কথাৰ কথা
লেখক-অন্বেষী বৰা
কথাবোৰ হয়তো ক’বৰ বাবেই।
কথাত কথা বাঢ়ে,
কথাবোৰে ৰং আৰু ৰূপ সলায়,
সেই বুলিয়েই নক’মনে কথা?
কথাবোৰ চুবুৰিৰ পৰা কোনোবা ধুবুৰী পায়গৈ।
চুবুৰিৰ মেলত কথাৰ জোঁৱাৰ উঠে,
সেন্দূৰ, তোলনি বিয়া, মাহেকীয়া
বৰ সুন্দৰ, বৰ সুন্দৰ!
আপোনাৰ কথাবোৰ মোৰ মনঃপুত নহ’ব পাৰে,
মোৰ কথাবোৰ হয়তো আপোনাৰ।
এই মনঃপুত নোহোৱা কাৰবাৰটোৱে কিন্তু কথাবোৰ ৰসাল কৰে,
আপুনি থেকেচি-নেকেচি পখালিব পাৰে মোক,
অথবা মই আপোনাক।
সমাজৰ মাৰ্কেটত এতিয়া কি চলিছে?
জাত-পাত, সাহিত্য-সভা, ৰঙা-স্কুটি।
বৰ ভাল, বৰ ভাল!
দেশৰ খবৰ কি, ভাই?
সেই একেই
জাত-পাত, জি.এচ.টি, লাল সিং চাড্ডা।
নক’লোঁনে আপোনাক?
কথাবোৰ বতাহত ওপঙি ফুৰে।
কিছুমান ওপঙি ওপঙি হেৰাই যায়,
কিছুমান বিয়পি যায়।
বিয়পি যোৱা কোনোটোৱে সুগন্ধি দি যায়,
কোনোটোৱে গেলা মৰাশৰ দুৰ্গন্ধ বিলায়।
কথাবোৰ কেৱল কথাই নহয়,
কিছুমান কথা ৰুদ্ধদ্বাৰৰ চাবি-কাঠী।
মেক্সিক’ৰ হাবিয়ে-বনে
কোনো অৰণ্য-সন্তানে হাতত গুজি ল’ব,
এনে একোচা চাবি-কাঠী।
এনে একোচা চাবি-কাঠী লৈয়ে অখ্যাত গাঁৱৰ কোনোবাজনীয়ে
ডিঙিত ওলোমায় দেশৰ গৌৰৱ।
ওপঙি ৰোৱা কথাবোৰে এওঁলোকক চুব নোখোজে,
এওঁলোকে জানে,
সকলো কথাই কেৱল কথা নহয়।।