সূৰ্য্যাস্তৰ গান [মূল : লি চ্যাং চাও] অনুবাদ: ছা-হা-বা হাৰ্টি
সূৰ্যটো যেন তপত সোণৰ মাজত অধোগমন
আবেলিৰ মেঘাছন্ন আকাশ
ক’ত তুমি?
নিবিড় , বিষণ্ণ কুঁৱলীয়ে ঢাকি যায় ঘাঁহনি।
ক’ৰ পৰা ভাহি আহে এক কৰুণ বাঁহীৰ সুৰ।
আৰু কিমান দিন বা বাকী?
এই সন্ধিয়াটো আৰু সুখময় হ’ব পাৰিলে হয়
এতিয়া পৰিৱেশ ভীষণ শান্ত।
কিন্তু এইটো যে ধুমুহাৰ অগ্ৰিম বাৰ্তা নহয়
সেই কথা কোনে ক’ব পাৰে?
☆★☆