পইদ্দ (- সমুদ্ৰ কাজল শইকীয়া)

১
উঁইপোকৰ স’তে বিয়া দিলি পিতাই
এতিয়া সুধিছ ঘৰ কেনে আছে আই।।
২
যৌতুকত দিলি মহগা কাঠ লগতে দিলি ঘূণ
যহাই ফুৰিলি ঘৰে ঘৰে জোঁৱাইৰ কত গুণ।।
৩
কাম চৰাইৰ ৰঙা ঠোঁট, তাতে দিলে সেন্দুৰ ফোঁট
কি সাপেৰে বিয়া দিলি পিতাই ঘনাই সলায় মোট।।

Leave a Reply

Your email address will not be published. Required fields are marked *