আইতা
লেখক- সাগৰ ভট্টৰায়
আইতা ঢুকোৱা আজি বাৰ বছৰমানতকৈও বেছি হ’ল। হাফপেণ্ট আৰু হাতখৰা বগা গেঞ্জী পিন্ধি খালী ভৰিৰে বাৰীৰ মাজৰ লুংলুঙীয়া ৰাস্তাৰে আইতাৰ পিছে পিছে লৰি ফুৰা সময়বোৰ সৌ সিদিনাৰ যেনহে লাগে।
মই আইতাৰ বৰ প্ৰিয় আছিলোঁ। মোৰ পক্ষত যেন আইতাই গোটেই পৃথিৱীকে বাজিত লগাই দিব এনে ভাৱ হৈছিল।
মোৰ কোনো বিশেষত্ব নাছিল। অতি সাধাৰণ, প্ৰয়োজনতকৈ বেছি সাধাৰণ লৰা। পঢ়া শুনাতো খুব চোকা নহয়, আৰু এনে কোনো প্ৰতিভা, সম্ভাৱনাও নাই যে সময়ত নাম ছাটি বিয়পি যাব। খালী ছমহীয়া/বছৰেকীয়া পৰীক্ষা পাছ কৰিবলৈ বিশেষ চিন্তা কৰিবলগীয়া নহৈছিল। তাকে লৈ আইতাৰ ফুটনি, আৰু মই আয়াসতে গঢ় লোৱা আলাসৰ লাৰু।
মেট্ৰিকৰ পিছত আইতাৰ পৰা দূৰৈত থাকিবলগীয়া হ’ল। শাৰীৰিকভাৱেহে, মনটো কিন্তু আইতা বহা, শোৱা বিছনাতে লাং খাই পৰি থাকিল। আইতাৰো নিশ্চয় মন সেমেকিছিল৷ কিন্তু সাহস দেখুৱাই কলে ‘যা, ভালদৰে পঢ়িবি’। নঙলা খুলি ওলাই আহোতে ভাবিলোঁ ‘আইতাই চোন নাকান্দিলে৷ আইতাই তেন্তে এক্টিং জানে’!
প্ৰথমতে কলেজ, পাছলৈ জীয়াই থকাৰ, ভৰিত থিয় হৈ ৰোৱাৰ যুঁজ। সপ্তাহে সপ্তাহে ঘৰলৈ যোৱাটো ক্ৰমে পাতলীয়া হ’ল৷ ক্ৰমে মাহে মাহে, পাছলৈ দুই–তিনিমাহৰ মূৰত এবাৰ।
সময় বাগৰিল। নিজৰ মুখ, গালত গজা পাতল মুগা বৰণীয়া দূবৰিবোৰে ক্ৰমে ডাঠ ক’লা বৰণ ল’বলৈ ল’লে। সময়ৰ দুঃশ্চিন্তা, উদ্বিগ্নতাৰ ঢৌৱে যেন আইতাজনীক মনৰ মাজৰ পৰা উটুৱাই লৈ যাব৷ কিন্তু আইতায়ে খামোচ মাৰি ধৰি থাকিল।
আইতাৰো দিনবোৰ একে নাথাকিল। শৰীৰ ক্ৰমে পৰি আহিল, লাখুটিৰ ভৰতহে বাহিৰ–ভিতৰ কৰিব পৰা হ’ল। তাতোকৈ দুখৰ কথা, চকুৰ দৃষ্টি ক্ৰমে ক্ষীণ হৈ আহিল। প্ৰথমে পাতল, ক্ৰমে ধুৱলী কুঁৱলী আৰু এসময়ত সম্পূৰ্ণ নেদেখা হৈ পৰিল। আমাক পিছে পিছে লৈ ঘূৰি ফুৰা আইতাজনী চকুৰে নেদেখা হৈ পৰিল! খিৰিকিৰ কাষৰ বিছনাত বহি দিনটো একো নেদেখাকৈয়ো বাহিৰলৈ চাই থকা হ’ল!
গুৱাহাটীৰ পৰা এদিন ৰাতি অহা বাছত আহি ঘাইপথৰ পৰা গাঁৱলৈ ফাটি যোৱা ৰাস্তাৰ কাষত নামোতে পুৱতি নিশা প্ৰায় তিনি বাজিছিল। কিনকিনিয়া বৰষুণৰ মাজতে খোজকাঢ়ি প্ৰায় সাত কিঃমিঃ দূৰৰ ঘৰ পাওঁতে পোহৰ হবলৈ ধৰাই নাছিল। নঙলা খুলি ঘূৰি গৈ পিছ চোতালৰ পৰা ‘মা’ বুলি মাতোতেই খিৰিকিৰ কাষৰ বিছনাত শুই থকা আইতাই ধৰফৰাই উঠি কৈ উঠিল ‘ই বৰষুণত খোজ কাঢ়ি আছিল৷ আমিহে আৰামত শুই আছোঁ’। যেন মই কাঢ়ি অহা খোজখিনি নিজেহে কাঢ়িলেহেঁতেন!
ঘৰলৈ যোৱাৰ খবৰ পালেই দুই–তিনি দিন আগৰ পৰাই নিজৰ ভাগৰ মিঠাইখিনি আইতাই টোপোলা বান্ধি গাৰুৰ কাষত লুকুৱাই থয়। ঘৰ পাই কাষত বহাৰ লগে লগে নাকে মুখে মৰমেৰে হাত বুলাই কোনোবা পলকত বিছনাত খেপিয়াই টোপোলাটো হাতত তুলি দিয়েহি আনে নেদেখাকৈ।
আইতাই তেতিয়াও কিন্তু ফুটনি মাৰিবলৈ এৰা নাছিল। ঘৰলৈ কোনোবা চিনাকি মানুহ আহিলেই কয় ‘ই আজিকালি নগৰত থাকে, বিধে বিধে কিতাপ কিনে, পৰীক্ষা দিয়ে’। তেনেকুৱা কোনোবা পাকতে আইতাই কাৰোবাক কোৱা কাণত পৰিছিল ’আমাৰ ই কৈছে কিবা কাম পালেই চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ যাব মোক’।
সময়ত কাম এটা পোৱা গ’ল। চাকৰি হ’ল। চাকৰিৰ প্ৰাৰম্ভিক দিনবোৰৰ উদ্বিগ্নতা, ব্যস্ততা, ট্ৰেইনিং আদিতে দুই–তিনি মাহ পাৰ হ’ল। আইতাৰ কথাখিনি তল পৰি থাকিল।
সেই দুই–তিনিমাহৰ শেষৰফালৰ কোনোবা এটা দিনত আইতাৰ কি বা মন গ’ল, ইতিমধ্যে নেদেখা হোৱা চকুযুৰি মুদি দিলে। কেতিয়াও আৰু খোল নাখাবলৈ আইতাই চকুহালি মুদি দিলে।
অলপ ফুটনি আৰু বহু আশা লৈয়েই আইতা সিপুৰীলৈ গ’লগৈ।