সম্ভৱতঃ
লেখক- যশোৱন্ত নিপুণ
সম্ভৱতঃ
আপুনি নীৰৱতাৰ সময়বোৰ হেৰুৱাই পেলাইছিল,
আৰু নিঃসংগতাৰ সেউজীয়া পথাৰৰ বাটটো
বিস্মৃতিৰ লতাবোৰে আবৰি ধৰিছিল।
আৰু এনেকৈয়ে আপুনি
আপোনাৰ স’তে মুখামুখি হ’বলৈ পাহৰি গৈছিল।
সম্ভৱতঃ
শেষ নোহোৱা হেজাৰ পথৰ
অলিয়ে–গলিয়ে অহৰ্নিশে কিবা বিচাৰি বিচাৰি
আপোনাকেই ক’ৰবাত হেৰুৱাই থৈ আহিছিল আপুনি।
হয়তো সংখ্যাবোৰ আপোনাৰ ইমানেই প্ৰিয় হ’ল যে
যোগ–বিয়োগ পূৰণ–হৰণৰ সাঁথৰবোৰে আপোনাক
ক্ৰমাৎ এটা শূন্যলৈ ৰূপান্তৰিত কৰি আনিছিল কেতিয়াবাই।
সম্ভৱতঃ
আপুনি জীৱনক ইমানেই ভাল পালে যে
সোণৰ প্ৰকোষ্ঠ এটাত দিনবোৰ সজাই থাকোঁতেই
মাহ–বছৰবোৰ পাৰ হৈ গৈছিল আৰু
আপুনি কেতিয়াও জীয়াই থকাই নাছিল।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments