বিষাদ যোগ

লেখক- মৃদুল হালৈ

 

এই নামহীন শূন্যতাই

হয়তো সঁচা

 

মৰি অহা দিনবোৰৰ

ভূষণ সলাই

 

আমি বৃথাই নাম দিওঁ

সন্ধ্যা…

 

 

খহি অহা আকাশৰ 

এডোখৰ মুঠি মাৰি ধৰোঁতে

মোৰ তলুৱাত লাগি ধৰে

জহি যোৱা মেঘৰ আঁহ

 

পুৰি যোৱা ৰ’দৰ ছায়াই

ক’লা কৰে কলিজা

 

ঘৰত যেনিবা মোৰ একো নাই

মনত যেনিবা মোৰ অপাৰ ঠাই

 

মই সাঁচি যাওঁ নিয়াৰিকৈ

ভঙা-ছিঙা আকাশৰ শূন্যতা…

 

 

নিজৰ ভিতৰতে মই এখন শূন্য

সুশোভিত উদ্যান

 

স্ফূট, মুৰ্চ্ছিত, নিমিলীত, প্ৰজ্জ্বলিত

কান্তি আৰু ক্লান্তিৰ বাটেৰে 

অনন্ত শূন্যলৈ মোৰ সুৰভিত বিস্তাৰ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!