তুঁহজুই
লেখক- দিমালী ৰাজবংশী
হাতীজাক আগুৱাই আহিল। গোবৰ্ধনৰ বাপেকে সেৱা এটা কাঢ়ি ধানৰ ডলাখন আগুৱাই দিলে। মতা হাতীটোৱে একে উশাহতে শুহি ল’লে গোটেইবোৰ ধান। গোবৰ্ধনে বেৰৰ জলঙাৰে গোটেই দৃশ্যটো চাই ৰ’ল।
আকাশত জোনবাইটো উঠাৰ সময়ত বাপেকে এসোপা মদ খাই লৈ সৰু কথা এটাতে গোবৰ্ধনক ধুম পিটিলে। পিঠিত বহি ৰ’ল ফলা কামিৰ দাগ।
“বাপেক নহয় ই। ই ডকাইত। নিজৰ পুতেকটোকো এনেকৈ মাৰেনে?” — হে’ড পণ্ডিতে তাৰ পিঠিখন মোহাৰি মোহাৰি ভোৰভোৰাই থাকিল।
স্বাভাৱিকতে গোবৰ্ধনে ভাল পাব লাগিছিল। কিন্তু, হাজাৰ হওক, বাপেক তাৰ। বাপেকক কোনোবাই বেয়াকৈ ক’লে তাৰ বেয়া লাগে। লাগে সেইজন তাক অগাধ মৰম কৰা হেড পণ্ডিতেই হওক।
বুকুত মেঠনি মাৰি গোবৰ্ধনৰ মাক ৰৈ আছিল নঙলামুখত। তেনেতে হে’ড পণ্ডিত আহি ওলাল। মানুহে কয়, এই হে’ড পণ্ডিতৰ লগতেই হেনো দহিমলাৰ ‘নাপাক’ কাৰবাৰ। কথাটো সকলোৱে জানে যদিও ক’বলৈ কাৰো সাহস নহয়। হে’ড পণ্ডিতক জোকায় কোনে? পিছে, ‘বন্দাই আনলা তিৰী, হাপা হ’ল উপত্তে গিৰী’ ফকৰা মাটি গোবৰ্ধনৰ বাপেকেই কেতিয়াবা মদ খাই দহিমলাক চকু পকাই ধৰেঃ “আৰু কেমান খুৱাবি এ তোই ৰকাত এই বুঢ়া মাষ্টৰক। তোৰ এমান তেল না? হুতাহ নপলায়?”
দহিমলাই একো নকয়। মাতি লাভ নাই। ছাগালে নাখাই কি, পাগালে নকয় কি বুলি আওকাণ কৰি থাকে।
দহিমলাই এটা সিদ্ধান্ত লৈছিল। গোবৰ্ধনক হে’ড পণ্ডিতৰ ঘৰতে থ’ব। তাতে থাকি সি পঢ়িব।
হে’ড পণ্ডিতে আহি গোবৰ্ধনক লৈ গ’লহি। যোৱাৰ সময়ত দহিমলাই হে’ড পণ্ডিতৰ মোনাত কিবাকিবি ভৰাই দিলে।
গোবৰ্ধনৰ বাপেকে সন্ধিয়া ঘৰলৈ আহি গোবৰ্ধনক নেদেখি কিবা এটা বুজিলে আৰু দাখন লৈ ওলাই গ’ল। কিন্তু গোবৰ্ধনৰ বাপেকৰ সেইদিনা ইমানেই নিচা হৈছিল যে সি নামঘৰৰ আগৰ শিলচতাৰ কাষতে বহু দেৰিলৈ পৰি ৰ’ল। অৱশেষত, দহিমলাইহে কেবাজনৰো সহায়ত তাক ধৰি মেলি আনি ঘৰ সুমুৱালেহি।
পিছদিনা পৃথিৱীখন শান্ত। দহিমলাক লাহেকৈ বাপেকে ক’লেঃ “ছোলটুক গেলি মনত পৰে এ। মনোত পোল্লি বুকুখন হমহমে যায়। আৰ নামাৰু যা। আনবি এ তাক।”
দহিমলাৰ বেয়া লাগে। হে’ড পণ্ডিতলৈ খবৰ দিয়ে। গোবৰ্ধনক লৈ হে’ড পণ্ডিত আহে। গোবৰ্ধনৰ বাপেকে আলেঙে আলেঙে হে’ড পণ্ডিতলৈ চায়। একো নকয়। যি নহওক, গোবৰ্ধন আহিছে। সি দৌৰি দৌৰি ঘৰৰে মুৰ্গি এটা ধৰে আৰু ডিঙি মুচৰি মাৰি পেলায়।
হে’ড পণ্ডিতহঁতৰ গাঁৱত মুৰ্গী নাখায়। হে’ড পণ্ডিতে ইফালে সিফালে চাই সাউতকৈ পাকঘৰ সোমায়। বাহিৰত গোবৰ্ধন আৰু গোবৰ্ধনৰ বাপেক। শুহুৰিয়াই শুহুৰিয়াই মাংস খায়। বাপেকে মৰমতে তাক ধিলা মাংসবোৰ দি যায়।
পাকঘৰত ঘটংকৈ কাঁহৰ বাটি এটা পৰে। ৰিংৰিঙনি এটা বহু দেৰিলৈকে বাজি থাকে। হে’ড পণ্ডিত সাউতকৈ বাহিৰ ওলায়।
মেখেলাখন বুকুতে গাঁঠি মাৰি ওলাই অহা দহিমলালৈ চাই গোবৰ্ধনৰ বাপেকৰ বুকত কিহবাই বিন্ধি যায়। ঘোৎঘোৎকৈ সি কেবা গিলাছো মদ পি খায়। নিচা নালাগে। বুকুখনত শুকান শিল এটা। ইমান সহজে জানো তিতি যায়?
হে’ড পণ্ডিত, গোবৰ্ধন গুচি যায়। হুকহুকাই কান্দিব খুজিও গোবৰ্ধনৰ বাপেকৰ কান্দোন নোলায়।
টিপলাইত গোবৰ্ধনৰ নাম লগোৱা হ’ল। পঢ়া–শুনাৰ বাবে ফটা চিটা দুখনমান কিতাপ সি পালে। পিছে, তাৰ কাষতহে কোনেও নবহে। বস্তা এখনতে সি অকলে বহি ৰয়।
হে’ড পণ্ডিতৰ ঘৰত সি দিনৰ দিনটো কাম কৰে। অৱশ্যে, ভালকৈ খাবলৈ পায়। হে’ড পণ্ডিতেও নিজেই তাক পঢ়ায়।
এদিনাখনৰ কথা। হে’ড পণ্ডিতৰ ঘৰত ৰাজহুৱা মেল এখন বহিছিল, নামঘৰত হ’বলগা সভাৰ বাবে। গোঁসাই আহিছিল। কিবা এটা কথাত হে’ড পণ্ডিতক মাত লগাবলৈ গৈ গোবৰ্ধনে গোঁসাইৰ পানীখোৱা গিলাচটোতে উজুটি খালে। গোঁসাইৰ লগুৱা ভকতে তাৰ চুলিকোচাত ধৰি জোৰকৈ জোকাৰি দিলে। সি দুখ পালে আৰু জোৰকৈ চিঞৰি দিলে। দুখতে তাৰ দেউতাকলৈ খুব মনত পৰিল আৰু ৰাতিয়েই সি ঘৰলৈ পলাল।
বাপেকে তাক সাবটি দুদিন ভালকৈ শুলে। বাপেকৰ লগত সিও মন খুলি কথা পাতিলে। বাপেকেও এটা সিদ্ধান্ত ল’লে, কোনেও নজনাকৈ।
বাপেকে গৈ হে’ড পণ্ডিতক ক’লেঃ মোকে বান্ধা ৰাখ। মোৰ ছোলটুক মোৰ লগতে থাকবা দি। তাৰ পঢ়বাৰ বৰ ইচ্ছা। তাক পঢ়বা এ দি।
বাপেক বান্ধা থাকিল। কিন্তু, গোবৰ্ধন আৰু কাহিনীও উভতি নাহিল। গাঁৱৰ স্কুলতে পঢ়াৰ সিদ্ধান্তত সি আঁকোৰগোজ হৈ থাকিল।
সময় সলনি হ’ল। গোবৰ্ধনো ডাঙৰ হৈ পঢ়িবলৈ টাউনলৈ গ’ল। বাপেকৰ বান্ধা থকা চুক্তি আৰু বাঢ়ি থাকিল।
হে’ড পণ্ডিত মাজে মাজে ৰাতিও ঘৰলৈ নহা হ’ল। ক’ত থাকে? কোনে নাজানে?
হে’ড পণ্ডিতৰ ঘৈণিয়েকক তাৰ সুধিবৰ মন যায়। কিন্তু, তাৰ বুকুত জ্বলি থকা জুইকুৰা আৰু বেলেগক দিব মন নাযায়। উমি উমি জ্বলি থকা তুঁহজুই একুৰা এনেকৈয়ে ঢেকীশালতে হয়তো নুমাই যায়।
(এটা দুস্বপ্নঃ গোবৰ্ধনে এদিন চাকৰি পাব। বাপেকক মোকলাই নিব। বাপেকৰ এখন নগা দা কিনাৰ হেঁপাহ। দাখন লৈ নামঘৰৰ শিলচটাত বাপেক বহি থাকিব। হে’ড পণ্ডিত অহালৈ…)