ক’লা কোটৰ নেপথ্যত

লেখক- মৃন্ময় দত্ত

মাদাৰ কেচ

ওকালতি বৃত্তিৰে জীৱনৰ বাট বোলা তেতিয়া চাগৈ এবছৰ মান পাৰ হৈছিল। এফিডেফিট, এগ্ৰিমেণ্ট ইত্যাদিবোৰ কৰাৰ উপৰিও দুই চেৰেক মোকৰ্দ্দমা নিজে আদালতত চলাই নিব পৰা হৈছোঁগৈ মাত্ৰ।

কোনোবা এদিন পুৱাৰ কথা।

মই নিদ্ৰাদেৱীৰ কোলাতে পৰি আছোঁ।

বিছনাৰ কাষতে থকা মোবাইল ফোনটো বাজি উঠিল।

: হেল্লছাৰ, মই ৰমেশে কৈছোঁ, ৰঙাজন বাগানৰ পৰা।

: কোৱা।

: ছাৰ কালি ৰাতি বাগানত ডাঙৰ কেছ।

: কি কেছ?

: ছাৰ, মাদাৰ কেছ।

: গোলাঘাট থানাৰ পুলিচে মোৰ ককাইক কালি এৰেষ্ট কৰি লৈ গৈছে।

: ছাৰ, ককাইক জামিনত উলিয়াই দিব লাগে?

: মই কলোঁ কোৰ্টলৈ আহি যোৱা, কেছটো চাব লাগিব।

: ব ছাৰ, ১০টা বজাত পাই যামগৈ।

একেজাপে বিছনা এৰিলোঁ।

জীৱনত প্ৰথমটো মাৰ্ডাৰ গোচৰত নিয়োজিত হবলৈ গৈ আছোঁ। মনৰ মাজত থকা আত্মবিশ্বাস বোলা বস্তুকণ আৰু অলপ গাঢ় হৈ যোৱা যেন অনুভৱ হৈ গল। ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাটো দাঁত মজাৰ আগেয়েই দুবাৰ মান পঢ়ি পেলালোঁ। অন্য দিনাতকৈ অলপ খৰখেদাকৈ গা পা ধুই আদালতলৈ বুলি সাজু হলোঁ। বগা চোলাৰ ওপৰত কলা কোটতো পিন্ধি ড্ৰেচিং টেবুলৰ আইনাৰ সন্মুখত ভিন ভিন ভংগিমাৰে নিজকে ধৰা দি চাবলৈ ধৰিলোঁ।

ডাঙৰ উকীল ডাঙৰ উকীল ভাৱ এটাই ওঁঠলৈ হাঁহি এটা নমাই আনিলে।

ঘড়ীৰ কাটাই ১০ বজা স্পৰ্শ কৰে মানে অমুকা গৈ আদালতত ভৰি থলোঁগৈয়ে। কিছু সময়ৰ পিছত ৰমেশ আহি মোৰ ওচৰত থিয় হলহি। মক্কেলৰ হৈ জামিনৰ আৰ্জি একে দিনাই পেচ কৰিম বুলি এজাহাৰখন চাবলৈ বুলি বেগেৰে আদালতলৈ খোজ দিলোঁ। মই আগে আগে ৰমেশ মোৰ পিছে পিছে। আচামীৰ নামটো কোৱাত পেচকাৰে ৰেকৰ্ডটো মোলৈ আগবঢ়াই দিলে। ধাৰা ৩০২ বিচাৰি কেছ ৰেকৰ্ডত চকু ফুৰালোঁ। নাই ৩০২ ধাৰাৰ গোচৰটোত কোনো উপস্থিতিয়ে নাই। এজাহাৰখনৰ লগতে আন আন নথিসমূহ পঢ়ি ৰমেশলৈ চাই সুধিলোঁ।

ককাইৰ নাম কি?

গণেশ তাঁতী।

ঠিকনা?

ৰঙাজন বাগান,

তিনি নম্বৰ লাইন।

জখমীৰ নাম বিৰবল ভূমিজ,

ৰঙাজন বাগান, ৫ নম্বৰ লাইন।

হয়নে?

ৰমেশে কৈ উঠিল হয় ছাৰ।

মই ৰমেশলৈ চাই কৈ উঠিলোঁ

এইটোতো মাৰ্ডাৰ কেছ নহয়।

ৰমেশে আৰু বেছি আত্মবিশ্বাসেৰে উত্তৰ দিলে।

নহয় ছাৰ, কেছটোতো মাদাৰ কেছেই হয়।

এক মিনিট মান তভক মাৰিলোঁ।

মাতটো অকণমান ডাঙৰ কৰি ৰমেশক সুধিলোঁ..

বিৰবল ক?

উত্তৰত কৈ উঠিল

চিভিলত ট্ৰিটমেণ্ট চলি আছে ছাৰ।

হা হা কৈ ওলাই আহিবলৈ ওলোৱা হাঁহিটোৰ ওপৰত কিবা কৰি লেকাম লগাই আদালত কক্ষৰ পৰা ওলাই আহিলোঁ।

পিচলৈ জানিব পাৰিলোঁ ৰঙাজন বাগানৰ চাহ শ্ৰমিক, সহজ সৰল ৰমেশহঁতে মাৰপিত লাগি তেজ বাহিৰ হলেই মাদাৰ কেছ বুলিয়ে নামকৰণ কৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!