তাহানিৰ খেলৰ খবৰবোৰ আৰু বাতৰি কাকতৰ শেষ পৃষ্ঠা

লেখক- দিব্যজ্যোতি চুটিয়া

আগতে জৰ্জ ফৰমেন, হলিফিল্দ, ব্ৰুনো, লিনাক্স লুইস আৰু মাইক টাইছনৰ নামবোৰ বাতৰি কাকতৰ শিৰোনামত আছিল। মাইক টাইছনে কৰা নকআউটবোৰ, ডগলাছৰ হাতত মাইক টাইছনৰ পৰাজয় আদি কোটিটকীয়া খেলবোৰ নেদেখিলেও অনুমান কৰিব পাৰিছিলোঁ। দুৰদৰ্শনৰ বাতৰিটোত ৰোমান্সকৰ খেলবোৰৰ বিৱৰণহে দিছিল মাত্ৰ। যেনেবৰদলৈ আৰু যোৰহাটৰ এটিপিএ ট্ৰফী। অসম পুলিচ বনাম নাগালেণ্ড পুলিচৰ খেল হলে কথাই নাই, সাংঘাতিক উত্তেজনা হয়। বাতৰিবোৰৰ পৰিবেশন অতিকৈ উন্নত, কলাত্মক আৰু সুন্দৰ আছিল। লগতে গুৱাহাটীৰ মহাৰাণা ক্লাব, ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘ, অইল ইণ্ডিয়া আদিৰ খেলবোৰৰ বাতৰিও কিছু খেল চাইছিলো, কিন্ত বেছিভাগৰ কথা কাকতৰ যোগেদিয়েই গম পাইছিলোঁ। লন টেনিসৰ গ্ৰেণ্ড শ্লেমৰ প্ৰতিযোগিতাবোৰ আৰু মাৰ্টিনা নৱৰাটিলোভা, ষ্টেফিগ্ৰাফ, ইভান লেন্দল, চাবাটিনিয়ে উইম্বলডনত দপদপাই থকা মুহূৰ্তবোৰ কোনে পাহৰিব! আগতে বাতৰি কাকতখন পঢ়িলেই খেলবোৰ চোৱা যেন লাগে। ইমান সুন্দৰকৈ লিখে! সৰুতে আমিবোৰে সদায়ে বাতৰি পঢ়িছিলোঁ আৰু পৰম আগ্ৰহৰে ৰৈ থাকিছিলোঁ মৰমৰ বাতৰি কাকতখনলৈ। 

আজিকালি খেলৰ বাতৰি ইমান পঢ়া নাযায়, কাৰণ প্ৰায় সকলো খেলেই দুৰদৰ্শনৰ মাধ্যমেৰে চাবপৰাকৈ উপলব্ধ হয়। তদুপৰি সকলো নতুন পুৰণি খেলৰ সংৰক্ষণেই আছে ইউটিউবত। তেনে কিছুমান পুৰণি খেল চাওঁতেই সৰুতে পঢ়া বাতৰি কাকতৰ শেষৰ পৃষ্ঠালৈ হঠাৎ মনত পৰি গল। কিন্তু কিছুমান খেলৰ বিষয়ে আগতে যেনেকৈ জানিছিলোঁ, এতিয়া নাজানো তেনেকৈ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!