নীলকণ্ঠ (কিৰণ খনিকৰ)
নীলকণ্ঠ
বুকু খান্দি সোমাই আহে
এটা চেঁচা হুমুনিয়াহ
আৰু মোৰ কণ্ঠত লয়
এটা দীঘল উশাহ
নঙলা খুলি
তপতহৈ ওলাই যায় পুনৰ
উদঙীয়া গৰুজাকৰ
পিছে পিছে দৌৰে হেঁপাহ পলুৱাই
অদ্ভূত তোমাৰ নিচা
মৰা সুঁতিৰ পাৰে পাৰে বিচৰা
শংখৰ খোলা
কংক্ৰিটৰ অৰণ্যত
সন্ধান কৰা সেমেকা হৃদয়ৰ মানুহ
টোপনী যাব বিচৰা তুমি
তোমাৰ প্ৰেয়সীৰ শীতলী কোলাত
ধোঁৱা আৰু ধূলিৰে পোত যোৱা
মোৰ স্বদেশ
ৰাজপথে ৰাজপথে
চাইৰেণ বজাই দৌৰে
ত্ৰাণকৰ্তা নঙঠা ফকিৰ
পুৱাতেই ডুব যায়
গাভৰুৰ উদয়াচলৰ বেলি
পানীত ডুবি মৰে
স্বদেশৰ হাজাৰ সম্ভাৱনা
‘ৰাম নাম সত্য হ্যেঁ’
মানৱতাৰ শ্মশান যাত্ৰাত
ভাগ লয় শগুণৰ জাক
এটা বিন্দুত আৱদ্ধ মোৰ দেশ
কংকালৰ অৱশেষ …

