প্ৰজন্মৰ ব্যৱধান আৰু কিছু সাম্প্ৰতিক চিন্তা
লেখক- গীতালি দাস
এইখন সমাজত মোৰ দৰে হাজাৰগৰাকী মহিলাই নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱনটোক বেলেগে বেলেগে চাবলৈ বা জীয়াবলৈ সুবিধা নাপায়। পৃথিৱীৰ প্ৰতিগৰাকী পুৰুষ মহিলাৰে দুইধৰণৰ জীৱন থাকে। একেজন মানুহেই সময় সাপেক্ষে দুটা পৃথক জীৱনযাপন কৰে। এটা ব্যক্তিগত আৰু আনটো সামাজিক। তাৰভিতৰত কিছুমানে প্ৰত্যক্ষ আৰু কিছুমানে পৰোক্ষভাৱে এই দুটা জীৱনক পৰিচালিত কৰে।
আজিৰে পৰা এশবছৰ আগৰ পঞ্চাশবছৰ আগৰ এগৰাকী মহিলাৰ জীৱনধাৰা আৰু আজিৰ সময়ৰ এগৰাকী মহিলাৰ জীৱনধাৰাৰ মাজত আছে বৃহৎ পাৰ্থক্য। এই আলোচনাত মই মাত্ৰ নিজৰ অভিজ্ঞতালব্ধ দুটা প্ৰজন্মৰ মাজত থকা কিছু সাদৃশ্য আৰু কিছু বৈসাদৃশ্যৰ কথা কবলৈ চেষ্টা কৰিম।
মই আলোচনা কৰিব খোজা দুটা প্ৰজন্মৰ দুগৰাকী প্ৰতিনিধি, ধৰা হ’ল এগৰাকী মই নিজে আৰু আনগৰাকী মোৰ পঁচিশবছৰীয়া ছোৱালীজনী। আমাৰ মাজত মনৰ দূৰত্ব কম যদিও বহুক্ষেত্ৰত আমাৰ দৃষ্টিভংগী আৰু ব্যক্তিগত সিদ্ধান্তসমূহৰ মাজত এটা পাৰ্থক্য পৰিলক্ষিত হয়। এই পাৰ্থক্য যে অকল ব্যক্তিগত তেনে নহয়, বহুত পাৰ্থক্য সামাজিক দৃষ্টিভংগীৰ পৰাও যথেষ্ট পৃথক।
স্বাভাৱিকভাবে দুটা প্ৰজন্মৰ মাজত সাধাৰণতে চিন্তাৰ পাৰ্থক্য সহজতে চকুত পৰে আৰু সেয়া সদায় ব্যক্তিগত হয়। আনহাতে সামাজিক দিশটো বিচাৰ কৰিলে দেখা যায় যে আজিৰ পৰা আশী/নব্বৈদশক আগতে মোৰ মা আৰু তেওঁৰ মাক(আইতা)ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাছিল। বিশেষকৈ পিন্ধাউৰা খোৱাবোৱা চালচলন মাতকথাবোৰৰ মাজত সাংঘাতিক সাদৃশ্য আছিল। সেয়েহে হয়তো সেইসময়ত ‘মাক চাই জীয়েক’ আপ্ত বাক্যশাৰী আমাৰ সমাজত বৰকৈ প্ৰচলিত আছিল। কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত মই আৰু মোৰ ছোৱালীৰ মাজত উপৰ্যুক্ত প্ৰায় আটাইকেইটা বিষয়তে কম বেছি পৰিমাণে পাৰ্থক্য কিছুমান লক্ষ্য কৰোঁ।
বিষয়বিশেষ হিচাপে আলোচনা কৰিবলৈ হ’লে প্ৰথমেই আমি মাত–কথাৰ কথা কব পাৰোঁ। মোৰ মা আৰু আইতাই দৈনন্দিন জীৱনৰ কথোপকথনত যি ধৰণৰ মাত–কথা ব্যৱহাৰ কৰিছিল মোৰ ছোৱালী আৰু মোৰ মাজত কিন্তু সেই সাদৃশ্যটো বহু পৰিমাণে কম পৰিলক্ষিত হয়। ইয়াৰ প্ৰধান কাৰণ হিচাপে মই উনুকিয়াব খোজো আধুনিক স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু মুক্তচিন্তাৰ প্ৰচাৰ। মোৰ মাৰ মাক আইতা আছিল সম্পূৰ্ণ নিৰক্ষৰা। আইতাৰ তুলনাত মা আছিল উচ্চশিক্ষিতা। ক্লাচ নাইনত পঢ়ি থাকোঁতে মোৰ মাৰ বিয়া হৈছিল। আনহাতে মোৰ মায়ে নিজৰ আধৰুৱা শিক্ষাৰ হেঁপাহখিনি মোৰ লগতে আমাৰ বাইভনী কেইজনীৰ মাজেৰে পূৰণ কৰিবলৈ বিচাৰিছিল। ফলস্বৰূপে আমি গোটেইকেইজনী উচ্চশিক্ষিতা হোৱাৰ পিছতহে মা দেউতাই আমাৰ বিয়াবাৰুৰ কথা চিন্তা কৰিছিল। আমাৰ মা আছিল এগৰাকী সম্পূৰ্ণ আধুনিক মনৰ নাৰী। মাৰ লগত আমি সকলো কথা মুকলিকৈ আলোচনা কৰিছিলোঁ যদিও কিছুমান ব্যক্তিগত কথা মাক কবলৈ আমিও সংকোচ কৰিছিলোঁ। যিটো পৰিবেশ মই মোৰ ছোৱালীদুজনীৰ লগত একেবাৰে হ’বলৈ দিয়া নাই। ছোৱালীবোৰ সাধাৰণতে দেউতাকৰ লগত বেছি মুকলি হয় যদিও সেয়া আমাৰ মাহঁতৰ দিনত বা আমাৰ দিনতো সেয়া ইমান সুলভ নাছিল। মাহঁতে নিজৰ দেউতাকক অসম্ভৱ ভয় কৰিছিল। মোৰ আজিও ৰিণিৰিণি মনত আছে, আমাৰ আতা(মাৰ দেউতাক) যদি বাৰাণ্ডাত বহি থাকে মাহঁতে কোনো পধ্যেই আতাৰ সন্মুখেৰে বাহিৰলৈ ওলাই নাহিছিল। তাৰ বিপৰীতে কিন্তু মই বাহিৰলৈ যাবলৈ সদায় দেউতাৰ পৰা সন্মতি বিচাৰিছিলোঁ। মাহঁতৰ কাৰণে সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱা কথাটো(অকলে) সপোনৰো অগোচৰ আছিল কিন্তু মই নিজে কিছু বুজন হোবাৰ পিছত, বিশেষকৈ অসম আন্দোলনৰ সময়চোৱাত, মিটিং কৰাৰ নামত, বিভিন্ন উৎসৱ পাৰ্বনত আয়োজন কৰা সকলো ধৰণৰ প্ৰতিযোগিতাসমূহত ভাগ ল’বলৈ অকলে অকলে ওলাই যাবলৈ কুণ্ঠাবোধ কৰা নাছিলোঁ। কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে মা দেউতাক সুধিপুচি লোৱাটো আমাৰ নিয়ম আছিল। আমাৰ ভবিষ্যতৰ কাৰণে মা দেউতাহঁতৰ চিন্তা আছিল কিন্তু বাধা নাছিল। আজি আমাৰ ছোৱালীহঁতে কিন্তু পঢ়াশুনাকে আদি কৰি সকলো বিষয়ত নিজেই সিদ্ধান্ত লয় আৰু আমি মাক–দেউতাকসকলেও সিহঁতক সেইখিনি স্বাধীনতা দিবলৈ কুণ্ঠাবোধ নকৰোঁ।
এইবাৰ আহোঁ আন এক ব্যক্তিগত বিষয়লৈ। যি বিষয় এখন সমাজৰ লগত ওতপ্ৰোতভাবে জড়িত হৈ থকাৰ উপৰিও ই প্ৰতিগৰাকী মানুহৰ ব্যক্তিগত জীৱনটোৰ লগতো সাঙোৰ খাই থাকে। এই বিষয়টো হৈছে বিয়া। মই মোৰ শহুৰদেউতা আৰু শাহুমাৰ মুখত এটা অতি আচৰিত কথা শুনিছিলোঁ। তেওঁলোক দুয়োগৰাকীয়ে হেনো দুয়ো দুয়োকে বিয়াৰ পিছতহে স্বচক্ষে দেখিছিল। প্ৰথমতে মই কথাটো ধেমালি কৰা বুলি ভাবিছিলোঁ কিন্তু পিছত গম পালোঁ সেয়া একেবাৰে সত্য কথা। দুয়োপক্ষৰ কোনোবা এগৰাকী আত্মীয়ই মধ্যস্থতা কৰি তেওঁলোকৰ বিয়াখন পাতি দিছিল। এনেকি শাহুমাৰ দেউতাকে হেনো নিজৰ বৰজীয়ৰীৰ হব লগা স্বামীৰ ঘৰ–দুৱাৰো চাবলৈও নগ’ল।
তাৰ পিছত প্ৰায় পঞ্চাশদশক পিছতেই এই বিয়া সম্পৰ্কীয় কথাবতৰাবোৰ কিমান সলনি হ’ল সেয়া আমি নিজ চকুৰেই দেখিছোঁ। বৰ্তমান ‘বিয়া’ নামৰ অনুষ্ঠানটো এক সামাজিক চিন্তা–চৰ্চাৰ বিষয় হৈ পৰিছে। আমাৰ প্ৰজন্মৰ প্ৰায়বোৰৰ বিয়া নিজৰ অভিভাৱকৰ পছন্দতে হৈছিল। কিছুসংখ্যকে নিজ পছন্দৰ বিয়াত প্ৰথমে বাধা নিষেধ পাইছিল যদিও পিছলৈ সকলোৱে কথাবোৰ মানি লৈছিল। আমাৰ সময়লৈ জাতপাতৰ বাছবিচাৰটো চলিয়ে আছিল কিন্তু আজি দহ–বিশ বছৰমানৰ পৰা বহুত ক্ষেত্ৰত এই জাতপাতৰ সংকীৰ্ণতা বহুখিনি কমিছে যেন লাগিছে। ইয়াৰউপৰি আমাৰ সময়ৰ পৰা স্বনিৰ্ভৰশীলতা ছোৱালীৰ এটা দক্ষতা হিচাপে পৰিগণিত হ’বলৈ আৰম্ভ কৰিছিল। তাৰ আগলৈ কিন্তু খুব কম সংখ্যক ছোৱালীয়েহে চাকৰিজীৱী হৈ সংসাৰ চলোৱাৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিছিল। সেইসময়ত বহুতো আবিয়ৈ ছোৱালীয়ে বিয়াৰ পিছত নিজৰ চাকৰিজীৱন হেলাৰঙে বিসৰ্জন দিয়া দেখা গৈছিল, কেতিয়াবা ঘৰৰ দায়িত্বত আৰু কেতিয়াবা ঘৰৰ আপত্তিত।
আজিৰ তাৰিখত প্ৰতিগৰাকী ছোৱালীয়ে প্ৰথমে নিজৰ বাবে এটা উচ্চশিক্ষাগত অৰ্হতাৰ লগতে এটা সুসংস্থাপনৰ বাট মোকলাই লয়। তেওঁলোকে প্ৰত্যেকে একোগৰাকী স্বনিৰ্ভৰশীল নাৰী হিচাপে নিজৰ চিনাকি দিবলৈ ভালপায়। বিয়াবাৰু পাতি সন্তান সন্ততিৰ পিতৃমাতৃ হোৱা সামাজিক পৰম্পৰাবোৰক বাধ্যতামূলক বুলি নাভাবে। এজনী ছোৱালীৰ বিয়ায়েই জীৱনৰ শেষ উৎসৱ বুলি তেওঁলোকে কোনোপধ্যেই মানি লব নোখোজে। কিয়নো বিবাহৰ বন্ধন হ’ল এক সামাজিক বন্ধন। এই বন্ধন চিঙি পেলাওঁ বুলি পলকতে চিঙি পেলাব নোৱাৰি। বহু পুৰুষ নাৰী এনেকুৱা অনিচ্ছাকৃত বন্ধনত আবদ্ধ হৈ পিছলৈ একোটা অসাৰ জীৱনযাপন কৰে। ‘সমাজে কি ক’ব’ এই কথাষাৰে বহুত দম্পতীক মৰি মৰি জীয়াই থাকিবলৈ বাধ্য কৰে। ফলস্বৰূপে গাৰ্হস্থ্যহিংসা, পৰকীয়াপ্ৰেম, আত্মহত্যাৰ দৰে প্ৰৱণতা দিনক দিনে বাঢ়ি আহিছে। বৰ্তমান প্ৰজন্মই এই ধৰণৰ বাধ্যবাধকতাৰ মাজত জীৱনটো উদ্যাপন কৰিব নিবিচাৰে। তেওঁলোকে প্ৰত্যেকেই নিজৰ বাবে এটুকুৰা সুকীয়া স্থান ৰাখিব বিচাৰে। সেয়া ব্যক্তিগত আৰু সামাজিক দুয়োটা দিশৰ পৰাই প্ৰযোজ্য হোৱাটো তেওঁলোকৰ প্ৰথম চৰ্ত। তদুপৰি পশ্চিমীয়া “লিভইন“ সংস্কৃতিয়েও এই নতুনচাম প্ৰজন্মৰ ওপৰত কিছু প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। তেওঁলোকে কব বিচাৰে নিজৰ পছন্দৰ মানুহজন/জনীক বিয়াৰ আগতে যিমান ভাল লাগে বিয়াৰ পিছত সেই ভাললগা বিভিন্ন কাৰণত নোহোৱা হৈ যাব পাৰে। দুগৰাকী মানুহৰ ৰুচি অভিৰুচি পছন্দ অপছন্দৰ বিষয়বোৰ একেলগে থাকিলেহে স্পষ্টৰূপত দেখা পায়। এই প্ৰজন্মৰ প্ৰায়ভাগেই এৰাধৰা বা ‘কম্প্ৰমাইজ’ শব্দটোক এৰাই চলিব বিচাৰে তেওঁলোকৰ দৃষ্টিভংগীৰে প্ৰতিগৰাকী মানুহ একোগৰাকী স্বয়ংসম্পূৰ্ণ মানুহ। তাত কাৰো কোনো বাধা শাসন অথবা মানসিক চাপ মানি লব নিবিচাৰে। সেয়েহে আজিকালি বহুত ছোৱালীয়ে(ল’ৰা তুলনামূলক ভাবে কম) ত্ৰিশবছৰৰ আগতে বা নিজে সম্পূৰ্ণ উপাৰ্জনক্ষম হোৱাৰ উপৰি এগৰাকী মনেমিলা বিশ্বাসযোগ্য জীৱনসংগী বিচাৰি নোপোৱালৈকে বিয়া নামৰ অনুষ্ঠানটোৰ অংশীদাৰ হবলৈ টান পায়। সমাজৰ এই নতুন পৰিৱৰ্তনৰ বতাহচাটিয়ে ইতিমধ্যেই বহুতকে কোবাই গৈছে। তেওঁলোক আজিৰ নাৰী। তেওঁলোকে স্বয়ংসম্পূৰ্ণ হৈ জীয়াই থাকিবলৈ বিচাৰে। তেওঁলোকৰ এই মুক্ত চিন্তাত আমি যদি সহযোগ নকৰোঁ তেতিয়াহ’লে দুটা প্ৰজন্মৰ মাজত এক বৃহৎ শূন্যতা আহি পৰিব। কিন্তু অভিভাৱক হিচাপে আমাৰ কৰ্তব্য হ’ব তেওঁলোকৰ সিদ্ধান্তক সন্মান জনায়ো বুজাই দিব পাৰিব লাগিব যে নিজৰ সংস্কাৰ পৰম্পৰা আৰু বিশ্বাসৰ আধাৰ একোজন মানুহৰ প্ৰথম চিনাকি। কেৱল ব্যক্তিস্বাৰ্থৰ কথা নাভাবি সামূহিক স্বাৰ্থৰ খাতিৰত নতুন আৰু পুৰণিক সমপৰিমাণে আকোঁৱালি লব পাৰিলেহে সকলো সুখী হ’ব। অন্যথা গা–গছজোপা থাকিলেও শিপাৰ খামোচ কমি গ’লে এটা সময়ত গছজোপা উভালি পৰাৰ সম্ভাৱনা বাঢ়ি যাব।