কোৱাণ্টাম আধিপত্য

লেখক- চিত্তৰঞ্জন ওজা

আজিৰ পৰা এশবছৰ আগত অৰ্থাৎ ১৯২৫ চনত হাইজেনবাৰ্গে যুগান্তকাৰী কোৱাণ্টাম বলবিদ্যা তত্ত্বৰ উদ্ভাৱন কৰিছিল। সেই উদ্ভাৱনে আনি দিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বিপ্লৱক বিশ্বৰ জনগণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই ২০২৫ বৰ্ষটো কোৱাণ্টাম বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তৰ্জাতিক বৰ্ষ হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত লয়। বিশ্বৰ সকলো দেশৰ গৱেষণাগাৰতে বহুলভাৱে চলোৱা অধ্যয়ন আৰু গৱেষণাৰ বিষয়বস্তু হৈছে কোৱাণ্টাম বলবিদ্যা। পদাৰ্থবিজ্ঞানৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ, কৃত্ৰিম বুদ্ধিমত্তা, চিকিৎসা বিজ্ঞান, ৰসায়ন বিজ্ঞান, জলবায়ু অধ্যয়ন আদি সকলো বিভাগৰ গৱেষণাৰ বাবে কোৱাণ্টাম বিজ্ঞান আজি এৰাব নোৱৰা বিষয় হৈ পৰিছে। কোৱাণ্টাম বলবিজ্ঞান হ’ল পদাৰ্থ বিজ্ঞানৰ এটা শাখা য’ত পাৰমাণৱিক আৰু উপ-পাৰমাণৱিক স্তৰত কণা আৰু তৰংগ সদৃশ দ্বৈত আচৰণ আৰু শক্তি আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়াৰ ব্যাখ্যা আগবঢ়োৱা হয়। নিউটনীয় ধ্ৰুপদী বিজ্ঞানে যেতিয়া বহুতো পৰিঘটনাৰ সঠিক ব্যাখ্যা আগবঢ়াব পৰা নাছিল তেতিয়াই বিংশ শতিকাৰ আৰম্ভণিতে মেক্স প্লাংকে কোৱাণ্টাম বিজ্ঞানৰ ধাৰণা কৰিছিল। কোৱাণ্টাম বিজ্ঞানক আগুৱাই লৈ যায় নীল্চ ব’ৰ, আইনষ্টাইন, হাইজেনবাৰ্গ, স্ৰ’ডিঞ্জাৰ আদিৰ দৰে প্ৰখ্যাত বিজ্ঞানীয়ে। কোৱাণ্টাম বিজ্ঞানৰ আধাৰত আজি বিশ্বত কোৱাণ্টাম কম্পিউটাৰ বিপ্লৱ আৰম্ভ হৈছে যিয়ে অদূৰ ভৱিষ্যতে সমগ্ৰ বিশ্বক এক নতুন দিশলৈ আগুৱাই নিবলৈ সক্ষম হ’ব। কোৱাণ্টাম কম্পিউটাৰ বিপ্লৱৰ বিষয়ে সাধাৰণ মানুহে বুজি পোৱাকৈ ‘Quantum Supremacy’ নামৰ গ্ৰন্থ এখন লিখি উলিয়াইছে আমেৰিকাৰ মিছিও কাকু নামৰ পদাৰ্থবিজ্ঞানী এজনে। 

১৯৪৭ চনত কেলিফৰ্ণিয়াত জন্মলাভ কৰা মিছিও কাকু জাপানৰ পৰা অহা দ্বিতীয় প্ৰজন্মৰ আমেৰিকান। হাৰ্ভাৰ্দ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কাকুই বাৰ্কেলি বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰি চিটী কলেজ অব নিউয়ৰ্কত তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰি আছে। ‘String field theory’ ৰ সহ-উদ্ভাৱক হিচাপে তেখেত প্ৰখ্যাত। মিছিও কাকুই কে’বাখনো বিজ্ঞান বিষয়ত মূল্যবান গ্ৰন্থ ৰচনা কৰে। কাকুই ৰচিত ‘ফিজিক্স অৱ দ্য ইম্পছিবল’ (২০০৮), ‘ফিজিক্স অৱ দ্য ফিউছাৰ’ (২০১১), ‘দ্য ফিউছাৰ অৱ দ্য মাইণ্ড’ (২০১৪), ‘ডা গড ইকুৱেচন’ (২০২১) গ্ৰন্থকেইখন নিউৱৰ্ক টাইম্চৰ বেষ্টচেলাৰ হিচাপে পৰিগণিত হয়। শেহতীয়াকৈ ২০২৩ চনত প্ৰকাশিত কোৱাণ্টাম চুপ্ৰিমেচী গ্ৰন্থখন বিশ্বৰ সকলো বিজ্ঞানী, সমাজবিদৰ মাজত সমাদৃত হৈছে। সহজ ভাষাত কোৱাণ্টাম বিজ্ঞানৰ প্ৰয়োগত কোৱাণ্টাম কম্পিউটিঙে মানৱজাতিলৈ আনিব পৰা পৰিৱৰ্তনৰ বিষয়ে গ্ৰন্থখনত সুন্দৰ বৰ্ণনা কৰিছে। 

কেইবা শতিকাৰ পৰা পূৰণ, হৰণ আদি সংখ্যা গণনাৰ বাবে মানৱজাতিয়ে যান্ত্ৰিক মেচিন ব্যৱহাৰ কৰা দেখা গৈছিল যাক আমি এনালগ কম্পিউটাৰ বুলিও কওঁ। ১৯৫০ চনত এলান টিউৰিঙে ডিজিটেল কম্পিউটাৰৰ চিন্তা চৰ্চা আৰম্ভ কৰে। ডিজিটেল কম্পিউটাৰে কম সময়ৰ ভিতৰতে ট্ৰেনজিষ্টৰ প্ৰযুক্তিৰ সহায়ত সকলো ক্ষেত্ৰতে ব্যৱহাৰৰ উপযোগী হৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগান্তকাৰী পৰিৱৰ্তন আনে। ডিজিটেল কম্পিউটাৰৰ মূল আধাৰ হ’ল বিট। প্ৰতিটো বিটে কঢ়িয়াব পাৰে ডাটা যাৰ মূল্য শূন্য বা এক। কম্পিউটাৰে সকলো কাম শূন্য বা একৰ সহায়ত কৰিব লাগে। সেয়েহে কম্পিউটাৰে জটিল কামৰ বাবে বা মেমৰীত ৰাখিবলৈ বিলিয়ন সংখ্যক বিট্চৰ সহায় ল’বলগীয়া হয়। ইয়াতে জড়িত হৈ থাকে কম্পিউটাৰৰ গাণনিক ক্ষমতা। মূৰৰ সূত্ৰ (Moore’s law) অনুসৰি প্ৰতি ১৮ মাহৰ মূৰে মূৰে কম্পিউটাৰৰ গাণনিক ক্ষমতা দুগুণ বৃদ্ধি কৰিব পৰা যায়। সেই হিচাপে আমি দেখিছোঁ সত্তৰ বা আশীৰ দশকৰ পৰা বৃদ্ধি হৈ আছে কম্পিউটাৰৰ ক্ষমতা। পিছে এই ক্ষমতা অনিৰ্দিষ্ট কাললৈ বৃদ্ধি হৈ থাকিব নোৱাৰে। ইয়াৰো এটা সীমা আছে। সেই সীমা নিৰ্ধাৰণ হয় আমি কিমান সৰু আকাৰৰ ইলেকট্ৰনিক চিপ্চ তৈয়াৰ কৰিব পাৰোঁ। এতিয়া এনে এটা পৰ্যায় পাবলৈ গৈ আছে যে ট্ৰেনজিষ্টৰ চিপচৰ আকাৰ কমাব পৰা নাযাব। সেই মুহূৰ্তত আমাৰ প্ৰযুক্তিৰ উন্নয়ন স্থবিৰ হৈ পৰিব। তাৰ লগে লগে চিলিকন ভেলীৰ গুৰুত্ব কমি যাব। তেনে এটা পৰিস্থিতি অহাৰ আগেয়ে ২০১২ চনত বিজ্ঞানীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰেজন প্ৰেস্কিলে আগবঢ়োৱা কোৱাণ্টাম আধিপত্য (Quantum Supremacy) নামৰ নতুন প্ৰযুক্তিৰ ধাৰণাৰে। চেমিকণ্ডাক্টৰ চিপ্চৰ সলনি পৰমাণু কেইটামানক লৈ কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণৰ দ্বাৰা ডিজিটেল কম্পিউটাৰে কৰিব নোৱাৰা জটিল সমীকৰণৰ সমাধান দিব পৰাকে কোৱাণ্টাম আধিপত্য বুলি কোৱা হয়। কোৱাণ্টাম আধিপত্য যে বাস্তৱত সম্ভৱ হ’ব পাৰে তাক বিশ্বৰ অধিক সংখ্যক প্ৰযুক্তিবিদে সেইসময়ত ভাবিব পৰা নাছিল। পিছে ২০১৯ আৰু ২০২১ চনত কোৱাণ্টাম আধিপত্যক সম্ভৱ কৰি তোলে গুগল আৰু আইবিএম প্ৰতিষ্ঠানে। ২০১৯ চনত গুগলে Sycamore quantum computer নামেৰে কোৱাণ্টাম কম্পিউটাৰ উদ্ভাৱন কৰিবলৈ সক্ষম হয়। এই কম্পিউটাৰৰ দ্বাৰা যিটো সমাধান ২০০ চেকেণ্ডত সম্ভৱ সেই একেটা সমীকৰণৰ সমাধান কৰিবলৈ ডিজিটেল চুপাৰ কম্পিউটাৰ এটাৰ প্ৰয়োজন হ’ব ১০, ০০০ বছৰ। গুগলে দেখুৱাই দিলে যে কোৱাণ্টাম কম্পিউটাৰে অভাৱনীয় গাণনিক ক্ষমতা অৰ্জন কৰিব পাৰে। ইয়াৰ দুবছৰ পাছত আইবিএমে গৱেষণাগাৰত the Eagle নামৰ অধিক দ্ৰুতবেগৰ কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়ায়। এই দুটা ঘটনাই কম্পিউটাৰ জগতত নতুন জাগৰণ আনিবলৈ সক্ষম হয়। ডিজিটেল কম্পিউটাৰৰ আধাৰ হ’ল বিট (০ অথবা ১)। কম্পিউটাৰ এটাত ব্যৱহাৰ হয় লাখ লাখ ট্ৰেনজিষ্টৰ যিয়ে একোটা বিট (০ বা ১) কঢ়িয়াব পাৰে। ইয়াৰ বিপৰীতে কোৱাণ্টাম কম্পিউটাৰত ব্যৱহাৰ হয় ট্ৰেনজিষ্টৰৰ সলনি পৰমাণু। একোটা পৰমাণুই কঢ়িয়াব পাৰে কিউবিট অৰ্থাৎ কোৱাণ্টাম বিট যাৰ মূল্য ০ আৰু ১ ৰ মাজত অৱস্থিত অগণন সংখ্যা। গতিকে এটা পৰমাণুই ট্ৰেনজিষ্টৰ এটাতকৈ হাজাৰ হাজাৰ গুণ বেছি ডাটা কঢ়িয়াব পাৰে। সেয়েহে কোৱাণ্টাম কম্পিউটাৰৰ ক্ষমতা কল্পনাতীতভাৱে বেছি। তদুপৰি দূৰত অৱস্থিত দুটা কিউবিটে সিহঁতৰ মাজত অহৰহ সংযোগ থকাৰ দৰে আচৰণ কৰিব পাৰে (entanglement)। কোৱাণ্টাম বিজ্ঞানৰ আন এটা পৰিঘটনা হ’ল উপৰিপাতন (superposition), শ্ৰুডিংগাৰৰ মেকুৰী বুলিও ই জানাজাত। টেলিপৰ্টেচন কোৱাণ্টাম বিজ্ঞানৰ আন এটা বৈশিষ্ট্য। এইকেইটা চৰিত্ৰৰ বাবে কোৱাণ্টাম বিজ্ঞানে অভাৱনীয় গাণনিক ক্ষমতা লাভ কৰিছে। সৰ্বপ্ৰথম কোৱাণ্টাম আধিপত্য আহৰণ কৰিবলৈ সক্ষম হোৱা গুগলৰ Sycamore quantum computer এটাৰ ক্ষমতা ৭২ বিলিয়ন বিলিয়ন বাইট্চ মেমৰী। এই ক্ষমতা পাবলৈ কেৱল মাত্ৰ ৫৩টা কিউবিট্চ ব্যৱহাৰ হৈছে। 

কোৱাণ্টাম আধিপত্য লাভ কৰিবলৈ সক্ষম হোৱা কোৱাণ্টাম কম্পিউটাৰসমূহ কেৱল গৱেষণাগাৰতহে নিৰ্মাণ কৰি বিশেষ পৰিৱেশৰ মাজত ৰাখিব লাগে। ব্যৱসায়িকভাৱে ইয়াক তৈয়াৰ কৰি সকলোৰে ব্যৱহাৰৰ উপযোগী কৰিব পৰা এতিয়াও হোৱা নাই। ইয়াৰ কেইবাটাও কাৰণ আছে। পৰমাণু হ’ল পদাৰ্থৰ ক্ষুদ্ৰতম কণা। সামান্য পৰিমাণৰ তাপৰ তাৰতম্যৰ বাবে পৰমাণুৰ কম্পনৰ তাৰতম্য ঘটে। আনহাতে পৰমাণুসমূহৰ মাজত থকা সংসক্ততা (Coherence) হেৰাই যায়, ফলত ইয়াৰ গাণনিক ক্ষমতা ব্যাহত হয়, ডাটাৰ ত্ৰুটি (error) বৃদ্ধি পায়। বহি: পৰিৱেশে যাতে পৰমাণুক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে পৰমাণুসমূহক পৰাপক্ষত ন্যূনতম তাপমাত্ৰাত (absolute zero temperature at -273° Celsius) ৰাখিবলগীয়া হয়। ইয়াৰ বাবে প্ৰয়োজন গৱেষণাগাৰত যথেষ্ট খৰচ কৰি নিৰ্মাণ কৰা আন্তগাঁথনি। সেয়েহে ব্যৱসায়িকভাৱে কোৱাণ্টাম আধিপত্যৰ কম্পিউটাৰ উলিওৱা আজিলৈ সম্ভৱ হোৱা নাই। মিছিও কাকুৰ মতে এয়া সম্ভৱ হ’ব। প্ৰকৃতিত বহুতো কোৱাণ্টাম কম্পিউটিঙৰ পৰিঘটনা দেখিবলৈ পোৱা যায় যিবোৰ বায়ুমণ্ডলৰ সাধাৰণ তাপমানতে ঘটি আছে। গছৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত কোৱাণ্টাম বিজ্ঞানৰ ব্যৱহাৰ হৈ আহিছে। প্ৰকৃতিয়ে যদি কোৱাণ্টাম বিজ্ঞানক সাধাৰণ পৰিৱেশত ব্যৱহাৰ কৰিব পাৰিছে প্ৰশ্ন হয় আমি কিয় নোৱাৰিম। ইয়াৰ উত্তৰ হয়তো আমি সোনকালে লাভ কৰিবলৈ সক্ষম হ’ম যাৰ ফলত কোৱাণ্টাম কম্পিউটিং কম খৰচত সকলোৰে বাবে উপলব্ধ হ’ব। 

কোৱাণ্টাম চুপ্ৰিমেচী গ্ৰন্থখনত মিছিও কাকুৱে লিখিছে যে কোৱাণ্টাম গণনাই সমগ্ৰ বিশ্বৰ অৰ্থনীতি অদূৰ ভৱিষ্যতে সলনি কৰি দিব। অৰ্থনৈতিক বিশেষজ্ঞসকলে ইয়াক ব্যৱহাৰ কৰি কোনো বিত্তীয় প্ৰতিষ্ঠানৰ সম্ভাব্য লাভ-লোকচানৰ পূৰ্বানুমান নিৰ্ভুলকৈ দিব পাৰিব। যিবোৰ উপদানে প্ৰতিষ্ঠানক লোকচানৰ মুখলৈ ঠেলি দিব পাৰে সেইবোৰক চিনাক্তকৰণ কৰিব পৰা যাব। কোৱাণ্টাম কম্পিউটাৰে এনে কিছুমান জটিল সমীকৰণৰ সমাধান কৰিব পাৰিব যিবোৰ ডিজিটেল কম্পিউটাৰৰ সহায়ত সম্ভৱ নহয় – যেনে দ্ৰুতগতিত ভ্ৰমণ কৰা উৰাজাহাজ, গাড়ীৰ বায়ুগতি বিজ্ঞান অধ্যয়ন কৰি নক্সা প্ৰস্তুত কৰা, বতৰৰ আগলি-বতৰা শুদ্ধকৈ দিব পৰা, ঘূৰ্ণি বতাহৰ পথৰ পূৰ্বানুমান, জিনীয় দোষ নিৰ্ধাৰণ আদি। ইয়ৰ বাহিৰেও আমাৰ চিকিৎসাখণ্ডত কোৱাণ্টাম কম্পিউটাৰে বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰিব। কিছুমান জটিল ৰোগ যেনে এলজেইমাৰ, কেন্সাৰ, পাৰ্কিন্সন আদি ৰোগৰ নিৰাময়ত সহায়ক হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কোৱাণ্টাম কম্পিউটাৰে বিশেষভাৱে সহায় কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগত উদ্ভাৱন হোৱা চাট জিপিটি, ডীপছিক আদি চফ্টৱেৰ যদি কোৱাণ্টাম কম্পিউটাৰত ব্যৱহাৰ হয় ইয়াৰ ক্ষমতা হাজাৰ গুণ বৃদ্ধি পাব। কোৱাণ্টাম কম্পিউটাৰে গাণনিক ক্ষমতা আৰু ডাটা সংৰক্ষণ কৰিব পৰা ক্ষমতা অভাৱনীয়ভাৱে বৃদ্ধি কৰিব। য়ে কৃত্ৰিম বুদ্ধমত্তাৰ সূচকীয় বৃদ্ধি (Exponential growth) সম্ভৱ কৰি তুলিব। বিশ্ব ব্ৰহ্মাণ্ডৰ নজনা কথাবোৰ জানিবলৈ কোৱাণ্টাম কম্পিউটাৰৰ সহায় ল’ব পৰা যাব। প্ৰকৃতিৰ বহু ৰহস্য উদ্ঘাটনত ই নিশ্চয় সহায় কৰিব। 

পিছে কোৱাণ্টাম আধিপত্যিই কেৱল মানৱজাতিৰ ভালৰ বাবেই ব্যৱহাৰ হ’ব তেনে নহয়। ডিজিটেল প্ৰয়োগৰ সকলো সুৰক্ষা কোড অতি কম সময়ৰ ভিতৰতে কোৱাণ্টাম কম্পিউটাৰে ভাঙি দিব পাৰিব। ডিজিটেল মাধ্যমৰ কোনো বস্তুৱে সুৰক্ষিত হৈ নাথাকিব। সামৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ হ’ব অত্যন্ত ভয়াবহ। সামাজিক মাধ্যমত অপপ্ৰচাৰ বৃদ্ধিত ই সহায়ক হ’ব। 

গুগলৰ মুখ্য কাৰ্যকৰী বিষয়া সুন্দৰ পিচাইৰ মতে অহা পাঁচৰ পৰা দহ বছৰৰ ভিতৰত কোৱাণ্টাম কম্পিউটাৰ ব্যৱসায়িকভাৱে ব্যৱহাৰ সকলোৰে বাবে সম্ভৱপৰ হ’ব। কোৱাণ্টাম বিজ্ঞানৰ গৱেষণাৰ বাবে ইতিমধ্যে আমেৰিকা, চীনৰ দৰে দেশবোৰে বিলিয়ন ডলাৰ খৰচ কৰিছে। ভাৰতবৰ্ষ এইক্ষেত্ৰত আগবাঢ়িছে, ছয় হাজাৰ কোটি টকাৰ ব্যয় কৰি নেচনেল কোৱাণ্টাম মিছন ইতিমধ্যে আৰম্ভ কৰিছে। সহজেই অনুমেয় যে কোৱাণ্টাম কম্পিউটাৰৰ উদ্ভাৱনে ডিজিটেল কম্পিউটাৰ যুগৰ অন্ত পেলাব আৰু এটা নতুন যুগলৈ মানৱজাতিক আগুৱাই নিব। সেই যুগ হ’ব কোৱাণ্টাম আধিপত্যৰ যুগ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!