থমাছ কাপত খিতাপ জয়েৰে ভাৰতৰ স্বৰ্ণিল ইতিহাস

লেখক- দীপাঞ্জন কাশ্যপ

‘থমাছ কাপ’ক বেডমিণ্টনৰ পুৰুষ শাখাৰ বিশ্বকাপ বুলি অভিহিত কৰা হয়। থমাছ কাপৰ ৭৩ বছৰীয়া ইতিহাসত ভাৰতে এইবেলি পোনপ্ৰথমবাৰলৈ খিতাপ জয় কৰি ইতিহাসৰ পাতত এক নতুন অধ্যায়ৰ সূচনা কৰে। ফাইনেলত ভাৰতে যোৱাবাৰৰ বিজয়ী তথা ১৪বাৰকৈ খিতাপ দখল কৰা শক্তিশালী ইণ্ডোনেছিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে। ভাৰতে ১৯৫২, ১৯৫৫ আৰু ১৯৭৯ চনত ছেমি ফাইনেলত উপনীত হৈছিল আৰু সেয়াই আছিল প্ৰতিযোগিতাখনত ভাৰতৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন।

৩২তম সংখ্যক থমাছ কাপ এইবাৰ থাইলেণ্ডৰ বেংকক চহৰত ৮মে’ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাখন তৃতীয়বাৰলৈ আয়োজনৰ দায়িত্ব লাভ কৰিছিল থাইলেণ্ডে। উল্লেখযোগ্য যে, থমাছ কাপৰ সমান্তৰালকৈ মহিলা খেলুৱৈৰ বাবেও ‘উবেৰ কাপ’ অনুষ্ঠিত হয় (ছাইনা নেহৱাল, পি ভি সিন্ধু, জ্বালা গুট্টা, অশ্বিনী পোনাপ্পাৰ দৰে তাৰকাখচিত ভাৰতীয় দলে ২০১৪ আৰু ২০১৬ চনত দুবাৰকৈ উবেৰ কাপৰ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল)। দুয়োখন প্ৰতিযোগিতা ১৬টা দলক চাৰিটা গ্ৰুপত ভাগ কৰি আয়োজন কৰা হয়। থমাছ কাপৰ পূৰ্বৰ বিজয়ী দলবোৰ আছিল ইণ্ডোনেছিয়া (১৪ বাৰ), চীন (১০ বাৰ), মালয়েছিয়া (৫ বাৰ), জাপান আৰু ডেনমাৰ্ক (উভয়ে এবাৰকৈ)। এইবাৰৰ জয়েৰে ষষ্ঠখন দেশ হিচাপে খিতাপত চুম্বন আঁকিবলৈ সক্ষম হয় ভাৰত।

আৰম্ভণিতে থমাছ কাপ তিনি বছৰৰ অন্তৰালত অনুষ্ঠিত হৈছিল যদিও ১৯৮৪ চনৰপৰা দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯৮২ চনলৈ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ দুটা দলৰ মাজত নখন (৫খন ছিংগলছ আৰু ৪খন ডাবলছ)কৈ খেল খেলোৱা হৈছিল। কিন্তু, ১৯৮৪ চনৰপৰা নখনৰ পৰিৱৰ্তে পাঁচখন (৩খন ছিংগলছ আৰু ২খন ডাবলছ)লৈ খেলৰ সংখ্যা হ্ৰাস কৰা হয়। ১৯৫২ চনত পোনপ্ৰথমবাৰলৈ ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰোঁতে ত্ৰিলোক নাথ শেঠ আৰু দেবিন্দৰ মোহন লালে সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। একেদৰে ১৯৫৫ চনত ভাৰতে ছেমি ফাইনেলত উপনীত হোৱাৰ মূলতে আছিল নান্দু নাটেকাৰৰ দমনীয় প্ৰদৰ্শন। ১৯৭৯ চনত ছেমি ফাইনেল খেলা ভাৰতীয় দলটোত সেই সময়ৰ বিশ্ব বেডমিণ্টনৰে আগশাৰীৰ খেলুৱৈ ছৈয়দ মোডী আৰু প্ৰকাশ পাডুকন আছিল।

কোৱা বাহুল্য যে ওপৰত উল্লিখিত খেলুৱৈসকলৰ লগতে বিমল কুমাৰ, পুলেলা গোপীচান্দ, দীপাংকৰ ভট্টাচাৰ্য, অপৰ্ণা পোপাট, অনুপ শ্ৰীধৰ, চেতন আনন্দ আদিয়ে বিভিন্ন প্ৰতিযোগিতাত ব্যক্তিগতভাৱে পদক অৰ্জন কৰিলেও দলীয় প্ৰতিযোগিতা যেনে থমাছ কাপ, উবেৰ কাপ বা ছুডিৰমান কাপত সফলতা লাভ কৰিব পৰা নাছিল। তাৰ প্ৰধান কাৰণ আছিল ভাৰতৰ পুৰুষ বা মহিলা কোনো এটা দলতে একে সময়তে চাৰি-পাঁচজন বিশ্বমানৰ খেলুৱৈ উপস্থিত নাছিল। কেইবাজনো পুৰুষ খেলুৱৈয়ে বিশ্ব চেম্পিয়নশ্বিপ, অল ইংলেণ্ড অ’পেন, কমলৱেলথ গেমছ, এছিয়ান গেমছ আৰু বেডমিণ্টন বিশ্ব ফেডাৰেশ্যনৰ স্বীকৃতিপ্ৰাপ্ত বিভিন্ন চুপাৰ ছিৰিজ আৰু গ্ৰেণ্ড প্ৰিস্কত পদক লাভ কৰিছিল যদিও মহিলা বেডমিণ্টন ক্ষেত্ৰখনৰ অৱস্থা আছিল পুতৌ লগা। সঁচা কথা ক’বলৈ গ’লে হকী আৰু ক্ৰিকেট বলীয়া দেশ ভাৰতত বেডমিণ্টনে নব্বৈ দশক বা তাৰ পৰৱৰ্তী সময়তো প্ৰধান খেলৰ শাৰীলৈ উন্নীত হ’ব পৰা নাছিল। ভাৰতীয় বেডমিণ্টন দলৰ বৰ্তমানৰ যি বিশ্বমানৰ প্ৰদৰ্শন আৰু জনপ্ৰিয়তা, সেই পৰিৱেশ সৃষ্টিত কিন্তু ছাইনা নেহৱালৰ অৱদান অপৰিসীম। যি সময়ত ভাৰতীয় বেডমিণ্টনৰ গ্ৰাফডাল নিম্নগামী হ’বলৈ আৰম্ভ কৰিছিল, সেই সময়তে প্ৰায় একক প্ৰচেষ্টাৰে পিতৃ-মাতৃৰ সহযোগত ছাইনাই প্ৰফেচনেল বেডমিণ্টনত পদাৰ্পণ কৰিছিল। ২০০৬ চনত বিশ্ব দৰবাৰত পদাৰ্পণ কৰাৰ পৰাই ছাইনাৰ প্ৰদৰ্শন আছিল চকুত লগা। সেই সময়ত প্ৰায় অপ্ৰতিৰোধ্য চীনা খেলুৱৈসকলক ইখনৰ পিছত সিখন প্ৰতিযোগিতাত পৰাস্ত কৰি ছাইনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈ অভিলেখ ৰচিছিল ছাইনাই। সেয়াই আৰম্ভণি। পৰৱৰ্তী সময়ত পুৰুষ আৰু মহিলা উভয় শাখাতে কেইবাজনো উদীয়মান খেলুৱৈয়ে কম সময়ৰ ভিতৰতে বিশ্বমানৰ খেলুৱৈৰ শাৰীলৈ উন্নীত হয়; আৰু বৰ্তমান প্ৰতিজন ভাৰতীয়ই গৰ্ব কৰিব পৰাকৈ প্ৰায় সকলো প্ৰতিযোগিতাতে পদক লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছে।

এইবাৰ থমাছ কাপত ভাৰতক চাইনিজ টাইপে, জাৰ্মানী আৰু কানাডাৰ সৈতে ‘গ্ৰুপ চি’ত ৰখা হৈছিল। থমাছ কাপলৈ নিৰ্বাচিত হোৱাৰ সময়ত ভাৰতীয় দলৰ দলগত স্থান আছিল ‘ন’। বিশ্ব ৰেংকিং, বিগত সময়ৰ প্ৰদৰ্শন আৰু ঘৰুৱা নিৰ্বাচনী ট্ৰায়েলত কৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় দলত সৰ্বমুঠ দহজন খেলুৱৈ (চাৰিজন ছিংগলছ আৰু ছজন ডাবলছ) অন্তৰ্ভুক্ত কৰা হৈছিল। ছিংগলছৰ বাবে দলত স্থান পাইছিল লক্ষ্য সেন (বিশ্ব ৰেংক ৯), কিডাম্বি শ্ৰীকান্ত (১১), এইচ. এছ. প্ৰণয় (২৩) আৰু প্ৰিয়াংশু ৰাজাৱট (৮৩)। বিশ্ব ৰেংকিং আৰু বিগত সময়ত কৰা উন্নত প্ৰদৰ্শনৰ সুবাদত লক্ষ্য, শ্ৰীকান্ত আৰু প্ৰণয়ে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে প্ৰিয়াংশোৱে নিৰ্বাচনী ট্ৰায়েলত বিজয়ী হৈ থমাছ কাপ দলত অন্তৰ্ভুক্ত হৈছিল। ডাবলছত অন্তৰ্ভুক্ত খেলুৱৈসকল আছিল স্বাতিকচাইৰাজ ৰানকিৰেড্ডী (বিশ্ব ৰেংক ৭), চিৰাগ চেট্টি (৭), অৰ্জুন এম. আৰ. (৩৮), ধ্ৰুৱ কাপিলা (৩৮), কৃষ্ণ প্ৰসাদ গাৰাগা (৪৫) আৰু বিষ্ণুবৰ্দ্ধন পানজলা (৪৫)। বিশ্ব ৰেংকিং ১৫ৰ ভিতৰত থকা বাবে স্বাতিক আৰু চিৰাগৰ যুটিয়ে পোনপটীয়া যোগ্যতা অৰ্জন কৰিছিল।

গ্ৰুপৰ তুলনামূলকভাৱে দুৰ্বল প্ৰতিদ্বন্দ্বী জাৰ্মানী আৰু কানাডাক ৫-০ ব্যৱধানত অনায়াসে পৰাস্ত কৰি ভাৰত কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈছিল। তৎসত্ত্বেও গ্ৰুপৰ শক্তিশালী দল চাইনিজ টাইপেক পৰাস্ত কৰিব পাৰিলে গ্ৰুপৰ পৰা প্ৰথমটো দল হিচাপে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ সুযোগ আছিল ভাৰতৰ। পিছে ভাৰত চাইনিজ টাইপেৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয়। শ্ৰীকান্ত আৰু প্ৰণয় দ্বিতীয় আৰু পঞ্চম খেলত জয়ী হ’লেও লক্ষ্য, স্বাতিক-চিৰাগ আৰু অৰ্জুন-ধ্ৰুৱ প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ খেলত পৰাস্ত হয়। কোৱাৰ্টাৰ ফাইনেলত ভাৰত শক্তিশালী মালয়েছিয়াৰ সন্মুখীন হয়। তুমূল প্ৰতিদ্বন্দ্বিতাৰ অন্তত ভাৰতে মালয়েছিয়াক ৩-২ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাট মুকলি কৰে। লক্ষ্য পুনৰবাৰ প্ৰথমখন খেলত পৰাস্ত হ’লেও স্বাতিক-চিৰাগে দ্বিতীয়খন খেলত জয়লাভ কৰি সমতা স্থাপন কৰে। শ্ৰীকান্তে তৃতীয়খন খেলত জয়ী হোৱাৰ বিপৰীতে অৰ্জুন-ধ্ৰুৱ চতুৰ্থখন খেলত পৰাস্ত হয়। পঞ্চম তথা নিৰ্ণায়ক খেলত প্ৰণয়ে সহজ জয় অৰ্জন কৰি ইতিহাস ৰচনা কৰে। উল্লেখযোগ্য যে ছেমি ফাইনেলত উপনীত হোৱাৰ সুবাদত ভাৰতে থমাছ কাপত প্ৰথমবাৰলৈ অন্ততঃ ব্ৰঞ্জৰ পদক লাভ কৰাটো নিশ্চিত হয় (ভাৰতে ১৯৫২, ১৯৫৫ আৰু ১৯৭৯ চনতো ছেমি ফাইনেল পৰ্যন্ত আগুৱাই যদিও সেই সময়ত ছেমি ফাইনেলৰ বিজিত দলে পদক লাভ কৰা নাছিল)৷

ছেমি ফাইনেলত ভাৰত সন্মুখীন হয় তাৰকাখচিত তথা ২০১৬ চনৰ বিজয়ী দল ডেনমাৰ্কৰ। প্ৰথমখন ছিংগলছত লক্ষ্য বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ ভিক্টৰ অ্যাক্সেলচনৰ হাতত ১৩-২১, ১৩-২১ ব্যৱধানত ধৰাশায়ী হয়। প্ৰথমখন ডাবলছত স্বাতিক-চিৰাগে সুন্দৰ খেল প্ৰদৰ্শন কৰি ২১-১৮, ২১-২৩, ২২-২০ ব্যৱধানত জয় সাব্যস্ত কৰে। দ্বিতীয়খন ছিংগলছত শ্ৰীকান্তে সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি বিশ্বক্ৰমৰ তৃতীয় স্থানৰ খেলুৱৈ এণ্ডাৰ্ছ এণ্টনচনক ২১-১৮, ১২-২১, ২১-১৫ ব্যৱধানত পৰাস্ত কৰি ভাৰতক ২-১ৰ অগ্ৰগতি প্ৰদান কৰে। পিছে অৰ্জুন-ধ্ৰুৱ পুনৰবাৰ দ্বিতীয়খন ডাবলছত ১৪-২১, ১৩-২১ ব্যৱধানত পৰাস্ত হোৱাত প্ৰবল উত্তেজনাপূৰ্ণ পঞ্চম তথা অন্তিমখন খেললৈ সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিবলগীয়া হয়। প্ৰণয়ে গোৰোহাৰ আঘাতৰ সমস্যা লৈও শীতল মস্তিষ্কৰে খেলি বিশ্বক্ৰমৰ ত্ৰয়োদশ স্থানৰ ৰছমাছ জেমকক ১৩-২১, ২১-৯, ২১-১২ ব্যৱধানত পৰাস্ত কৰি ৭৩ বছৰীয়া থমাছ কাপৰ ইতিহাসত ভাৰতক প্ৰথমবাৰলৈ ফাইনেলত উপনীত কৰোৱায়।

১৫ মে’ত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতৰ সন্মুখত আছিল বিগত বৰ্ষৰ বিজয়ী তথা অত্যন্ত শক্তিশালী দল ইণ্ডোনেছিয়া। ইতিমধ্যে মালয়েছিয়া আৰু ডেনমাৰ্কৰ দৰে বিশ্বক্ৰমত ভাৰতৰ আগত থকা দলক পৰাস্ত কৰি ভাৰতীয় খেলুৱৈসকলৰ আত্মবিশ্বাস তুংগত আছিল। ফাইনেলৰ প্ৰথমখন খেলত আৰম্ভণিতে পিছপৰিও দুৰ্দান্ত প্ৰদৰ্শনেৰে লক্ষ্যই বিশ্বক্ৰমৰ পঞ্চম স্থানৰ তথা টকিঅ’ অলিম্পিক ২০২০ৰ ব্ৰঞ্জৰ পদক জয়ী এণ্টনি ছিনিছুকা জিণ্টিঙক ৮-২১, ২১-১৭, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি গুৰুত্বপূৰ্ণ জয় অৰ্জন কৰে। দ্বিতীয়খন খেল আছিল স্বাতিক-চিৰাগৰ অগ্নিপৰীক্ষা স্বৰূপ। কিয়নো সন্মুখত আছিল বিশ্বৰ শীৰ্ষতম ডাবলছ যুটি মহম্মদ এহচান আৰু কেভিন সঞ্জয় চুকামুলজো। অবিশ্বাস্য খেল প্ৰদৰ্শন কৰি চাৰিটাকৈ ‘মেটছ্ পইণ্ট’ বচাই স্বাতিক-চিৰাগে ১৮-২১, ২৩-২১, ২১-১৯ ব্যৱধানত অপ্ৰত্যাশিত জয় সাব্যস্ত কৰে আৰু ভাৰতক ২-০ৰ অগ্ৰগতি প্ৰদান কৰে। উল্লেখ্য যে এই জয়ৰ পূৰ্বে এহচান-সঞ্জয়ৰ বিপক্ষে আটাইকেইবাৰ মুখামুখিতে স্বাতিক-চিৰাগ পৰাস্ত হৈছিল। তৃতীয়খন খেলত শ্ৰীকান্তৰ সন্মুখত অৱতীৰ্ণ হৈছিল বিশ্বক্ৰমৰ অষ্টম স্থানৰ জনাথন ক্ৰিষ্টি। শ্ৰীকান্তে ক্ৰিষ্টিক আৰম্ভণিৰেপৰা সুন্দৰ খেলেৰে ব্যতিব্যস্ত কৰি ৰাখি ২১-১৫, ২৩-২১ ব্যৱধানত পৰাস্ত কৰি পোনপটীয়া ৩-০ জয়েৰে স্বৰ্ণ জয়ৰ ইপ্সিত লক্ষ্যত ভাৰতক উপনীত কৰোৱায়। সমগ্ৰ ভাৰততে এই বিজয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। অবিশ্বাস্য খেল প্ৰদৰ্শন কৰি শ্ৰীকান্ত আৰু প্ৰণয়ে প্ৰতিযোগিতাৰ আটাইকেইখন খেলতে জয়লাভ কৰে। স্বাতিক-চিৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন চিৰস্মৰণীয় হৈ ৰ’ব তথা ই ভৱিষ্যতে আৰু অধিক সফলতা লাভৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব। ভাৰতীয় বেডমিণ্টন দলৰ ঐতিহাসিক বিজয়ৰ ক্ষণত ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে দলটিলৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে; লগতে দলৰ প্ৰশিক্ষক তথা বিষয়ববীয়াৰ বাবেও ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

বৰ্তমান বেডমিণ্টন ভাৰতৰ খেলজগতৰ সূৰ্যোদয় ক্ষেত্ৰ। পুৰুষৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষ পঞ্চাশত ভাৰতৰ সাতজনকৈ খেলুৱৈৰ উপস্থিতি নিঃসন্দেহে উৎসাহজনক খবৰ। ডাবলছৰ ক্ষেত্ৰতো তিনিটাকৈ যুটি প্ৰথম পঞ্চাশ স্থানৰ অন্তৰ্ভুক্ত। একেদৰে মহিলাৰ ক্ষেত্ৰতো বিশ্বৰ শীৰ্ষ এশগৰাকী খেলুৱৈৰ তালিকাত ভাৰতৰ নগৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে। ছাইনা আৰু সিন্ধুক বাদ দি বাকী সাতগৰাকীয়ে যুৱ প্ৰতিভা; গতিকে তেওঁলোকৰ প্ৰদৰ্শন অনাগত দিনত উন্নত হোৱাটো নিশ্চিত। মহিলা ডাবলছতো অভিজ্ঞ অশ্বিনী পোনাপ্পা আৰু চিক্কি ৰেড্ডীৰ লগতে আন দুই উদীয়মান যুটিয়ে আশাৰ বাট দেখুৱাইছে। গোপীচান্দ বেডমিণ্টন একাডেমী, হায়দৰাবাদ আৰু প্ৰকাশ পাডুকন বেডমিণ্টন একাডেমী, বাংগালুৰুৱে বিগত তথা বৰ্তমান সময়ত বিশ্বৰ বেডমিণ্টন মানচিত্ৰত প্ৰতিষ্ঠা কৰা ভাৰতীয় খেলুৱৈসকলৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। তদুপৰি ঠাইবিশেষে সৰু-বৰ একাডেমীবোৰেও প্ৰতিভাবোৰক উলিয়াই অনাত দিনে ৰাতিয়ে পৰিশ্ৰম অব্যাহত ৰাখিছে। বৰ্তমান ভাৰত চৰকাৰৰো ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি গুৰুত্ব আৰু সঁহাৰি প্ৰশংসনীয়। বেডমিণ্টনত ভাৰতৰ এই জয়যাত্ৰা অব্যাহত থাকক; চীন-ইণ্ডোনেছিয়াক স্থানচ্যুত কৰি ভাৰত শীৰ্ষত অৱস্থান কৰক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!