মেডিকেল কলেজৰ হাঁহি চকুলো – ২৫

মেডিকেল কলেজৰ হাঁহি চকুলো – ২৫

ණ ডা° দীপুল চন্দ্ৰ হালৈ

সাহিত্যচ’ৰাৰ সৰুকৈ এটা পুথিভঁৰালো আছিল। তাৰপৰা দুই এখন কিতাপ আনি পঢ়িছিলোঁ। তাৰোপৰি গেটত থকা একমাত্ৰ কিতাপৰ দোকানখনৰ পৰা দুই এখন কিতাপ আলোচনী আনি পঢ়িছিলোঁ। প্ৰান্তিক , বিস্ময়, ৰহস্য আদি মাজে মাজে পঢ়া হৈছিল। নিয়মীয়াকৈ পঢ়িবলৈ টকাৰ অভাৱ। মাহৰ শেষত ঘৰৰ পৰা পঠিওৱা ৫০০/- টকাৰে টানি টুনি মাহটো চলেহে। কেতিয়াবা ধাৰো হয়। অসমবাণী সাপ্তাহিকখনো মোৰ বৰ প্ৰিয় আছিল। আদিৰ পৰা অন্তলৈ সকলো পঢ়োঁ। অৱশ্যে কোনো এজনে এখন আলোচনী কিনি আনিলে সেইখন আৰু হোষ্টেলত এটা ৰূমতে নাথাকে; প্ৰথম বাৰ্ষিকৰ পৰা ইনটাৰ্নিলৈ বহুতেই পঢ়ে। বেছি ভাগৰেই একে সমস্যা। কিতাপৰ দোকানখনত ঠিয় হৈও ইটো সিটো, বাতৰি আদি পঢ়িছিলোঁ। পাছত কিছুমান বাতৰি, আলোচনীত ষ্টেপল মাৰি থোৱা কৰিছিল। বিস্ময়খন আমাৰ বৰ প্ৰিয় আছিল। তাৰ প্ৰিয়বন্ধু শিতানটোলৈ সকলোৰে চকু। বহুতৰ নামো তাত ওলাইছিল। ম‍ইও এবাৰ কুপনখন পূৰাই পঠিয়াইছিলোঁ, পিছে প্ৰকাশ নহ’ল। যি কেইজনৰ নাম বিস্ময়ৰ প্ৰিয়বন্ধুত প্ৰকাশ হৈছিল সিহঁতৰ চিঠি পঢ়ি হেনো আমনি লাগি গৈছিল। আচৰিতভাৱে প্ৰায় সকলো চিঠি আছিল বোলে ছোৱালীৰ। বেছি ভাগ চিঠি পেনপেনিয়া। ম‍ইও লগৰ এজনৰ নামত অহা কেইখনমান চিঠি পঢ়িছিলোঁ তাৰ পৰা লৈ। এদিন লগৰ ৰূপজ্যোতিৰ পৰা এখন বিস্ময় পঢ়িবলৈ আনিলোঁ। প্ৰিয় বন্ধু শিতানত চকু ফুৰাই কেইটামান উজনীৰ ছোৱালীৰ ঠিকনা বাছিলোঁ। ম‍ই নামনিৰ যেতিয়া উজনীৰ শিৱসাগৰৰ এজনী ছোৱালীৰ ঠিকনা লৈ চিঠি এখন লিখিলোঁ – পত্ৰবন্ধু হোৱাৰ ইচ্ছা প্ৰকাশ কৰি। এইখিনিতে এটা কথা কৈ থওঁ– নৱম শ্ৰেণীত পঢ়ি থাকোঁতেও মোৰ এজন পত্ৰবন্ধু আছিল। নাৰায়ণপুৰৰ ওচৰৰ হাৱাজানৰ – সঞ্জীৱ মহন্ত, নেৰিষ্টত চিট পাইছিল। বহুদিন চিঠি-পত্ৰৰো আদান প্ৰদান হৈছিল। পাছত যোগাযোগ নাইকিয়া হ’ল। (কোনোবাই যদি ইঞ্জিনিয়াৰ সঞ্জীৱ মহন্ত বিষয়ে জানে মোক জনাই যেন।) পত্ৰবান্ধৱীৰ চিঠিলৈ আশাৰে বাট চাই ৰৈছিলোঁ। উত্তৰ দিয়ে নে নিদিয়ে; ছোৱালীলৈ প্ৰথম চিঠি লিখিছোঁ। সদায় হোষ্টেলৰ ডাক বাকচটো চাওঁ। নাই মোৰ নামত অচিনাকি হাতৰ আখৰৰ কোনো চিঠি অহা নাছিল। ইপিনে আমাৰ লগৰ এজনে পত্ৰবান্ধৱী পাতিলেই। সিহঁতৰ চিঠিৰ আদান প্ৰদান চলি আছে। সি মোক কথাবোৰ কয়।

 

হোলি বা ফাকুৱাৰ ৰং এ এম চি ত বাৰুকৈয়ে পৰিছিল। হোলিৰ দিনা আমি সকলো ওলাই যাওঁ হাতে হাতে ৰঙৰ টোপোলালৈ। প্ৰথমে মহিলা আবাসৰ (Ladies Hostel) গেটলৈ যাওঁ। বহুতো ছোৱালী ওলাই আহে হাঁহি আৰু ৰং লৈ। ৰং সানো, আমাকো দিয়ে আৰু আমাৰ লগত হোলি খেলিবলৈ যোগ দিয়ে। প্ৰায় ৩০–৪০ জনৰ একোটা গ্ৰুপ হৈ আমি ছাৰ বাইদেউ সকলৰ কোৱাটাৰলৈ যাওঁ। ৰঙ সানো, আমাকো সানে আৰু মিঠাই খাবলৈ দিয়ে; বেছ ফূৰ্তি হৈছিল। কেইগৰাকীমান ছাৰৰ ল’ৰাবোৰক ৰং সনাৰ ধৰণে আমাক বেছ আমোদ দিছিল; লাজো লাগিছিল। হাঁহি হাঁহি কৈছিল, “ হে.. এনেকৈ হে ৰঙ লগাব লাগে।” ছাৰসকলে আমাক আলিংগন কৰি শুভেচ্ছা জনাইছিল। আমিও। “ হোলি ৰে ভাই হোলি ৰে …. ছা ৰা ৰা … ছা ৰা ৰা…. ” – কলেজৰ বাট–পথ ৰঙীন হৈ গৈছিল। লগতে বাটৰ কাষৰ গছবোৰত কুঁহিপাত, ফুলৰ মেলা – ঋতুৱে যেন আমাৰ লগতে ৰঙীন হৈছিল ফুলেৰে পাতেৰে। এটা দিনৰ ৰঙৰ আনন্দত সকলো মতলীয়া হৈছিল। কিছুমানে আকৌ হোলি বুলি আলেঙে আলেঙে মহাদেৱৰ প্ৰসাদতো এহোপা মাৰিছিল। হোলি খেলি আহি গা ধুওঁতে আবেলি হৈছিল।

 

হোলিৰ আনন্দত চিঠি-পত্ৰৰ কথা পাহৰিয়েই গৈছিলোঁ। এদিন সন্ধিয়া ছাহিদুলে এখন আনি চিঠি দিলে। ইনলেণ্ড কাৰ্ডত অহা চিঠি। ক’ৰ পৰা আহিছে লিখা নাই। আখৰকেইটাও চিনাকি নহয়চোন। মস্ত মস্ত আখৰেৰে ঠিকনা লিখিছে। কাৰ চিঠি বাৰু?  (আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *