাণ্ডিত্যপূৰ্ণ বক্তৃতা শুনাৰ কথা এতিয়াও মনত আছে। নবীন বৰদলৈ হলৰ সমুখৰ মুকলি সেউজীয়া ঘাঁহনিতো বহুবোৰ ঐতিহাসিক ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। তেনেবোৰ সভাৰ তেজস্বী বক্তৃতা শুনাৰ অভিজ্ঞতা বহুতৰে থাকিব পায়। ভৱনৰ সন্মুখত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ দুটা বৰটোপ আজিও আছে।
ইতিমধ্যে ১৯৫২–৫৭ চনৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত ৰাজহুৱা গ্ৰন্থাগাৰ সেৱাৰ আঁচনিৰ অধীনত ১৯৫৫ চনত কামৰূপ জিলা পুথিভঁৰাল প্ৰথমে নবীন বৰদলৈ হল আৰু পুথিভঁৰালতে মুকলি কৰে। ১৯৫৯–৬০ চনতহে জিলা পুথিভঁৰাল বৰ্তমানে থকা নিজৰ ঘৰলৈ উঠি যায়। তাৰ পাছতে নবীন বৰদলৈ হল আৰু পুথিভঁৰালত পৌৰ নিগমে বিভিন্ন সভা–সমিতি পাতিবলৈ লোৱাৰ ফলত পুথিভঁৰালটোৰ পূৰ্বৰ গুৰুত্ব হ্ৰাস পাইছিল। কিন্তু ১৯৯১–৯২ চনত ৰাষ্ট্ৰপতিৰ শাসন কালত গুৱাহাটী পৌৰ নিগম আৰু শিক্ষা বিভাগৰ মাজত সেই সময়ৰ শিক্ষা বিভাগৰ আয়ুক্ত অশোক শইকীয়াৰ তৎপৰতাত হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত নবীন বৰদলৈ সভাঘৰৰে সৈতে পুথিভঁৰালটো জিলা পুথিভঁৰালৰে এটা সম্প্ৰসাৰিত অধ্যয়ন কক্ষ হিচাপে পুনৰ নিৰ্মাণ কৰি আধুনিক সা–সুবিধাৰে নতুনকৈ সজাই–পৰাই পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰি দিয়ে। দুখৰ বিষয়, ১৯৯৫ চনত পৌৰ নিগমে ঐতিহ্যমণ্ডিত এই পুথিভঁৰালটো উচ্ছেদ কৰি মেয়ৰৰ কাযাৰ্লয় কৰিব খোজা অভিপ্ৰায়ত গুৱাহাটীৰ ৰাইজ বিব্ৰত হৈ পৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ ছাত্ৰ–ছাত্ৰী আৰু শিক্ষকসকল, কটন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ গুৱাহাটীৰ সচেতন বৌদ্ধিক মহলৰ প্ৰবল প্ৰতিবাদৰ পাছত চৰকাৰে ‘পুথিভঁৰাল উচ্ছেদৰ অভিপ্ৰায় নাছিল’ বুলি মন্তব্য প্ৰকাশ কৰি সেই প্ৰচেষ্টাৰ অন্ত পেলায়। ২০১৫ চনৰ জুন মাহত গুৱাহাটী মহানগৰ উন্নয়ন পৰিষদে এই পুথিভঁৰালটো ভাঙি কংক্ৰিটৰ দুমহলীয়া সভাঘৰ এটা সজাৰ প্ৰচেষ্টা চলায় যদিও গুৱাহাটীৰ ৰাইজৰ প্ৰবল প্ৰতিবাদৰ ফলত চৰকাৰে এই প্ৰস্তাৱ নাকচ কৰে। নবীন বৰদলৈ পুথিভঁৰালক এক ঐতিহ্যপূৰ্ণ স্থান হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশেষ ব্যৱস্থাৰে পুথিভঁৰালটোৰ উন্নতি সাধন কৰে। শতিকা গৰকা, গৌৰৱপূৰ্ণ এই পুথিভঁৰালটো অসম চৰকাৰৰ The Assam Heritage (Tangible) Protection, Preservation, Conservation and Maintenance Act, 2020 অধীনত উপযুক্ত ভাৱে সংৰক্ষিত হৈ থকাটো অতীৱ প্ৰয়োজনীয়।
খ) জিলা পুথিভঁৰালঃ দীঘলী পুখুৰীৰ দক্ষিণ পাৰত ১৯৫৯–৬০ চনৰে পৰা থকা পুথিভঁৰালটোৱেই হৈছে চৰকাৰী ৰাজহুৱা জিলা পুথিভঁৰাল। এই পুথিভঁৰালত ধাৰ কৰিব পৰা বিভিন্ন বিষয়ৰ গ্ৰন্থ থকাৰ উপৰি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সুকীয়া শাখা আছে। উল্লেখযোগ্য, জিলা পুথিভঁৰালত ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেচনে অন্ধসকলৰ বাবে ব্ৰেইল কিতাপ যোগান ধৰাৰ উপৰি প্ৰতিবন্ধীসকলৰ বাবেও বিভিন্ন সামগ্ৰী দিছে। দিছপুৰতো জিলা পুথিভঁৰালৰ এটা শাখা আছে।
গ) পুথিভঁৰাল সঞ্চালকালয়ৰ গৱেষণা আৰু তথ্য–প্ৰসংগ শাখাঃ ১৯৭৩ চনত শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী নামি অহাৰ পিছত শ্বিলঙত থকা ৰাজ্যিক কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ গ্ৰন্থ সম্ভাৰখিনি ভাগ হয়। সেই সময়ৰ প্ৰধান গ্ৰন্থাগাৰিক প্ৰয়াত ৰাম গোস্বামীৰ তৎপৰতাত অসমৰ মানুহৰ বাবে লাগতিয়াল দুষ্প্ৰাপ্য কিতাপ–পত্ৰ, বাতৰি কাকত, আলোচনী আদিৰে ১৯৭৩ চনৰ ডিচেম্বৰ মাহত জিলা পুথিভঁৰাল ভৱনৰ তলৰ মহলাতে ‘গৱেষণা আৰু তথ্য প্ৰসংগ শাখা’ৰ পাতনি মেলে। ভৱনৰ ওপৰ মহলাত পুথিভঁৰাল বিভাগে থিতাপি লয়। ১৯৮৪ চনত পুথিভঁৰাল বিভাগ সঞ্চালকালয়লৈ উন্নীত হয় আৰু অভয় চৰণ বৰকটকী প্ৰথম সঞ্চালক নিযুক্ত হয়।
এই গৱেষণা আৰু তথ্য প্ৰসংগ শাখাত ৬০০ মান নতুনকৈ ছপা নোহোৱা কিন্তু মূল্যবান তথা দুষ্প্ৰাপ্য পুৰণি গ্ৰন্থৰ উপৰি গৱেষণাৰ সমল হিচাপে পুৰণি বাতৰি কাকত, আলোচনীৰ বাহিৰেও বিভিন্ন বিষয়ত নতুন–পুৰণি পঞ্চাশ হেজাৰৰো অধিক গ্ৰন্থ আছে। ৬৭০ বছৰ মানৰ আগৰ বিদ্যাবাগীশৰ ‘প্ৰয়োগ ৰত্নমালা ব্যাকৰণ’ আৰু ‘তন্ত্ৰমালা’ আদি সাঁচিপাতৰ পুথি থকাৰ উপৰি চীনা পৰিব্ৰাজক হিউৱেন চাঙে ফৰাচী ভাষাত লিখা ১৮৫৪ আৰু ১৮৫৮ চনত প্ৰকাশিত দুটা সংখ্যাৰ পাঠোদ্ধাৰ নোহোৱাকৈ আছে। ইয়াৰ উপৰি প্ৰয়াত পণ্ডিত সত্যেন্দ্ৰ নাথ শৰ্মাৰ ব্যক্তিগত সংগ্ৰহখিনিও এই শাখাত দান দিছে। বিশেষকৈ বুৰঞ্জী, ভাষা, ভাষাতত্ত্ব, সাহিত্য–সংস্কৃতি, ধৰ্ম, দৰ্শন, সমাজতত্ত্ব ইত্যাদি বিষয়ত গৱেষণাৰ সমল থকাৰ লগতে উত্তৰ পূবাৰ্ঞ্চল সম্পকীয় আৰু নাৰী অধ্যয়ন সম্পৰ্কীয় গ্ৰন্থও ইয়াত আছে।
ঘ) বিষ্ণু–নিৰ্মলা শিশু পুথিভঁৰালঃ পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত এসময়ৰ মাদ্ৰাজৰ ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধিয়ে দান দিয়া (লতাশিল খেলপথাৰৰ নিচেই ওচৰতে) তেওঁৰ ঘৰটোত ‘বিষ্ণু–নিৰ্মলা শিশু পুথিভঁৰাল’ নামেৰে বিভিন্ন বয়সৰ শিশুৰ বাবে উপযোগী কিতাপ–পত্ৰ আৰু আহিলা আদিৰে পৰিপূৰ্ণ এটা শিশু পুথিভঁৰাল আছে।
২. বিদ্যায়তনিক পুথিভঁৰালঃ
ক) কটন মহাবিদ্যালয়ৰ সূৰ্যকুমাৰ ভূঞা গ্ৰন্থাগাৰঃ বিদ্যায়তনিক পুথিভঁৰালৰ ক্ষেত্ৰত প্ৰথম নাম ল’ব লাগিব ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ সূৰ্যকুমাৰ ভূঞা গ্ৰন্থাগাৰৰ। ১৯০১ চনতে দুৰদৃষ্টি সম্পন্ন মাণিক চন্দ্ৰ বৰুৱাৰ অকাট্য যুক্তি আৰু চীফ কমিচনাৰ হেনৰী কটনৰ সন্মতিত গুৱাহাটীত কটন কলেজ স্থাপিত হোৱাৰ লগে লগেই ইয়াৰ গ্ৰন্থাগাৰটোৰ কামো আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাত গ্ৰন্থাগাৰটো দুটা কোঠালীৰ আছিল। কিন্তু কিতাপৰ সংখ্যা বাঢ়িবলৈ ধৰাত গ্ৰন্থাগাৰটো এটা আছুতীয়া ভৱনলৈ স্থানান্তৰিত কৰা হয়। এই গ্ৰন্থাগাৰত এতিয়াও বহু পুৰণি দুষ্প্ৰাপ্য গ্ৰন্থ মজুত আছে।
এই গ্ৰন্থাগাৰত ১৯০৭ চনৰ পৰা ১৯১২ চনলৈ এগৰাকী গ্ৰন্থাগাৰিকক নিযুক্তি দিয়া হৈছিল যদিও পিছত গ্ৰন্থাগাৰৰ দায়িত্ব এখন সমিতিৰ ওপৰত ন্যস্ত কৰে। ১৯৫০ চনত পণ্ডিত তীৰ্থনাথ শৰ্মাক উপ–গ্ৰন্থাগাৰিক হিচাপে নিযুক্তি দিও কলেজৰ অধ্যক্ষৰ সভাপতিত্বত গঠন কৰা সমিতিৰ কতৃৰ্ত্ব বাহাল ৰাখিছিল সেই সময়ৰ প্ৰচলিত প্ৰথা অনুসাৰেই। ১৯৮৪ চনতহে প্ৰথম গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ স্নাতক আজাদ হুছেইনক উপ–গ্ৰন্থাগাৰিক হিচাপে নিযুক্তি দিয়ে। ২০০১ চনত উপ–গ্ৰন্থাগাৰিক পদটো গ্ৰন্থাগাৰিক পদলৈ উন্নীত কৰা হয়।
১৯৮৮ চনত কটন কলেজৰ পুথিভঁৰালক প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু এসময়ৰ সেই কলেজৰ অধ্যক্ষ সূৰ্যকুমাৰ ভূঞাৰ নামেৰে নামকৰণ কৰা হয়। নানা ধৰণৰ মূল্যবান তথা ইতিহাস–সমৃদ্ধ গ্ৰন্থৰে সমৃদ্ধ তেওঁৰ ব্যক্তিগত পুথিভঁৰালটো কটন কলেজৰ পুথিভঁৰাললৈ দান দিয়ে। ১৯৯২ চনত নতুন ঠাইত তিনিমহলীয়া নতুন গ্ৰন্থাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই আৰু ২০০১ চনত মুকলি কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
সূৰ্যকুমাৰ ভূঞা গ্ৰন্থাগাৰৰ বিশেষ বৈশিষ্ট্য হৈছে গ্ৰন্থাগাৰত থকা পুৰণি দুষ্প্ৰাপ্য গ্ৰন্থৰ সম্ভাৰ। ১৮৪৫ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত প্ৰকাশিত প্ৰায় ১০০০খন পুৰণি অসমীয়া গ্ৰন্থৰ ভিতৰত ২১০খন; ১৮৪৫ ৰ পৰা ১৮৯৪ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ আৰু আলোচনী; ১৮৭৪ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত প্ৰকাশিত ৫৩৫৪খন ইংৰাজী গ্ৰন্থৰ ভিতৰত ১০২খন; ১৮৭৪ চনৰ পৰা ১৮৯৯ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ, চৰকাৰী ৰিপোৰ্ট আৰু আলোচনী ইয়াত আছে। এই দুষ্প্ৰাপ্য পুৰণি গ্ৰন্থ আৰু ৰিপোৰ্টসমূহ অসমীয়া, ইংৰাজী আৰু সংস্কৃত সাহিত্যৰ, ধৰ্ম আৰু ইছলামিক অধ্যয়নৰ লগতে ১৯ শতিকাৰ শেষাৰ্দ্ধৰ উত্তৰ–পূব সম্পৰ্কীয় তথ্যৰ ভাণ্ডাৰ।
খ) গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰঃ উত্তৰ পূবাৰ্ঞ্চলৰ বৌদ্ধিক বিকাশৰ বাবে প্ৰতিষ্ঠাপিত হোৱা প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈকে ধৰি বহুকেইগৰাকী অসমপ্ৰাণ ব্যক্তিৰ নেতৃত্বত আৰু অসমৰ মানুহৰ সমূহীয়া দান–বৰঙণিত ১৯৪৭ চনত অসম বিধান সভাত গৃহীত এক আইনৰ যোগেদি ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয়। পোনতে পানবজাৰৰ কটন কলেজৰে এক ভৱনত ইয়াৰ কাৰ্যালয় আৰম্ভ হয়। কিন্তু শ্ৰেণীসমূহ আৰম্ভ হয় দীঘলী পুখুৰীৰ পূব প্ৰান্তত থকা আৰ্ল ল কলেজৰ ভৱনত। লগে লগে তাৰে এটা কোঠাত গ্ৰন্থাগাৰ আৰম্ভ কৰে। গ্ৰন্থাগাৰৰ বাবে প্ৰয়োজনীয় কিতাপ–পত্ৰ উপাচাৰ্য পণ্ডিত–প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈয়ে নিজে নিৰ্বাচন কৰিছিল। ১৯৪৯ চনতহে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গ্ৰন্থাগাৰ বিজ্ঞানত ডিপ্লমা লৈ অহা যোগেশ্বৰ শৰ্মাক (পিছলৈ ড॰ যোগেশ্বৰ শৰ্মা) গ্ৰন্থাগাৰিক পদত নিযুক্তি দিয়ে। ১৯৫৪ চনত বিশ্ববিদ্যালয়ৰ জালুকবাৰীত সজা নিজা ভৱন ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ ৰাজেন্দ্ৰ প্ৰসাদে উন্মোচন কৰাত বিশ্ববিদ্যালয়ৰ প্ৰথম ভৱন কলা ভৱনৰ বৃহৎ ১নং কোঠালিতে গ্ৰন্থাগাৰ আৰম্ভ কৰা হয়। ১৯৬২ চনতহে নতুনকৈ সজা দুমহলীয়া ভৱনলৈ গ্ৰন্থাগাৰটো স্থানান্তৰিত কৰা হয়। বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য প্ৰাচ্যবিদ্যাৰ্ণৱ পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যুৰ পিছত ১৯৮২ চনত বিপুল গ্ৰন্থ সম্ভাৰেৰে ঐশ্বৰ্যশালী গ্ৰন্থাগাৰটো তেওঁৰ নামেৰে নামকৰণ কৰা হয়। সন্দিকৈৰ ব্যক্তিগত পুথিভঁৰালত ১১টা ভাষাত থকা ৭৫৯৩খন গ্ৰন্থ–আলোচনীৰ এক অতি মূল্যবান সংগ্ৰহ তেওঁৰ মৃত্যুৰ এমাহৰ পিছতে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰি ওপৰ মহলাৰ এটা ডাঙৰ কোঠাত ‘অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ সংগ্ৰহ’ নামেৰে এটা সুকীয়া সংগ্ৰহ শাখা স্থাপন কৰে। এই সংগ্ৰহত ইংৰাজী, সংস্কৃত, পালি, প্ৰাকৃত, জাৰ্মান, ৰাচিয়ান, ইটালিয়ান, স্পেনিছ, লেটিন আৰু গ্ৰীক ভাষাৰ গ্ৰন্থ থকাৰ উপৰি আধুনিক ভাৰতীয় ভাষাৰো কিতাপ আছে। এই শাখাৰ কিতাপ পঢ়ুৱৈক বাহিৰলৈ নিবলৈ দিয়া নহয়, তাতেই অধ্যয়ন কৰাৰ ব্যৱস্থা আছে।
কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি শাখাত চাৰি হেজাৰ পাঁচশ হাতে লিখা অসমীয়া, সংস্কৃত, বঙালী, নেপালী আৰু টাই বাৰ্মিজ ভাষাৰ সাঁচিপাত, তুলাপাত আৰু কাগজত লিপিবদ্ধ সম্পদ আছে। প্ৰয়াত ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সুদুৰ প্ৰসাৰী চিন্তা আৰু তৎপৰতাত পঞ্চাশৰ দশকৰ পৰাই এই পাণ্ডুলিপিবিলাক আদিতে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰয়াত দণ্ডীৰাম দত্তৰ দ্বাৰা সংগ্ৰহ কৰাই বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত সংৰক্ষণ কৰা হৈছিল। ২০০০ চনত ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত গঠিত ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছনে এই গ্ৰন্থাগাৰক ‘পাণ্ডুলিপি সমল কেন্দ্ৰ’ আৰু ‘পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰ’ হিচাপে নিৰ্বাচিত কৰি দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে এই পাণ্ডুলিপিখিনি ডিজিটেল মাধ্যমলৈ ৰূপান্তৰিত কৰা হৈছে আৰু সমল কেন্দ্ৰই এতিয়ালৈকে অন্যান্য ঠাইৰ পৰা প্ৰায় ২৫, ৫০০ পাণ্ডুলিপিৰ তথ্য আহৰণ কৰি গ্ৰন্থাগাৰৰ কম্পিউটাৰৰ তথ্য কোষত অন্তৰ্ভুক্ত কৰিছে।
কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত বৰ্তমান আঢ়ৈ লক্ষাধিক গ্ৰন্থ, প্ৰায় পাঁচ হেজাৰতকৈও অধিক পিএইচ্. ডি গৱেষণা গ্ৰন্থ, ভালেমান জনপ্ৰিয় তথা বিদ্যায়তনিক আলোচনী লগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনৰ ‘Infonet -Journal Consortia’-ৰ সদস্যভুক্ত হোৱাত প্ৰায় ৬ হেজাৰতকৈও অধিক গৱেষণামুলক ইলেকট্ৰনিক আলোচনীত প্ৰকাশ পোৱা বিভিন্ন বিষয়ৰ গৱেষণাপত্ৰসমূহ পঢ়ুৱৈয়ে ইণ্টাৰনেটৰ সহায়ত পোৱাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি প্ৰসংগ পুথি, বিভিন্ন ৰিপোৰ্ট, গৱেষণামূলক আলোচনীৰ বন্ধা ভলিউম, আলোচনা চক্ৰ – সন্মিলন আদিৰ প্ৰতিবেদন, বাতৰি কাকত আদিৰে সৰ্বমুঠ চাৰি লক্ষাধিক বিপুল গ্ৰন্থ সম্ভাৰেৰে সমৃদ্ধ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ বৌদ্ধিক সমাজৰ এক আপুৰুগীয়া সম্পদ।
গ) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (আই আই টি, গুৱাহাটী) গ্ৰন্থাগাৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ১৯৮৫ চনত হোৱা অসম চুক্তি অনুসাৰে ১৯৯৪ চনত উত্তৰ গুৱাহাটীত ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান স্থাপিত হয়। তথ্য প্ৰযুক্তিৰ বিভিন্ন প্ৰয়োগেৰে এই প্ৰতিষ্ঠানৰ গ্ৰন্থাগাৰ গুৱাহাটীৰ এক উল্লেখযোগ্য বিদ্যায়তনিক গ্ৰন্থাগাৰ। ই–গ্ৰন্থকে ধৰি ইয়াত ডেৰ লাখ গ্ৰন্থ সম্ভাৰ আৰু ৪০৫খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণামূলক ই–জাৰ্ণাল আছে। ইয়াৰ গ্ৰন্থপঞ্জী আৰু আলোচনীসমূহ কম্পিউটাৰৰ সহায়ত পঢ়িব পাৰি। কেইবাটাও ‘কনচৰ্টিয়াম’ গোটৰ যোগেদিও আন্তজাৰ্তিক গৱেষণামূলক আলোচনীত প্ৰকাশিত গৱেষণাপত্ৰ, প্ৰবন্ধ আদি পাব পৰা যায়।
ইয়াৰ উপৰি গুৱাহাটীৰ প্ৰত্যেকখন কলেজৰেই একোটাকৈ গ্ৰন্থাগাৰ আছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থ সাহায্যত আৰু বৰ্তমানে শিক্ষকৰ সমপযাৰ্য়ৰ অৰ্হতাসম্পন্ন গ্ৰন্থাগাৰিকৰ নিযুক্তিত এই গ্ৰন্থাগাৰসমূহৰ মান যথেষ্ট উন্নত হৈছে। পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তে ছাত্ৰ আৰু গ্ৰন্থাগাৰকেন্দ্ৰিক আত্মনিৰ্ভৰশীল শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনত এই গ্ৰন্থাগাৰসমূহে যোগাত্মক ভূমিকা পালন কৰি আহিছে।
৩. বিশেষ পুথিভঁৰালঃ
ক) বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ গ্ৰন্থাগাৰঃ বৃটিছ চৰকাৰে অসমৰ শিক্ষা বিভাগৰ সঞ্চালকজন ৰিচাৰ্ড কাণিংহামৰ প্ৰস্তাৱ অনুসাৰে ১৯২৮ চনত অসমৰ ইতিহাস অধ্যয়নৰ উদ্দেশ্যে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ জন্ম দিয়ে। উল্লেখযোগ্য যে ১৮৮৪ চনতে অসম বুৰঞ্জী প্ৰণেতা ছাৰ এডৱাৰ্ড গেইটৰ প্ৰচেষ্টাত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পিতৃ–স্বৰূপ নৃতত্ত্ব বিভাগৰ প্ৰতিষ্ঠা হৈছিল। ১৯৩৬ চনলৈ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ নিজা ভৱন নাছিল। চাহ খেতিয়ক দানবীৰ ৰাধাকান্ত সন্দিকৈয়ে দহহেজাৰ টকাৰ অনুদান দিয়াত তেখেতৰ পত্নীৰ স্মৃতিত ‘নাৰায়ণী সন্দিকৈ বুৰঞ্জী প্ৰতিষ্ঠান’ নামেৰে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ স্থায়ী ভৱনটো পানবজাৰৰ কটন কলেজৰ কাষতে নিৰ্মাণ কৰা হয়।
এই বিভাগৰ গ্ৰন্থগাৰত অসমৰ পুৰণি ইতিহাস, সাহিত্য–সংস্কৃতি, নৃতত্ত্ব আৰু প্ৰত্নতত্ত্বৰ গৱেষণা আৰু চৰ্চাৰ বাবে সমল হিচাপে বিভিন্ন পুৰণি নথি–পত্ৰ, পুৰণি পুথি, হাতে লিখা পুথি, প্ৰাচীন মুদ্ৰা, তাম্ৰলিপি, পুৰণি বাতৰি কাকত, আলোচনী আদিৰ সংগ্ৰহ কৰা হৈছিল। এই সংগ্ৰহৰ প্ৰতিলিপিকৰণ, ভাষান্তৰকৰণৰ উপৰি পুৰণি হাতে লিখা পুথি আৰু নতুনকৈ লিখা গৱেষণামূলক গ্ৰন্থৰ প্ৰকাশ কৰা হয়। গ্ৰন্থাগাৰত প্ৰায় তিনি হাজাৰমান অসমীয়া, বঙালী, সংস্কৃত, টাই–আহোম, টাইফাকে ভাষাৰ হাতে লিখা পুথি আছে। সেই সমূহ বুৰঞ্জীমূলক, ভোৗগলিক, শাসকৰ মাজত আদান–প্ৰদান হোৱা চিঠি–পত্ৰ, অভিধান, সাহিত্য, জোতিষ সম্পৰ্কীয়, থলুৱা চিকিৎসা পদ্ধতি ইত্যাদি বিষয়ৰ ওপৰত। ইয়াৰ উপৰি গেজেটিয়াৰকে ধৰি ডেৰশতকৈ অধিক পুৰণি আলোচনীৰ বন্ধা সংখ্যা, তিনিশৰো অধিক পুৰণি মুদ্ৰা (ৰূপ আৰু তামৰ, এটা সোণৰ), ষোল্লখন তাম্ৰফলি, তিনিশখন প্ৰতিলিপি, ৪৫খন নিজাকৈ প্ৰকাশিত (পুনৰ্মুদ্ৰিত আৰু গৱেষণামুলক) গ্ৰন্থ আছে। বাহাৰিষ্টান–ই–ঘাইবি (দুটা সংখ্যা) নামৰ পাৰ্চি ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা কিতাপখনত মোগলৰ আক্ৰমণৰ বিতং খবৰ আছে। ইয়াৰ উপৰিও ২১ হেজাৰৰো অধিক গ্ৰন্থ বৰ্তমানে সংগ্ৰহত আছে। হাতে লিখা পুথিসমূহ দিল্লীৰ ‘ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছ’ৰ সহযোগত ইলেকট্ৰনিক মাধ্যমলৈ ৰূপান্তৰিত কৰা হৈছে।
১৯৫৩ চনত আহোম বিভাগ বুলি এটা সুকীয়া বিভাগ স্থাপন কৰা হয়। তাত ২৪০খন আহোম, আইতন, খামটি আৰু টাই–ফাকে ভাষাত হাতে লিখা পুথি আছে। টাই ভাষা সাহিত্যৰ ওপৰত গৱেষণাৰ সুবিধাৰ বাবে ইয়াত এগৰাকী আহোম পণ্ডিতৰ নিয়ুক্তি দিয়া হৈছে।
এই বিভাগত শীত–তাপ নিয়ন্ত্ৰিত এটা প্ৰেক্ষাগৃহ, এটা প্ৰদৰ্শনী কক্ষ আৰু এটা অধ্যয়ন কক্ষ আছে। বিভিন্ন ঠাইৰ পৰা পণ্ডিত, গৱেষক এই বিভাগৰ গ্ৰন্থাগাৰলৈ কিতাপ–পত্ৰ পঢ়িবলৈ আহে। সাঁচিপতীয়া পুথি, বিশেষকৈ আহোম আৰু টাই ভাষাৰ পুথি পঢ়িবলৈ আমেৰিকা, অষ্ট্ৰেলিয়া, থাইলেণ্ড আদি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা গৱেষক, পণ্ডিত এই বিভাগলৈ আহে। জন্মলগ্নৰে পৰা এই বিভাগৰ লগত জড়িত হৈ আছিল ছাৰ এডৱাৰ্ড গেইটকে ধৰি লেফটেনেণ্ট কৰ্ণেল পি আৰ টি গৰ্ডন, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাঞিবৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, গোলাপ চন্দ্ৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, বেণুধৰ ৰাজখোৱা, শৰৎ চন্দ্ৰ গোস্বামী, ৰজনী কান্ত বৰদলৈ, হৰিনাৰায়ণ দত্তবৰুৱা, মফিজুদ্দিন আহমেদ হাজৰিকা, কৃষ্ণকান্ত সন্দিকৈ, ৰাধানাথ হাজৰিকা আদি বহুতো স্বনামধন্য পণ্ডিত। ড° সূৰ্যকুমাৰ ভূঞা আৰু ড॰ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে সঞ্চালক পদত দীঘলীয়াকৈ থাকি প্ৰভুত বৰঙণি আগবঢ়ায়।
খ) অসম চৰকাৰৰ ৰাজ্যিক অভিলেখাগাৰঃ ৰাজ্যিক অভিলেখাগাৰটো অসম চৰকাৰৰ প্ৰশাসনিক বিভাগৰ অধীনত। ১৮৭৪ চনত অসমক বেংগল প্ৰেছিডেন্সীৰ পৰা উলিয়াই আনি ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনত এগৰাকী চিফ কমিছনাৰৰ তত্ত্বাৱধানত এখন প্ৰদেশলৈ অসম ৰূপান্তৰিত হোৱাত অসমৰ তেতিয়াৰ ৰাজধানী শ্বিলঙত সচিবালয় স্থাপন হয়। এই সচিবালয়তে এটা নথি–পত্ৰ বিভাগ আৰু এটা পুথিভঁৰাল স্থাপিত হয়। ১৯৫৩ চনত এই বিভাগটো নতুনকৈ সংগঠিত কৰা হয়। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ পিছত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা নামি অহাত সচিবালয়ৰ লগতে নথি–পত্ৰ বিভাগ আৰু পুথিভঁৰালটোও গুৱাহাটীলৈ উঠাই অনা হয় আৰু ১৯৮০ চনলৈ এই বিভাগ এজন নথি পত্ৰ ৰক্ষকৰ (ৰেকৰ্ড কিপাৰ) তত্ত্বৱধানত থাকে। ১৯৮০চনত নথি–পত্ৰ বিভাগক ৰাজ্যিক অভিলেখাগাৰলৈ উন্নীত কৰা হয় আৰু এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ তত্ত্বৱধানত দিয়া হয়। ১৯৮২ চনত দিশপুৰৰ ৰাজধানী চৌহদৰ বাহিৰত উত্তৰ পশ্চিম দিশত সম্পন্ন হোৱা নতুন ভৱনলৈ অভিলেখাগাৰটো স্থানান্তৰিত কৰা হয়। আৰু ১৯৯৩ চনত এগৰাকী সঞ্চালকক নিযুক্তি দিয়া হয়। আব্দুল হাই চৌধুৰী এই অভিলেখাগাৰৰ প্ৰথম সঞ্চালক আছিল।
এই অভিলেখাগাৰত চৰকাৰী পুৰণা নথি–পত্ৰৰ লগতে পুথিভৰাঁলত বিভিন্ন কিতাপ পত্ৰ, ৰিপোৰ্ট, আইনী বিধি, পুৰণি আলোচনী, বুলেটিন, গেজেটিয়াৰ, সংস্কৃতত হাতে লিখা পুথি, ৰাজ্যসভা, লোকসভাৰ বিতৰ্কমূলক কাৰ্য্যাৱলী ইত্যাদি আছে। সচিবালয়ৰ নথি–পত্ৰ থকা ফাইল বিলাক পঁচিশ বছৰৰ পুৰণি হ’লে তাক সমাপ্ত কৰি অভিলেখাগাৰলৈ স্থানান্তৰিত কৰা হয়। ২০০২ চনৰ ‘‘অসম চৰকাৰী নথিপত্ৰ আইন’’ৰ নিৰ্দেশনা অনুসাৰে চৰকাৰী নথিপত্ৰৰ সংগ্ৰহ কৰা হয় আৰু অদৰকাৰী বিলাক পেলাই দিয়া হয়। ইয়াত ১৮৭৪ চনত অসমত প্ৰাদেশিক চৰকাৰ আৰম্ভ হোৱাৰ পৰা ১৯৫৭ চনলৈ সচিবালয়ৰ সকলো নথি–পত্ৰ থকাৰ উপৰি ১৮৭৪ চনতকৈ আগৰো ১৭৭৪ চনৰ পৰা ১৮৭৪ চনলৈ কলিকতাৰ ফ’ৰ্ট উইলিয়ামত থকা বৃটিছ চৰকাৰৰ সময়ৰ পুৰণি নথি–পত্ৰ আৰু ১৮২৬ চনৰ পৰা ১৯৪৮ চনলৈ অসমৰ ৰাজনৈতিক বুৰঞ্জীৰ তথ্য সমৃদ্ধ নথি–পত্ৰসমূহ আছে। এই সংগ্ৰহত অসমৰ ভগা ৰজা কন্দপেৰ্শ্বৰ সিংহ, পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহৰ লগত হোৱা বৃটিছ চৰকাৰৰ বিভিন্ন যোগাযোগ নথি–পত্ৰসমূহ আছে। বেচৰকাৰী অনুষ্ঠানৰ কোনো নথিপত্ৰ যদি জাতীয় স্বাৰ্থত মূল্যবান বুলি ভবা হয় তেনেবিলাক নথিপত্ৰ দানযোগে বা ক্ৰয় কৰি অভিলেখাগাৰত ৰাখিব পাৰে। এই অভিলেখাগাৰ অসমৰ আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ বিশেষকৈ ৰাজনৈতিক ইতিহাসৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত অপৰিহাৰ্য সমল।
গ) অসম বিধান সভাৰ গ্ৰন্থাগাৰঃ ১৯১৯ চনত ‘ভাৰত চৰকাৰ আইন’ অনুসাৰে ১৯২১ চনত অবিভক্ত অসমত বিধান পৰিষদৰ (Legislative Council) নিৰ্বাচন হোৱাৰ পিছত পৰিষদৰ নিৰ্বাচিত আৰু মনোনীত সদস্যসকলৰ দাবী অনুসাৰে ১৯২৬ চনত সেই সময়ৰ ৰাজধানী শ্বিলঙত বিধান সভাৰ গ্ৰন্থাগাৰৰ পাতনি মেলে। ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসাৰে অসমত ১৯৩৭ চনত সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত সদস্যৰে বিধান পৰিষদৰ উপৰি ‘বিধানসভা’ (Legislative Assembly) জন্ম হয়। সেয়ে বিধান সভাৰ গ্ৰন্থাগাৰো ১৯৩৭ চনত আৰম্ভ হোৱা বুলি ক’ব পাৰি। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত উচ্চ সদন বিধান পৰিষদখন ভঙ্গ কৰি দিয়া হয়। মেঘালয় জন্ম হোৱাৰ পিছত ১৯৭২ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীৰ দিছপুৰলৈ নামি অহাত অসম বিধান সভাৰ লগতে তাৰ গ্ৰন্থাগাৰটোও দিছপুৰলৈ নামি আহে।
এই গ্ৰন্থাগাৰৰ প্ৰধান উদ্দেশ্যই হৈছে বিধানসভা, লোকসভা, ৰাজ্যসভাৰ সদস্যসকলক বিভিন্ন তথ্যৰ যোগান ধৰা; কিতাপ পত্ৰৰ লগতে প্ৰয়োজন হ’লে বাহিৰৰ পৰাও আনি তথ্যৰ, প্ৰতিলিপি আৰু কিতাপ পত্ৰৰ যোগান ধৰা। ইয়াৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলকো প্ৰয়োজন অনুসাৰি কিতাপ পত্ৰ, তথ্যৰ যোগান ধৰিব লাগে। বিধান সভাৰ অধিবেশন কালত প্ৰয়োজন হোৱা অনুসাৰে সাম্প্ৰতিক সময়ৰ তথ্য–পাতিত গুৰুত্ব বেছি দিব লাগে। বিধান সভাত বিতৰ্ক হৈ থকা বিষয়বিলাকৰ ওপৰত প্ৰকাশিত বাতৰিৰ যোগান ধৰাটো এই গ্ৰন্থাগাৰৰ বিশেষ কৰ্ত্তব্যৰ ভিতৰত পৰে। গৱেষকসকলৰো চাহিদা এই গ্ৰন্থাগাৰে পূৰণ কৰে। ইয়াৰ উপৰি লোকসভাৰ, ৰাজ্যসভাৰ, ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিধান সভাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। বুদ্ধিজীৱী, ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিকৰ প্ৰশ্নৰো উত্তৰত তথ্যৰ যোগান ধৰিব লাগে।
বিধান সভাৰ গ্ৰন্থাগাৰত পয়ত্ৰিশ হাজাৰৰ ওপৰৰ ছপা গ্ৰন্থ আৰু অন্যান্য ৰিপোৰ্ট আদি প্ৰায় এক লাখ মান আছে। ইয়াত বিশেষকৈ আইন সম্বন্ধীয় কিতাপ–পত্ৰ, ৰাজ্যিক আৰু কেন্দ্ৰীয় আইন সমূহ, ৰাজ্যসভা, লোকসভাৰ কাৰ্যবিৱৰণী, বিভিন্ন সমিতি ৰিপোৰ্ট, অসম গেজেট আদি আছে। ইয়াৰ উপৰি বুৰঞ্জী, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, সাহিত্য, জীৱ বিজ্ঞান, ভূ–তত্ত্ব ইত্যাদি বিষয়ৰ গ্ৰন্থ আছে। গেজেট বিভাগত ১৯২১ চনৰ পৰা প্ৰকাশিত অসম গেজেট, ১৯৩৭ চনৰ পৰা প্ৰকাশিত ভাৰতীয় গেজেট, পত্ৰিকা বিভাগত ১৯৫৪ চনৰ পৰা স্থানীয় ইংৰাজী আৰু অসমীয়া দৈনিক, সাপ্তাহিক বাতৰি কাকত, ১৯৫৯ চনৰ পৰা ৰাষ্ট্ৰীয় বাতৰি কাকত, ৰিপোৰ্ট বিভাগত ১৯১০ চনৰ পৰা লোকসভা সমিতি ৰিপোৰ্ট, ১৯৫১ চনৰ পৰা অসম বিধান সভা সমিতি ৰিপোৰ্ট, ১৯২১ চনৰ পৰা চেঞ্চাচ্ ৰিপোৰ্ট অসম বিধান পৰিষদৰ ১৯২১ চনৰ পৰা আৰু অসম বিধান সভাৰ ১৯৩৭ চনৰ পৰা বিতৰ্ক বিলাকৰ কাৰ্যবিৱৰণী আছে। ইয়াৰ উপৰি কেইটামান বিশেষ বিভাগ আছে। ১৯২০ চনৰ পৰা প্ৰকাশিত অসম উত্তৰ–পূৱ আৰু ভাৰতৰ সকলো মেপো ইয়াত আছে। আন এটা বিভাগত বহুতো ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া আদিৰ ফটো আছে; কিছুমান ইতিমধ্যে বেয়া হৈ গৈছে। ইয়াৰ গান্ধী সংগ্ৰহত গান্ধীজীয়ে লিখা আৰু তেওঁৰ বিষয়ে লিখা ভালেমান কিতাপ আছে। এই বিশেষ গ্ৰন্থাগাৰটো বিশেষকৈ ৰাজনৈতিক ইতিহাস অধ্যয়নৰ বাবে অপৰিহাৰ্য। বিশেষ উদ্দেশ্যৰে সংগঠিত এই গ্ৰন্থাগাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি নহয়।
ঘ) মিডিয়া ট্ৰাষ্ট, অসমৰ মিডিয়া আৰ্কাইভছ কাম–নৰ্থ ইষ্ট ৰেফাৰেন্স লাইব্ৰেৰী: ‘‘অৰুণোদই’’ৰ ডেৰশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ১৯৯২ চনত গঠিত ‘‘অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্যাপন সমিতি’’ ২০০২ চনত‘‘মিডিয়া ট্ৰাষ্ট, অসম’’লৈ ৰূপান্তৰিত হয়। তাৰ পাছতেই ২০০৪ চনৰ ২১–২২ চেপ্তেম্বৰত ‘‘ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেচন’’ (RRRLF)-ৰ অৰ্থ সাহায্যত ‘‘গণ মাধ্যমৰ সামাজিক ভূমিকা আৰু উত্তৰ–পূব তথ্য কেন্দ্ৰ–তথা– অভিলেখাগাৰ স্থাপন’’ শীৰ্ষক এক দুদিনীয়া সৰ্বভাৰতীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰৰ অনুমোদন মৰ্মে উত্তৰ–পূব সম্পৰ্কীয় বিভিন্ন তথ্য আৰু স্থানীয় সংবাদপত্ৰসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণ আৰু প্ৰয়োজন সাপেক্ষে প্ৰকাশিত তথ্য আৰু সংবাদ বিতৰণৰ বাবে এক স্বায়ত্ত্ব–শাসিত জাতীয় অনুষ্ঠানৰ ৰূপত ‘‘মিডিয়া আৰ্কাইভছ কাম–নৰ্থ ইষ্ট ৰেফাৰেন্স লাইব্ৰেৰী’’ৰ এক বিস্তৃত প্ৰকল্পৰ আঁচনি প্ৰস্তুত কৰা হৈছিল।
ৰূপনগৰৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম পথত থকা অসম চৰকাৰে দিয়া মাটিত মাননীয় প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিঙৰ সাংসদ পুঁজিৰ পৰা পোৱা পোন্ধৰ লাখ টকাৰে নিৰ্মাণ কৰা মিডিয়া আৰ্কাইভ্চৰ প্ৰশাসনীয় ভৱন আৰু বি.টি.চি (বড়োলেণ্ড টেৰিটোৰিয়েল কাউন্সিল)ৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা সাংবাদিক অতিথিশালাৰ কোঠাত কাম আৰম্ভ কৰাৰ পাছত কেইবাটাও পৰিয়াল আৰু ভালেকেইজন ব্যক্তিয়ে মিডিয়া আৰ্কাইভছলৈ তেওঁলোকে যতনাই ৰখা পুৰণি কাকত–আলোচনীৰ মূল্যবান সংগ্ৰহ আগবঢ়াই আৰ্কাইভছটো সমৃদ্ধ কৰিছিল। তাৰ ভিতৰত অসম কেশৰী প্ৰয়াত অম্বিকাগিৰী ৰায় চৌধুৰীৰ পৰিয়াল, প্ৰাক্তন সাংসদ প্ৰয়াত বিপিন পাল দাস, প্ৰয়াত তিলক শৰ্মাৰ পৰিয়াল আদি উল্লেখযোগ্য। ৰায়চৌধুৰীৰ পৰিয়ালৰ পৰা ‘ঘৰ জেউতি’, ‘ডেকা অসম’ আদি পুৰণি মূল্যবান আলোচনীৰ কিছুমান সংখ্যা পোৱা গৈছিল। আনহাতে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট বুৰঞ্জীবিদ প্ৰয়াত পদ্মভূষণ বেণুধৰ শৰ্মা আৰু তেওঁৰ পুত্ৰ প্ৰাক্তন সাংসদ, শিক্ষাবিদ প্ৰয়াত অজিত কুমাৰ শৰ্মাৰ পৰিয়ালৰ হৈ প্ৰয়াত অজিত কুমাৰ শৰ্মাৰ পত্নী শ্ৰীমতী কৰুণাময়ী শৰ্মাই ‘‘বেণুধৰ শৰ্মা–অজিত কুমাৰ শৰ্মা গৱেষণা পুথিভঁৰাল’’ত সংগৃহীত মূল্যবান গ্ৰন্থৰাজি আৰু আপুৰুগীয়া পুৰণি বাতৰিকাকত–আলোচনীৰ লগতে অন্যান্য নথিপত্ৰও মিডিয়া আৰ্কাইভছলৈ দান দিছিল। এই সংগ্ৰহত মাণিক চন্দ্ৰ বৰুৱা আৰু কালিৰাম বৰুৱাৰ সম্পাদনাত ১৮৯৪ চনৰ পৰা ১৯০১ চনলৈ প্ৰকাশিত সাদিনীয়া ‘আসাম’ নামৰ বাৰ্তালোচনীখনৰ ১৯০০ চনৰ দুটা সংখ্যা জৰাজীৰ্ণ অৱস্থাত পোৱা গৈছে। পদ্মনাথ গোহাঁই বৰুৱা সম্পাদিত ‘আসাম বন্তি’, তিলক শৰ্ম্মা সম্পাদিত ‘টাইমচ্ অব আসাম’, নীলমণি ফুকন সম্পাদিত ‘সাদিনীয়া বাতৰি’, বেণুধৰ শৰ্ম্মা সম্পাদিত ‘তৰুণ অসম’ আদিকে ধৰি প্ৰায় ষাঠিখন মান পুৰণি বাতৰি কাকত আলোচনীৰ বিভিন্ন আপুৰুগীয়া সংখ্যা পোৱা গৈছে। এই প্ৰকল্পটো সঠিক ভাৱে ৰূপায়িত হ’লে ই অসমৰ সামাজিক, বৌদ্ধিক আৰু সাংস্কৃতিক কেন্দ্ৰবিন্দু হৈ উঠিব বুলি আশা কৰা হৈছিল। সেই উদ্দেশ্যেৰে ২০০৬ চনৰ ২ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ–সন্থাৰ মাজত ১৯৮৫ চনৰ অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক আলোচনাত প্ৰায় বিশ কোটি টকীয়া এই প্ৰকল্প–আঁচনিৰ খচৰা অসম চুক্তিৰ ষষ্ঠ দফাৰ অধীনত বিবেচনাৰ বাবে ছাত্ৰ–সন্থাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক অৰ্পণ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত দীঘলীয়া এছোৱা সময় ধৰি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মিডিয়া ট্ৰাষ্টৰ মাজত অনুষ্ঠিত আলোচনা মৰ্মে এই আৰ্কাইভছ পৰিচালনাৰ বাবে মিডিয়া ট্ৰাষ্ট, ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত এক ছ’ছাইটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পিছে ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী ন্যাসৰক্ষী প্ৰফুল্ল চন্দ্ৰ বৰুৱা আৰু প্ৰতিষ্ঠাপক সভাপতি ৰাধিকা মোহন ভাগৱতীৰ পৰলোকপ্ৰাপ্তিৰ পিছত ট্ৰাষ্টৰ নতুনকৈ গঠিত সমিতিয়ে এই সিদ্ধান্ত বাতিল কৰি এই আৰ্কাইভছ নিজাকৈ গঢ়ি তোলাৰ সিদ্ধান্ত লয়। তাৰ পিছৰে পৰা মিডিয়া আৰ্কাইভছলৈ কিছু স্থবিৰতা আহি পৰিছে আৰু ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে। অৱশ্যে গৱেষক আৰু আনুসন্ধিৎসু পাঠকে এতিয়াও এই আৰ্কাইভছৰ সংগ্ৰহ ছেগাচোৰোকাকৈ ব্যৱহাৰ কৰি আছে।
ঙ) অনুসূচিত জাতি জনজাতি অসম গৱেষণা প্ৰতিষ্ঠানৰ (Assam Institute for Tribes and Schedule Castes) গ্ৰন্থাগাৰঃ ১৯৬৩ চন অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত ‘জনজাতি গৱেষণা প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা হয় কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ এশ শতাংশ অৰ্থ সাহায্যত অসম চৰকাৰৰ জনজাতি অঞ্চল উন্নয়ন বিভাগৰ অধীনত। মেঘালয় আৰু মিজোৰাম গঠন হোৱাৰ পিছত এই প্ৰতিষ্ঠানটোও বিভাজিত হয়। ১৯৭৬ চনত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এশ শতাংশ অৰ্থ সাহায্যৰে জনজাতি গৱেষণা কেন্দ্ৰ সঞ্চালকালয় স্থাপন কৰে। ১৯৯০ চনত জনজাতি গৱেষণা প্ৰতিষ্ঠানটো নতুনকৈ ‘‘অনুসূচিত জাতি, জনজাতিৰ অসম গৱেষণা প্ৰতিষ্ঠান’’ নামেৰে নামকৰণ হয়।
এই প্ৰতিষ্ঠানৰ প্ৰধান উদ্দেশ্য হৈছে গৱেষণা, মূল্যায়ন আৰু প্ৰশিক্ষণ। ইয়াৰ উপৰি জনজাতি আৰু অনুসূচিত জাতি সম্পৰ্কত কিতাপ, আলোচনী প্ৰকাশ কৰা। এই উদ্দেশ্যৰ পৰিপ্ৰেক্ষিততে এটা গ্ৰন্থাগাৰ গঢ়ি তোলা হয়। জনজাতি আৰু অনুসূচিত জাতিৰ অধ্যয়ন, গৱেষণা ইত্যাদিৰ বাবে এই গ্ৰন্থাগাৰ সমল কেন্দ্ৰ হিচাপে আহল–বহল ভৱনেৰে একমাত্ৰ অনুষ্ঠান।
চ) অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান(OKDISCD)ৰ গ্ৰন্থাগাৰঃ ১৯৭৮ চনতে বুদ্ধিজীৱীসকলে প্ৰধানকৈ সমাজবিজ্ঞানীসকলে উত্তৰ পূৰ্বাঞ্চলৰ অতিকৈ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ উন্নতিৰ উদ্দেশ্যে বিশেষ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন অনুভৱ কৰি এক প্ৰতিষ্ঠানৰ পৰিকল্পনা কৰে। ১৯৮৫ চনৰ অসম চুক্তিৰ পিচত এনে এটা অনুষ্ঠানৰ প্ৰয়োজন প্ৰবল ভাৱে অনুভৱ কৰিয়েই ১৯৮৯ চনত অসম চৰকাৰ আৰু ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ (ICSSR) যুটীয়া দায়িত্বত ‘সামাজিক পৰিৱৰ্তন আৰু উন্নতিৰ’ উদ্দেশ্যত প্ৰতিষ্ঠানখন স্থাপিত হয়। ১৯৯৫ চনত এসময়ৰ শিক্ষা বিভাগৰ মন্ত্ৰী অমিয় কুমাৰ দাসৰ নামত এই প্ৰতিষ্ঠানটো নামকৰণ কৰা হয় আৰু ২০০৯ চনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আপাৰ হেঙেৰাবাৰীৰ ভি.আই.পি. ৰ’ডত থকা নতুন ভৱন উদ্বোধন কৰে।
এই অনুষ্ঠানৰ গ্ৰন্থাগাৰত কিতাপ, গৱেষণা গ্ৰন্থ, ৰিপোৰ্ট, মানচিত্ৰ, গৱেষণা পত্ৰ, আলোচনী আৰু ইলেক্ট্ৰনিক গ্ৰন্থ আদি বিভিন্ন ধৰণৰ প্ৰায় বিশ হাজাৰ গ্ৰন্থ সমল আছে। ভালেসংখ্যক আলোচনী নিয়মিতভাৱে ক্ৰয় কৰাৰ উপৰি বাহিৰৰ ই–জাৰ্নেল পঢ়াৰ সুবিধা আছে। এই গ্ৰন্থাগাৰলৈ ড॰ অমলেন্দু গুহকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে তেওঁলোকৰ ব্যক্তিগত গ্ৰন্থ সংগ্ৰহবিলাক দান দিছে। প্ৰতিষ্ঠানটোৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই গ্ৰন্থাগাৰৰ সংগ্ৰহ আৰু সেৱা যুগুতোৱা হৈছে।
ছ) বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উচ্চস্তৰৰ গৱেষণা প্ৰতিষ্ঠানৰ (IASST) গ্ৰন্থাগাৰঃ ১৯৭৯ চনত অসম বিজ্ঞান সমিতিয়ে উত্তৰ পূৰ্বাঞ্চলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণাৰ বাবে উপযুক্ত এখন আগশাৰীৰ প্ৰতিষ্ঠানৰূপে এইখন স্থাপন কৰে। ১৯৯১ চনত অনুষ্ঠানখন সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত হয়। ১৯৯১–৯২৬নৰ পৰা অসম চৰকাৰে বছৰেকীয়া অনুদান এটা আগবঢ়ায়। অসম চৰকাৰে গুৱাহাটীৰ দক্ষিণ দিশত দীপৰ বিলৰ কাষত এই অনুষ্ঠানক দিয়া মাটিতেই কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ভৱন নিৰ্মাণ কৰি ২০০৪ চনত নতুন ভৱনলৈ আহে। আৰু ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে গুৱাহাটীৰ এই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উচ্চ স্তৰৰ গৱেষণা প্ৰতিষ্ঠানখনক এক স্বায়ত্ত্ব শাসিত একাধিক বিষয় সন্নিৱিষ্ট (Multi-Displinary) গৱেষণা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰি সকলো সা–সুবিধা দিয়ে। বৰ্তমানলৈ প্লাজমা পদাৰ্থ বিজ্ঞান, পলিমাৰ বিজ্ঞান, অঙ্ক শাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞান, পাৰিপাৰ্শ্বিকতা বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ ওপৰত গৱেষণা হৈ আছে।
এই অনুষ্ঠানৰ অধ্যয়ন আৰু গৱেষণাত আৰু ১৯৭৯ চনৰ পৰাই একান্তভাৱে সহায় আগবঢ়াই থকা গ্ৰন্থাগাৰৰ নামটো বৰ্তমানে ‘‘জ্ঞানৰ সমলকেন্দ্ৰ’’ (Knowledge Resource Centre) হিচাপে উন্নত সেৱাৰে নামকৰণ কৰা হৈছে। আধুনিক তথ্য প্ৰযুক্তিৰ সহায়ত সংগঠিত গ্ৰন্থাগাৰত বাহিৰৰ ইলেক্ট্ৰনিক আলোচনী আদি পঢ়াৰ সুবিধাৰ উপৰি প্ৰতিষ্ঠানটোৰ নিজা গৱেষণা পত্ৰ, ৰিপোৰ্ট, বাতৰি কাকতৰ প্ৰাসঙ্গিক বাতৰি ইত্যাদিৰে ‘প্ৰজ্ঞা’ শিৰোনামৰে এটা ডিজিটেল লাইব্ৰেৰী, চৌহদৰ যিকোনো ঠাইৰ পৰা পঢ়িব পৰাৰ সুবিধাৰে আছে। এই বিশেষ গ্ৰন্থাগাৰটো ‘ৰাষ্ট্ৰীয় জ্ঞানৰ সমল কেন্দ্ৰ’ৰ সদস্য হিচাপে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰয়োজনীয় নতুন পুৰণি গ্ৰন্থ, আলোচনী প্ৰকাশৰ লগে লগে পঢ়িব পৰা আৰু প্ৰয়োজন অনুসাৰে ছপা কৰি ল’ব পৰা সুবিধা আছে। উচ্চস্তৰৰ বৈজ্ঞানিক অধ্যয়ন আৰু গৱেষণাৰ বাবে এই ‘জ্ঞানৰ সমল কেন্দ্ৰ’ নিতান্তই অপৰিহাৰ্য্য। শেহতীয়াকৈ গুৱাহাটীৰ কলেজবিলাকৰ ছাত্ৰ আৰু শিক্ষকৰ বাবেও এই ‘‘জ্ঞানৰ সমল কেন্দ্ৰ’’ মুকলি কৰি দিছে।
জ) অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয় (Administative Staff College) গ্ৰন্থাগাৰঃ ১৯৬০ চনত শ্বিলঙত চৰকাৰী বিষয়াসকলক প্ৰশিক্ষণ দিবৰ বাবে ‘‘প্ৰশাসনিক প্ৰশিক্ষণ স্কুল’’ৰ প্ৰতিষ্ঠা কৰা হয়। ১৯৬২ চনত এই স্কুলখন গুৱাহাটীৰ জালুকবাৰীত থকা চাৰ্ভে স্কুলৰ চৌহদলৈ স্থানান্তৰিত কৰা হয়। আৰু ১৯৬৪ চনৰ ১১ অক্টোবৰত ‘‘অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়’’ হিচাপে নামকৰণ কৰা হয়। ১৯৮১ চনত গুৱাহাটী জৱাহৰ নগৰত থকা নিজা ঘৰলৈ স্থানান্তৰিত কৰে। এই কলেজৰ মুখ্য উদ্দেশ্য হৈছে চৰকাৰী বিষয়াসকলৰ সেৱাৰ মান উন্নত কৰাৰ অৰ্থে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া।
এই কলেজৰ গ্ৰন্থাগাৰো আৰম্ভ হৈছিল ১৯৬১ চনত মাত্ৰ ৫০০খন কিতাপেৰে। বৰ্তমান ইয়াত ৫০ হেজাৰৰো অধিক কিতাপ, ৰিপ’ৰ্ট আছে। আলোচনী, বাতৰি কাকত আৰু ইলেক্ট্ৰনিক আলোচনীৰ লগতে ইণ্টাৰনেটৰ সুবিধাও আছে। গ্ৰন্থাগাৰৰ সদস্যসকল গুৱাহাটীত থকা ৰাজপত্ৰিত চৰকাৰী বিষয়া, চৰকাৰী বিষয়াসকলৰ প্ৰয়োজন অনুসাৰে সকলো বিষয়ৰ কিতাপ–পত্ৰ ৰখা হয়, বিশেষকৈ চৰকাৰী নীতি–নিয়ম থকা কিতাপ, আইনী বিধিসমূহ, ৰাজহুৱা প্ৰশাসনীয় সম্বন্ধীয় ইত্যাদি। এই গ্ৰন্থাগাৰৰ গ্ৰন্থ সংগ্ৰহখিনি উন্নত মানৰ হোৱাত এই গ্ৰন্থাগাৰ এক উল্লেখনীয় গ্ৰন্থাগাৰ বুলি ক’ব পাৰি। ইয়াৰ গ্ৰন্থপঞ্জী কম্পিউটাৰত পঢ়িব পাৰি।
ঝ) কামৰূপ অনুসন্ধান সমিতিৰ (Assam Research Society) পুথিভঁৰালঃ ১৯১২ চনত কামাখ্য মন্দিৰ প্ৰাঙ্গণত উত্তৰ বঙ্গীয় সাহিত্য পৰিষদৰ সন্মিলনতেই প্ৰাচীন কামৰূপ ৰাজ্যৰ ইতিহাসৰ ওপৰত গৱেষণা কৰিবলৈ এটা অনুষ্ঠানৰ অভাৱ অনুভৱ কৰা হয়। ফলস্বৰূপে, বিশিষ্ট কেইবাগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত ১৯১২ চনতে অসমৰ প্ৰথম গৱেষণা প্ৰতিষ্ঠান কামৰূপ অনুসন্ধান সমিতিৰ জন্ম হয়। পুৰণি কামৰূপৰ লগতে উত্তৰ–পূৱ ভাৰতৰো ঐতিহাসিক, পুৰাতাত্ত্বিক, প্ৰত্নতাত্ত্বিক ভাস্কৰ্যসমূহ পোহৰলৈ আনি গৱেষণা কৰাৰ লগতে গুৱাহাটীত এটা সংগ্ৰাহলয় (মিউজিয়াম) স্থাপন কৰাৰ মানসেৰে, পুৰণি পুথি, অসমীয়া, সংস্কৃত ভাষাত হাতে লিখা পুথি, মূদ্ৰা, শিলালিপি, শিলৰ মূৰ্ত্তি, তাম্ৰলিপি, পুৰণি মন্দিৰ, ঘৰ আদিৰ ভগ্নাৱশেষ, স্মৃতিচিহ্ন প্ৰত্নতাত্ত্বিক সামগ্ৰী, ইত্যাদি সংগ্ৰহ কৰে।
পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কালিচৰণ সেন, প্ৰিন্সিপাল জে বৰুৱা, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, উমাকান্ত গোস্বামী, সূৰ্য্য কুমাৰ ভূঞা আদি কেইবাগৰাকীও পণ্ডিত আৰু গৱেষকে এই সমিতিখনলৈ প্ৰত্যক্ষ সহযোগিতা আগবঢ়ায়। এই সমিতিয়ে কেইবাখনো মূল্যবান পুৰণি হাতে লিখা পুথি সম্পাদনা কৰি প্ৰকাশ কৰাৰ উপৰি ১৯৩৩ চনৰ পৰা ‘জাৰ্ণেল অব আসাম ৰিচাৰ্ছ চ’ছাইটি’ নামৰ সমিতিৰ মুখপত্ৰ প্ৰকাশ কৰে।
দীঘলী পুখুৰীৰ দক্ষিণ পূৱ দিশত চৰকাৰে দিয়া মাটিতেই ১৯১৭ চনত আসাম টাইপৰ এটা ঘৰ সাঁজি তাতে পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ সম্পদখিনি সংৰক্ষণ কৰে। ১৯৪০ চনত আনুষ্ঠানিকভাবে মিউজিয়ামটো উদ্বোধন কৰে সেই সময়ৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নেইল ৰীভে। ১৯৪৩ চনত মিউজিয়ামটো অসম চৰকাৰৰ অধীনলৈ আহে।
এসময়ত এই পুথিভঁৰালৰ সংগ্ৰহখিনিৰ যথেষ্ট সদব্যৱহাৰ হৈছিল আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই পণ্ডিতসকলে গৱেষণালব্ধ পাণ্ডিত্যপূৰ্ণ কিতাপ, কাকত প্ৰকাশ কৰিব পাৰিছিল আৰু পুৰণি পুথিৰ সম্পাদনাৰ কামো কৰিব পাৰিছিল।
ঞ) সাহিত্য সভাৰ শাখা গ্ৰন্থাগাৰঃ ডলি তালুকদাৰ পুথিভঁৰালঃ প্ৰয়াত সাংবাদিক, সাহিত্যিক ফণী তালুকদাৰে অসম সাহিত্য সভাক দান দিয়া ফণী তালুকদাৰ ভৱনতে সাহিত্য সভাৰ শাখা পুথিভঁৰাল ‘‘ডলি তালুকদাৰ পুথিভঁৰাল’’আৰম্ভ কৰে। ১৯৯৮ চনৰ ডিচেম্বৰ মাহত ফণী তালুকদাৰৰ মৃত্যুৰ পিছত কেইবাবছৰো ঘৰটো পৰি থকাৰ অন্তত দীঘলী পুখুৰীৰ পাৰৰ সাহিত্য সভা ভৱনৰ পৰা পুথিভঁৰালৰ কিতাপ–পত্ৰবিলাক তালৈ অনা হয়। ২০০৮ চনৰ জানুৱাৰী মাহত এগৰাকী পুথিভৰালীক নিযুক্তি দিয়ে যদিও সৰু কোঠা এটাত আৱদ্ধ অন্যান্য সুবিধাবিহীন পুথিভঁৰালটোক উল্লেখযোগ্য বুলি কোৱা নাযায়। ইয়াত সাহিত্য সভাই প্ৰকাশ কৰা গ্ৰন্থ, অসম সাহিত্য সভাৰ পত্ৰিকা, অসম সাহিত্য সভা স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভা বাৰ্ষিকী আৰু ১৯১০ চনৰ পৰা প্ৰকাশ হোৱা অসম সাহিত্য সভা বাৰ্ত্তা পোৱা যায়, যদিও কোনো কোনো সংখ্যা মজুত নাই। প্ৰয়াত তালুকদাৰ দম্পতীৰ নিজা সংগ্ৰহখিনি আৰু দানত পোৱা অন্যান্য গ্ৰন্থৰে সাহিত্য, জীৱনীমূলক, বুৰঞ্জীমূলক, কিতাপৰ উপৰি পুৰণি আলোচনী যেনে উষা, জয়ন্তী, বাঁহী, চেতনা, আৱাহন, দেশ, জোনাকী, মিলন আদিৰ কিছুমান সংখ্যা ইয়াত আছে।
ট) নন্দ তালুকদাৰ ফাউণ্ডেছনঃ প্ৰয়াত নন্দ তালুকদাৰে ১৯৮৩ চনত আকস্মিক মৃত্যুৰ আগলৈকে নিজে সংগ্ৰহ কৰা গ্ৰন্থ, আলোচনীৰে ১৯৯৬ চনত তেওঁৰ পৰিয়ালে এক ফাউণ্ডেছন প্ৰতিষ্ঠা কৰে। বৰ্ত্তমানে গুৱাহাটীৰ পূব শৰণীয়াত থকা এই সংগ্ৰহত উনৈশ শতিকাত আৰু কুৰি শতিকাৰ আগভাগত প্ৰকাশ হোৱা বহুতো অসমীয়া গ্ৰন্থ আৰু আলোচনী আছে আৰু এই সংগ্ৰহটো অসমীয়া সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে আৱশ্যকীয় বুলি জনা যায়। মুঠ ১১ হেজাৰ মান গ্ৰন্থ সম্ভাৰৰ উনৈশ শতিকাত প্ৰকাশিত প্ৰায়বিলাক কিতাপেই ইলেকট্ৰনিক মাধ্যমলৈ ৰূপান্তৰিত কৰা হৈছে।
ঠ) শংকৰদেৱ কলাক্ষেত্ৰৰ পুথিভঁৰালঃ পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ পুথিভঁৰালত থকা পুৰণি বাতৰিকাকতৰ বন্ধা সংখ্যাবিলাক আৰু অন্যান্য কিতাপৰ লগতে কলাক্ষেত্ৰই সংগ্ৰহ কৰা কিতাপেৰে ১৯৯৮ চনত কলাক্ষেত্ৰৰ প্ৰসংগ পুথিভঁৰালৰ জন্ম দিয়ে। কলাক্ষেত্ৰৰ মূল উদ্দেশ্য আগত ৰাখি অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতি, সংগীত ইত্যাদিৰ লগতে ধৰ্ম্মমূলক, দৰ্শন সম্পৰ্কীয়, জীৱনীমূলক, অসমৰ বুৰঞ্জীমূলক, ভৌগোলিক, উত্তৰ–পূৱৰ জনজাতি আদিৰ ওপৰত গুৰুত্বসহকাৰে গ্ৰন্থ ক্ৰয় কৰা হয়।
ওপৰত উল্লেখ কৰা বিশেষ পুথিভঁৰালৰ বিলাকৰ উপৰি গুৱাহাটীত বিশেষ উদ্দেশ্য পূৰণৰ অৰ্থে স্থাপিত অন্যান্য বিশেষ পুথিভঁৰালো আছে। তেনে পুথিভঁৰাল ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান (IIE), উত্তৰ–পূব বেংক প্ৰশাসনৰ প্ৰতিষ্ঠান (NEIBM), অসম চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ত থকা উত্তৰ–পূৱ বুৰঞ্জীমূলক গৱেষণা প্ৰতিষ্ঠান (Indian Historical Research, NE Region), ইত্যাদি তেনেধৰণৰ পুথিভঁৰাল। তদুপৰি শংকৰদেৱ কলাক্ষেত্ৰৰ পুথিভঁৰাল, সত্যনাথ বৰা ভৱনত থকা পুথিভঁৰাল, ফটাশিলৰ ভগতসিং লাইব্ৰেৰী তথা আন বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ নিজা পুথিভঁৰালকে ধৰি ভালেমান সৰু–বৰ পুথিভঁৰাল গুৱাহাটীত আছে।
মোখনিঃ
গুৱাহাটীৰ গ্ৰন্থাগাৰবিলাকত থকা বিপুল গ্ৰন্থ সম্ভাৰৰ যুটীয়াভাৱে অন–লাইন গ্ৰন্থপঞ্জী তৈয়াৰ কৰিলে প্ৰয়োজনীয় গ্ৰন্থ আছে নে নাই আৰু আছে যদি ক’ত আছে জনাৰ সুবিধা হ’লে, পোৱাৰ ব্যৱস্থাও কৰিব পৰা যাব। ডিজিটেল মাধ্যমত থকা গ্ৰন্থ সম্ভাৰখিনি ইণ্টাৰনেটৰ যোগেদি যিকোনো ঠাইৰ পৰা পঢ়িব, ডাউনলোড কৰিব আৰু ছপা প্ৰতিলিপি পাব পৰা হ’লে বৰ সুবিধা হয়। গ্ৰন্থাগাৰবিলাকৰ মাজত বুজাবুজিৰ চুক্তিৰে এনে ব্যৱস্থা কৰিব পাৰিলে সকলো ঠাইৰে, সকলো প্ৰকাৰৰ পঢ়ুৱৈ উপকৃত হ’ব।
প্ৰসংগ পুথিঃ
১৷ ঠাকুৰীয়া, ৰামচৰণঃ গুৱাহাটী আৰু মাণিক চন্দ্ৰ বৰুৱা (পৌৰ বিচিত্ৰা, প্ৰথম সংখ্যা, ১৯৭৮, পৃষ্ঠা ১০২–১০৬)
২৷ কাকতি, সতীশ চন্দ্ৰঃ নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰালঃ ইতিহাস আৰু ঐতিহ্য (দৈনিক অগ্ৰদূত, ২৬ ছেপ্টেম্বৰ, ১৯৯৫)
৩৷ হাজৰিকা, কুমুদেশ্বৰঃ ইতিহাসৰ ছাঁ–পোহৰত পুৰণি গুৱাহাটী, (গুৱাহাটী, শৰাইঘাট প্ৰকাশন, ২০০২)
৪৷ অসম চৰকাৰঃ জিলা পুথিভঁৰাল; স্মৰণিকা, সোণালী জয়ন্তী বৰ্ষ (গুৱাহাটী জিলা পুথিভঁৰাল, ২০১১–২০১২)
৫৷ Barpujari, H.K. (Gen. Ed.) Political History of Assam, Vol. I 1826-1999, (Guwahati, Govt. of Assam, ১৯৭৭)
৬৷ Gauhati University: Krishna Kanta Handique Library: Profile, Submitted to the Visiting Committee of NAAC Peer Team, March 16, 2010
৭৷ Govt. of Assam: Department of Historical and Antiquarian Studies; Golden Jubilee Celebration (1928-1978) – Souvenir (Guwahati, DHAS, 1978- 79)
৮৷ Govt. of Assam, Department of Historical and Antiquarian Studies, Bulletin No. 6 (Guwahati DHAS, 2011)