বৰদোৱা বা বটদ্ৰৱা থান
লেখক- প্ৰদীপ বৈশ্য
অলপতে নগাঁও জিলাৰ বৰদোৱা বা বটদ্ৰৱা থানলৈ ফুৰিবলৈ যোৱাৰ সুযোগ হৈছিল। বৈষ্ণৱ সভ্যতা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী বৰদোৱা থান সঁচাকৈ আজিৰ দিনটো প্ৰতিজন অসমীয়াৰে বুকুত বিশেষ মৰ্যাদা থকা এখন ঠাই বুলিব লাগিব। সেয়েহে এই থানখনৰ বিষয়ে অলপ লিখিবলৈ মন কৰিলোঁ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীঃত নগাঁও জিলাৰ পশ্চিম দিশত(নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কি:মি: আঁতৰত) অৱস্থিত আলিপুখুৰী, বৰদোৱা বা বৰদোৱা নামৰ ঠাইত। এই কথা গুৰুজনাই তেওঁৰ ৰচিত গ্ৰন্থসমূহত উল্লেখ কৰি গৈছে। গুৰুজনাৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। সৰুতেই পিতৃ-মাতৃৰ বিয়োগ হোৱাত গুৰুজনাক বুঢ়ীমাক খেৰসুতী আয়ে ডাঙৰ দীঘল কৰে। ১২ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে। ‘ক’ ফলাখন শিকিয়েই “কৰতল কমল, কমল দল নয়ন” শীৰ্ষক আকাৰ-ইকাৰ নোহোৱা কবিতাটি ৰচনা কৰিছিল। ইয়াতেই তেওঁৰ মেধা শক্তিৰ উমান পাই গুৰুৱে সকলোৰে মাজত ওজা ছাত্ৰ পাতি ‘দেৱ’ উপাধি লগাই দিছিল।
বৰ্তমান যি ঠাইত কীৰ্তন ঘৰটো অৱস্থিত, তাতেই মহাপুৰুষ জনাই ভকতসকলক লৈ প্ৰথম নামঘৰটো সাজিছিল। কীৰ্তনঘৰত পুৱাৰ পৰা গধূলিপৰলৈ মুঠতে চৈধ্যটা প্ৰসঙ্গ হয়। এই নিয়ম নামঘৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰাই চলি আহিছে। আনকি গুৰুজনাৰ নাতি পুৰুষোত্তম দেৱে ৰচনা কৰা থান বৰ্ণনাৰ গীততো এইদৰে উল্লেখ কৰা আছে –
চাৰিওফালে চাৰি হাটী মহাভক্ত গণ।
চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্তন। ।
সেহি থানে নিজ গুৰু কৰিলন্ত বাস।
কহয় পুৰোষোত্তম দাসকো দাস। ।
শঙ্কৰদেৱৰ নামৰ অমিয়া সুৰেৰে নাচি উঠা পবিত্ৰ বৰদোৱা থানৰ কল্পনা কৰিয়েই ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ প্ৰথম গীত “কুসুম্বৰ পুত্ৰ শঙ্কৰদেৱ গুৰুৱে” ৰচি জীৱনৰ পাতনি মেলিছিল এইদৰে-
“কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰদেৱ গুৰুৱে ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান,
মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান।
অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰদেৱ ধৰমৰ নামতে তুমি
সকলো দুখলৈ পিঠি দিলা গুৰু, ধন্য অসম ভূমি
মোৰ গুৰু ঐ, ধন্য অসম ভূমি।
বৰদোৱা নামটোৰ অৰ্থ: বৰদোৱা নামটোৰ লগত বটগছৰ সম্পৰ্ক আছে বুলি কোৱা হয়। শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিওঁতে বটগছ এজোপাত নিজৰ ধনুখন ওলোমাই থৈছিল। ধনুখন ভৰ সহিব নোৱাৰি সৰি পৰিছিল আৰু যি স্থানত পৰিছিল, তাত এটা সাঁচ ৰৈ গৈছিল। কলিত শ্ৰীশঙ্কৰদেৱে মধ্যৰাতি সেই স্থানতেই আকাশীগঙ্গা নামৰ বিশাল জলৰাশি ধৰাৰ বুকুলৈ নমাই আনিছিল। আলিপুখুৰী আৰু বৰদোৱা নামটো সুপ্ত অৱস্থাত আছে আৰু আজিকালি ‘বটদ্ৰৱা’ নামটোহে বহুলভাবে প্ৰচলিত হয়।
বৰদোৱা বা বটদ্ৰৱা থানৰ অন্তৰ্গত উল্লেখনীয় কীৰ্তি চিহ্নসমূহ:
১) কীৰ্তনঘৰ: মহাপুৰুষজনাই ভকতসকলক লৈ প্ৰথমে এই নামঘৰটো সাজিছিল। কীৰ্তনঘৰত নিতৌ পুৱাৰ পৰা গধূলিপৰলৈ মুঠতে চৈধ্যটা প্ৰসঙ্গ হয়। কীৰ্তনঘৰটো পৰৱৰ্তী সময়ত নতুনকৈ সজাই পৰাই তোলা হৈছে। নতুন নামঘৰটো ১৯৫৫ চনত সজা। জাতীয় সাজ পৰিধান কৰিহে কীৰ্তন ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হয়। পুৰুষসকলে চুৰীয়া-গামোছা আৰু মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰিব লাগে।
২) মণিকূট: মণিকূটত গৃহ বান্ধি গুৰুজন আছিল। মণিকূট আছিল গুৰুজনাৰ সেৱাৰ স্থান। ইয়াতো এখন সিংহাসন আছে। ইয়াতো প্ৰতিদিনে এখন শৰাই সজোৱা হয়। ইয়াত বৰপেটা সত্ৰ বা ঢেকীয়াখোৱা বৰনামঘৰত থকাদি এগছি অক্ষয় বন্তি আছে। মণিকূটৰ প্ৰৱেশদ্বাৰ দুখন পিতলৰে তৈয়াৰী। পৱিত্ৰ প্ৰথম বহাগৰ দিনটোত এই মণিকূটত দবা-কাঁহ, খোল, তাল, শংখ বজাই গোসাইক ‘বা’ দিয়া হয়। যাত্ৰীসকলে কীৰ্তনঘৰত সেৱা জনোৱাৰ পাছত এই মণিকূট ভাগ দৰ্শন কৰে।
৩) প্ৰৱেশদ্বাৰ: বটদ্ৰৱা থানলৈ প্ৰৱেশৰ বাবে তিনিখন প্ৰৱেশদ্বাৰ আছে। প্ৰতিখন প্ৰৱেশদ্বাৰত সুন্দৰকৈ সজোৱা তোৰণ আছে। প্ৰৱেশদ্বাৰ তিনিখন হ’ল –
(ক) পূৱ দিশত থকা প্ৰৱেশদ্বাৰ – শ্ৰীশলগুৰি সত্ৰৰে প্ৰৱেশ কৰিলে কীৰ্তনঘৰৰ দক্ষিণ প্ৰৱেশদ্বাৰেৰে তালৈ সোমাব পাৰি।
(খ) পশ্চিম দিশত থকা মূল প্ৰৱেশদ্বাৰেৰে গৈ পুনৰ তিনিশ মিটাৰমান উত্তৰে গ’লে কীৰ্তনঘৰৰ সিংহাসনৰ পোনে পোনে থকা মূল প্ৰৱেশদ্বাৰেৰে তালৈ সোমাব পাৰি।
(গ) শ্ৰীশ্ৰীনৰোৱা সত্ৰৰ দিশেৰে প্ৰৱেশ কৰিলে কীৰ্তনঘৰৰ উত্তৰদিশে থকা প্ৰৱেশদ্বাৰেৰে তালৈ সোমাব পাৰি। ইয়াতো জাপি বাটচ’ৰা আৰ্হিৰ সুন্দৰ তোৰন সজোৱা আছে।
(৩) যাত্ৰী নিৱাস: বটদ্ৰৱা থানৰ চৌহদত অসম চৰকাৰৰ উদ্যোগত এটা বৃহৎ আৰ্হিৰ যাত্ৰী নিৱাস এটা তৈয়াৰ কৰা হৈছে।
(৪) নাটঘৰ: কীৰ্তনঘৰলৈ প্ৰৱেশ কৰোঁতে নাটঘৰ হৈ যাব পাৰি। নাটঘৰৰ বেৰৰ অংশত চিত্ৰ ভাগৱতৰ ছবিসমূহ আৰি থোৱা আছে।
(৫) হাতীপুখুৰী: মণিকূটৰ পূৱ দিশত হাতীপুখুৰী অৱস্থিত। আগেয়ে এই পুখুৰীৰ পানীয়েই থানৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰা হৈছিল যদিও আজিকালি চৰকাৰী বিভাগৰ দ্বাৰা বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে।
(৬) শঙ্কৰ শিলিখা: – কীৰ্তন ঘৰৰ কাষতে থকা শিলিখা গছজোপাক শঙ্কৰ শিলিখা বোলা হয়। কথিত আছে যে শিলিখা গছৰ গুটিৰ ৰস উলিয়াই গুৰুজনাই সাঁচি গছৰ বাকলিত পুথি লিখিছিল। তদুপৰি এই গছজোপাৰ তলত বহিয়েই গুৰুজনাই ভক্তসকলৰ সৈতে ধৰ্ম বিষয়ক আলোচনা কৰিছিল।
(৭) হাটীবহা: – হাতীপুখুৰীৰ পাৰত ভকতসকলে বাস কৰাৰ বাবে যি ঘৰ আছে তাকেই হাটীবহা বোলা হয়। এই ভকতসকলে কীৰ্তনঘৰত চলি থকা চৈধ্য প্ৰসঙ্গত সদায় জড়িত হৈ থাকে। এওঁলোকে ঘৰ-বাৰীৰ মোহ এৰি থানৰ প্ৰসঙ্গৰ লগতে ঈশ্বৰ সেৱাতেই নিজকেই উছৰ্গা কৰে বাবে এওঁলোকক “উদাসীন” বুলি কোৱা হয়।
(৮) আকাশী গঙ্গা: – বটদ্ৰৱা থানৰ আটাইতকৈ মোহনীয় প্ৰাকৃতিক জলৰাশিৰ নামেই হ’ল আকাশী গঙ্গা। বটদ্ৰৱাৰ আশে-পাশে থকা জানবোৰত (যেনে- শান্তিজান, টেম্বুৱানী জান) খৰালি কালত পানীৰ অভাৱ হোৱাত ভক্তসকলে গুৰু শ্ৰীশঙ্কৰদেৱৰক জনোৱাত গুৰুজনে আকাশী গংগাক ধৰালৈ নমাই আনিলে। হ্ৰদ আকৃতিৰ এই বৃহৎ জলৰাশিয়ে বটদ্ৰৱা থানৰ শোভা শতগুণে বৃদ্ধি কৰিছে বুলিব পাৰি। এই জলৰাশিভাগৰ আকৃতি দেখাত সাইলাখ ধনু বা অৰ্দ্ধচন্দ্ৰা আকাৰৰ। এই জলৰাশিৰ পাৰতেই ভ্ৰমণকাৰীসকলে প্ৰাকৃতিক পৰিৱেশত বনভোজ খাবলৈ যোৱা দেখা যায়। দূৰৈৰ পৰা অহা তীৰ্থযাত্ৰীসকলেও খাদ্য প্ৰস্তুত কৰি খাব পৰাৰ দিহা এই আকাশীগঙ্গাৰ পাৰত সুচল।
ওপৰত উল্লেখ কৰাসমূহৰ উপৰিও ভ্ৰমণকাৰীসকলে পাটশিলা, আই খেৰসুঁতি মুকলিমঞ্চ, ৰভাঘৰ, উত্তৰ আৰু দক্ষিণ পদশিলা (উভয়তে গুৰুজনাৰ পদচিহ্ন থকা), সভাঘৰ, মাধৱদেৱ ভৱন, সাঁচিগছ আদিও চাব পাৰে। মুঠতে বটদ্ৰৱা থানলৈ আহিলে আপুনি পৰিয়ালসহ দিনৰ দিনটো কটাবলৈ যথেষ্ট সমল আছে। আনকি আশে-পাশে থকা দোকান বা ৰেষ্টুৰেণ্টবোৰত সকলো সামগ্ৰী বা খাদ্যবস্তুৱেই উপলব্ধ। বটদ্ৰৱা থানলৈ গৈ ভাললগা এটা অনুভৱ উল্লেখ নকৰি নোৱাৰিলোঁ। থানখনত বাস কৰা নতুবা, তাৰ ওচৰে পাজৰে থকা ভক্ত আতাসকলে একোজন টুৰিষ্ট গাইডৰ দৰে নতুন দৰ্শনাৰ্থীসকলক থানখনৰ অন্তৰ্গত সকলো ঠাই বা সকলো কীৰ্তি চিহ্নসমূহ ধুনীয়াকৈ দেখুৱাই জানিবলগীয়া সকলোবোৰ কথা ফঁহিয়াই কয়। দৰ্শনাৰ্থীসকলৰ পৰা তাৰ বিনিময়ত তেওঁলোকে সামান্যতম অৰ্থও আশীৰ্বাদৰূপে গ্ৰহণ কৰে। আমাক গাইড কৰা আতাজন দেখাত কুঁজা আছিল আৰু তেওঁৰ বয়স আশীৰো উৰ্দ্ধৰ আছিল বুলি দেখিলেই অনুমান কৰিব পাৰি।
বটদ্ৰৱা থানলৈ দূৰৈৰ পৰা অহা তীৰ্থযাত্ৰীসকলে কীৰ্তনঘৰৰ উদ্দ্যেশ্যে শুকান বুট-মগু, ফল-মূল আদি আগবঢ়াব পাৰে। থান পৰিচালনা সমিটিয়ে প্ৰতিভাগ শৰাইৰ নামত একোখনকৈ কুপন দিয়াৰ ব্যৱস্থা ৰাখিছে।
শঙ্কৰদেৱ, মাধৱদেৱ এই দুয়োজনা মহাপুৰুষে এটা সময়ত খাম-খেয়ালী, ব্যভিচাৰৰ গ্ৰাসত ধ্বংস হৈ যাব খোঁজা অসমীয়া সমাজখনক কিদৰে ঐশ্বৰ্য্যশালী কৰি থৈ গ’ল, সেয়া উল্লেখ নকৰিলেও হ’ব। গতিকে প্ৰতিজন অসমীয়াই গুৰুজনাৰ এই পবিত্ৰ জনমভূমি এবাৰ হ’লেও দৰ্শন কৰাটো উচিত বুলি ভাবো।
******
(লেখাটো প্ৰস্তুত কৰোঁতে নিম্নোক্ত দুখন গ্ৰন্থৰ সহায় লোৱা হৈছে-
১) আলিপুখুৰী বৰদোৱা বা বটদ্ৰৱা নাম সম্পৰ্কে বটদ্ৰৱা থানৰ কিছুকথা।
লেখক- শ্ৰীগিৰিশ বৰুৱা।
২) ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ। লেখক- ডঃ দিলীপ দত্ত। )