কুহেলিকা : দীপা ঠাকুৰীয়া

কুহেলিকা

 

ණ দীপা ঠাকুৰীয়া

চ‘তৰ অন্তঃসত্বা দুপৰীয়া এটা। যোৱানিশাৰ বৰষুণজাকে বলিয়া ফাগুনজাকক শত দূৰণিত দলিয়াই থৈ আহিছে। কণমাণি পক্ষীবোৰে, বিৰিখৰ কুমলীয়া সম্ভাৰখনত কিচিৰ–মিছিৰকৈ গীত জুৰি আদৰণি জনাইছে। আলিবাটটো আমফুলে দলিচা পাৰি থৈছে। দুপৰবেলাৰ বেলিৰ উমত পিতনীয়া ফুলবোৰ একো একোজনী ভৰুণ গাভৰু হৈ উঠিছে। ৰং–বিৰং পখিলীবোৰে চুপতি কৰি আছে। মলয়াৰ পৰশত সিহঁতকেইজনীয়ে কঁকাল ঘূৰাই ঘূৰাই নাচিছে।

মায়া, এনে সময়তে স্কুলৰৰপৰা আহি তলাটো খুলি ঘৰ সোমায়। কাপোৰ–কানি সলাই তাই সদায় আগফালৰ বাৰাণ্ডাখনত বহি পৰে। এই সময়খিনি তাইৰ একান্ত নিজস্ব। য‘ত তাই সংসাৰৰ মায়া–মোহৰ পৰা আঁতৰি চোতালৰে বৰ আহঁতজোপাৰ লগত কথা পাতে। মইনা, সখিয়তিৰ মৌসনা মাত শুনে। হাইঠা চৰাইৰ ধপ্–ধপ্ ডেউকাৰ উমান লয়। পী্ পী্ কৈ সুঁহুৰিয়াই থকা চৰাইটোৰ দৰে মন প্ৰফুল্লিত কৰি ৰাখে।

আজি মায়াৰ ক‘তো মন বহা নাই। শূন্য ঘৰটোৱে যেন গিলিহে পেলাব। উদাস উদাস লাগিছে মন। তাই লেপটপ টো খুলি লৈ গজল শুনিবলৈ ধৰিলে। হঠাৎ তাইৰ মানুহৰ লগত কথা পাতিবৰ তীব্ৰ ইচ্ছা হ‘ল। ইয়াত যে কেনে নীৰৱতা। মস্ত মস্ত ঘৰ–বাৰীত মাথো তিনি–চাৰিটা মানুহ। এই সময়খিনি কৰ্মৰত সময়। কোনো নাথাকে ঘৰ বোৰত। শ শ পুৰণি গছবোৰে নিৰ্জনতা গভীৰ কৰি তুলিছে। তাই নেটত ফে’চবুকটো খুলি ল‘লে। এটি নতুন বন্ধুত্বৰ অনুৰোধ আছে। মেচেজ বক্সত মেচেজ এটা-“মেডাম মোক চিনি পাইছে নে?” এজন আদহীয়া মানুহ, চুলিবোৰ চিধা, খট্‌যুৰি পক ধৰিছে। তাই লগে লগে প্ৰ’ফাইলটো চাবলৈ ধৰিলে।

মানুহজন বাংগালোৰৰ। ফটোবোৰ চাওঁতে হঠাৎ ডেকাকালৰ এখন ফটোত চকু স্থিৰ হৈ ৰ’ল। কেঁকোৰা চুলিৰ টুক–টুক ৰঙা গালৰ ল‘ৰাটো। সেইয়া বাংগালোৰৰ ৰবি ৰাও। স্মৃতিৰ পাতবোৰ এখিলা–এখিলাকৈ তাইৰ চকুৰ সন্মুখত স্পষ্ট হৈ পৰিল।

প্ৰায় একুৰি বছৰ আগৰ কথা। মায়া তেতিয়া গুৱাহাটীত মহাবিদ্যালয়ত পঢ়ি আছিল। তাই গ‘ল্ডব্লাডাৰ অপাৰেছন কৰি চেন্নাইৰপৰা বাপেকৰ লগত ৰেলত গুৱাহাটীলৈ উভতিছিল। বাংগালোৰৰপৰা অহা ৰেলখনত ৰবিও আহিছিল আৰু সিহঁত একেটা কমপাৰ্টমেণ্ট আহিছিল। তাত এহাল নেপালী দম্পতি আৰু তামিল ছোৱালী এজনী আছিল। কথা–বতৰা পাতি আটাইবোৰ একেটা পৰিয়ালৰ দৰে হৈ পৰিছিল। লেপাৰ’স্কপি অপাৰেচনৰ সপ্তম দিন যদিও মায়াৰ পেটটো মিৰ–মিৰকৈ বিষাই আছিল। বাথৰূম–লেট্ৰিনলৈ যাবলৈ দিগদাৰি হৈছিল। ৰবিয়ে হাতত ধৰি নিছিল। দেউতাকো ল‘ৰাটোৰ ব্যৱহাৰত মুগ্ধ হৈ পৰিছিল। মায়াও ল‘ৰাজনৰ উজ্জল সতেজ চকুযুৰিক আওকাণ কৰিব পৰা নাছিল। নিশা যেতিয়া সকলো টোপনিত নিহপালি দিছিল, ৰেলৰ উঁকিটোৰ দৰে ৰবিও সাৰে আছিল। এটা পাকত পানী খোৱাৰ চেলু লৈ, তাইৰ কাষলৈ আহি ওঁঠযুৰিত চুম আকি চাৎকৈ আঁতৰি গৈছিল। তাই খক্–মক্ কৈ সাৰ পাই উঠিছিল। তাইৰ বুকুখন দুৰু–দুৰু কঁপিছিল। ৰেলৰ পৰা নমাৰ আগদিনা বাথৰূমলৈ লৈ যাওঁতে মায়াৰ হাতত চুম এটি খাই ৰবিয়ে কৈ উঠিছিল– “I love u. I want to marry u.” ইমান অতৰ্কিতে ঘটনাটো ঘটিছিল যে তাইৰ অসুস্থ শৰীৰ আৰু ভাগৰুৱা মনটোৱে তাৰ মুগ্ধ দুচকুলৈ ঠৰ হৈ চাই আছিল। দুটামান ষ্টেচন যোৱাৰ পিচত ল‘ৰাজন নামি গৈছিল। তাইয়ো পঢ়া–শুনাৰ ব্যস্ততাত সকলো পাহৰি গৈছিল।

এদিন তাইৰ ছাত্ৰীবাসৰ ঠিকনাত এখন চিঠি আহিছিল। মায়া বৰা আৰু তলত ছাত্ৰীবাসৰৰ নামটো। কথা–বতৰাত ল‘ৰাজনে তাইৰ ছাত্ৰীবাসৰ নামটো জানিছিল। চিঠিখনত সি মনৰ অনুভৱ সদৰি কৰিছিল। তাইৰ চকুৰ সন্মুখত জল্– জল্ পট্–পট্ কৈ ঘটনাবোৰ পুনৰ ভাঁহি উঠিছিল। ওঁঠ যুৰিৰ সেই মিঠা অনুভৱ লাহে লাহে খোঁট মৰা বিষাক্ত সাপৰ বিষ যেন লাগিছিল। লগে লগে মনৰ মাজত গভীৰ অন্তৰ্দহনৰ সৃষ্টি হৈছিল। দুইবছৰ ধৰি ভালপোৱা প্ৰেমিকজনৰ ওচৰত দোষী দোষী অনুভৱে তাইক বহুনিশা আমনি দিছিল। তাই উত্তৰত ফটফটীয়াকৈ জনাই দিছিল, তাইৰ হৃদয়ত অইন কোনোবাহে বাস কৰিছে। দুইবছৰ ধৰি তেওঁকে ভাল পাই আহিছে। পিচৰ চিঠিখনত ৰবিয়ে বন্ধু হিচাপে লবলৈ অনুৰোধ জনাইছিল। এইদৰে সৌহাধ্যপূৰ্ণভাৱে দুই–এখনকৈ চিঠিৰ আদান–প্ৰদান হবলৈ ধৰিছিল।

এদিনাখন হঠাৎ ছাত্ৰীবাসৰ চকীদাৰজনে কৈছিল, মায়া বাইদেউ আপোনাক লগ ধৰিবলৈ ল‘ৰা এজন আহিছে। তাই ততালিকে তললৈ নামি আহিছিল। বন্ধু এজনক লগত লৈ ৰবি আহিছিল। তাই খুউব আচৰিত হৈছিল আৰু সৌজন্যভাৱে কথা–বতৰা পাতিছিল। ৰবিয়ে কৈছিল– তুমি মোৰ মৰমৰ বন্ধু! মই ইমানদূৰৰপৰা আহিছোঁ, তুমি গুৱাহাটী চহৰখন নেদেখুৱাবা নেকি? তাই কথাৰ পাকত পৰি গৈছিল। তাই পিচদিনা আহিবলৈ কৈ বিদায় দিছিল।

পিচদিনা পুৱাই ল‘ৰাজন অকলে আহি হাজিৰ হৈছিল। তাই পুৱাৰ জলপানো খোৱাই নাছিল। দেওবাৰ বাবে তাইৰ ৰূমমেট মনাই মূৰত জেতুকা লগাই থৈছিল। উপায়ন্তৰ হৈ তাই অকলে ৰবিৰ লগত তললৈ নামি আহিছিল। প্ৰথমে কেণ্টিনত ব্ৰেকফাষ্ট কৰিছিল। ৰবিয়ে ধেমেলীয়া কথাৰে পৰিবেশটো সহজ কৰি পেলাইছিল। তাক পাগলৰ দৰে ভালপোৱা ৰীতা নামৰ মডেল এজনীৰ কাহিনী কৈছিল। অকপটে তাইক নিজৰ কথাবোৰ কৈ গৈছিল। তাইৰ ভাললগা–বেয়ালগা কথাবোৰৰ খবৰ লৈছিল। মায়াৰ একেবাৰে আপোন চিনাকি বন্ধু যেন লাগিছিল। দেওবাৰৰ দিন চাৰিওফালে বন্ধ। গতিকে উদেষ্ণা চিনেমা হলত চিনেমা চোৱাৰ কথাই ঠিক কৰিছিল। সেই সময়ত উদেষ্ণাত ৰজনীকান্তৰ তেজস্বনী চলি আছিল। আধাঘণ্টামান যুঁজি ঘামি–জামি টিকট কৰি আনিছিল আৰু সিহঁতে চিনেমা চাবলৈ বহিছিল। অলপ সময় যোৱাৰ পিচত তাই উমান পাইছিল লৰাজনে তাইৰ হাতখন নিজৰ হাতৰ মুঠিত লৈছে। হাতখন তাই আচাৰ মাৰি উঠিব খুজোতে, সি পুনৰ কৈ উঠিছিল মই এতিয়াও তোমাক বহুত ভাল পাওঁ। মই ইমানদূৰ কেৱল তোমাৰ বাবে আহিছোঁ..! তোমাক বিয়া কৰাব বিচাৰোঁ, তোমাৰ পঢ়া–শুনাৰ দায়িত্ব লব বিচাৰোঁ। সি ইমান আঁকোৰ–গোজকৈ লাগি ধৰিছিল যে বিয়াৰ প্ৰস্তাৱ লৈ তাইৰ বাপেকৰ ওচৰত যাবলৈ সাজু হৈছিল।

তাই একেচাটে বাহিৰলৈ উঠি আহিছিল। তাই দুইহাতযোৰ কৰি জনাইছিল যে তাই তাইৰ প্ৰিয়জনক প্ৰাণতকৈ অধিক ভাল পায়। তাইৰ চকুৰপানী সৰসৰকৈ সৰিছিল। সি তাইক কোনোদিনে আমনি নকৰোঁ বুলি প্ৰতিশ্ৰুতি দি ছাত্ৰীবাসত নমাই থৈ উভতি গৈছিল।

সেইদিন ধৰি সেই ল‘ৰাজনৰ লগত তাইৰ একো সম্পৰ্ক নাই।

মায়াই তাইৰ প্ৰেমিক অজিতক সকলো কথা বিৱৰি কৈছিল। কেৱল চুমাটোৰ কথা গোপনে ৰাখিছিল। কেনেকৈ নো ক’ব তাক। ৰবিৰ চিঠিবোৰ পঢ়িবলৈ দিওঁতে সি উত্তেজনাত ফাটি পৰিছিল। সি আটাহ পাৰি উঠিছিল– তুমি শুদ্ধ সিদ্ধান্ত লোৱা। তাই তাক সাৱট মাৰি ধৰিছিল। সিহঁতৰ মৰমৰ বন্যাত তৃতীয় প্ৰতিচ্ছবি মোহৰ খাই গৈছিল। অজিত তেজপুৰৰ, তাইৰ একে লগৰ। সম্পৰ্কীয় বায়েক এজনীৰ ঘৰলৈ যাওঁতে তেজপুৰতে তাক লগ পাইছিল। মহাবিদ্যালয়ত পঢ়োঁতে তাই ছাত্ৰীবাসত থাকি পঢ়িছিল। চিঠিৰে তেওঁলোকৰ মনৰ আদান–প্ৰদান চলাই গৈছিল। অজিতেও চৰকাৰী বৃত্তিৰ পইচাটো পালে ঘৰত ফাঁকি মাৰি গুৱাহাটীলৈ আহিছিল। পঢ়ি যোৱা কটন ছাত্ৰাবাসত থাকি মায়াক লগ ধৰিছিল।

বৰ্তমান তাই ভালপোৱাজন তাইৰ স্বামী। দুটি সন্তানৰে সৈতে তাইৰ সুখৰ সংসাৰ।

কেতিয়াবা অজিতে মায়াক জোকাই কয়, মোক এৰি কানাড়ী ল‘ৰাৰ লগত চিনেমা চাব গৈছিলি বুলি। কথাটোত উজান দি তাইৰ সমবয়সীয়া ভনীজনীয়েও কয়– “তই কম দগবাজ নহৱ! আমি গমেই নাপালোঁ। এনে কথাবোৰ ওলায়, যেতিয়া মায়াহঁতৰ গোটেই বাই–ভনী, ককাই–ভাই একগোট হৈ মজলিচত বহে।

তাই প্ৰ’ফাইলটো চাই বন্ধু্ত্ব গ্ৰহণ কৰিছিল। মাজে সময়ে চেটত লগ পালে কথা পাতিছিল। পুৰণি কথাবোৰ কৈ ৰগৰ কৰিছিল। তেতিয়াৰ সময়ৰ অপৈণত কথাবোৰ সুঁৱৰি সি বৰ লজ্জিত অনুভৱ কৰিছিল। তাৰ দুটি ল’ৰা, পত্নী লিজাৰ সৈতে সুখী পৰিয়াল। লিজাই তাৰ বহুত যতন লয়, সকলো দিশতে তাক সহযোগ দিবলৈ তৎপৰ হৈ থাকে বুলি জনাইছিল। তেওঁলোকৰ ককাই–ভাই, মাক–দেউতাকৰ সৈতে বৃহৎ যৌথ পৰিয়াল। ফে’চবুকত ফটোবোৰত সিহঁতৰ পৰিয়ালৰ ফটোবোৰ মায়াই চাইছিল আৰু তাইৰো ফটোবোৰ দেখুৱাইছিল। তাইৰ ফোন নম্বৰ লৈ, তাইলৈ ফোন কৰিছিল। তাইৰ স্বামী অজিতৰ লগতো কথা পাতিছিল। তাৰ পত্নী লিজাৰ লগতো কথা–বতৰা হৈছিল। এইদৰে মাজে মাজে দুইটা পৰিয়ালে ফোনৰে কথা পাতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল। চেটত মাজে মাজে সৰু সৰু ঘৰুৱা কথাবোৰ বিনিময় কৰিছিল। সি তাৰ ঘৈণীযেকৰ কথাবোৰ কৈছিল। খুউব কাঢ়া হৈ ল’ৰা দুটিক পিটি পিটি পঢ়া–শুনা কৰোৱাটো সি সমূলি দেখিব নোৱাৰিছিল। তাই তাৰদৰে ফূৰ্তিবাজ নোহোৱা কথাটো কৈছিল। পাঁচবাৰ হহুৱাব খুজিলে এবাৰহে হাঁহি বিৰিঙি উঠে। তাক ভালপোৱা মডেল ৰীতা তাৰবাবে অবিবাহিত হৈ থকাৰ কথা জনাইছিল। ফে’চবুকত তাইৰ লগতো চিনাকি কৰি দিছিল। ৰীতায়েও ৰবিৰ নম্ৰ স্বভাৱৰ কথা কৈছিল। তাইয়ো তাইৰ স্বামীৰ ফটিকা খোৱা অভ্যাসটোৰ বাবে সদায় চিন্তিত হৈ থকাৰ কথাটো জনাইছিল। কথাৰ গতি অইন ফালে যোৱা দেখিলে তাই যতি লগাই ছোৱালী দুজনীৰ ঠেহ–পেচৰ কথাৰ অৱতৰণা কৰিছিল। তাৰ ঘৈণীয়েক, সন্তানৰ কথা সুধিছিল।সি প্ৰতিদিনাই সুধিছিল– তুমি সুখীনে? তাই একে উশাহে কৈছিল তাই পৃথিৱীৰ ভিতৰতে সুখী মহিলা। কিন্তু ভিতৰি ভিতৰি ইমানদিনৰ মূৰটো ৰবিয়ে তাই ভালপোৱা খাদ্য, তাইৰ জন্মদিন, তাইৰ প্ৰিয় ৰঙ–পোচাক মনত ৰখা বাবে স্বামীৰ ওচৰত গভীৰ অভিমান হৈছিল। কুৰিটা বছৰৰ ব্যৱধানতে সেই অনুৰাগ–উচ্ছাস, প্ৰেমৰ তীব্ৰতা কৰ্মৰ মাজতে হেৰাই যোৱা অনুভৱ হৈছিল। স্বামীয়েটো তাই কোনোদিনে কি পিন্ধে মন নকৰে। জোৰকৈ নিবিচাৰিলে কোনো উপহাৰ নিদিয়ে। কাচিৎ নেইলপলিচ এটা কিনি আনে যদিও দোকানীৰ পচন্দৰমতে। ইমান ব্যস্ততাৰ মাজত ৰবিয়ে পৰিয়ালটোৰ বাবে বনভোজলৈ নিয়াৰ কথা কয়, পূৰ্ণিমাৰ জোনাক নিশা তৰা চাই চাই লিজাৰ লগত কটোৱা মুহূৰ্তৰ কথা কয়। তেতিয়া তাইৰ মানুহটোৰ জড়তা দেখি খং উঠে। পদূলিমূৰত উপচি থকা শেৱালি ফুল দেখিও কেনেকৈ যে থম–থমকৈ বহি থাকিব পাৰে !

প্ৰ’ফাইলত দেখামতে ৰবি চিনেমাট’ল’জিৰ গ্ৰেজুৱেট। ককাই–ভাই দুয়োজনে প্ৰাইভেটকৈ কাম কৰে। ঘৰৰ ওপৰমহলাটো অফিচ। Freelance technical director for reality shows of most of the kannada regional channel. ডকুমেণ্টৰী চিনেমা কৰে আৰু তাৰ বাবে গোটেই ভাৰত ভ্ৰমি ফুৰে। দাক্ষিণাত্যৰ নৈষ্ঠিক হিন্দু পৰিয়াল। পূজা–পাৰ্বণৰ ফটোৰে ভৰি আছে। ককায়েকজনে লিখা–মেলা কৰে। ঘৈণীয়েকে গান গায়। গোটেই পৰিয়ালটো সংস্কৃতিবান। মাক–দেউতাকৰ ৫০ বছৰৰ ফটোবোৰ চাই মায়াৰ মনটো ভাল লাগি আহিছিল। তদুপৰি দেউতাকো তাহানি যুগৰ ফটোগ্ৰাফাৰ। কানাড়া চিনেমাজগতৰ অজস্ৰ পুৰস্কাৰে ভৰি আছে। তেনে পৰিয়ালটো লগ পাবলৈ মায়াৰ মন গল। কাৰণ তাই দাক্ষিণাত্যলৈ যাওঁতে দেখিছে গেৰুৱা বসন পিন্ধা, চন্দনৰ প্ৰলেপ লগোৱা ব্ৰাহ্মণবোৰে টিলিঙা বজাই, পানী ছটিয়াই ছটিয়াই যায়। এওঁলোকৰ মাজত এনে বৰ্ণ বৈষম্য আছে নে নাই চাবলৈ মন গল তাইৰ।

মায়াহঁত প্ৰতি ডিচেম্বৰ মাহতে ফুৰিবলৈ যায়। সন্তান দুজনীৰ বছেৰেকীয়া পৰীক্ষা তেতিয়া শেষ হয়। ছেপ্টেম্বৰ মাহৰ পৰা যা–যোগাৰ আৰম্ভ কৰে। এইবাৰ তাতে কেৰালা ফুৰিবলৈ যাব। তাতে তাই স্বামীক বাংগালোৰ চাই অহাৰো প্ৰস্তাৱ দিলে। এই ক্ষেত্ৰত তাইৰ স্বামী বৰ চিনচিয়াৰ। আগতীয়াকৈ অনলাইনত হোটেল, গাড়ী আৰু উৰাজাহাজৰ টিকট কাটি সাজু কৰি ৰাখে।

বাংগালোৰলৈ যাম বুলি কোৱাত ৰবি–লিজাই দহাই দহাই তেওঁলোকৰ ঘৰত আহিবলৈ অনুৰোধ জনালে। ৰবিয়ে ক’লে– এয়াৰপোৰ্টৰ পৰা তেওঁৱেই হোটেলত থৈ আহিব। যি তিনিদিন বাংগালোৰত থাকিব তেওঁলোকৰ পৰিয়ালটোৱে ফুৰাব। ৰবিয়ে আনকি তেওঁলোকৰ ঘৰত এসাঁজ খাই যাব লাগিব বুলিও অনুৰোধ জনাইছিল। ঘৈণীয়েকৰ ৰন্ধন প্ৰণালীৰ প্ৰশংসা কৰিছিল। তাই ভালপোৱা মোগলাই পৰঠা আৰু পনীৰ নিজে ৰান্ধি খুৱাব বুলি জনাইছিল। ইমান বছৰৰ মূৰটো অলপীয়া মুহূৰ্তত লগ পাই তাইৰ প্ৰিয় খাদ্যৰ কথা মনত ৰখা বাবে মায়াৰ মনটো বন্ধুৰ প্ৰতি চেনেহৰে ভৰি পৰিছিল। তাই কথা দিছিল বহুত ব্যস্ত সময়সূচী যদিও তেওঁলোকৰ পৰিয়ালটো লগ কৰিম বুলি। কুৰিটা বছৰৰ পিচতো তাৰ উৎসাহ–উদ্দীপনা দেখি মায়াৰো ভিতৰি ভিতৰি ৰবিক চাবলৈ ইচ্ছা হৈছিল।

প্ৰতিবছৰে ফুৰিবলৈ যোৱাৰ আগতে মায়াই ৫ কেজিমান ওজন কমাই লয়

One thought on “কুহেলিকা : দীপা ঠাকুৰীয়া”

  • June 4, 2020 at 7:02 am
    Permalink

    দীপা ঠাকুৰীয়া, আপোনাৰ লেখাটো পঢ়ি ভাল লাগিল, আশা থাকিল আগলৈ আৰু ভাল লেখা পঢ়িবলে পাম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *