গুৰুদংমাৰ হ্ৰদ
লেখক- কবিতা শৰ্মা
উত্তৰ চিকিমত অৱস্থিত গুৰুদংমাৰ হ্ৰদ পৃথিৱীৰ উচ্চতম হ্ৰদসমূহৰ ভিতৰত এটা। ১৭৮০০ ফুট উচ্চতাত অৱস্থিত এই হ্ৰদটো চিকিমৰ ৰাজধানী গেংটকৰ পৰা ১৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইয়াৰ পৰা তিব্বতৰ সীমা মাত্ৰ ৫ কিলোমিটাৰ। আয়তনৰ হিচাপত ইয়াৰ পৰিসীমা ১১৮ হেক্টৰ আৰু ই ৫.৩৪ কিলোমিটাৰ দীঘল।
কথিত আছে যে বৌদ্ধ ধৰ্মগুৰু পদ্মসম্ভাৱে অষ্টম শতিকাত এই স্থান ভ্ৰমণ কৰিছিল। তেখেতে দেখিলে যে ওচৰ–পাঁজৰৰ মানুহখিনিয়ে শীতকালত বৰ পানীৰ অভাৱত ভোগে। সেইকাৰণে তেখেতে হ্ৰদৰ পানীত হাত ৰাখি প্ৰাৰ্থনা কৰে যাতে এটা অংশৰ পানী কেতিয়াও গোট নামাৰে। সেয়ে হাজাৰ শীত হলেও লেকৰ এটা অংশৰ পৰা সদায়েই মিঠা পানী মানুহে আহৰণ কৰিব পাৰে। সকলো ধৰ্মাৱলম্বী মানুহে বিশেষকৈ বৌদ্ধ সকলে এই হ্ৰদটো পৱিত্ৰ স্থান হিচাপে গণ্য কৰে ।
এই হ্ৰদটো ভ্ৰমণ কৰিবলৈ ভাৰতীয় সকলৰ ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন। চিকিম ট্যুৰিজিম অফিচৰপৰা ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিব লাগে। দুকপি পাছপোৰ্ট ফটো আৰু ভোটাৰ কাৰ্ডৰ জেৰক্স কপি জমা দিলে এই পাৰ্মিট সংগ্ৰহ কৰিব পাৰে। বিদেশী ভ্ৰমণকাৰীয়ে এই পাৰ্মিট বিদেশ মন্ত্ৰালয়ৰ পৰা সংগ্ৰহ কৰিব লাগে।
গেংটক ৰ পৰা আহি লাচেন নামৰ গাঁওখনত ৰাতিটো কটাই পুৱাই গুৰুদংমাৰ হ্ৰদলৈ ভ্ৰমণকাৰী সকলে ৰাওনা হয়। ১০০০০ ফুটত অৱস্থিত লাচেনৰ পৰা হ্ৰদলৈ গাড়ীৰে প্ৰায় ৪–৫ ঘণ্টা লাগে। লাচেনত থাকিবলৈ হোটেলৰ লগতে কিছুমান “হোম-ষ্টে” ও আছে।
বৰফ আবৃত পাহাৰীয়া গুৰুদংমাৰলৈ যোৱা পথটো পৃথিৱীৰ ধুনীয়া পথসমূহৰ মাজৰ এটা বুলি ভ্ৰমণকাৰী সকলে গণ্য কৰে। পথৰ সৌন্দৰ্য বৰ্ণনাতীত। বাইকাৰ সকলৰ বাইক চলাই গুৰুদংমাৰ ভ্ৰমণ কৰা এটা সপোন। সেয়ে ৰাস্তাত আপুনি বহুতো মটৰ চাইকেল আৰোহী পাব।
কিন্তু উচ্চতাজনিত কিছু অসুবিধাও এই ভ্ৰমণ কালত পোৱা যায়। অক্সিজেন কম হোৱা কাৰণে মানুহ এই স্থানত এঘণ্টাৰ অধিক থাকিব নোৱাৰে। দুপৰীয়া ১২ বজামানৰ পৰা খুব বতাহ বলিব ধৰে। সেইকাৰণে ভ্ৰমণকাৰী সকলে আগবেলাতেই এই হ্ৰদ ভ্ৰমণ কৰে। বেছি বয়সস্থ বা সৰু ল’ৰা–ছোৱালী এই স্থানলৈ যোৱাটো অলপ শংকাজনক।
ডাক্তৰৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় ঔষধ, কৰ্পূৰ, আদা আদি লগত নিব লাগে। ১৪০০০ ফুট উচ্চতাত অৱস্থিত থাঙগো গুৰুদংমাৰলৈ যোৱাৰ পথত শেষ জনপদ। তাত মিলিটেৰী কেম্প এটা আছে য’ত প্ৰয়োজন হলে চিকিৎসাৰ সুবিধা পোৱা যায়।
গুৰুদংমাৰ ভ্ৰমণ কৰাৰ উপযুক্ত সময় হৈছে মাৰ্চৰ পৰা ছেপ্টেম্বৰ।
যোৱা ১৬ এপ্ৰিলত গুৰুদংমাৰ হ্ৰদ ভ্ৰমণ কৰাৰ সৌভাগ্য হ’ল। বান্ধৱী বৰ্ণালীয়ে যেতিয়া বিহুৰ বন্ধত গেংটক যাবলৈ লগ ধৰিলে মই তেতিয়া নৰ্থ চিকিম ভ্ৰমণৰ প্ৰস্তাৱ আগবঢ়াও কাৰণ গেংটক, চাংগো হ্ৰদ আদি আগতে গৈছোঁ। সেই হিচাপে একৰাতি গেংটকত কটাই ১৫ এপ্ৰিলত আমি লাচেন অভিমুখে যাত্ৰা কৰোঁ। নৰ্থ চিকিম ভ্ৰমণৰ কাৰণে গুৱাহাটীৰ পৰাই এজন ট্ৰেভেল এজেণ্ট ৰ লগত যোগাযোগ কৰোঁ, যিজনে ইনাৰ লাইন পাৰ্মিট ৰ পৰা আৰম্ভ কৰি অহা–যোৱা, থকা–খোৱা সকলো ব্যৱস্থা কৰিছিল। ৩দিন, ২ ৰাতিৰ এই ভ্ৰমণ আৰম্ভ হৈছিল ১৫ এপ্ৰিল তাৰিখে গেংটকৰপৰা। প্ৰথম দিনা আমি লাচেনত ৰাতি থাকোঁ। গেংটকৰ পৰা লাচেনলৈ যোৱা পথটোও বৰ ধুনীয়া। সৰু, বৰ বহুত জলপ্ৰপাত আছে। ৰাতিপুৱা ৯ মান বজাত যাত্ৰা আৰম্ভ কৰি আমি আবেলি প্ৰায় ৪ মান বজাত লাচেন পাওঁ। অৱশ্যে ৰাস্তাত বিভিন্ন ঠাইত ৰৈ ৰৈ গৈছিলোঁ কাৰণ ৰাস্তাৰ সৌন্দৰ্য, যাক বৰ্ণনা কৰিব নোৱাৰি। লাচেনত আমাক হোম–ষ্টেৰ ব্যৱস্থা কৰা হৈছিল। মানুহ এঘৰে নিজৰ ঘৰতে থকা খোৱাৰ ব্যৱস্থা কৰিছিল। থকা ৰূম কেইটাত মোটামোটি সকলো ব্যৱস্থা আছিল। কিন্তু কাৰেণ্ট প্ৰায় নাথাকেই। পিছদিনা পুৱা ৬ মান বজাতেই গুৰুদংমাৰ অভিমুখে যাত্ৰা কৰোঁ। মনত ভয়, আনন্দ, উত্তেজনা আদিয়ে ক্ৰিয়া কৰিছিল। নেদেখা ঠাই দেখাৰ লগতে ভয়, যদি উশাহ লবলৈ অসুবিধা পাই গন্তব্য স্থানলৈ যাব নোৱাৰোঁ কিমান দুখ লাগিব! মোৰ বান্ধৱী কেইজনীয়ে বহুত ভয় খাই আছিল, সেইকাৰণে মই বেছি আশংকাত ভুগিছিলোঁ নিজতকৈয়ো তেওঁলোকৰ কাৰণে। কিয়নো নৰ্থ চিকিমৰ এই ভ্ৰমণ মোৰ বাবেহে কৰিছিল। যি কি নহওক আটায়ে যেতিয়া গন্তব্য স্থান পালোঁ নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলোঁ আমি সঁচাকৈ যাব পাৰিলোঁ বুলি। জীৱনৰ কাৰণেই এক অমূল্য স্মৃতি লৈ লোৱা যেন লাগিল। প্ৰায় ২৫ মিনিট মান হ্ৰদৰ পাৰত থাকি আমি উভতি আহোঁ। লাচেনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি লাচুঙ লৈ যাওঁ য’ত ৰাতিটো কটাই পিচ দিনা zero পইণ্ট আৰু য়ুমঠাঙ উপত্যকা ভ্ৰমণ কৰোঁ। সেয়া এক বেলেগ অভিজ্ঞতা।
সাধাৰণতে চিকিম ভ্ৰমণ বুলি কলে মানুহে গেংটক, চাঙগু হ্ৰদ আৰু নাথুলা ভ্ৰমণ কৰে বুলি ভাবে। কিন্তু মই কওঁ পাৰিলে এবাৰ উত্তৰ চিকিম ভ্ৰমণ কৰক। মই ন দি কব পাৰো আপোনালোকে ভাবিব নোৱাৰিব ঘৰৰপৰা অলপ দূৰতেই কি এক অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকলৈ ৰৈ আছে।