কেমোথেৰাপী- ইয়াৰ প্ৰভাৱ, কি কৰিব লাগে আৰু নালাগে
লেখক- অঞ্জন দাস
আমি সকলোৱে কৰ্কট ৰোগৰ নাম শুনাৰ লগে লাগে ভয় খাওঁ আৰু ইয়াৰ চিকিৎসাৰ কথা যেতিয়া দীঘলীয়া হ’ব বুলি চিকিৎসকে কয়, আমি শুনি আৰু বেছি ভয় খাওঁ। আজি ইয়াৰ চিকিৎসাৰ প্ৰধান আহিলা, কেমোথেৰাপীৰ ওপৰত মোৰ কিছু দৃষ্টিভংগী দিবলৈ চেষ্টা কৰিম, যিটো মই মোৰ অভিজ্ঞতাৰ জৰিয়তে আৰু বিভিন্ন লোকৰ সৈতে আলোচনা কৰি লাভ কৰিছোঁ। আমি মানুহৰ চুলি সৰা দেখিলেই জানো যে মানুহজনৰ কৰ্কট ৰোগৰ চিকিৎসা চলিছে (সকলো কেমোত কিন্তু চুলি নাযায়)। আচলতে ই দেখা পোৱা এটা পাৰ্শ্বক্ৰিয়া। কেমোথেৰাপীৰ সময়ত কি কৰিব লাগে বা কৰিব নালাগে তালৈ যোৱাৰ আগতে আমি কেমোথেৰাপীৰ ঔষধ আৰু চিকিৎসকে ইয়াক কেতিয়া আৰু কেনেদৰে ব্যৱহাৰ কৰে তাৰ বিষয়ে অলপ জনা উচিত।
যেনেকৈ লোহা কাটিবলৈ লোহা লাগে, তেনেকৈ বিষ কাটিবলে বিষ লাগে। মোৰ পৰিভাষাত কেমো হৈছে বৰবিষ। জানি থওক যে ইয়াৰ দৰব প্ৰথমবাৰৰ বাবে ১৯০৯ চনত ব্যৱহাৰ হৈছিল। আজি বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বজাৰত বিভিন্ন ধৰণৰ ১০০ৰো অধিক কেমোথেৰাপী ঔষধ অনুমোদিত আৰু উপলব্ধ। বিভিন্ন কাৰকৰ (যেনে: কৰ্কট ৰোগৰ প্ৰকাৰ আৰু স্তৰ (stage), কৰ্কট ৰোগৰ অৱস্থান, ৰোগীৰ বৰ্তমান চিকিৎসীয় স্থিতি, ৰোগীৰ বয়স আৰু সাধাৰণ স্বাস্থ্য ) ওপৰত ভিত্তি কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে কোনটো কেমোথেৰাপী ঔষধ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে অংক’ল’জিষ্টজনে সিদ্ধান্ত লয়। ইয়াৰ লগতে আপোনাৰ অংক’ল’জিষ্টজনে কেমোথেৰাপী অনুসূচী নিৰ্ধাৰণ কৰা (চক্ৰ) যাক চাইকল্ বুলি কোৱা হয় তাৰো সিদ্ধান্ত লয়। যেনে চক্ৰ এটা এক বা একাধিক দিনত এক বা একাধিক ঔষধৰ পালি হ’ব পাৰে, তাৰ পিছত চিকিৎসা অবিহনে কেইবাদিনো বা সপ্তাহ থাকিব (গেপ দিব) লাগিব ইত্যাদি। আপোনাৰ অংকলজিষ্টজনে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে যদি কেমোথেৰাপীৰ পৰামৰ্শ দিছে, চিকিৎসাৰ সিদ্ধান্ত লওঁতে চিকিৎসাৰ লক্ষ্যবোৰ বুজাটো গুৰুত্বপূৰ্ণ। এই বিষয়ে অংকলজিষ্টজনৰ লগত বিশদভাৱে কথা পাতক, খোলাখুলিকৈ নিৰ্ভয়ে। ই আপোনাক আগন্তুক বছৰটো কেনেকৈ যাব আৰু আনুস্ংগিক বিষয়বোৰ ( যেনে খৰচ, কিমান দিন থাকিব লাগিব ইত্যাদি ইত্যাদি) বুজাত সহায় কৰিব।
কৰ্কট ৰোগৰ চিকিৎসাত কেমোথেৰাপীৰ (কেমো) মুখ্য লক্ষ্য তিনিটা – আৰোগ্য, নিয়ন্ত্ৰণ আৰু পল্লীকৰণ। কৰ্কট ৰোগ নিৰাময় কৰিবলৈ কেমো ব্যৱহাৰ কৰা হয়, অৰ্থাৎ কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস হয় – ই আঁতৰি যায় আৰু ঘূৰি নাহে। বেছিভাগ চিকিৎসকে চিকিৎসাৰ এক সম্ভৱ বা অভিপ্ৰেত ফলাফলৰ বাহিৰে “আৰোগ্য” শব্দটো ব্যৱহাৰ নকৰে। সেয়েহে ব্যক্তি এজনৰ কৰ্কট ৰোগ নিৰাময় কৰাৰ সম্ভাৱনা থকা চিকিৎসা প্ৰদান কৰোতে চিকিৎসকে ইয়াক নিৰাময়মূলক অভিপ্ৰায়েৰে চিকিৎসা বুলি বৰ্ণনা কৰে। যদিও এই পৰিস্থিতিবোৰত আৰোগ্য লক্ষ্য হ’ব পাৰে, এজন ব্যক্তিৰ কৰ্কট ৰোগ সঁচাকৈয়ে আৰোগ্য হয় নে নাই জানিবলৈ প্ৰায়ে বহু বছৰ লাগে। সাধাৰণতে এজন ব্যক্তিক ৫ বছৰৰ পিছতহে ৰোগমুক্ত বুলি ঘোষণা কাৰে। কেমোথেৰাপী নিৰাময়মূলক অভিপ্ৰায়েৰে চিকিৎসা কৰি তলত দিয়া মুখ্য কাৰক বুলি কব পাৰি–
· ডাঙৰ টিউমাৰৰ আকাৰ সংকুচিত কৰিবলৈ অস্ত্ৰোপচাৰৰ আগতে ইয়াক নিওডজুভেণ্ট কেমোথেৰাপী বুলি কোৱা হয়।
· সাধাৰণতে কৰ্কট কোষৰ বিকাশ হ্ৰাস বা বা লেহেম কৰিবলৈ,
· শৰীৰৰ বিভিন্ন অংশৰ মাজেৰে মেটাষ্টাচাইজ কৰা আৰু বিয়পি পৰা কৰ্কট ৰোগৰ চিকিৎসা কৰাৰ বাবে,
· অস্ত্ৰোপচাৰ বা বিকিৰণ (radiation) চিকিৎসাৰ দ্বাৰা চিকিৎসাৰ পিছত থাকিব পৰা আৰু ভৱিষ্যতে পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ বা ঘূৰি অহাৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ, সকলো পৰিৱৰ্তিত আৰু দ্ৰুতগতিত বৰ্ধিত কৰ্কট কোষবোৰ আঁতৰ আৰু পৰিষ্কাৰ কৰাৰ বাবে। ইয়াক এডজুভেণ্ট কেমোথেৰাপী বুলি কোৱা হয়।
· ইয়াৰ উপৰিও কৰ্কট ৰোগৰ লক্ষণবোৰ সহজ কৰা আৰু বিষ আৰু অন্যান্য সমস্যা সৃষ্টি কৰা টিউমাৰবোৰ সংকুচিত কৰিবলৈ কেমোথেৰাপী ব্যৱহাৰ কৰা হয়। ইয়াক পেলিয়েচন (পল্লীকৰণ), উপশমকাৰী কেমোথেৰাপী, বা উপশমকাৰী অভিপ্ৰায়েৰে কৰাা চিকিৎসা বুলি কোৱা হয়। ইয়াৰ বিষয়ে আগলৈ লিখিম।
এই গোটেই প্ৰক্ৰিয়াবৰত কেমোথেৰাপীয়ে বেছিভাগ কোষ ক্ষতি কৰে, যিবোৰ দ্ৰুতগতিত বিভাজিত হয়। আমাৰ শৰীৰৰ বিভিন্ন অংশৰ য’ত স্বাভাৱিক স্বাস্থ্যকৰ কোষবোৰ সঘনাই বিভাজিত হয়, কেমোথেৰাপীৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে। কেমোথেৰাপীয়ে ১০০% নাজানে যে কোষবোৰ কৰ্কট ৰোগৰ নে স্বাভাৱিক স্বাস্থ্যকৰ কোষ। যাৰ কাৰণে স্বাভাৱিক স্বাস্থ্যকৰ কোষো মৰি যায় আৰু আমাৰ দেহত বহুতো পাৰ্শ্বক্ৰিয়া দেখা দিয়ে। চুলি, মুখ, ছাল, অন্ত্ৰ আৰু হাড়ৰ মজ্জা সাধাৰণতে কেমোথেৰাপী ঔষধৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয়। আমাৰ সকলোৰে শৰীৰ বেলেগ বেলেগ বাবে পাৰ্শ্বক্ৰিয়াবোৰো বেলেগ বেলেগ ধৰণে দেখা দিয়ে। আপুনি ক’ব নোৱাৰে যে কেমোথেৰাপীয়ে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত আধাৰিত কৰি কাম কৰি আছে নে নাই। কিছুমান লোকে ভাৱে যে গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ অৰ্থ হৈছে কেমোথেৰাপীয়ে ভালদৰে কাম কৰি আছে, বা কোনো পাৰ্শ্বক্ৰিয়াৰ অৰ্থ হৈছে যে কেমোথেৰাপীয়ে কাম কৰা নাই। সঁচা কথাটো হ’ল কেমোথেৰাপীয়ে আপোনাৰ কৰ্কট ৰোগৰ সৈতে কিমান ভালদৰে যুঁজি আছে তাৰ সৈতে পাৰ্শ্বক্ৰিয়াৰ কোনো সম্পৰ্ক নাই।
পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জনাবলৈ যোৱাৰ আগতে জানি থোৱা ভাল কেমো কেনেকৈ এজন ৰোগীক দিয়া হয়। ই আপোনালোকক সহায় কৰিব সঠিক পথ লবলৈ। কিছুমান সচৰাচৰ উপায়ৰ ভিতৰত আছে:
মৌখিক: কেমোথেৰাপী পিল বা কেপচুল বটলত আহে আৰু আপুনি সাধাৰণ কেপচুল বা পনীয় দৰৱৰ দৰে ব্যৱহাৰ কৰিব পাৰে।
শিৰাত (আইভি): কেমোথেৰাপী পোনপটীয়াকৈ শিৰা এটালৈ যায়। ই বহুলভাৱে প্ৰচলিত। ইয়াক দিয়াৰ বাবে আপোনাৰ শৰীৰত কেথেটাৰ (peripherally inserted central catheter (PICC) – পিক লাইন বা পোৰ্ট (Port) লগোৱাৰ কথা কব পাৰে। আমি জানো যে কেমো শিৰাত (আইভি) দিয়াৰ ফলত শিৰাবোৰ সৰু হৈ যায়। যিহেতু এই চিকিৎসা এদিন– দুদিনৰ নহয় গতিকে ইয়াক লগাই লোৱাতো উচিত। যিয়ে আপোনাক হাতখন বহুবাৰ ফুটা কৰাৰ পৰা বচাব। কাৰণ আপোনাৰ প্ৰতি সপ্তাহত CBC (Compelte blood count) কৰা দৰ্কাৰ। জানি থওক, কেথেটাৰৰ এটা মুৰ ডাঙৰ শিৰাত ৰাখে, প্ৰায়ে আপোনাৰ হাতৰ বাহুত। কেথেটাৰৰ আনটো মূৰ আপোনাৰ শৰীৰৰ বাহিৰত থাকে। আপুনি আপোনাৰ কেমোথেৰাপী চিকিৎসা সমাপ্ত নকৰালৈকে ই লাগি থাকে। ইয়াক প্ৰতি সপ্তাহত পৰিষ্কাৰ কৰাতো প্ৰয়োজনীয়। পোৰ্ট হৈছে এক সৰু, ঘূৰণীয়া ডিস্ক যাক সৰু অস্ত্ৰোপচাৰৰ সময়ত আপোনাৰ ছালৰ তলত ৰখা হয়। এজন শল্য চিকিৎসকে আপোনাৰ চিকিৎসা আৰম্ভ কৰাৰ আগতে ইয়াক সোঁফালৰ বুকুত সুমুৱাই দিয়ে আৰু চিকিৎসা শেষ নোহোৱালৈকে ই তাত থাকে। মোৰ বোধেৰে পোৰ্ট হৈছে সকলোতকৈ ভাল পদ্ধতি। কিন্ত ই অলপ খৰচী আৰু প্ৰতি মাহত ইয়াক পৰিষ্কাৰ কৰাৰ বাবে অভিজ্ঞ নাৰ্চ পোৱা টান। ইয়াৰ উপৰিও–
বেজী: আপোনাৰ বাহু, উৰু বা কঁকালৰ পেশীত বা আপোনাৰ বাহু, ভৰি বা পেটৰ চৰ্বিযুক্ত অংশত ছালৰ ঠিক তলত শ্বট এটাৰ দ্বাৰা কেমোথেৰাপী দিয়া হয়৷
ইণ্ট্ৰাথেকেল: মস্তিষ্ক আৰু মেৰুদণ্ড আৱৰি থকা কোষকলাৰ স্তৰৰ মাজৰ স্থানত কেমোথেৰাপী সুমুৱাই দিয়া হয়৷
ইণ্ট্ৰাপেৰিটোনেল (আইপি): কেমোথেৰাপী পোনপটীয়াকৈ পেৰিটোনিয়াল গহ্বৰলৈ যায়, যি হৈছে আপোনাৰ শৰীৰৰ সেই স্থান য’ত আপোনাৰ অন্ত্ৰ, পাকস্থলী আৰু যকৃতৰ দৰে অঙ্গ থাকে।
সাময়িক: কেমোথেৰাপী সাধাৰণ ক্ৰীমত আহে যাক আপুনি আপোনাৰ ছালত ঘঁহি দিয়ে। ই মুখ্যত: বাহিৰত হোৱা ঘাঁ বা চৰ্ম কৰ্কট ৰোগত ব্যৱহাৰ কৰে।
এতিয়া আহো ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ কথালৈ৷ আমি অলপ চলপ জানো যে কেমো দিলে চুলি সৰে, বমি আহে, ভোক নলগা, কোষ্ঠকাঠিন্য ইত্যাদি হয়। ইয়াৰ লগতে আপোনাৰ ৰক্ততো খুবেই প্ৰভাৱ পৰে। এই পাৰ্শ্বক্ৰিয়াবোৰ হ্ৰস্বম্যাদী আৰু আপোনাৰ কেমো শেষ হোৱাৰ কিছুদিন পিচত কমি বা নেহোৱা হৈ যায়। সহজতে দেখা দিয়া পাৰ্শ্বক্ৰিয়াবোৰ হ’ল,
• চুলি সৰা
• ওকালি অহা আৰু বমি হোৱা
• ভোক নোহোৱা
• কোষ্ঠকাঠিন্য বা ডায়েৰিয়া
• ভাগৰ
• অনিদ্ৰা
• উশাহ–নিশাহৰ সমস্যা
• ছালৰ পৰিৱৰ্তন
• ফ্লু–সদৃশ লক্ষণ
• বিষ
• খাদ্যনলী ফুলা যাৰ ফলত গিলিবলৈ অসুবিধা হয়
• মুখৰ ঘাঁ
• বৃক্ক আৰু মূত্ৰাশয়ৰ সমস্যা
• ৰক্তহীনতা (Hb, Platelet, TLC)
• সংক্ৰমণ
• তেজ গোট মৰাৰ সমস্যা
• বৰ্ধিত ৰক্তক্ষৰণ আৰু আঘাত
• নিউট্ৰোপেনিয়াৰ, ইত্যাদি ইত্যাদি৷
সকলোৰে ক্ষেত্ৰত আটাইবোৰ লক্ষণ পৰিস্ফূট নহ’বও পাৰে। কিন্তু চুলি সৰা, ওকালি অহা আৰু বমি হোৱা, ভোক নোহোৱা, কোষ্ঠকাঠিন্য বা ডায়েৰিয়া আৰু ৰক্তহীনতা (Hb, Platelet, TLC) প্ৰায় সকলোৰে ক্ষেত্ৰত দেখা দিয়ে। ৰক্তহীনতা (Low Hb, Platelet, TLC count) ৰ বাবে প্ৰায়ে আপোনাৰ চাইকল্ দিন বাঢ়ি গৈ থাকে আৰু বহুলোকৰ বাবে কেমোৰ মাজত ২–৩ বটল তেজ দিব লগা হোৱাতো সাধাৰণ কথা। ইয়াৰ উপৰিও আমি সাধাৰণতে আৱহেলা কৰা বা গুৰুত্ব দিব নোখোজা বা বেমাৰৰ শাৰীত নৰখা মূখ্য কাৰক এটা যাক পৰিয়ালৰ ফালৰপৰাও গুৰুত্ত্ব দিয়া খুবেই প্ৰয়োজন,সেয়া হল হতাশা বা depression। হতাশা আহিলে বেমাৰ ঠিক হোৱাতকৈ বেয়া হোৱাহে দেখা যায়৷ কৰ্কট ৰোগীৰ ক্ষেত্ৰত দেখা পোৱা মনোভাৱ সম্পৰ্কীয় পৰিৱৰ্তনবোৰ হৈছে:
১৷ নিম্ন (low feelings), বিৰক্ত, আশাহীন, অস্থিৰ,দুখী আৰু আনকি মূল্যহীন অনুভৱ কৰা।
২৷ আচৰণগত সমস্যা, যেনে: কোনো বিশেষ কাৰণ নোহোৱাকৈ কান্দি থকা, একাকীত্ব (loneliness), দৈনন্দিন কাৰ্যকলাপত আগ্ৰহ হেৰুওৱা আৰু আনকি এজনে উপভোগ কৰা বস্তুবোৰৰ প্ৰতি উদাসীনতা।
৩৷ কিছুমান লক্ষ্য ৰাখিব লগা লক্ষণ হৈছে মনোযোগ দিয়াত সমস্যা, স্মৃতিশক্তিৰ সমস্যা, নেতিবাচকতা (negative thoughts), পৰ্যাপ্ত টোপনি নোহোৱা, দুৰ্বল হৈ পৰা, ওজন হ্ৰাস বা ওজন বৃদ্ধি হোৱা, ভাগৰ লাগি থকা আৰু দৃঢ় সিদ্ধান্ত ল’বলৈ অক্ষম হোৱা।
৪৷ হাত আৰু মস্তিষ্কৰ সামঞ্জস্য নোহোৱা (Fine motor skill)।
কেমোৰ বিষয়ে বহুত দীঘলীয়া কৰিলোঁ৷ এতিয়া আৰু অলপ সময় দিয়ক আজিৰ মুখ্য বিষয়ৰ বাবে – কি কৰিব লাগে বা নালাগে।
আমি ওপৰত জানিছোঁ যে কেমোই মানুহৰ শৰীৰত বহুতো পাৰ্শ্বক্ৰিয়া কৰে। গতিকে তাক কেনেকৈ ভালকৈ ৰাখি সোনকালে সুস্থ হব পৰা যায় তাৰ প্ৰয়াস কৰা উচিত। আমাৰ ৰোগৰ চিকিৎসা সৰহভাগ সময় ঘৰৰ পৰা দূৰত হয়। এজন অংক’ল’জিষ্টে দিনত বহু ৰোগী চায়। গতিকে প্ৰতিজন ৰোগীৰ কথা মনত ৰখা সম্ভৱ নহয়। ব্যক্তিগত চিকিৎসালয়ৰ ডাক্তৰে হয়তো আপোনাক মোবাইল নম্বৰ দিব পাৰে কিন্তু চৰকাৰী চিকিৎসালয়ৰ ডাক্তৰৰ বাবে সেয়া সম্ভব নহয়। গতিকে আপোনাৰ চিনাকি বা ঘৰৰ ওচৰৰ ডাক্তৰ এজনক আপোনাৰ বিষয়ে সবিশেষ জনাই থওক যাতে প্ৰয়োজনত আপোনাক উপদেশ দিব পাৰে। কিয়নো আপুনি অভাৰ–দ্য–কাউণ্টাৰ ঔষধ খাব নোৱাৰে আৰু ই কেমোথেৰাপীত হস্তক্ষেপ কৰিব পাৰে।
আমি বহুতেই ভুল কৰোঁ যে কেৱল দাঁতৰ বিষৰ সময়ত হে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱা হয়। গতিকে তেনে ভুল নকৰি চিকিৎসাৰ সময়ত সংক্ৰমণ সৃষ্টি কৰিব পৰা কোনো বেক্টেৰিয়া আপোনাৰ মুখত নাই বুলি নিশ্চিত কৰিবলৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাওক। কাৰণ কেমোৰ এটা পাৰ্শ্বক্ৰিয়া মুখৰ ঘাঁ। মুখৰ ঘাঁ নহ’বৰ বাবে চিকিৎসকে মাউথ ৱাচ ব্য়বহাৰ কৰিবলৈ কয়। ইয়াৰ সলনি যি কোনো খাদ্য খোৱাৰ পিচত মুখখন পানীৰে কুলি কৰক। এবাৰ হ’লেও নিমখ পানীৰে কুলি কৰক। মাউথ ৱাচৰ কেমিকেল হয়তো আপোনাৰ মুখৰ বাবে সঠিক নহ’বও পাৰে।
যিহেতু আপোনাৰ ইম্যুনিটি কমি যায়, আপুনি কেমোথেৰাপীত থাকোতে প্ৰায়ে আপোনাৰ হাত ধুব৷ তদুপৰি আপোনাৰ চাৰিওফালে থকা আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালকো এনে কৰিবলৈ ক’ব যাতে বেলেগ বেমাৰ সংক্ৰমণ হব নোৱাৰে (এনেও কৰোনাৰ বাবে আমাৰ হাত ধোৱা অভ্যাস হৈছেই)। আনকি কেমোৰ সময়ত মৃদু চৰ্দিও অধিক তীব্ৰ হ’ব পাৰে আৰু সুস্থ হোৱাত বহুত সময় লাগিব পাৰে। ভুলতেও যেন অভাৰ–দ্য–কাউণ্টাৰ ঔষধ আৰু ভিটামিন আদি গ্ৰহণ নকৰে।
যিহেতু আপোনাৰ Hb, TLC, Platelet কমি যায় গাতিকে প্ৰতি সপ্তাহত ইয়াক পৰীক্ষা কৰক। যদি Hb> 8, TLC>4000, Platelet>50000 বা তাতকৈ কমি যায় লগে লগে চিকিৎসকৰ লগত কথা পাতক। বহুলোকৰ বাবে কেমোৰ মাজত তেজ দিব লগা হোৱাতো সাধাৰণ কথা। চিকিৎসকে ইয়াক শুধৰোৱাৰ বাবে ইনজেকচন দিব পাৰে, কিন্তু আমাৰ অসমৰ বন–লতা ইমান চহকী যে আপোনাৰ আহাৰৰ পৰিৱৰ্তনে আপোনাক সুস্থ হোৱাত কেৱল সহায় নহয়, পাৰ্শ্বক্ৰিয়াবোৰৰ পৰাও মুক্ত ৰাখিব। অলপ খাদ্য সলনি কৰি যদি দুটা বেজী কমকে খোৱা যায়, শৰীৰৰ বাবে ইয়াতকৈ ভাল কি হব পাৰে। এইটো ভুলতো নাভাবিব যে অমিতাৰ পাতৰ ৰস খালে প্লেতলেত বাঢ়ে। ই হয়তো সঁচা, কিন্তু আপোনাৰ ৰোগৰ বাবে নহয়। ই ইমান শক্তিশালী যে আপোনাক বেলেগভাৱে অপকাৰ কৰিব পাৰে আৰু আপোনাৰ চিকিৎসাৰ গতিয়েই সলনি কৰিব পাৰে।
দাইতেচিয়ান এ দিয়া আহাৰৰ পৰামৰ্শবোৰ পালন কৰিব চেষ্টা কৰক, কিন্তু আমাৰ অসমীয়া আখলখন এলাগী কৰি নহয়। আচলতে আধুনিকতাৰ নামত আমি বহু কিবা কিবি হেৰুৱাই গৈ আছোঁ। আমাৰ আইতাহঁতৰ পাকঘৰখন আচলতে এখন ৰসায়ন শাল আৰু এখন চিকিৎসালয়, ইয়াৰ বিষয়ে কেতিয়াবা লিখিম। আপোনাক প্ৰায়েই অধিক পৰিমাণে প্ৰ’টিন আৰু কেলৰিযুক্ত আহাৰ খোৱাৰ কথা কোৱা হয়৷ তাতে আমাৰ জিভাখন এনেই লুভীয়া। গতিকে মাছে, মঙহে যিমান পাৰি খোৱা দেখা যায়। আৰে ভাই, আপুনি ইতিমধ্যে কোষ্ঠকাঠিন্য আৰু ভোক নোহোৱা পাৰ্শ্বক্ৰিয়াত ভূগি আছে, গতিকে সংযম কৰি খাবলৈ শিকক। ৰাতিপুৱা আপোনাৰ ভোক সৰ্বাধিক হ’ব পাৰে, সেয়েহে গধূৰ আহাৰ গ্ৰহণ কৰাৰ বাবে সেইটো ভাল সময় হ’ব পাৰে৷ গতিকে দিনত আৰু ৰাতিহে ভাত এসাঁজ ভালকৈ খাব লাগিব তাৰ কোনো কথা নাই। দিনত তিনিবাৰ গধূৰ আহাৰৰ সলনি পাঁচ বা ছয়বাৰ লঘূ আহাৰ খাব। ই আপোনাক বিভিন্ন ধৰণে সহায় কৰিব। কেতিয়াবা ভাতসাঁজ আকৰ্ষণীয় নহ’বও পাৰে আৰু যে ভাতেই শক্তি দিব কথা নাই। অতিৰিক্ত কেলৰিৰ বাবে ৰস, চুপ বা গাখীৰৰ খাবলৈ চেষ্টা কৰক, কাজু, বাদাম (almonds) খাওক। ছাগলীৰ ঠেঙৰ চুপৰ সমান শক্তিশালী একো নাই। দৈ আপোনাৰ খাদ্য়ৰ সদা লগৰী কৰি লওক। যিমান পাৰে ফাইবাৰ যুক্ত আহাৰ খাওক, সেউজীয়া পাচলি খাওক। আগতেই কৈছোঁ, মিঠা বন্ধ কৰক। আপোনাৰ প্ৰয়োজনীয় গ্লুক’জ খাদ্যৰ পৰা পোৱা কাৰ্বহাইদ্ৰেতে যোগান ধৰিব আৰু শৰীৰত শক্তিৰ পুৰ্তি কৰিব। ভুলতেও কাটি থৈ দিয়া ফল বা খাদ্য নাখাব, কাৰণ ইয়াত সহজতে ভেকুৰ উৎপাদিত হৈ আপোনাক বিপদত পেলাব পাৰে। মনত ৰাখিব, এই ৰোগ সুস্থ হোৱাত খাদ্যই মুখ্য ভূমিকা লয়।
অ, ক’ব পাহৰিছিলোঁ, প্ৰথম দেখা দিয়া পাৰ্শ্বক্ৰিয়া চুলিসৰা। চুলিৰ প্ৰতি আমাৰ মোহ থাকেই, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। চিকিৎসকে হয়তো নক’ব পাৰে চুলি কাটিবলৈ, কিন্তু কেমো আৰম্ভ হোৱাৰ লগে লগে তকলা হৈ দিয়ক, নহ’লে আপোনাৰ প্ৰথম সপ্তাহত প্ৰচণ্ড বিষ হব যেতিয়ালৈ চুলি সৰি নাযায়। দুখ কৰিব নালাগে, কেমো শেষ হোৱাৰ পিছত আপোনাৰ চুলি আকৌ ভালদৰে আহিব।
যিহেতু গোটেই পাৰিয়ালতো এই সময়ত খুবেই দুখত থাকে, ভগৱানৰ পূজা, ধুপ–ধূনা বেছিকৈ ব্যৱহাৰ হয়। পূজা কৰক, বিশ্বাস ৰাখক, কিন্তু ধুপ–ধূনা জ্বলোৱা বন্ধ কৰক। উগ্ৰ বা যিকোনো সুগন্ধই কেমো লৈ থকা ৰোগীজনক অপকাৰ কৰে। গতিকে ঘৰত ব্যৱহাৰ কৰা বন্ধ কৰক। যিকোনো room freshener, HIT ইত্যাদি ব্যৱহাৰ কিছু সময়ৰ বাবে বন্ধ কৰক।
শেষত ক’ব খোজোঁ যে যিহেতু এই ৰোগৰ লগত ৰোগীজনৰ সতে গোটেই পৰিয়ালতো আক্ৰান্ত হয়, গতিকে মানসিক শক্তিৰ খুবেই প্ৰয়োজন। যিহেতু ৰোগীজন হতাশাত ভোগে, গতিকে তেখেতৰ হতাশা দুৰত ৰাখিবলৈ আপোনাকে ধৰি পৰিয়ালৰ প্ৰতিজন ব্যক্তি ধনাত্মক হোৱা দৰ্কাৰ। লগতে সুস্থ হৈ ঘৰলৈ অহাৰ বাবে চাফচিকুণতা, খাদ্য আৰু মৰম চেনেহৰ অতিকে প্ৰয়োজন। এইটো পাহৰি যাওক যে কৰ্কট ৰোগ মানেই মৃত্যু। আপোনাৰ ধনাত্মক বিচাৰধাৰাই এজন আক্ৰান্তক ৰোগবিহীন দীৰ্ঘদিনীয়া জীৱন দিব।
মোৰ পৰৱৰ্তী অধ্যায়ত বৰ্ণনা কৰিম
১। উপশমকাৰীৰ যত্ন (palliative care)
২। পৰম্পৰাগত ঔষধৰ বিকল্প (Alternative to allopathic treatment)
৩। পুনৰুদ্ধাৰৰ পিছত জীৱনৰ মানদণ্ড (Quality of Life)