আপোন
লেখক- সুনীল দত্ত
আঘোণ গৈ পুহ পালেহি। তথাপি এতিয়ালৈ এইবাৰ ঠাণ্ডাৰ অকণো উমঘামেই নাছিল। অইনবাৰ হোৱা হ’লে এতিয়ালৈ গধূলি ফুৰি আহি জুইৰ গুৰিতেই বহি থাকিলোহেঁতেন। পিছে কালিৰ পৰাহে অলপ ঠাণ্ডা পৰিছে। অলপ মানে ভালকৈয়ে পৰিছে। আজি পেৰাটো খুলি ভিতৰৰ পৰা এৰী চাদৰখন উলিয়াই জাৰি জোকাৰি লৈছিলোঁ। ব্ৰজেনে সৌ তাহানিতেই আনি দিয়া বান্দৰ টুপীটোও উলিয়াই লৈছোঁ। বাৰাণ্ডাৰ চুকটোৰ পৰা লাখুটিডাল হাতত তুলি লৈ পদূলিলৈ ওলালোঁ। এৰীয়া চাদৰখন গাত ভালকৈ মেৰিয়াই লৈ জপনাখন খুলি ৰাস্তাত উঠিলোঁ। দীঘল দীঘল খোজ দি ৰাস্তাৰে আগুৱাবলৈ ধৰিলোঁ। আজি সোনকালে ঘৰলৈ উলটিব লাগিব। কালিও কুঁৱলীৰ বাবে ঘৰলৈ আহোঁতে অসুবিধা পাইছিলোঁ। অলপ দূৰ আগুৱাই ঘৰটো পোৱাৰ লগে লগে কেঁৰাহিকৈ চালোঁ। হয়, আজিও অৰুণিমা বাৰাণ্ডাতেই বহি আছে। ওচৰত ল’ৰাটো। মই নেদেখাৰ ভাওঁ ধৰি বেগাবেগিকৈ আগুৱাবলৈ ধৰিলোঁ। ইমানদিন বাহিৰত আছিল, ভালেই আছিল। এতিয়া দুবছৰ ধৰি ইয়াতেই আছে। তাইৰ কথা কেতিয়াবা মনত পৰিলেও বুকু ডাঠ কৰি চলিব পাৰিছিলোঁ। আগতে তাইলৈ মনত পৰিলেও নিজৰ তথা ব্ৰজেনৰ জেদটোৱে তাইক মনৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছিল। পিছে আজি এমাহ ধৰি বৰ অসুবিধা পাই আছোঁ। মানুহবোৰে মোৰ পিছত কোৱাকুই কৰা বুলি গম পাওঁ। মই গুৰুত্ব নিদিওঁ। কোনেও মোৰ আগত ক’বলৈ সাহস নকৰে। ব্ৰজেনৰ বিয়াৰ সময়ত দুই এজনে অৰুণিমাহঁতক আদৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও মোৰ ধমকিত সকলোৱে তাপ মাৰিলে। ব্ৰজেনেতো তাইৰ নাম শুনিবই নোৱাৰে।
তাইৰ দুবছৰ বয়সতেই বিনীতা আঁতৰি গৈছিল। ব্ৰজেনৰ বয়স তেতিয়া ছবছৰ। বিনীতাৰ ওপৰত ঘৰৰ সমস্ত দায়িত্ব দি মই যোৰহাটত চাকৰি কৰোঁ। মাহেকৰ মূৰত ঘৰলৈ গৈ বেতনৰ এটা অংশ দি অহাতেই মোৰ দায়িত্ব শেষ। টাকিটুকি মানুহজনীয়ে ঘৰখন চলায়। ঘৰলৈ আহিলে সুখখিনি মানুহজনীয়ে ঠিকেই ভগায়, কিন্তু দুখৰ ছিটিকনি এটাও মোৰ গাত পৰিবলৈ নিদিয়ে। বিহুৰ বন্ধত ঘৰলৈ আহিছিলোঁ। মানুহজনীৰ ৰিহা এখন পিন্ধিবলৈ বৰ হেঁপাহ আছিল। সেইবাৰ যাওঁতে ৰিহা এখন লৈ গৈছিলোঁ। আলফুলে ৰিহাখন আলমিৰাত ভৰাই থৈছিল। পিন্ধিবলৈ কওঁতে পিছত পিন্ধিম বুলি মোকেই ভেঁকাহি মাৰি উঠিছিল। ৰাতি শোওঁতে গাটো চুই চাওঁতেই মোৰ হাতখন কোঁচ খাই আহিল, জুইৰ দৰে গাটো তপত। কুটুৰিয়াই কুটুৰিয়াই সোধোতে দুদিনমানৰ পৰা ৰাতি হ’লে গাটো তপত হয়েই বুলি কৈ থ’লে। পিছদিনা ডাক্তৰৰ ওচৰলৈ নিবলৈ ওলাওঁতে মোক ৰঙা চকু দেখুৱালে। জ্বৰ উঠি পৰি থকা নাই নহয়! এইটো বতৰত গা এনেকুৱা হয়েই। নিজে নিজেই ঠিক হৈ যাব। বিহুৰ ছুটি শেষ কৰি যোৰহাট পালোঁ। দুদিন পিছতেই ওচৰৰ বৰুৱাহঁতৰ ঘৰৰ পৰা মাতিলে মোক। ঘৰৰ পৰা ফোন কৰিছে হেনো। বিপদে আপদে লাগিব বুলিয়েই বৰুৱাহঁতৰ ফোন নম্বৰটো ঘৰত দি থৈছিলোঁ। ফোনৰ সিটো মূৰত দূৰ সম্পৰ্কীয় খুলশালী বিনোদ। বিনীতাৰ গা ভাল নহয়, মোক সোনকালে যাবলৈ ক’লে। তাৰ মাতত কান্দোনৰ সুৰ, বাৰে বাৰে সোধোতে সি ফোনটো কাটি দিলে। লগে লগে বাছত উঠিলোঁ।
আবেলি ঘৰৰ ওচৰৰ চাৰিআলিটোত বাছৰ পৰা নামিলোঁ। মানুহবোৰে পদূলিলৈ ওলাই ওলাই মোলৈ চাইছে। গাটো চেবাবলৈ ধৰিলে। আঁতৰৰ পৰাই দেখিলোঁ আমাৰ পদূলিত বিৰ দি বাট নোপোৱা অৱস্থা। কাৰো পিনে নোচোৱাকৈ মই দৌৰিবলৈ ধৰিলোঁ। বিনীতা চোতালতেই আছিল, ঢাৰি এখনত শুই। বগা কাপোৰ এখনেৰে গাটো ঢকা। কিমান সময় মোৰ জ্ঞান নাছিল মই জনা নাছিলোঁ। চকু মেলিয়েই ব্ৰজেনক দেখিছিলোঁ। মোৰ গালত সি তাৰ কণমানি হাত দুখনেৰে চুই আছিল। নিজকে চম্ভালি মই উঠি বহিলোঁ। কোনোবাই অৰুণিমাকো আনি মোৰ ওচৰত দিছিল। বহু কষ্টৰ মূৰকত চিঞৰ এটা মাৰি দুয়োকে সাৱটি ধৰিছিলোঁ মই। সেই যে দুয়োকে সাৱটি ধৰিছিলোঁ, দুয়ো উৰিব নোৱাৰা হোৱালৈকে সাৱটিয়েই থাকিলোঁ। নিউম’নিয়াই মোৰ মানুহজনীক আঁজুৰি নিলে। থৰক বৰক খোজেৰে ভিতৰলৈ সোমাই আলমিৰাটো খুলিলোঁ। ৰিহাখন উলিয়াই আনি বিনীতাৰ গাত আলফুলে মেলি দিলোঁ। কোনোবাই তাইক ৰিহাখন পিন্ধাই দিলে, অনামিকা আঙুলিটোৰে তাইৰ কপালত সেন্দূৰৰ দগমগীয়া ফোঁট এটা আঁকি দিলোঁ। বাঁহৰ চাঙীখনত উঠি বিনীতা যাবলৈ ওলাল, তাই তিলতিলকৈ গঢ়া ঘৰখন এৰি। মোক চাঙীখন কান্ধত তুলিবলৈ নিদিলে। ব্ৰজেনৰ হাতত ধৰি তাইৰ পিছে পিছে ময়ো আগুৱালোঁ। জুই আৰু ধোঁৱাৰ মাজত বিনীতাৰ কায়িক অস্তিত্ব নাইকিয়া হৈ গ’ল। বিনীতাৰ শ্ৰাদ্ধ হৈ যোৱাৰ পিছত লাগি মেলি ঘৰৰ ওচৰলৈ বদলি হৈ আহিলোঁ। বহুতে মানুহ এজনী আনিবলৈ মোক হেঁচা দিলে। কিন্তু বিনীতাক সযতনে হৃদয়ত ৰখাৰ পিছত সেইটো কাম মই নকৰিলোঁ। হাঁহি মাৰি সকলো প্ৰস্তাৱ মই উৰুৱালোঁ। চকুৰ আগত ব্ৰজেন আৰু অৰুণিমা কোনদিনা ডাঙৰ হ’ল নিজেই টলকিব নোৱাৰিলোঁ। বিনীতাৰ অভাৱ কোনোদিনেই দুয়োকে অনুভৱ কৰিবলৈ নিদিলোঁ। আৰু সেই অৰুণিমাই যিদিনা কাকো একো নোকোৱাকৈ ওচৰৰ জয়ন্তৰ লগত পলাই গ’ল সেইদিনাই মই আকৌ এবাৰ বিনীতাৰ বাবে হাহাকাৰ কৰি উঠিলোঁ। অৰুণিমাক মন আৰু জীৱনৰ পৰা উলিয়াই দি ব্ৰজেনৰ ওপৰতেই সকলো আশা আৰু মৰম পূঞ্জীভূত কৰি বাট বুলিবলৈ ধৰিলোঁ।
আশা কৰা মতেই ব্ৰজেনে ভাল চাকৰি এটা কৰি মোৰ পছন্দ মতেই ওচৰৰ হৰিহৰৰ ছোৱালীজনীক বিয়া কৰালে। অৰুণিমাই মোক মূৰ তুলি কথা ক’ব নোৱাৰা কৰি এৰি থৈ গৈছিল। ব্ৰজেনে মোক আকাশৰ লগত ফেৰ মাৰিব পৰা কৰি তুলিলে। ব্ৰজেন মোৰ ল’ৰা বুলি দহজনৰ আগত চিনাকি দিব পৰা কৰিলে। পিছে আজিকালি বেচেৰাৰ সময়েই নাই। চাকৰিৰ ব্যস্ততাৰ লগতে ছোৱালীজনীৰ পঢ়া শুনাৰ ব্যস্ততাৰ বাবে আহিবলৈ সময়েই নাপায়। দুবাৰমান মোৰ একাউণ্টত টকা সুমুৱাই দিওঁতে ময়েই তাক ধমকি দিলোঁ। মোৰ পেঞ্চনটোৰ পইছা ৰৈয়েই যায়। যিখিনি আছে সেইখিনি তোৰেই, মোক আকৌ কেলেই টকা দিয়? মিছা ক’লে কিনো হ’ব, নাতিনীজনীক চাবলৈ মন যায়। পিছে সময় নাপালেনো কেনেকৈ আহিব। মাজতে এবাৰ তাৰ তাতেই থকাকৈ যাব খুজিছিলোঁ। পিছে সিয়েই ক’লে-”আমাৰ এতিয়াৰ ফ্লেটটো সৰু। ডাঙৰ ফ্লেট এটা ল’লে মই নিজেই আপোনাক লৈ আহিম।” ময়ো জোৰ নকৰিলোঁ। সুখতেই আছো চোন। ওচৰৰ ৰমেনৰ ঘৈণীয়েকে দুবেলা দুমুঠি ৰান্ধি দিয়েহি। তাইকো পেঞ্চনৰ পৰাই মাহে মাহে কিবা এটা দিওঁ। এনেকৈ চলি থাকিব পাৰিলেই হ’ল। বেলেগনো কি লাগে আৰু?
ছেহ! আজিও দেৰিয়েই হ’ল। অলপ দূৰৰ পৰা ঘৰলৈ উলটিলোঁ। আজি কুঁৱলী পৰা নাই। পিছে আন্ধাৰ ভালকৈ নহওঁতেই ঘৰ সুমুৱাই মঙ্গল। যিহে দিনকাল পৰিছে! কোনদিনা কোনে গাড়ীৰে খুন্দিয়াই থৈ যায় একো ঠিক নাই। কেঁকুৰীটো ঘূৰোতেই সন্মুখৰ পৰা তীব্ৰবেগত অহা গাড়ী এখনৰ পোহৰত চকু ছাট মাৰি ধৰিলে। ৰাস্তাৰ কাষলৈ চাপি গ’লোঁ। কেঁকুৰীটো ঘূৰোতে গাড়ীখনৰ বেগ কমিল। বিপৰীত পিনৰ পৰা অহা আন এখন গাড়ীৰ পোহৰত এইখন গাড়ীৰ ভিতৰখন জিলিকি উঠিল। চালকৰ আসনত সেইজন ব্ৰজেন নহয়নে? হয়, হয়। সেইজন ব্ৰজেনেই হয়। পিছৰ আসনত বোৱাৰী আৰু নাতিনীজনী। ছেহ! ঘৰলৈ আহি মোক নাপাই মোকেই বিচাৰি গৈছে চাগে’! মই চিঞৰিলোঁ। সিহঁতে নুশুনিলে চাগে’, গুছি গ’ল। যাবনো ক’লৈ? চাৰিআলিৰ অকণৰ দোকানতেই চাগে’ মোক বিচাৰিব। মাজে মাজে গৈ তাত বহো বুলি ব্ৰজেনে জানে। তাত নাপাই ঘৰলৈকে ঘূৰি আহিব আকৌ। কোবাকুবিকৈ ঘৰলৈ আগুৱালোঁ। “অ’ পেহা, ভালে আছেনে আপুনি?” –পিছৰ পৰা অহা মটৰ চাইকেলখন মোৰ ওচৰত ৰ’ল। চালকৰ আসনত ওচৰৰ দিগন্ত। হাঁহি এটা মাৰি মই মাত লগালোঁ-”ভালেই আছোঁ ৰহ। ব্ৰজেনহঁত আহিছে এইমাত্ৰ, মোক নাপাই চাৰিআলিলৈ গৈছে চাগে’! কাইলৈ আহিবি এবাৰ, তাক লগ কৰি যাবি।” দিগন্তই ইতস্ততঃ সুৰত লাহেকৈ ক’লে-”ব্ৰজেনদা আৰু বৌ চোন চাৰিদিন আগতেই আহিছিল। এইকেইদিন শহুৰেকহঁতৰ ঘৰতেই আছিল। এইমাত্ৰ মোক দেখি গাড়ী ৰখাই মাত লগাইছে। এতিয়া গুৱাহাটীলৈ গ’ল। আপোনাক কেঁকুৰীটোত দেখা বুলি কৈছে। মোক ক’বলৈ মানা কৰি গৈছে। পিছে আপোনাক নোকোৱাকৈনো কেনেকৈ থাকোঁ?” মটৰ চাইকেলখন ষ্টাৰ্ট দি দিগন্তই আগুৱালে। অলপ সময় মই তভক মাৰি ৰৈ থাকিলোঁ। তাৰ পিছত ঘৰলৈ আগুৱালোঁ, বিনীতাৰ পিছে পিছে শ্মশানলৈ আগুওৱাৰ দৰে।
অলপ দূৰ আহি আকৌ ঘৰটোৰ সন্মুখ পালোঁ। আজি ৰাস্তাৰে কোবাকুবিকৈ আগুৱাই নগৈ ৰৈ গ’লোঁ। কেঁৰাহিকৈ নাচাই পোনপটীয়াকৈ চালোঁ, বাৰাণ্ডাখনত এতিয়াও অৰুণিমা বহি আছে, ওচৰত মোৰ নাতিটো। জপনাখন খুলি মই লাহে লাহে বাৰাণ্ডাখনলৈ আগুৱালোঁ।