ৰক্তদান এক মহান দান(ডাঃ দীপুল হালৈ)
ৰক্তদান এক মহান দান(ডাঃ দীপুল হালৈ)
• আপুনি কেতিয়াবা ৰক্তদান কৰি পাইছেনে ?
• ৰক্তদান কৰি এক বিমল আনন্দ পোৱা যায় |
• প্ৰাপ্তবয়স্ক ৪৫কেজি ওজনৰ মানুহে(পুৰুষ মহিলা) বিনাদ্বিধাই ৰক্তদান কৰিব পাৰে- যদিহে তেওঁ বিশেষ কেইটামান ৰোগৰ দ্বাৰা আক্ৰান্ত নহয় | এই ৰোগকেইটা( মেলেৰিয়া, হেপাটাইটীছ, টিবি, এইডছ, ৰক্তহীনতা, যৌনৰোগ) তেজ গ্ৰহনৰ আগেয়ে স্ক্ৰীন কৰা হয় |
• ৰক্তদান সম্পৰ্কে ভ্ৰান্ত ধাৰণা আছে ; যেনে, তেজ দান কৰিলে দুৰ্বল হয়, মহিলাই ৰক্তদান কৰিব নোৱাৰে ইত্যাদি |
• ১২০দিনৰ(চাৰি মাহ) অন্তৰত এজন লোকে পুনৰবাৰ ৰক্তদান কৰিব পাৰে |
• ৰক্তদানৰ লগত কোনো জাত-পাতৰ কথা জড়ীত নহয় | মূল কথা- তেজৰ গ্ৰুপ চাৰিটা- এ, এবি, ও, আৰু এবি |
• বেছিভাগ লোকৰে তেজৰ গ্ৰুপ হ’ল ও আৰু অতিকম সংখ্যক লোকৰ এবি |
• নিজৰ তেজৰ গ্ৰুপ পৰীক্ষা কৰি তাক নিজে আৰু আনক জনাই ৰখা উচিত |
• তেজৰ কোনো বিকল্প নাই |
• ইনছুলিন নিৰ্ভৰ ডায়েবেটিছ মেলাইটাছত(IDDM) আক্ৰান্ত ব্যক্তিয়ে তেজ দান কৰিব নালাগে |
• অতি বেছি উচ্চ ৰক্তচাপ (Severe hypertension) ৰক্তদান কৰিব নিদিয়ে |
• গৰ্ভৱতী মহিলা, সন্তান প্ৰসব হোৱাৰ ৬মাহলৈ, মৃগীৰোগৰ দৰব লৈ থাকিলে ৰক্তদান কৰিব নালাগে |
• ৰক্তদান কৰিলে মানুহ শকত নহয় |
• ঘৰৰ পৰিয়ালৰ জেষ্ঠজনক কথাটো ভালকৈ বুজোৱা উচিত কাৰণ বহু মানুহৰ তেজদান কৰাটো ভয়ৰ কাৰণ বুলি ভাবে |
• অকব বহু সদস্য ই তেজদান কৰি পোৱা নাই যেন লাগিছে | ভয় নাখাব আগবাঢ়ি আহক- জীৱন বচাওক (Donate Blood Save Live)
• “অকব”ত যিমান সদস্য আছে সকলোৰে এখন ৰক্তৰ গ্ৰুপৰ তালিকা কৰিলে ভাল | এই তালিকাখন এনে হ’ব পাৰে : নাম/বয়স/লিংগ/ওজন/ঠিকনা/ৰক্তৰ গ্ৰুপ(Blood Group with Rh)/আগতে কেতিয়া ৰক্তদান কৰিছে/ এতিয়ালৈ কেইবাৰ ৰক্তদান কৰিছে/ বিশেষ ৰোগ |• আহক আমি আমি আজিয়েই ৰক্তদানৰ বাবে সংকল্পবদ্ধ হওঁ |
নামঃ ধনঞ্জয় ডেকা
বয়সঃ ৩২
লিংগঃ পু
ওজনঃ 52
ঠিকনাঃ ডাকঘৰ ও নগৰ-সৰ্থেবাৰী, জিলাঃ বৰপেটা, (অসম), পিন- ৭৮১৩০৭
ৰক্তৰ গ্ৰুপঃ বি +
আগতে কেতিয়া ৰক্তদান কৰিছেঃ কৰিছো
এতিয়ালৈ কেইবাৰ ৰক্তদান কৰিছেঃ ৭ বছৰ আগত
বিশেষ ৰোগঃ নাই
নামঃ ধনঞ্জয় ডেকা
বয়সঃ ৩২
লিংগঃ পু
ওজনঃ 52
ঠিকনাঃ ডাকঘৰ ও নগৰ-সৰ্থেবাৰী, জিলাঃ বৰপেটা, (অসম), পিন- ৭৮১৩০৭
ৰক্তৰ গ্ৰুপঃ বি +
আগতে কেতিয়া ৰক্তদান কৰিছেঃ কৰিছো
এতিয়ালৈ কেইবাৰ ৰক্তদান কৰিছেঃ ৭ বছৰ আগত
বিশেষ ৰোগঃ নাই