দৈনন্দিন

লেখক- বিদ্যুৎ গগৈ

ঘৈণীয়েকে বলকি থকা কথাবোৰ বেকগ্ৰাউণ্ড মিউজিক হেন হৈ বাজি আছিল। স্বাভাৱিকতে সদায়ে কৰাৰ দৰেই গগৈয়ে হয় হয় বুলি এনেয়ে শলাগি থৈ তেওঁৰ কথালৈ কাণ নিদি টেলিভিছনৰ তথাকথিত ডিবেট শ্ব’ এটাত লাগি থকা কুকুৰ-মেকুৰীৰ যুঁজৰ দৰে কাজিয়া এখনৰ মজা লৈ আছিল। চকুৰ পচাৰতে তৰ্কযুদ্ধ গৈ হতাহতিলৈ পৰ্যবসিত হোৱাৰ উপক্ৰম ঘটিল আৰু ডিবেটত অংশ লোৱা এজনে দেখোন হঠাৎ মাইক চাইক কাণৰ পৰা দলিয়াই থৈ খঙত একো নাই হৈ ষ্টুডিঅৰ পৰা প্ৰস্থান কৰিলে। প্ৰচণ্ড বিৰক্তিৰে টিভিটো বন্ধ কৰি গগৈয়ে অনুভৱ কৰিলে যে ঘৈণীয়েক কোঠাটোত নাই, ভিতৰৰ কোঠাকেইটাতো নাই! তেওঁক কিনো কৈ আছিল বাৰু ঘৈণীয়েকে! বেক্ গ্ৰাউণ্ড কনচাৰ্ট বন্ধ কৰি ক’ত অন্তৰ্ধান হ’ল মানুহজনী হঠাৎ! তেওঁলোকৰ চুবুৰীলৈ নতুনকৈ অহা বৰুৱানীৰ লগত লেকচাৰ মাৰিবলৈ গুচি যোৱা নাইতো!

ঘৰৰ সীমাৰ গেটখনৰ ফালে শব্দ এটা শুনি বাৰাণ্ডালৈ ওলাই গৈ গগৈয়ে তেওঁৰ চুটি ডিঙিটো যিমান পাৰে দীঘলকৈ মেলি চালে। সেইফালে আন্ধাৰ। নাতিদূৰৰ ষ্ট্ৰীট লাইটৰ অনুজ্জ্বল পোহৰত অস্পষ্টকৈ এটা নাৰীমূৰ্তি আৰু এজন পুৰুষৰ ছায়া তেওঁৰ দৃষ্টিগোচৰ হ’ল। দুয়ো নিম্নস্বৰত কিবা কথা-বাৰ্তা পতা শুনি তেওঁ ঘৰৰ পৰা ওলাই আগবাঢ়ি যায় মানে মানুহজন বাইকত উঠি তীব্ৰ গতিত আঁতৰি গ’ল। তেওঁৰ গা চেবালে। কি হৈছে! হেন সময়তে হাতত কিবা টোপোলা এটা লৈ তেওঁৰ নিজৰে মানুহজনী খৰধৰকৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল।
“কথা নাই বতৰা নাই, ক’ত গৈছিলা হে’? বৰুৱানীৰ লগতে আড্ডা মাৰি আছিলা চাগে।”
“নাই, বৰুৱানী ঘৰত নাই। বজাৰলৈ গৈছে। বৰুৱাহে অকলে বহি আছিল। তেওঁৰ লগতে বহি আড্ডা মাৰি আছিলোঁ। তেওঁ নিজ হাতেৰে চাহ কৰিও খুৱালে।” গগৈৰ ঘৈণীয়েকে ভিতৰৰ পৰা যেন খুব আনন্দেৰে ক’লে।
গগৈৰ মুখখন ক’লা পৰি গ’ল।
“এই বৰুৱা মানুহটোৰ বিষয়ে মই বৰ ভাল ৰিপোৰ্ট পোৱা নাই দেই! অলপ গণ্ডগোলীয়া চৰিত্ৰৰ মানু্হ কিন্তু। আৰু মোক ঘৰত থৈ মনে মনে গৈ সেই বদমাচ মানুহটোৰ লগত অকলে বহি চাহ খাই আড্ডা মাৰিছাগৈ!” খং আৰু ঈৰ্ষাত গগৈৰ বুকুখন মোচৰ খাই উঠিল।

গগৈয়ে ঘৈণীয়েকক এনেয়ে যথেষ্ট ভাল পায়। প্ৰেম বিবাহেই হৈছিল তেওঁলোকৰ। ল’ৰা ছোৱালী দুয়োটাই বাহিৰত পঢ়া শুনা কৰি আছে। দুয়ো মিঞা-বিবি এতিয়া পিছে ঘৰতে। বহুদিনৰ মূৰত কলেজীয়া দিনৰ দৰেই আকৌ এবাৰ আপোন মানুহজনীৰ প্ৰতি গগৈৰ পজেচিভনেছ প্ৰকট হৈ পৰিল।

“আপোনাৰ দেখোন মোৰ সৈতে বহি কথা এষাৰ পাতিবলৈকে সময় নাই! ঘৰত থাকিলে টিভিৰ নিউজ, ক্ৰিকেট আৰু খবৰকাগজ-আলোচনী সোপা লৈয়ে ব্যস্ত দেখোন! এতিয়া কোনোবাই যদি মোৰ লগত কথা পাতি ভাল পায়, মইনো কি কৰোঁ!” বৰুৱানীৰ মাতষাৰ ভাহি আহিল।
গগৈৰ সঁচাকৈ টেমাটো অলপ গৰম হৈ আহিছিল। এওঁৰ তেৱৰ আজি বেচি হৈছে দেখোন! বেয়াকৈ চিঞৰি ঘৈণীয়েকক কিবা গালি এষাৰ দিব খোজোঁতেই ঘৈণীয়েকে ট্ৰে এখনত চাহ আৰু অলপ আগতে হাতত যিটো টোপোলা লৈ ঘৰত সোমাইছিলহি সেইটো আনি ডাইনিং টেবুলত থ’লেহি।
“খাওক।” ঘৈণীয়েকে মুখ টিপি হাঁহি ক’লে।
“কি এয়া?”
“শিৱসাগৰৰ সাহিত্য সভাত বিতৰ্ক হোৱা বস্তুটো আকৌ! স্নেহলতা ধাবাৰ পৰা অনাইছোঁ!”
ঘৈণীয়েকে ভাল ঠগিলে আজি। তেওঁ বৰুৱাহঁতৰ ঘৰলৈ যোৱা বুলি মিছাকৈয়ে ক’লে। গগৈ লাজতে ৰঙা পৰিল। “ছুইগী” লৈ কাট খোৱা অংকটো বেংকৰ পৰা অহা মেছেজটোত তেওঁ ইতিমধ্যে দেখা পাইছিল।
“মোৰো খাবলৈ হেঁপাহ জাগি আছিল। এবছৰ মানেই হল কিজানি নোখোৱা!”
গগৈয়ে পেটৰ চৰ্বীখিনি হাতেৰে এবাৰ চুই চাই দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি ক’লে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!