ভীৰত মানুহ : পাৰ্থবিজয় দত্ত
ভীৰত মানুহ
নে মানুহৰ ভীৰ
গছ তলত জেঠৰ ৰদৰ চন্দ্ৰতাপ
জলঙাৰে বাগৰিছে আধাধুনী সময়
সুধিম নে নুসুধিম
ৰবাব ফলা দুপৰটোক
খবৰটো দিওঁ জানো
বেলি হল যাওঁ বলা
যত এৰিছিলোঁ তাৰ পৰা
আকৌ জুটিবলৈ টান
ভীৰ ফালি কলৈ যোৱা
অতখন গেজেপনি মৰা হাবি
তাতে উৰা বাতৰিৰ ডৰ
এটা হয়কলি মোৰ কান্ধতে বহিলে
ভীৰত হেৰোৱাৰ ভয়?
কোনেও কাকো নেৰে
শৰণ খেৰেৰে বন্ধা আছে
আমাৰ শত আঙুলি
তুলসীৰ মালা গাঠি থোৱা আছে
বিলত লহিয়ায় বেলি
বিলত মৰ ৰাতি কিহে খলখলায়
সেইদিনা তাতেই আমি বহিলোঁ
লগত ৰবাৰ ফলা এটা
আধাখনীয়া দুপৰীয়া