'কুইন অৱ দ্য এলিফেণ্টচ ৰূপে খ্যাত পাৰ্বতী বৰুৱাৰ সাক্ষাৎকাৰ

লেখক- শ্ৰী চিমি কোঁৱৰ

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰটিৰ বাবে লগ ধৰা হৈছিল ‘কুইন অৱ দ্য এলিফেণ্টচ ৰূপে খ্যাত পাৰ্বতী বৰুৱা মহোদয়া’ক। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা মাউত ‘কুইন অৱ দ্য এলিফেণ্টচ’ ৰূপে জনাজাত পাৰ্বতী বৰুৱাৰ জন্ম হৈছিল অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ গৌৰীপুৰত। তেওঁ আছিল গৌৰীপুৰৰ ৰজা (জমিদাৰ) প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ কন্যা। ‘হস্তীৰ কন্যা’ৰূপে বিখ্যাত স্বৰ্গীয়া প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ সহোদৰা আছিল। দেউতাকৰ তত্বাৱধানত হাতী ধৰাৰ প্ৰশিক্ষণ লোৱা পাৰ্বতী বৰুৱাই বৰ্তমানলৈকে ৪০০ত কৈও অধিক হাতীক প্ৰশিক্ষণ দিছে। অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চিফ এলিফেণ্ট ৱাৰ্ডেন অৱ অসম’ সন্মানেৰে বিভূষিত কৰে৷ ২০২৩চনত পাৰ্বতী বৰুৱাই অসম গৌৰৱ বঁটা আৰু ২০২৪চনত পদ্মশ্ৰী সন্মান লাভ কৰে। 

       ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী চিমি কোঁৱৰে।সহযোগ কৰিছে অসমীয়াত কথা বতৰা গোটৰ সদস্য শ্ৰী উৎপলা কৌৰে। সম্পাদকে অনুলেখন কৰা এই সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী উজ্জ্বল দিপ্লু গগৈয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে গোটৰ আন দুগৰাকী সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ড° দ্বীপজ্যোতি বৰাই। 

 

সাহিত্য ডট অৰ্গ: নমস্কাৰ৷ সাহিত্য ডট অৰ্গৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ৷ পোনপ্ৰথমে আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ ।

 

পাৰ্বতী বৰুৱা: ধন্যবাদ। সৰুৰে পৰা হাতীৰ লগতে ডাঙৰ হৈছোঁ। জীৱ জন্তু ভাল পাইছিলোঁ সৰুৰে পৰা৷ ঘৰখনত তেনে এটা পৰিৱেশৰ মাজতে ডাঙৰ হৈছোঁ৷ 

 

সাহিত্য ডট অৰ্গ: আমি আপোনাক “কুইন অৱ দ্য এলিফেণ্টচ” হিচাপে জানোঁ৷ ইয়াৰ আঁৰত থকা কাহিনীটো আমাক ক’ব নেকি ?

 

পাৰ্বতী বৰুৱা: কাহিনী বুলি ক’বলৈ তেনেকুৱা বিশেষ একো নাই। আমাৰ ঘৰত হাতী আছিল বাবে আমি সৰুৰে পৰা হাতী দেখিছিলোঁ আৰু হাতীৰ লগত মোৰ সম্পৰ্কটো ভাল আছিল৷ তাৰোপৰি আমাৰ ঘৰত আন বহুতো জীৱ-জন্তু আছিল৷ গতিকে হাতীৰ লগতে আমি সৰুৰেপৰা ওমলি জামলি ডাঙৰ হৈছোঁ। গতিকে ইয়াক মই কাহিনী বুলি নকওঁ, ই আচলতে মোৰ জীৱনৰেই এটি অংশ৷

 

সাহিত্য ডট অৰ্গ: ভাৰতবৰ্ষৰ প্ৰথম মহিলা মাউত হিচাপে আপুনি খ্যাত। আপুনি কেতিয়াবা মাউত হ’ম বুলি ভাবিছিলনে ?

 

পাৰ্বতী বৰুৱা: ঘৰতে হাতী থকাৰ বাবে সৰুৰপৰা মাউতসকলক পাই আহিছোঁ। মাউতসকলে কৰা কামবোৰ মই লক্ষ্য কৰোঁ। দেউতা মোৰ গুৰু আছিল৷ তাৰ পিছত মই ভাবিলো এইক্ষেত্ৰত মহিলা হিচাপে কাম কৰা কোনোৱেই নাই! 

মই নোৱাৰিম নেকি এইটো কাম শিকিবলৈ? প্ৰশিক্ষণ দিয়া, বশ কৰা এইবোৰ এটা বিদ্যা ।এইয়া আমাৰ অসমৰ নিজা বিদ্যা আৰু এইটো বিদ্যা বাহিৰত ক’তো নাই। সেইটো বিদ্যা মই নোৱাৰিম নেকি শিকিব!

তাৰ পিছত মই দেউতাক ক’লো যে এই বিদ্যাটো মই শিকিব খুজিছোঁ। দেউতাই উত্তৰত ক’লে যে এইটো বিদ্যা কিতাপত পোৱা বিদ্যা নহয়, ইয়াৰ বাবে তই হাতে-কামে শিকিব লাগিব। ঠিক তেনেদৰেই এই বিদ্যাক শিকিবলৈ আৰম্ভ কৰি এটা সময়ত মই অভ্যস্ত হৈ পৰিলোঁ।

 

সাহিত্য ডট অৰ্গ:- পিতৃতান্ত্ৰিক এখন সমাজত আপুনি মহিলা হৈও মাউত হোৱাৰ সিদ্ধান্ত  লৈছিল৷ এই ক্ষেত্ৰত আপুনি কেতিয়াবা কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি ?

 

পাৰ্বতী বৰুৱা: প্ৰত্যাহ্বান বুলি নকওঁ। আপোনাৰ যদি কৰিবলৈ কিবা মন থাকে যিমানে প্ৰত্যাহ্বান নাহক কিয় তাক নেওচি আপুনি আগবাঢ়ি যাবই লাগিব। মই সকলো প্ৰত্যাহ্বান নেওচি আহি আজিৰ এই পৰ্যায় পাইছোঁহি।

 

সাহিত্য ডট অৰ্গ: মাউত হিচাপে হাতীক নিয়ন্ত্ৰণ বা বশ কৰাৰ বাবে আপুনি প্ৰশিক্ষণ লৈছিল নে?

 

পাৰ্বতী বৰুৱা: প্ৰশিক্ষণ ল’বলৈ ক’তো মোক নিয়া নাই। প্ৰশিক্ষণ দিয়াৰ আচলতে কোনো শিক্ষানুষ্ঠানো নাই৷ মই ঘৰতে হাতী থকাৰ বাবে সেইটো সুযোগ পাইছিলোঁ। 

 

সাহিত্য ডট অৰ্গ: বনৰীয়া হাতীৰ জাকক আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰে ?

পাৰ্বতী বৰুৱা: নিয়ন্ত্ৰণ কৰাৰ ব্যৱহাৰিক কৌশলৰ বিষয়ে আপোনালোকে সহজে বুজি নাপাব। গতিকে কেনেকৈ নিয়ন্ত্ৰণ কৰে সেয়া নেদেখিলে একোকে বুজিব নোৱাৰিব। সেয়া জানিবলৈ বা বুজিবলৈ হ’লে আপোনালোক ব্যৱহাৰিক ক্ষেত্ৰখনত চাবলৈ যাব লাগিব। ক’ৰবাত যদি ঘৰচীয়া হাতীৰ প্ৰশিক্ষণ হৈ আছে সেয়া চালে আপোনালোকে বহু কথা বুজিব পাৰিব৷

 

সাহিত্য ডট অৰ্গ: হাতী আৰু মানুহৰ সংঘাত সম্পৰ্কে আপুনি কি ক’ব ?

 

পাৰ্বতী বৰুৱা: হাতী আৰু মানুহৰ সংঘাত তাহানিৰ পৰাই চলি আহিছে। এতিয়া যদি এই সংঘাত কিয় হৈছে অনুধাৱন কৰে তাৰ কাৰণে আমি মানুহবোৰেই দায়ী৷ আমি হাতীৰ বাসস্থান নষ্ট কৰাৰ উপৰিও তাহাঁতৰ খাদ্যসম্ভাৰ কমাই আনিছোঁ৷ খাদ্যৰ সন্ধানত হাতীয়ে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিব লগা হৈছে। আগতে গাওঁৰ সংখ্যা কম আছিল। এতিয়া জংঘলৰ মাজতো মানুহৰ গাওঁ বহিব লৈছে। বহুতো মানুহে হকে-বিহকে অনাহকত জংঘলত সোমাই থাকিব বিচাৰে৷ হাতীবোৰ চলাচল কৰা ৰাস্তাবোৰ বিভিন্ন ঠাইত বন্ধ হৈ গৈছে। সেইকাৰণে সংঘাতবোৰ বৃদ্ধি পোৱা দেখা যায়৷ তাৰ কাৰণে হাতী দায়ী নহয়, আমিহে দায়ী৷

 

সাহিত্য ডট অৰ্গ: হাতী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ বাবে আমি কেনেধৰণৰ পদক্ষেপ লোৱা উচিত? এইক্ষেত্ৰত চৰকাৰৰ ভূমিকা কেনে হ’ব লাগে বুলি ভাবে?

 

পাৰ্বতী বৰুৱা: আমি সহাৱস্থান কৰিবলৈ শিকিব লাগিব৷ যিহেতু হাতীৰ বাসস্থান ,আহাৰ নষ্ট কৰাৰ মূল গুৰিত আমিয়েই আছোঁ গতিকে কিদৰে সহাৱস্থান কৰিব লাগিব সেয়াও আমাৰ ওপৰতে নিৰ্ভৰ কৰিব। জীৱ-জন্তু নাথাকিলে আমিও কিন্তু জীয়াই নাথাকো, এইটো এটা অপ্ৰিয় কিন্তু সত্য কথা।

      চৰকাৰৰ তৰফৰ পৰা হাতী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ বাবে চেষ্টা কৰি আছে৷ সজাগতামূলক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি শিশুসকলক সৰুৰেপৰা পৰিৱেশৰ অনুকূলে গঢ় দিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ বিভিন্ন এন জি অ’ কিছুমানেও এইক্ষেত্ৰত কাম কৰি আছে৷ আমি কিছু এৰা-ধৰাৰ মাজেৰে চলিব লাগিব৷

 

সাহিত্য ডট অৰ্গ: লোকসংগীত শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে আপোনাৰ ভগ্নী হয়৷ এটা সাংস্কৃতিক পৰিৱেশত আপুনি ডাঙৰ-দীঘল হৈছে । গোৱালপৰীয়া লোকগীত সমূহৰ বিষয়ে আপুনি কি ক’ব? আপুনিও সংগীত সাধনাৰ প্ৰতি আকৰ্ষিত হৈছিল নেকি?

 

পাৰ্বতী বৰুৱা: গোৱালপৰীয়া লোকগীত আমাৰ তেজত আছে। মোৰ ভগ্নী প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীতৰ প্ৰতি নিচা আছিল বাবে গোটেই পৃথিৱীয়ে চিনি পালে। মই হাতী ভাল পাওঁ বাবে জংঘলতে থাকি গ’লোঁ। 

 

সাহিত্য ডট অৰ্গ:- মাউত হিচাপে হাতীৰ বিষয়ে হোৱা আপোনাৰ এটা অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?

 

পাৰ্বতী বৰুৱা: মাউত হিচাপে নহয়। গোটেই জীৱন মই হাতীৰ লগত আছোঁ। হাতীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোৰ বাবে চিৰস্মৰণীয়৷ হাতী বহুত সহনশীল প্ৰাণী। হাতীৰ ধৈৰ্য্য আমাতকৈ বহুগুণে বেছি। একেবাৰে ধৈৰ্য্যৰ বান্ধ নিছিঙালৈকে হাতীয়ে সহি থাকে। আত্মৰক্ষাৰ বাবেহে হাতীয়ে আক্ৰমণ কৰে৷ এনে এটা সহনশীল প্ৰাণীৰ সৈতে কটোৱা প্ৰতিপল সময়েই মোৰ ভাল লাগে৷ ক’বলৈ গ’লে হাতীৰ লগত থকা সময়খিনিতহে মই আটাইতকৈ সুখী হৈ থাকোঁ। মোৰ কেতিয়াবা ভাৱ হয় এনে এটা জীৱৰ সৈতে কটোৱা সময়কণত মই যেন গণেশ বাবাৰ সেৱাহে কৰি আছোঁ। তেতিয়া মোৰ মনটো উৎফুল্লিত হৈ পৰে।

 

সাহিত্য ডট অৰ্গ: মাউত হ’বলৈ হেঁপাহ থকা মহিলাসকলৰ বাবে আপুনি এক প্ৰেৰণা আৰু সাহসৰ উৎস। তেওঁলোকৰ প্ৰতি আপোনাৰ পৰা এটি পৰামৰ্শ বিচাৰিলোঁ৷

 

পাৰ্বতী বৰুৱা: কোনোবা মহিলাৰ যদি হেঁপাহ থাকে এইটো খুবেই ভাল লগা কথা৷ মাউতৰ জীৱনটো বৰ কষ্টকৰ জীৱন! এতিয়াৰ লিখা পঢ়া কৰা দিনত,

মোবাইলৰ যুগত যদি কোনো মহিলাই আগ্ৰহ প্ৰকাশ কৰে মই খুবেই সুখী হ’ম৷ এই ক্ষেত্ৰখন সম্পূৰ্ণৰূপে পুৰুষ অৱদমিত গতিকে মই ওলাই অহাৰ দৰে মহিলাসকল ওলাই আহিলে বেয়া নহয়৷ মাউত বুলি ক’লে বহুত মানুহে তুচ্ছ-তাচ্ছিল্য কৰে৷ কিন্তু এনেকুৱা কৰাটো অনুচিত। তেওঁলোকে যিটো কাম কৰে সেইটো বহু উচ্চপদস্থ বিষয়া-কৰ্মচাৰীয়েও কৰিব নোৱাৰে। আজি আপোনাৰ গাড়ী এখন চলাবলৈ মন নাই গেৰেজত থৈ দিলে ।কিন্তু হাতী এটাকতো তেনেকুৱা কৰিব নোৱাৰোঁ।যিমান ৰ’দ-বৰষুণ হ’লেও হাতী এটাক গা ধুৱাবই লাগিব, খাদ্য দিবই লাগিব ।গতিকে মাউতৰ জীৱনটো কিমান সমৰ্পিত হ’ব লাগিব এবাৰ ভাৱকচোন। হাতী পৰ্যটনত যিমান পইচা আহে সেই পইচাখিনিও মাউতে নাপায়, চৰকাৰৰ ৰেভিনিউত জমা হয়। এই প্ৰত্যাহ্বানসমূহ নেওচি তেওঁলোক ওলাই আহিব লাগিব।

সাহিত্য ডট অৰ্গ: আপুনি আমাক ইমান সময় দিয়া বাবে সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ ।

পাৰ্বতী বৰুৱা : ধন্যবাদ ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!