তাজমহল
অনুবাদ- ৰঞ্জনা দত্ত
মূল: বনফুল
প্ৰথমবাৰ যেতিয়া আগ্ৰালৈ গৈছিলোঁ, তাজমহল চাবলৈকে বুলি গৈছিলোঁ। প্ৰথম দৰ্শনৰ বিস্ময়টো এতিয়াও ভালদৰেই মনত আছে। ট্ৰেইনখন তেতিয়াও আগ্ৰা ষ্টেচন সোমোৱা নাছিল। এজন সহযাত্ৰীয়ে হঠাৎ কৈ উঠিল – “সৌটো তাজমহল, দেখা গৈছে।” লৰালৰিকৈ খিৰিকি খুলি বাহিৰলৈ চাইছিলোঁ।
সৌটো– দূৰৰ পৰা দিনৰ পোহৰত তাজমহলটো দেখি মনটো কিন্তু দমিহে গ’ল। চূণতেল লগোৱা এটা সাধাৰণ মছজিদৰ দৰেই দেখোন তাজমহলটো । তথাপিও নিৰ্নিমেষে চাই থাকিলোঁ। হাজাৰ হওক, তাজমহল। ছাহজাহানৰ তাজমহল। অৱসন্ন গধূলিবোৰত বন্দী ছাহজাহানে আগ্ৰাৰ দুৰ্গৰ চোতালত বহি এই তাজমহলৰ ফালেই চাই চাই সময়খিনি পাৰ কৰিছিল। মমতাজৰ অতি হেঁপাহৰ তাজমহল। আলমগীৰ কিন্তু নিৰ্মম নাছিল। দেউতাকৰ ইচ্ছা তেওঁ অপূৰ্ণ ৰখা নাছিল। মহাসমাৰোহেৰে শোভাযাত্ৰা হৈছিল। সম্ৰাট ছাহজাহান গৈছিল প্ৰিয়তমাৰ ওচৰলৈ। আৰু বিচ্ছেদ সহ্য নহ’ল তেওঁৰ। তেওঁৰ নশ্বৰ দেহাও লাহে লাহে ভূগৰ্ভলৈ নামিছিল। এই তাজমহলতেই মুমতাজৰ একেবাৰে কাষতে তেওঁৰ শেষ শৰ্য্যাখনি প্ৰস্তুত কৰা হৈছিল। আৰু এটা কবৰ আছিল। হয়তো এতিয়াও আছে এই তাজমহলৰ কাষতেই। দাৰা শ্বেকোৰ চূণকাম কৰা সাধাৰণ মছজিদৰ দৰেই কবৰটি। তাজমহলটো চাওঁতে চাওঁতেই পিছে এসময়ত অদৃশ্য হৈ পৰিল।
পূৰ্ণিমাৰ পিছদিনা। তেতিয়াও চন্দ্ৰ আকাশত দেখা দিয়াই নাই। পূব দিগন্তত জোনাকৰ পূৰ্বাভাসহে দেখা পোৱা গৈছে। সেইদিনা গধূলিৰ পিছত দ্বিতীয়বাৰৰ বাবে তাজমহল দৰ্শন কৰিবলৈ গৈছিলোঁ। অনুভূতিটো এতিয়াও স্পষ্টকৈ মনত আছে। গেইটখন পাৰ হৈ ভিতৰলৈ সোমাওঁতেই মাৰ্বল পাথৰৰ মাজৰ পৰা যেন অস্ফুট ধ্বনি এটি মোৰ কাণলৈ আহিছিল। ঝাও গছবোৰৰ পৰা কিন্তু নহয়। মনতে ভাব হ’ল, যেন সুদূৰ অতীতৰ পৰা, মৰ্মৰ ধ্বনি নহয়, যেন চেপা কান্দোন এটিহে কাণলৈ আহিছে। ঈষৎ আলোকিত অন্ধকাৰত ঘন অন্ধকাৰৰ দৰেই স্তুপীকৃত এইটোৱেই কি তাজমহল? লাহে লাহে আগুৱাই গৈছিলোঁ। মিনাৰ, মিনাৰেট, গম্বুজ সকলোবোৰ ক্ৰমান্বয়ে স্পষ্ট হৈ আহিবলৈ ধৰিছিল। অন্ধকাৰ ভেদ কৰি জোনাকৰ পোহৰটোও লাহে লাহে বাহিৰ হৈ আহিল। তাৰপিছত বিস্মিত চেতনা পটত যেন অকস্মাত গোটেই তাজমহলটোৱেই স্পষ্ট হৈ উঠিলহি।
চন্দ্ৰ আকাশত উঠিল। জোনাকৰ স্বচ্ছ আঁচলত মুখ ঢাকি ৰাজ ৰাজেশ্বৰী ছাহজাহানৰ পাটমাদৈ মমতাজৰ সপোনে যেন নিজে মোক অভ্যৰ্থনা জনালেহি। মুগ্ধ দৃষ্টিৰে নিৰ্বাক হৈ মাথোঁ চাই ৰ’লোঁ।
তাৰ পাছত বহুত দিন পাৰ হৈ গৈছে। কোন কণ্ট্ৰেক্টৰে তাজমহলৰ পৰা কিমান টকা উপাৰ্জন কৰে, কোন হোটেলৱালাই তাজমহলৰ বদৌলতত ৰজা হৈ গৈছে, ফেৰিৱালাবোৰে বেয়া পাথৰৰ সৰু সৰু তাজমহল আৰু চুঙাৰ দৰে চিগাৰেটৰ পাইপ বিক্ৰী কৰি প্ৰতিদিনে কিমান টকা পায়, নিৰীহ আগন্তুকবোৰক ঠগি টাঙ্গাবোৰে কিমান বেছি ভাৰা লয়– এইবোৰ খবৰো পুৰণা হৈ গৈছে। অন্ধকাৰত, জোনাকৰ পোহৰত, ৰাতিপুৱা–গধূলি, শীত–গ্ৰীষ্ম– বৰ্ষা–শৰতত বহুবাৰ বিভিন্ন ৰূপত তাজমহলটি দেখিছোঁ। ইমান বাৰ দেখিছো যে এতিয়া আৰু চকুতেই নালাগে – চকুতেই নপৰে। কাষেৰে পাৰ হৈ গ’লেও নপৰে।
তাজমহলৰ কাষেৰে প্ৰায়েই অহাযোৱা কৰিব লগা হয় আজিকালি। আগ্ৰাৰ কাষৰে দাতব্য চিকিৎসালয় এখনলৈ ডাক্তৰ হিচাপে আহিছোঁ। তাজমহল সম্বন্ধে এতিয়া আৰু মোৰ মনত কোনো মোহ নাই। এদিন কিন্তু,
ঠিক আছে, কাহিনীটো আৰম্ভণিৰ পৰাই শুনক তেতিয়াহ’লে —
সিদিনা আউটড’ৰৰ কাম শেষ কৰি বাৰাণ্ডাৰ পৰা নামিছোঁ মাত্ৰ, ঠিক তেনেকুৱাতে এজন বৃদ্ধ মুচলমান লোক গেইটেৰে সোমাই আহিল। তেওঁৰ পিঠিত এটা ডাঙৰ টোপোলা। বোজাৰ ভৰত বেচেৰা মানুহজনৰ মেৰুদণ্ড যেন বেঁকা হৈ গৈছে। ভাবিলোঁ, কোনোবা শুকান ফল বিক্ৰী কৰা ফেৰিৱালা চাগে। বোজাটো নমাওঁতেই কিন্তু দেখিবলৈ পালোঁ, তাৰ ভিতৰত বস্তু নহয়, বোৰ্খা পিন্ধা মহিলা এজনীহে বহি আছে। বৃদ্ধৰ চেহেৰা কিন্তু বহুখিনি অহৌ বলিয়া মানুহ এটাৰ দৰেইঃ দীঘল আলখাল্লা পিন্ধা আৰু মুখত ধকধকীয়া বগা দীঘল দাঢ়ি। মোৰ ফালে আগুৱাই আহি মোক চেলাম কৰি পৰিষ্কাৰ উৰ্দু ভাষাতে তেওঁ ক’লে যে মোক দেখুৱাবৰ বাবে তেওঁৰ বেগমক পিঠিতে লৈ আহিছে। অত্যন্ত দুখীয়া মানুহ তেওঁ। মোক ঘৰলৈ মাতি নি ফিজ দি চিকিৎসা কৰোৱাৰ সামৰ্থ্য তেওঁৰ নাই। মই যদি দয়া কৰি–
মহিলাগৰাকীৰ ওচৰলৈ যাওঁতেই কিন্তু এটা দুৰ্গন্ধহে নাকত লাগিলহি। ভিতৰলৈ লৈ গৈ বোৰ্খাখন খোলোঁতেই (সেই সময়ত প্ৰচণ্ড আপত্তি কৰিছিল তাই) তাইৰ বোমাৰটো ধৰিব পাৰিলোঁ, কাংক্ৰাম্ অৰিচ! মুখৰ আধাডোখৰেই পঁচি গৈছে। সোঁ ফালৰ গালখন নায়েই আৰু দাঁতবোৰ বীভৎসভাৱেই ওলাই পৰিছে। দুৰ্গন্ধৰ কোবত তাইৰ ওচৰলৈ যাবই নোৱাৰি। দূৰৰ পৰা পিঠিত কঢ়িয়াই আনি এই ৰোগীৰ চিকিৎসা কৰা সম্ভৱেই নহয়। আমাৰ ইনড’ৰতো কিন্তু ঠাই নাই। অগত্যা, হস্পিতালখনৰ বাৰাণ্ডাতেই থাকিবলৈ তেওঁক ক’লোঁ। কিন্তু শেষত বাৰাণ্ডাতো ৰাখিব নোৱাৰিলোঁ। ভীষণ দুৰ্গন্ধ! অন্য ৰোগীবোৰে কিন্তু আপত্তি কৰিবলৈ ধৰিলে। কম্পাউণ্ডাৰ, ড্ৰেছাৰ আনকি চুইপাৰ পৰ্যন্ত ওচৰলৈ যাবলৈ সন্মত নহ’ল। বৃদ্ধ কিন্তু একেবাৰে নিৰ্বিকাৰ। দিন ৰাতি সমানে সুশ্ৰূষা কৰি গৈছে। সকলোৰে আপত্তি দেখি বাৰাণ্ডাৰ পৰা তাইক আঁতৰাই পঠিয়াবই লগা হ’ল। হস্পিতালৰ কাষতেই এজোপা ডাঙৰ গছ আছিল। তাৰ তলতে তাইক থাকিবলৈ ক’লোঁ। তাই তাতে থাকিবলৈ ল’লে। নানুহটোৱে হস্পিতালৰ পৰা সদায় দৰব লৈ যায়। মই মাজে মাজে ইঞ্জেকচন একোটা দি আহোঁ। এনেদৰেই চলি আছিল।
এদিন দবালপিটা বৰষুণ আহিল। এটা কল শেষ কৰি ঠিক ঘূৰিছোঁ আৰু। হঠাৎ চকুত পৰিল, বুঢ়াজন বৰষুণত থিয় হৈ তিতি আছে। এখন চাদৰৰ দুটা চুক গছৰ ডালত বান্ধিছে আৰু আন দুটা চুক নিজৰ হাতেৰে ধৰি থিয়হৈ বৰষুণত তিতি আছে! গাড়ীখন ঘূৰালোঁ। সামান্য চাদৰৰ আচ্ছাদনেৰে মুষলধাৰ বৰষুণ ৰখাব নোৱাৰি। দেখিলোঁ, বেগম চাহেবা সম্পূৰ্ণ ৰূপে তিতি গৈছে। ঠকঠককৈ কঁপিছেও। আধা নোহোৱা মুখখনত কিন্তু এটা বীভৎস হাঁহি। জ্বৰত গা পুৰি গৈছে।
ক’লোঁ– সদ্যহতে হস্পিতালৰ বাৰাণ্ডালৈকে লৈ আহা এওঁক।
বৃদ্ধই হঠাতে প্ৰশ্ন কৰিলে-“এওঁ বাচিবৰ কিবা আশা আছেনে, হুজুৰ?”
সঁচা কথাই ক’ব লগা হ’ল– নাই ।
বুঢ়াই নিশব্দে ঠিয় হৈ থাকিল। মই গুচি আহিলোঁ।
পিছদিনা দেখিলোঁ, গছৰ তল খালি। তাত কোনো নাই।
আৰু কিছুদিন পিছৰ কথা। সেইদিনাও কল এটা শেষ কৰি ঠিক ঘূৰিছোঁ আৰু। এখন খালি পথাৰৰ মাজেৰে আহোঁতে হঠাৎ বুঢ়াক দেখিবলৈ পালোঁ । বহি বহি কিবা তেওঁ এটা কৰি আছে। মূৰৰ ওপৰত প্ৰচণ্ড ৰ’দ। কি কৰিছে বুঢ়াই তাত? পথাৰৰ মাজত মুমূৰ্ষু বেগমক লৈ বিব্ৰত হৈ পৰিছে নেকি? আগুৱাই গ’লোঁ। কিছুমান ভঙা ইটা আৰু বোকা লৈ বুঢ়াই যেন কিবা এটা বনাইছে!
“কি হৈছে, মিঞা চাহেব?”
বৃদ্ধই সসম্ভ্ৰমেৰে ঠিয় হৈ অকণমান হাউলি মোক চেলাম কৰিলে।
“বেগমৰ কবৰ গাঁথিছোঁ, হুজুৰ!”
“কবৰ?”
“হয়, হুজুৰ।”
মনে মনে থাকিলোঁ। কিছু সময় নীৰৱতাৰ পিছত তেওঁক সুধিলোঁ– “তুমি ক’ত থাকা?”
“আগ্ৰাৰ ওচৰে পাজৰে ভীক্ষা কৰি ঘূৰি ফুৰোঁ। “
“তোমাকতো কেতিয়াও দেখা নাই। কি নাম তোমাৰ?”
“ফকিৰ শাহ জাহান!”
নিৰ্বাক হৈ স্থানুৰ দৰে তাত ঠিয় হৈ থাকিলোঁ।