অসমীয়া লিপি

লেখক- ড° মৃণাল জ্যোতি গোস্বামী

মধ্যযুগীয় অসমীয়া লিপি

খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা ছপা ৰূপত অসমীয়া লিপিয়ে ভূমুকি মৰাৰ আগলৈকে, অৰ্থাৎ ধম্মপুস্তক প্ৰকাশ পোৱাৰ আগলৈকে যিখিনি নিদৰ্শন পোৱা যায় সেইখিনিকে মধ্যযুগীয় অসমীয়া লিপি হিচাপে নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰথম অসমীয়া ছপা পুথিখন ১৮১৩ চনত প্ৰকাশ হৈছিল বুলি কোৱা হয় যদিও এই সম্পৰ্কে কিছু তথ্য এতিয়াও বিশ্লেষণ হোৱাৰ প্ৰয়োজনীয়তা আছে৷ পৰৱৰ্তী শাখাটোত এই বিষয়ে আলোচনা কৰা হ’ব৷ মধ্যযুগীয় অসমীয়া লিপি সম্পৰ্কে অধ্যয়ন কৰিবলৈ হ’লে মূলতঃ দুই ধৰণৰ লিপিৰ কথা বিবেচনা কৰিবলগীয়া হয়— বিভিন্ন মাধ্যমত উৎকীৰ্ণ কৰা আৰু হস্তলিখিত পুস্তকত লাভ কৰা লিপি৷

কানাই বৰশীবোৱা শিলালিপিৰ পৰা আৰম্ভ কৰি ঊনবিংশ শতিকালৈকে অসমীয়া লিপি উৎকীৰ্ণ বহু শৈললেখ, তাম্ৰশাসন, মুদ্ৰা, মাটি আৰু ধাতুৰ মোহৰ, বৰটোপ, কামনা, ৰূপৰ জাপি, ইটা, শৰাই, চুনৰ টেমি, কাঁহী, মন্দিৰ-দেৱালয় আদিত থকা পৌৰাণিক সামগ্ৰী, কাঠৰ ফলক আদি উদ্ধাৰ হৈছে৷ এই সকলোবোৰ তথ্য বিভিন্নজন লিপি বিশাৰদে তেওঁলোকৰ গ্ৰন্থসমূহত লিপিবদ্ধ কৰিছে৷ এইসকলোৰে মাজত অসমীয়া লিপিৰ এক ক্ৰমবিকশিত ৰূপ সংৰক্ষিত হৈছে৷ এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল— চতুৰ্দশ শতিকাৰ পুৰুষোত্তমৰ ৰাউতকুছি তাম্ৰশাসন, গছতল স্তম্ভলিপি, হেলেম চাহ বাগিছাৰ তাম্ৰশাসন; পঞ্চদশ শতিকাৰ ৰজা মাধৱদেৱৰ নীলাচল তাম্ৰশাসন, ষোড়শ শতিকাৰ নীলাচলৰ কামাখ্যা মন্দিৰৰ শিলৰ ফলি, সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপি, কমতাপুৰৰ কামতেশ্বৰী মন্দিৰৰ শিলালেখ; অষ্টদশ শতিকাৰ ৰুদ্ৰসিংহৰ লেপেটকটা তামৰ ফলি, পৰিহৰেশ্বৰ দেৱালয়ৰ তাম্ৰশাসন, গৌৰীনাথ সিংহৰ চমুৱা নিযুক্তিৰ তামৰ ফলি; ঊনবিংশ শতিকাৰ পশ্চিমপাৰ পৰগণাৰ ব্ৰহ্মত্ৰৰ তামৰ ফলি আদি৷ এইবোৰৰ ভিতৰত হেলেম চাহ বাগিছাৰ তাম্ৰশাসনত পেটকটা ‘ৰ’ ৰূপ স্পষ্টভাৱে পোৱা গৈছে, ঠিক সেইদৰে নীলাচলৰ কামাখ্যা মন্দিৰৰ শিলৰ ফলিত ‘ৱ’ স্পষ্টৰূপত দেখা দিছে (ভট্টাচাৰ্য্য, ২০১৩, পৃ. ৫৫), মাধৱদেৱৰ নীলাচল তাম্ৰশাসনত ‘ড়’ আখৰটো প্ৰথমে প্ৰয়োগ হোৱা দেখা যায়৷ (শৰ্মা, ১৯৮৭, পৃ. ৫১২) এইবোৰেই আছিল কোনো পৃষ্ঠত উৎকীৰ্ণ কৰা অসমীয়া লিপিৰ নমুনা৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই সময়ত ‘‘কলমা আখৰ’’ নামেৰেও এবিধ লিপি নামনি অসমত প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়, বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ বিধিখন এইবিধ লিপিৰ ৰচিত বুলি লিপি বিশেষজ্ঞসকলে মত পোষণ কৰে৷(ভট্টাচাৰ্য্য, ২০১৩, পৃ. ৫৬)

মধ্যযুগৰ আৰম্ভণিৰ সময়ছোৱাত, অৰ্থাৎ কানাই বৰশীবোৱা শিলালিপিত উল্লেখ থকা মহম্মদ-ই-বখতিয়াৰ সময়ৰ পৰাই মোগলসকল অসমত প্ৰৱেশ কৰে৷ সেই সময়তেই আহোমসকলেও অসমত নিজ ৰাজ্য স্থাপন কৰে৷ তদুপৰি চতুৰ্দশ শতিকাৰ শেষৰ পৰা পঞ্চদশ শতিকালৈ ভিন ভিন সময়ত অসমত প্ৰৱেশ কৰে ব্ৰাহ্মণ পণ্ডিতসকলে৷ তদানীন্তন সময়ত বৰ্তমান অসমৰ বিভিন্ন ঠাইত বিভিন্ন ৰাজবংশইও ৰাজত্ব কৰি আছিল৷ মোগলসকলে ব্যৱহাৰ কৰা ফাৰ্ছী লিপি, আহোমসকলে ব্যৱহাৰ কৰা টাই লিপি আৰু ব্ৰাহ্মণসকলে ব্যৱহাৰ কৰা দেৱনাগৰী লিপিয়েও এই সময়ছোৱাতে অসমীয়া লিপিৰ লগত সংমিশ্ৰিত হয় বা সমন্বয় সাধন হয়৷ সেইবাবেই নাৰায়ণ দাসে মন্তব্য আগবঢ়াইছে— ‘‘বিভিন্ন ৰাজবংশ আৰু লিপিৰ সমন্বয়ত পৰিস্ফুট পুৰণি অসমীয়া লিপিৰ এই কালছোৱাক ‘সাংস্কৃতিক সমন্বয়ৰ কাল’ (Period of Cultural Compromisation) বুলিব পাৰি৷’’ (দাস, ১৯৯৭, পৃ. ১৭২)

ত্ৰয়োদশ শতিকাৰ আদিভাগৰ পৰা পঞ্চদশ শতিকাৰ প্ৰায় শেষলৈকে— এই সময়ছোৱা অসমীয়া লিপিৰ বুৰঞ্জীত বৰ গুৰুত্বপূৰ্ণ সময় বুলি বিশ্বেশ্বৰ হাজৰিকাইও মত পোষণ কৰে৷ ইয়াৰ কাৰণ হিচাপে তেওঁ তিনিটা কথা উল্লেখ কৰিছে৷ যথা—

ক) প্ৰথমটো কাৰণ, এই সময়ছোৱাত প্ৰাক্-শংকৰদেৱকালীন কবিসকলে অসমীয়া সাহিত্য ৰচনা কৰিবলৈ লৈছিল,

খ) দ্বিতীয়তে নব্য ভাৰতীয় আৰ্যভাষা ৰূপে অসমীয়া ভাষাই বিকাশ হোৱাৰ পাচত এই লিপিত অসমীয়া ভাষা লিপিবদ্ধ কৰা হৈছিল (ইয়াৰ আগলৈকে বেছিভাগ লিখনি অসমীয়া লিপিত সংস্কৃত ভাষা লিখা হৈছিল) আৰু

গ) তৃতীয়তে, লিখাৰ সঁজুলি হিচাপে কলমৰ ব্যাপক প্ৰচলন৷ (হাজৰিকা, ২০০৩, পৃ. ২১৬)

প্ৰাচীন কামৰূপত প্ৰায় সপ্তম শতিকাৰ পৰাই কলম ব্যৱহাৰ কৰি সাঁচিপাতত লিখাৰ নিদৰ্শন আছিল যদিও সেয়া ব্যাপক নাছিল৷ এই প্ৰসংগত বাণভট্টই ‘‘হৰ্ষচৰিত’’ত উল্লেখ কৰিছে যে ভাস্কৰবৰ্মা (৫৯৪-৬৫০ খ্ৰীঃ)ই হৰ্ষবৰ্ধনলৈ পঠিয়াও উপহাৰৰ মাজত সাঁচিপাতত লিখা কেইবাখনো সুভাষিতাৰ পুথি আছিল (হাজৰিকা, ২০০৩, পৃ. ২১৬); ঠিক সেইদৰে তালপাতত লিখা চৰ্যাপদৰ আখৰসমূহো পুৰণি অসমীয়া লিপিৰ প্ৰতিনিধি তথা সেয়া যে কলমেৰে লিখা হৈছিল সেয়া ধাৰণা কৰিব পাৰি৷ (দাস, ১৯৯৭, পৃ. ১৭২) কলমেৰে লিখা অসমত পোৱা পুথিৰ ভিতৰত ‘‘শ্ৰীমদ্ভাগৱত গীতাৰ সুবোধিনী টীকা’’ৰ নাম উল্লেখ কৰিব পাৰি৷ ১২৭১ শকত এই অনুলিপি সাঁচিপাতত প্ৰস্তুত কৰিছিল বিষ্ণুদত্ত দ্বিজে৷ অৱশ্যে ইয়াৰ অ, আ, উ, ক, গ, ঘ, ণ, ড, থ, দ, ন, ব, ম, য়, ল, শ, ষ আৰু বহুকেইটা যুক্তাক্ষৰত দেৱনাগৰী লিপিৰ প্ৰভাৱ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে লক্ষ্য কৰিছিল বুলি ‘‘A Catalogue of Sanskrit Manuscripts at the DHAS’’ নামৰ গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰিছে৷ (Choudhury, 1961 p. VI)

পঞ্চদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে অসমত তুলাপাত, সাঁচিপাত আৰু কাপোৰত লিখা অসংখ্য পুথি উদ্ধাৰ হৈছে৷ বিশেষকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা, সম্ভ্ৰান্ত লোকৰ পৃষ্ঠপোষকতা, সত্ৰানুষ্ঠান কেন্দ্ৰিক সাহিত্য চৰ্চা, সংস্কৃত টোলসমূহৰ সাহিত্য চৰ্চাৰ মাজেদিয়াই ৰচিত এই পুথিসমূহৰ জৰিয়তেও অসমীয়া লিপি বিকশিত হয়৷ তদানীন্তন সময়ছোৱাত টাই বা আহোম লিপিৰ লগতে ফাৰ্ছী আৰু আৰবী লিপিও অসমত প্ৰচলন আছিল৷ আহোম লিপিক অশমাক্ষৰ বা আশামাক্ষৰ বা আচামাক্ষৰ বা আসামাক্ষৰ বুলিও কোৱা দেখা যায়। আনহাতে এই লিপিসমূহৰ পৰা অসমীয়া লিপি যে পৃথক সেই কথা বুজাবলৈ অসমীয়া লিপিক (হাতেলিখা পুথিৰ আখৰক) ‘‘হেন্দুৱান’’ বা ‘‘হিন্দুঅক্ষৰ’’ বুলি নামকৰণ কৰাৰ কথা মহেশ্বৰ নেওগে উল্লেখ কৰি গৈছে৷ (Neog, 1981, p.109) মধ্যযুগীয় অসমীয়া হাতেলিখা পুথিসমূহৰ বিশ্লেষণ কৰিলে তাৰ মাজতে অসমীয়া লিপি শৈলীৰ ভিন্নতা লক্ষ্য কৰা যায়৷ এই বিষয়ে পোনপ্ৰথমে আলোচনাত প্ৰবৃত হোৱা দেখা যায় হেমচন্দ্ৰ গোস্বামীক৷

হেমচন্দ্ৰ গোস্বামীয়ে ১৯১২ চনত তদানীন্তন সময়ৰ অসমৰ মুখ্য আয়ুক্ত চাৰ আৰ্চডেল আৰ্লৰ নিৰ্দেশত অসমৰ বহু পুৰণি পুথি সংগ্ৰহ কৰে আৰু ১৯১৪ চনত সেই পুথিসমূহৰ এখন তালিকা তথা বিৱৰণ লিপিবদ্ধ কৰি শেষ কৰে৷ কিন্তু পুথিখন প্ৰকাশৰ পূৰ্বে ১৯২৮ চনত তেওঁ ইহলীলা সম্বৰণ কৰে৷ পৰৱৰ্তী সময়ত তদানীন্তন কালৰ অসম চৰকাৰৰ ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ হৈ কলিকতা বিশ্ববিদ্যালয়ে ‘‘Descriptive Catalogue of Assamese Manuscripts’’ (1930) (Reg. 168B.-March, 1930A) নামেৰে এই পুথিখন প্ৰকাশ কৰে৷ সূৰ্য্য কুমাৰ ভঞাই সেই সময়ত অবৈতনিকভাৱে বিভাগটোৰ সহকাৰী সঞ্চালক পদত আছিল আৰু তেওঁ পুথিখনৰ ‘‘পাতনি’’ আৰু ‘‘A Note on Assamese Manuscript’’ শীৰ্ষক এটা লেখাও অন্তৰ্ভুক্ত কৰিছে৷ পুথিখনত প্ৰায় ২৩৩খন পুৰণি পুথিৰ (অসমীয়া ১৫৬ আৰু সংস্কৃত ৭৭, অৱশ্যে সংস্কৃত ভাষাত লিখা পুথিসমূহৰ ভাষা অসমীয়া) সবিশেষ সন্নিৱিষ্ট কৰিছে৷ ‘‘নিৰ্ঘণ্ট’’ত তেওঁ ৬৫খন পুথিৰ আখৰৰ শৈলী নিৰূপণ কৰিছে এনেদৰে— আহোম – ২, বামুণীয়া – ১৩, গড়গঞা – ৩৭, কায়থেলী – ৭, লহকৰী – ৫ আৰু হৰিদেৱী – ১৷ (p. 271) (অৱশ্যে এই সংখ্যাত কিছু গড়মিল আছে) মন কৰিবলগীয়া যে ইয়াত গোস্বামীয়ে ‘‘হৰিদেৱী’’ নামৰ অসমীয়া লিপিৰ শৈলী এটাৰ কথাও কৈছে৷ নিৰ্ঘণ্টতে উল্লেখ কৰা মতে এই পুথিখন কিতাপখনৰ ক্ৰমিক নং ৭৬ত তথ্যভুক্ত হৈছে আৰু সেইখন হ’ল হৰিদেৱৰ শিষ্য তথা হৰি মিশ্ৰৰ পুত্ৰ ভাগৱত আচাৰ্যই লিখা ‘‘কথা সূত্ৰ’’৷ কিন্তু গোস্বামীৰ কিতাপখনত ৯০-৯১ পৃষ্ঠাত সংকলিত হোৱা পুথিখনৰ আলোচনাত ‘‘হৰিদেৱী’’ শৈলীটোৰ কথা উল্লেখ নাই৷ ঠিক সেইদৰে কায়থেলী আৰু লহকৰী শৈলী দুটা যে সমপৰ্যায়ৰ সেই কথাও তেওঁ উল্লেখ কৰি থৈ গৈছে৷ এই সম্পৰ্কে সূৰ্য্যখড়ী দৈৱজ্ঞৰ ‘‘দৰং ৰাজবংশাৱলী’’ পুথিখনৰ বিষয়ে আলোচনা কৰাৰ প্ৰসংগত তেওঁ লিখি থৈ গৈছে —

The language of the puthi is metrical Assamese… …The puthi is written in Kaithali cheracters which is known also as “Lahkari” Cheracter. The writtings can hardly be regarded as the best specimens of “Lahkari” cheracters as seen in different part of Assam. (p.179)

এই পুথিখনৰ ‘‘A Note on Assamese Manuscript” অংশটোত সূৰ্য্য কুমাৰ ভূঞাইও স্পষ্টভাৱে কৈছে যে,

There are several schools of Assamese script, viz., Gargaiyān, Bāmuniā, Lahkari and Kāithāli, but their distinctions have not been closely studies, and they have a tendency now to merge into one another, thus, more or less, producing a common script, which has further been accelerated by the uniformity of the printing press. (p. xviii)

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, এই কথাখিনি সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ ‘‘অসমীয়া লিপিতত্ত্ব অধ্যয়ন’’ (২০১৩) পুথিখনতো সংকলিত কৰি লিখকে মত পোষণ কৰিছে যে — ‘‘কায়থেলী আৰু লহকৰীৰ মাজত পোৱা এনে সামান্য প্ৰভেদৰ প্ৰতি লক্ষ্য ৰাখি হাতে লেখা পুথিৰ লিপিক গড়গঞা, বামুণীয়া আৰু কায়থেলীত বিভক্ত কৰাটো যুক্তিযুক্ত৷ বিশেষকৈ আলোচকসকলৰ মাজতো দুয়োটা নামৰ ভিতৰত ‘কায়থেলী’ নামটো অধিক সমাদৃত হোৱা দেখা গৈছে৷’’ (পৃ. ৫৭-৫৮) এই তিনিওটা লিখনশৈলীৰ কিছুমান বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়, তলত সেয়া আলোচনা কৰা হ’ল৷

ক) গড়গঞা শৈলীৰ লিপি: গড়গঞা শৈলীৰ লিপি নামকৰণটো ভৌগোলিক৷ আহোম স্বৰ্গদেউসকলৰ ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি বিকশিত হোৱা বাবেই এই লিখন শৈলীটোৰ নাম গড়গঞা হৈছে। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে স্পষ্টভাৱে কৈছে– “আহোম ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগীৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা৷” (১৯৮৭, পৃ. ৫১২) মহেশ্বৰ নেওগে সৰ্বেশ্বৰ কটকীৰ ‘‘অসমীয়া প্ৰাচীন লিপি’’ (১৯৭৯)ৰ দ্বিতীয় তাঙৰণৰ পাতনিত গড়গঞা শৈলীৰ লিপিৰ গঢ় বৰ সৰল আৰু নিৰলংকাৰ বুলি উল্লেখ কৰি গৈছে৷ (পৃ. ৭) ঠিক সেইদৰে লীলা গগৈয়ে ‘‘সাহিত্য-সংস্কৃতি-বুৰঞ্জী’’ (১৯৭২) গ্ৰন্থত উল্লেখ কৰি গৈছে যে— ‘‘ৰজাই ‘লেখাৰু’ নামে এটা খেলক লিপিকাৰক হিচাপে নিযুক্তি দিয়াত আৰু এনে লেখাৰুয়ে পুথিবোৰ লিখা বাবে আখৰবোৰ ধুনিয়া আৰু একে গঢ়ৰ৷ কেইটামান সংযুক্তাক্ষৰ, ঠ, ন, ল আদি কেইটামান বৰ্ণৰ বাহিৰে বাকীবোৰ অসমীয়া বৰ্ণৰ গঢ় আধুনিক লিপিৰ আৰ্হিৰ লগত মিলে৷’’ (পৃ. ৫৭)

আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত সৃষ্ট বুৰঞ্জীসমূহ প্ৰথমতে আহোম ভাষা আৰু টাই লিপিত লিখা হৈছিল৷ পৰৱৰ্তী সময়ত বুৰঞ্জীসমূহো অসমীয়া ভাষা আৰু লিপিত লিখিবলৈ ল’লে৷ অৱশ্যে মন কৰিবলগীয়া যে গড়গঞা শৈলীৰ লিপিৰে যে কেৱল বুৰঞ্জীয়েই লিখা হৈছিল তেনে নহয়৷ ইয়াৰ প্ৰমাণ হেমচন্দ্ৰ গোস্বামীৰ কিতাপখনতে বিদ্যমান৷ তাতে সংকলিত হোৱা বহু কেইখন কাব্য-মহাকাব্য গড়গঞা শৈলীত লিখা হৈছিল বুলি তেওঁ উল্লেখ কৰি গৈছে৷ আনহাতে পাছৰ কালত বহুতো বুৰঞ্জী আহোম ভাষাৰপৰা অসমীয়ালৈ অনুবাদ বা ভাষান্তৰ কৰা হৈছিল৷ এনে কৰাৰ ফলত আহোম ভাষা আৰু লিপিৰ প্ৰভাৱ লেখক অথবা লিপিকৰৰ ওপৰত পৰাটো স্বাভাৱিক৷ মহেন্দ্ৰ বৰাইও গড়গঞা শৈলীত লিখা ‘ণ’ লিপিত টাই লিপিৰ প্ৰভাৱ লক্ষ্য কৰিছে আৰু এই লিপিৰ গঢ় স্পষ্ট আৰু সৰল কিন্তু শব্দগোটৰ বিভাজন দেখা নাযায় বুলি মন্তব্য আগবঢ়াইছে৷ (Bora, 1981, p.54) এই আলোচনাৰ পৰা ধাৰণা কৰিব পাৰি যে — টাই লিপিৰ প্ৰভাৱ পুষ্ট নিৰলংকাৰ গোট গোট লিপিয়ে ‘‘গড়গঞা’’৷ এই শৈলীটোৰ অ, আ, ই, ঈ প্ৰায় আধুনিক গঢ়ৰ আৰু আখৰৰ কোণ আৰু বক্ৰৰেখা স্পষ্টৰূপে পৰিচিহ্নিত৷ (শৰ্মা, ১৯৮৭, পৃ. ৫১২)

খ) কাইথেলী শৈলীৰ লিপি: ভাৰতবৰ্ষত অতীজৰে পৰা কায়স্থসকল লেখন কৰ্মৰ সৈতে সংযুক্ত হৈ তথ্য বহুতো পোৱা যায়৷ অসমতো কায়স্থসকলে পুথি ৰচনা, নকল তথা হিচাপ-পত্ৰ ৰাখিবৰ কাৰণে অসমীয়া লিপি ব্যৱহাৰ কৰি এক পৃথক শৈলীৰ সৃষ্টি কৰিছিল৷ এই শৈলীটোৰ নামেই কাইথেলী শৈলীৰ অসমীয়া লিপি৷ মন কৰিবলগীয়া যে এই নামকৰণটো এক বিশেষ সম্প্ৰদায়ক ভিত্তি কৰিহে সৃষ্টি হৈছে, গড়গঞাৰ শৈলী দৰে ভৌগোলিক নামকৰণ নহয়৷ হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ পুথিখনত উল্লেখ থকা হাতেলিখা পুথিসমূহৰ ‘‘হস্তীবিদ্যাৰ্ণৱ’’, ‘‘দৰং ৰাজবংশাৱলী’’, ‘‘গুণমালা’’, ৰামচৰণ ঠাকুৰৰ ‘‘শংকৰ চৰিত’’ (৩য় ভাগ), ‘‘দাতা কৰ্ণ’’ আদি কাইথেলী শৈলীত লিখা৷ ইয়াৰ উপৰি এই শৈলীত লিখা কেইখনমান পুথি হ’ল— ‘‘ধৰ্মপুৰাণ’’, ‘‘শঙ্খচূড় বধ’’, ‘‘ব্ৰহ্মবৈৱৰ্ত পুৰাণ’’, ‘‘কিতাবৎ মঞ্জৰী’’ আদি৷ কেতিয়াবা কেতিয়াবা পুথি নকলকাৰে বামুণীয়া শৈলীৰ লিপিৰ সংমিশ্ৰণ ঘটোৱাও দেখা যায়৷ এই শৈলীৰ আখৰৰ কিছু বিশেষ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ পণ্ডিতসকলে কোৱা এই বৈশিষ্ট্যসমূহ এনেধৰণৰ —

অ) পাকৰ সংখ্যা অলপ বেছি হ’লেও এইবিধ আখৰ মুকুতা যেন ফটফটীয়া৷ (শৰ্মা, ১৯৬৩, পৃ. ৩৩)

আ) কাইথেলী অংকৰ যাদুকৰ দণ্ডীৰাম দত্তৰ মতে— এই লিপিত লিখা শাৰীবোৰ সমান সমান৷ আখৰবোৰ দীঘল-চুটি হ’ব নোৱাৰে আৰু শাৰী বৰ ঘনো নহয়-পাতলো নহয়৷ (উদ্ধৃত. দাস, ১৯৯৭, পৃ.১৭৫-১৭৬)

ই) এই লিপিভংগীত আখৰৰ ওপৰৰ টিকনিডাল (উ, ট, ঠ ইত্যাদিত) আৰু তলৰ ৰেখা বা ডাঁৰডালত সোঁফালৰ লম্ব ডাঁৰডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়৷ (শৰ্মা, ১৯৮৭, পৃ. ৫১২)

ঈ) আখৰৰ কোণবোৰ স্পষ্ট৷শব্দবোৰ সাধাৰণতে (ব্যতিক্ৰম নোহোৱা নহয়) একে লানিতে লিখি যোৱা, পৰিচ্ছিন্নভাৱে পৃথক কৰি দেখুওৱা নহয়৷ (শৰ্মা, ১৯৮৭, পৃ. ৫১২)

গ) বামুণীয়া শৈলীৰ লিপি: এই লিপি শৈলীটোৰ নামকৰণেই বোধ জন্মায় যে ই মূলতঃ ব্ৰাহ্মণ সম্প্ৰদায়ৰ মাজত প্ৰচলিত লিপি শৈলী৷ ‘‘মধ্য যুগত অসমত বৰ্তি থকা প্ৰচুৰ সংখ্যক সংস্কৃত টোলক মধ্যমণি হিচাপে লৈ পুথি-পাঁজি ৰচনা আৰু নকল কৰাৰ যি ৰীতি প্ৰচলিত হৈছিল তাৰে পৰিণতিত বামুণীয়া লিপিৰ জন্ম হয়৷ গীতা-ভাগৱত প্ৰমুখ্যে ধৰ্ম-গ্ৰন্থ, নীতি-শাস্ত্ৰ, কাব্য, ব্যাকৰণ, জ্যোতিষ, বিবিধ পূজা-পাৰ্বন তথা শ্ৰাদ্ধৰ বিধি আদি এই লিপিত ৰচিত হৈছিল৷’’ (ভট্টাচাৰ্য্য, ২০১৩, পৃ. ৫৯) উল্লেখযোগ্য যে সত্ৰসমূহত লিখা পুথিসমূহতো এই শৈলীটোৰ প্ৰয়োগ দেখা যায়৷ সত্যেন্দ্ৰনাথ শৰ্মাই কৈ গৈছে— ‘‘অ আ সাধাৰণতে দেৱনাগৰী গঢ়ৰ, দ আখৰো দেৱনাগৰীৰ কাষ চপা, ঠ-ৰ ওপৰৰ টিকনি ডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমি ফালে টিকনি এডাল আগবাঢ়ি যায়৷ ক, গ, ট, প, হ আদিৰ আকাৰ যৎসামান্য পৃথক৷ কোণবোৰ কাইথেলীৰ দৰে তীক্ষ্ণ বা স্পষ্ট নহয়৷ ল-টো সাধাৰণতে শুৰডাল তললৈ নামি অহা ণ-ৰ দৰে৷” (শৰ্মা, ১৯৮৭, পৃ. ৫১১) এই বক্তব্যৰ পৰা এটা কথা স্পষ্টৰূপত জানিব পাৰি যে এই লিপি শৈলীত দেৱনাগৰী লিপিৰ প্ৰভাৱ বহু আছে আৰু লিপিৰ সমীক্ষকসকলেও এই কথা মানি লৈছে৷

হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ পুথিখনত বামুণীয়া শৈলীত লিখা পুথিৰ ভিতৰত উল্লেখ কৰিছে— ‘‘অন্নপূৰ্ণাৰ পূজাবিধি’’, শংকৰদেৱৰ ‘‘ভক্তি-ৰত্নাকৰ’’ৰ নকল (১৮৮৩ চনত কৰা), ‘‘জ্যোতিষ মুক্তাৱলী’’, ‘‘মনু সংহিতা’’ৰ নকল আদি৷ অসম চৰকাৰৰ ‘‘বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ’’ত সংৰক্ষিত শ্ৰীধৰ স্বামীকৃত ‘‘শ্ৰীমদ্ভাগৱত গীতাৰ সুবোধিনী টীকা’’ পুথিখনৰ আখৰ বামুণীয়া শৈলীৰ৷ ঠিক সেইদৰে সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গ্ৰন্থাগাৰত সংৰক্ষিত (পুথি নং ১৭৬) ‘‘ভক্তি-ৰত্নাৱলী’’ৰ আখৰক মহেন্দ্ৰ বৰাই বামুণীয়া শৈলীৰ বুলি অভিহিত কৰিছে৷ (Bora, 1981, p. 65)

এই তিনিটা প্ৰকৃততে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলীহে৷ সেই বাবেই সত্যেন্দ্ৰনাথ শৰ্মাই মত আগবঢ়াইছিল— ‘‘দৰাচলতে কায়থেলী, বামুণীয়া আৰু গঢ়গঞাৰ শ্ৰেণীভেদ উপৰুৱা৷ এই তিনিটাক স্বতন্ত্ৰ লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখনভংগীহে বুলি কোৱা অধিক সংগত৷’’ (শৰ্মা, ১৯৮৭, পৃ. ৫১২) পৰৱৰ্তী সময়ত এই তিনিওটা শৈলী সানমিহলি হৈছে৷ মূলতঃ নকলকাৰজন কোন ঠাইৰ সেই কথাই প্ৰাধান্য লাভ কৰে৷ নাৰায়ণ দাসে এই তিনিটা শৈলীৰ পৰিৱৰ্তে অসমীয়া লিপিক— ৰাজকীয় (ৰাজ পৃষ্ঠপোষকতাত লিখা পুথি, য’ত আখৰৰ গঢ় সুগঢ়ী আৰু অলংকৃত) আৰু ব্যক্তিগত (ব্যক্তিবিশেষৰ নিজস্ব লিখনি, যাৰ বাবে দ্ৰুত লেখনি চালনা আৰু অপৰিপক্কতাৰ বাবে অলংকাৰ বৰ্জিত হৈছে) বুলি ভাগ কৰি এই সময়ছোৱাক ‘‘চূড়ান্ত বিকাশৰ কাল’’ (Final Development) আৰু আনহাতে ‘‘প্ৰোজ্জ্বলকৰণৰ কাল’’ (Period of Crystallization) বুলি অভিহিত কৰিছে৷ (দাস, ১৯৯৭, পৃ. ১৭৮-১৭৯)

(ক্ৰমশঃ)…………….

সহায়ক গ্ৰন্থপঞ্জী

অসমীয়া গ্ৰন্থ
কটকী, সৰ্বেশ্বৰ (১৯৭৯); “অসমীয়া প্ৰাচীন লিপি”; গুৱাহাটী : মণিমাণিক প্ৰকাশন৷
গোস্বামী, উপেন্দ্ৰ নাথ (১৯৮৭); “অসমীয়া লিপি”; গুৱাহাটী : অসম প্ৰকাশন পৰিষদ৷
চৌধুৰী, সোণাৰাম (১৯৩১); “অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতিৰ অভিভাষণ”; শিৱসাগৰ : অসম সাহিত্য সভা৷
দাস, নাৰায়ণ (১৯৯৭); “বিশ্বলিপিৰ ভূমিকা”; গুৱাহাটী : ডেকা পাবলিকেচনচ৷
নেওগ, মহেশ্বৰ (সম্পাঃ) (১৯৭৪); “প্ৰাচ্য-শাসনাৱলী”; গুৱাহাটী : অসম প্ৰকাশন পৰিষদ৷
নেওগ, মহেশ্বৰ (১৯৮৭); “অসমীয়া সাহিত্যৰ ৰূপৰেখা”; গুৱাহাটী : চন্দ্ৰ প্ৰকাশ৷
নেওগ, ডিম্বেশ্বৰ (১৯৫৭); “অসমীয়া সাহিত্যৰ ইতিহাস”; গুৱাহাটী : শুৱনী প্ৰকাশ৷
ভট্টাচাৰ্য্য, পদ্মনাভ (১৯৩১); “কামরূপশাসনাবলী”; রংপুর : রংপুর সাহিত্য পরিষৎ৷
ভট্টাচাৰ্য্য, সতীশ চন্দ্ৰ (২০১৩); “অসমীয়া লিপিতত্ত্ব অধ্যয়ন”; গুৱাহাটী : চন্দ্ৰ প্ৰকাশ৷
শৰ্মা, বেণুধৰ (১৯৬৩); “দুণৰি”; গুৱাহাটী৷
শৰ্মা, সত্যেন্দ্ৰ নাথ (১৯৮৭); “অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত”; গুৱাহাটী : সৌমাৰ প্ৰকাশ৷
হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); ‘‘অসমীয়া লিপিৰ বুৰঞ্জীৰ চমু আভাস’’; ব্ৰহ্ম, শোভাৰ মুখ্য সম্পাঃত প্ৰকাশিত “অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড)” (পৃ.২১০-২২৫); গুৱাহাটী : এবিলাক৷

ইংৰাজী গ্ৰন্থ
Bora, M (1981). “The Evolution of Assamese Script: Bāgmibar Nilmoni Phukan Lectures”. Jorhat: Asam Sahitya Sabha.
Choudhury. P.C. (1966). “The History of Civilization of the people of Assam to the Twelfth Centaury AD”. Gauhati: Dept. of Historical and Antiquarian Studies in Assam.
Choudhury, P.C. (1961). “A Catalogue of Sanskrit Manuscripts at the DHAS”. Gauhati: Dept. of Historical and Antiquarian Studies in Assam.
Goswami. H. C. (1930). “Descriptive Catalogue of Assamese Manuscripts”. Culcutta: University of Culcutta.
Neog, D, (1964). “Growth of the Asamiyā Language Development of the Asamiya Script Pre-Historic and Historic Asam”. Guwahati: Xuwani Prakash.
Neog, M (1981). “Tradition and Style”. Jorhat: Asam Sahitya Sabha.
Sharma M. M. (1978). “Inscriptions of Ancient Assam”. Guwahati: Gauhati University.
Verma, T. P. (1976). “Development of Script in Ancient Kamarupa”. Jorhat: Asam Sahitya Sabha.

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
jagadish chandra sarma
11 months ago

সমাজত থকা কুসংস্কাৰ , অন্ধবিশ্বাস , বিজ্ঞানমনস্ক দৃষ্টিভংগীৰে আৰু বৌদ্ধিক বিকাশৰ বাবে আপোনাসৱৰ লিখনিয়ে সমাজত বাৰুকৈয়ে প্ৰভাৱ পেলাব বুলি আশা কৰিলো , ধন্যবাদ ।

Don`t copy text!