অভিমানী হাফলং

লেখক- অৰ্ণৱ এন পাটোৱাৰী

হাফলং হৈছে অসমৰ পাৰ্বত্য জিলা ডিমা হাচাওৰ সদৰ আৰু ডিমাচাৰ স্বাভিমান। হাফলঙৰ বৰাইল পাহাৰৰ সেউজীয়া উপত্যকা সমূহৰ মাজত লুকাই থকা অপৰূপ সৌন্দৰ্য্যই হৈছে সকলোৰে আকৰ্ষণ। এই মেঘমল্লাৰ দেশত পলে পলে পাহাৰৰ আঁৰত সলনি হয় বতৰৰ সুৰ আৰু ৰাগ। ডাৱৰৰ ফাঁকেৰে ওলাই অহা বেলিৰ হাঁহিটো নাইবা গোমাঠা আকাশ নাইবা বৰষুণৰ পৰিৱেশ, প্ৰতিটোৱেই মায়াময়। অভিমানত যেন সলনি হয় বতৰ। সেয়েহে মোৰ বাবে অভিমানী হাফলং। কেতিয়াবা এনে লাগে ডাৱৰ সমূহৰ লগতে ডিমাচা যুৱতীসকলেও যেন বৰাইলৰ সৈতে খেলা কৰে। বিভিন্ন কাৰণত দেশৰ আন পাহাৰীয়া পৰ্যটনৰ ঠাইসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ হাফলঙৰ পৰ্যটনৰ ব্যৱস্থাপনাসমূহ সঠিকভাৱে গঢ় লৈ উঠিব পৰা নাই। তথাপিও ইয়াৰ সৌন্দৰ্য্য আনতকৈ পৃথক। প্ৰকৃতিৰ কোলাত এতিয়াও নিৰ্ভয়ে আছে হাফলং। সেয়েহে হাফলং মোৰ বৰ প্ৰিয়। গতিকে যাবলৈ সুযোগ সুবিধা বিচাৰিয়েই ফুৰোঁ। এইবাৰ শ্ৰীমতীৰ সৈতে ছুটী মিলাত হাফলং ভ্ৰমণৰ বাবে পুনৰাই মন মেলিলোঁ। লক্ষ্য আছিল নতুনকৈ পৰ্যটনৰ বাবে প্ৰৱৰ্তন কৰা ভিস্তাডুম ৰেলত ভ্ৰমণ। পলম হোৱাৰ বাবে টিকেট নাপালো। গতিকে গাড়ীৰে যোৱাটো থিৰাং কৰিলোঁ। নগাঁৱৰ পৰা হাফলঙলৈ প্ৰায় ২২০ কি.মি. গাড়ীৰে হোজাই, নীল বাগান, ডবকা পাৰ হৈ একেবাৰে মাইবঙলৈ পথছোৱা ফৰলেনযুক্ত ফিনফিনিয়া ৰাস্তা। এই ৰাস্তাটোত গাড়ীৰ চলাচল বৰ সেৰেঙা। দোকানপোহাৰো কম। গতিকে খোৱাবস্তুসমূহ নিজ ঠাইতে কিনি লোৱাটো ভাল। গাড়ীখনৰ ভালদৰে চেক আপ এটা কৰি হোজাইৰ আগতে পেট্ৰল ভৰাই লব লাগে। পথছোৱাত ঠায়ে ঠায়ে এলিফেণ্ট কৰিডৰ আছে। গতিকে, নিৰ্জনতা ভংগ নকৰাকৈ পথছোৱাৰ সৌন্দৰ্য্য উপভোগ কৰি যাব লাগে। 

মাইবঙৰ চকটোৰ পৰা প্ৰায় ২০০ মিটাৰ মান দূৰত্বত মাহুৰ নদীৰ পাৰত ডিমাচা যুগৰে এটা শিলত কাটি উলিওৱা শিলঘৰৰ ভাস্কৰ্য আছে। এই ভাস্কৰ্য আমাৰ ৰংঘৰৰ দৰে। মাইবং এসময়ৰ ডিমাচা সকলৰ ৰাজধানী আছিল। পানী কম থাকিলে নদী পাৰ হৈ শিলৰ ঘৰটোৰ ওচৰলৈ যাব পাৰি। কিন্তু পানী বেছি থকাৰ বাবে আমি যাব নোৱাৰিলোঁ। এই বুৰঞ্জীপ্ৰসিদ্ধ সমৃদ্ধিশালী ঠাইখিনিৰ সংৰক্ষণৰ অভাৱ অনুভৱ কৰিলোঁ। মাইবং পাৰ হৈ কিছু দূৰত ১ কি.মি. দৈৰ্ঘ্যৰ এটা সুৰংগ পোৱা যায়। ১ কিলমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ মাজেৰে গাড়ীখন পাৰ হৈ যাওঁতে ক্ষন্তেকৰ বাবে আমাৰ সকলোৰে মনত এক মৃদু শিহৰণ জাগি উঠিছিল। সুৰংগটোত লাইট জ্বলোৱা নাছিল। কিন্ত ঘূৰি অহাৰ সময়ত ৰাতি সুৰংগটো বিভিন্ন লাইটেৰে পোহৰাই ৰখা দেখা পাইছিলোঁতেতিয়া এক বেলেগ পৰিৱেশ। সুৰংগটো পাৰ হৈ কিছু দূৰত্বত সোঁহাতে হাফলং বুলি লিখা হালধীয়া ফলক এখন থাকে। ইয়াৰপৰাই থিয় পথছোৱাৰে উঠি যাব লাগে। তাৰপৰা প্ৰায় ১৫ কি.মি. মান ৰাস্তা হাফলঙলৈ খুৱেই বেয়া। অলপ সাৱধানে গাড়ী চলাব লাগে। 

হাফলং পোৱাৰ পিছত পোনপ্ৰথমেই আমি আবৰ্ত্ত ভৱনলৈ গলোঁ। এই আবৰ্ত্ত ভৱন হাফলঙৰ এক আকৰ্ষণীয় পৰ্যটনথলী। পুৰণি আবৰ্ত্ত ভৱনটো ব্ৰিটিছে বনোৱা। নতুনটোত থকাখোৱাৰ ব্যৱস্থা আছে যদিও বাৰমাহেই কোঠাসমূহ চৰকাৰী উচ্চপদস্থ লোকসকলেৰে ভৰি থাকে। ভৱনৰ চৌকাষৰ পৰিৱেশ ইমানেই ধুনীয়া যে তাক ভাষাৰে মই প্ৰকাশ কৰিবলৈ অক্ষম। ভৱনটোৰ বাগিচাখনো বৰ ধুনীয়া। নানাৰঙী ফুলেৰে হাফলং প্ৰশাসনে বৰ সুন্দৰ, পৰিপাটিকৈ ৰাখিছে উদ্যানখন। ভৱনটোৰ বাহিৰৰ যিকোনো স্থানত থিয় দিলেই দেখা যায় পাহাৰবোৰৰ লগত ডাৱৰৰ লুকাভাকু খেল, পাহাৰৰ মাজেৰে বৈ যোৱা দৈয়াং নৈখন, জিলিকি থকা দলংখন, ৰেল লাইনটো..এই সকলোবোৰে দেখিলে স্বৰ্গীয় সুখানুভূতি হয়। আৱৰ্ত ভৱনত নিশা থকাৰ ব্যৱস্থা কৰিব পাৰিলে এই প্ৰকৃতিৰ সৌন্দৰ্য্য ভালদৰে উপভোগ কৰিব পাৰি। ৰাতি থকাৰ হাবিয়াস আৰু সুবিধা পাইছিলোঁ যদিও কিছু অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলোঁ। 

   হাফলঙত পৰ্যটকৰ বাবে কেইবাটাও আকৰ্ষণীয় স্থলী আছে। বহুখিনি হয়তো এতিয়াও পৰ্যটনৰ বাবে আৱিষ্কাৰ হবলৈ বাকী আছে। হাফলঙৰ অন্যতম আকৰ্ষণ হৈছে জাতিংগা। জাতিংগাৰ বাবে উপযুক্ত সময় চেপ্তেম্বৰঅক্টোবৰ। এই সময়ছোৱাত বিদেশী পৰিভ্ৰমী চৰাইবোৰ জাতিংগালৈ আহে আৰু ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে। এই সময়ছোৱাতে যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে। আমি মাথোঁ চৰাই পৰ্যবেক্ষণ কৰিবৰ বাবে টাৱাৰটোত উঠি জাতিংগাৰ অনুভৱ আৰু সৌন্দৰ্য্যৰ অনুধাৱন কৰিলোঁ। জাতিংগাৰ ওচৰতে আছে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ গাওঁ এখন। ইয়াতে কৃত্ৰিমভাৱে ডিমাচাৰ বিভিন্ন জনগোষ্ঠীসমূহৰ বিভিন্ন আকৃতিৰ ঘৰৰ লগতে পাৰম্পৰিক সাজপাৰ, কলাসংস্কৃতি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰপৰা হাফলং টাউনলৈ যোৱাৰ পথত আছে আব্ৰাহাম ভিউ পইণ্ট। এই পইণ্টৰ পৰা বৰ সুন্দৰকৈ বৰাইল পাহাৰৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰি। এই পইণ্টৰ লগতে আছে সুন্দৰ আটোমটোকাৰী এখন ৰেষ্টুৰেণ্ট। বৰাইলৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি ৰেষ্টুৰেণ্টখনত উন্নতমানৰ চাইনীজ ব্যঞ্জনৰ সোৱাদ লব পাৰি। চহৰখনৰ হৃদপিণ্ডতে আছে হাফলং হ্ৰদ। হ্ৰদৰ ওপৰতে আছে এখন ওলমা দলং। হাফলং নগৰৰ পৰা কিছু আঁতৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে নিউ ৰেল ষ্টেচনটো যিটো নাচালে হাফলং ভ্ৰমণেই আধৰুৱা হৈ পৰিব। ষ্টেচনৰ চৌকাষে আগুৰি আছে সেউজীয়া পাহাৰ। টাউনখনৰ পৰা অলপ ওপৰত উঠি গলে চহৰখন চাব পৰাকৈ কেইবাটাও স্থান আছে। আমি লৱাৰ ডিবাৰাই ভিউ পইণ্টৰ পৰা হাফলং টাউনৰ সৌন্দৰ্য্য উপভোগ কৰিছিলোঁ। চকু জুৰ পৰা দৃশ্য। তদুপৰি, এই পইণ্টৰ পৰা কিছু নিলগত থকা দেৱিথান মন্দিৰলৈও আমি গৈছিলোঁ। সুন্দৰ মনোমোহা পাহাৰৰ দাঁতিত এই মন্দিৰ অৱস্থিত। সময় তেতিয়া ৩ বাজিছে। এনেতে বতৰৰ ৰূপ সলনি হল। মুহূৰ্ত্ততে কলা ডাৱৰে হাফলং আৱৰি ধৰিলে। লৰালৰিকৈ পুনৰাই নগাওঁ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। হাফলঙতে আকৌ গাড়ীত ফুল টেংকী কৰি ললোঁ। দুখ এটাই, কেইবাটাও পৰ্যটন থলী যাবলৈ থাকিল, যেনেটানেল নং ৯, নিউ লেউকুল কুকি গাওঁ, হাফলঙৰ আটাইতকৈ ওখত থকা জনগোষ্ঠীয় গাওঁ দৈহাং ইত্যাদি। হাফলঙৰ ওচৰেপাঁজৰে ভালদৰে চাবলৈ সৰ্বমুঠ তিনিদিনৰ পৰা চাৰিদিন লাগিব। ইয়াতে লোকেল টেক্সি লোৱাটো ভাল। কিছু ঠাইত নিজে গাড়ী চলাই যোৱাটো বিপদজনক হব পাৰে। তদুপৰি আবৰ্ত্ত ভৱনৰ উপৰিও চহৰখনত অন্য ভাল হোটেলো আছে। হাফলং বছৰৰ বাৰমাহে যাব পাৰি যদিও নৱেম্বৰ ডিচেম্বৰ মাহ উপযুক্ত সময়। হাফলঙৰ বিষয়ে বিস্তৰভাৱে বিভিন্ন ধৰণৰ প্ৰবন্ধ, কিতাপ আৰু ভ্ৰমণ কাহিনী পোৱা যায়। সেয়েহে মোৰ লিখনিটোত সকলোবোৰ সংক্ষেপে লিখা হৈছে। 

অসমত এনে বহু ঠাই আছে যি কম সময় আৰু কম খৰচতে ফুৰিব পাৰি। এই ঠাইসমূহ দেশৰ আন পৰ্যটনথলী সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰকৃতিয়ে সকলোবোৰ দিছে।  চৰকাৰে লোৱা উন্নয়নমূলক আচঁনিসমূহ যথাযথভাৱে ব্যৱহাৰ নোহোৱাৰ বাবে কিছু ক্ষেত্ৰত পিছপৰি ৰৈছে। আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে যে আমি মানালী, ওটি, …..ইত্যাদি ঠাইসমূহলৈ গৈ থাকোঁ কিন্তু আমাৰ ওচৰৰ পাৰ্বত্য নগৰ হাফলঙৰ কথাই বহুতে নাজানো। প্ৰাকৃতিক সম্পদেৰে চহকী উত্তৰপূৱ ভাৰতত এনে বহু পৰ্যটনস্থলী আছে যাৰ বিষয়ে এতিয়াও চাবলৈ আৰু জানিবলৈ বহু বাকী। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!