‘ৰিদম জিৰ’— মুখাৰ সিপাৰে থকা কুৎসিত মানুহবোৰ

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

 

বিষয়টো অৱতাৰণা কৰাৰ আগতে এটা প্ৰশ্ন কৰিব খোজোঁ। আমাক সভ্য মানুহ কোনে সজায়- বিবেকে নে সামাজিক দায়বদ্ধতায়? সামাজিক দায়বদ্ধতা অথবা পৰিণতিৰ ভয় নাথাকিলে নৈতিকতাৰ স্খলন ঘটে নেকি? সহানুভূতিৰ আঁৰত নিষ্ঠুৰতা আৰু নিৰ্দয়তাক আমি বাৰু ঢাকি ৰাখোঁ নেকি? আমি যে ভাল, কিয়নো আমি তেনেকৈ থাকিব খোজোঁ নে তেনেকৈ থাকিবলৈ বাধ্য আমি? আমি বাৰু এখন মুখা পিন্ধি থাকোঁ নেকি? 

 

এই প্ৰশ্নসমূহকে সামৰি আজি মই আপোনালোকক এটা কাহিনী ক’ম; যিটো জনাৰ পাছত আপুনিও নিশ্চয় এবাৰ ভাবিব- “মই তাত থকা হ’লে কি কৰিলোহেঁতেন?” এটা সঁচা কাহিনী। বিবেকক জোকাৰি যাব পৰাকৈ সংবেদনশীল। 

 

১৯৭৪ চন। মঞ্চত মাৰিনা আব্ৰাম’ভিচে দৰ্শকক এটা শিহৰণকাৰী প্ৰস্তাৱ দিলে। ছঘণ্টা জোৰা ধৈৰ্য্য আৰু সহনশীলতাৰ পৰীক্ষা আছিল সেয়া। অনুষ্ঠানটোৰ নাম দিছিল “ৰিদম জিৰ’। ই কেৱল এক পৰীক্ষণেই নাছিল, আছিল মনোবৈজ্ঞানিক আৰু সমাজ অধ্যয়নৰ এটি অংশ; যি উন্মুক্ত কৰি দিছিল মানুহৰ বৰ্বৰতা আৰু আচৰণৰ বিক্ষিপ্ত অস্থিৰতাক। যেতিয়া নিয়ন্ত্ৰণৰ বান্ধ খুলি দিয়া হয় আৰু পৰিণতিৰ ভয়ো নাথাকে, মানুহ কিমান তললৈ যাব পাৰে, তাৰেই এক গভীৰ অধ্যয়ন আছিল এই ‘ৰিদম জিৰ’। 

 

মাৰিনা আব্ৰাম’ভিচ আছিল যুগশ্লভিয়া (বৰ্তমান চাৰ্বিয়া)ৰ এগৰাকী পৰিৱেশ্য কলাৰ শিল্পী। ১৯৪৬ চনত জন্ম হোৱা মাৰিনা ডাঙৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধই থকা-সৰকা কৰি থৈ যোৱা এখন আঘাতপ্ৰাপ্ত নগৰী বেলগ্ৰেডত। বেলগ্ৰেড চাৰ্বিয়াৰ ৰাজধানী। এগৰাকী পৰিৱেশ্য কলাৰ শিল্পীৰূপে তেওঁ প্ৰতিষ্ঠিত আছিল। এই কলা এনে ধৰণৰ, য’ত শিল্পী গৰাকীয়ে সমাজক বাৰ্তা দিবৰ বাবে নিজৰ শৰীৰটোক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ জৰিয়তে মাৰিনাই দুখ, পীড়া, সহনশীলতা, আত্মনিয়ন্ত্ৰণ আদি বিষয়ৰ অন্বেষণ কৰিছিল। 

 

‘ৰিদম ১০’ৰ পৰা ‘ৰিদম ০’লৈকে ধাৰাবাহিকভাৱে বহুবোৰ বিষয়ৰ ওপৰত তেওঁ অধ্যয়ন আৰু পৰীক্ষণ কৰিছিল। ‘ ৰিদম ৫ ‘ আছিল আত্মত্যাগৰ এক পৰীক্ষা। কাঠেৰে সজা তৰা আকৃতিৰ এটা জ্বলন্ত অগ্নিপিণ্ডৰ ভিতৰত তেওঁ তেতিয়ালৈকে সোমাই আছিল যেতিয়ালৈকে জুইৰ উত্তাপ আৰু ধোঁৱাই তেওঁক অচেতন কৰি পেলোৱা নাছিল। আনহাতে ‘ৰিদম ১০’ত তেওঁ কৰিছিল আত্ম আঘাত। বহুবাৰ চোকা চুৰিৰে নিজকে আঘাত কৰি কিমান পীড়া সহ্য কৰিব পাৰে তাৰেই পৰীক্ষা লৈছিল তেওঁ সেইবাৰ। সিদিনা তেওঁ এখন চোকা চুৰিৰে নিজৰ আঙুলিৰ ফাঁকত থকা ঠাইবোৰত বাৰে বাৰে আঘাত কৰিছিল। এনে কৰোঁতে তেওঁ যিমান বাৰ নিজকে আঘাত কৰিছিল সিমান বাৰেই এখন নতুন চুৰি উলিয়াই গোটেই কাৰ্য্যটোৰ পুনৰাবৃত্তি কৰিছিল। বৰ অদ্ভুত আছিল এই কাৰ্য্য। 

 

এইবোৰ আছিল তেওঁৰ নিজৰ ওপৰত কৰা পৰীক্ষা। তাত অন্য কোনো লোক জড়িত নাছিল। কিন্তু ‘ৰিদম জিৰ’ ত তেওঁ আৰু এখোপ আগুৱাই গ’ল। এইবাৰ নিজৰ লগতে তেওঁ জড়িত কৰিলে আন বহু সাধাৰণ লোকক। তাৰ বাবে তেওঁ নিজকে দৰ্শকৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পণ কৰিলে। নিজক এৰি দিলে জনতাৰ মাজত। পীড়া আহিল। কিন্তু এই পীড়া এইবাৰ নিজৰপৰা নহয়, আহিল নিয়ন্ত্ৰণহীন এজাক উন্মত্ত জনতাৰপৰা। বৰ হৃদয়বিদাৰক আছিল এই অভিজ্ঞতা। 

 

১৯৭৪ চনৰ কোনো এটা বিশেষ দিন আছিল সেইদিনা। সময় সন্ধিয়া ৮ বজাৰপৰা ৰাতি ২ বজাৰ ভিতৰত। ফ্লৰিডাৰ ‘নেপ’লচ্ আৰ্ট ষ্টুডিঅ’ৰ ভিতৰত এটি প্ৰস্তৰ মূৰ্তিৰ দৰে অলপো লৰচৰ নকৰাকৈ সম্পূৰ্ণ ছঘণ্টা সময় থিয় হৈ আছে মাৰিনা। সমুখত এখন টেবুল। টেবুলত সজাই থোৱা আছে আবেগৰ অনেক সামগ্ৰী। গোলাপ ফুল, আঙুৰ, চৰাই পাখি, সুগন্ধি আতৰ, লিপষ্টিকৰপৰা আৰম্ভ কৰি কেঁচি, চুৰি, চাবুক, কুঠাৰ, বুলেটসহ এটা বন্দুকলৈকে মুঠ ৭২বিধ সামগ্ৰী। যাৰ যি মন যায় ল’ব পাৰে। যাৰ যেনেকৈ মন যায় ব্যৱহাৰ কৰিব পাৰে। কোনো বাধা নাই। দৰ্শকক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল সেইদিনা। মাৰিনাই কৈছিল —”I am the object. During this period, I take full responsibility.”

 

সেইদিনা ছঘণ্টা সময়ৰ বাবে মাৰিনাই নিজকে নিষ্ক্ৰিয় কৰি পেলাইছিল। ইয়াৰ জৰিয়তে এটা সৰল প্ৰশ্নৰ উত্তৰ বিছাৰিছিল তেওঁ — যদি কোনো বাধা নাথাকে এজন ব্যক্তিক মানুহে কি দৰে ব্যৱহাৰ কৰে অথবা ভাব বিনিময় কৰে? উত্তৰ তেওঁ পাইছিল। কিন্তু ই একেবাৰে সুখকৰ নাছিল। 

 

প্ৰথম অৱস্থাত দৰ্শকসকল নমনীয়ই আছিল। অলপ সংকোচো কৰিছিল। সেয়ে তেওঁলোক লাহে লাহে আগবাঢ়িছিল। কোনোবাই যদি এপাহ ফুল উপহাৰ দিছিল, আন কোনোবাই মৰমতে তেওঁৰ গালত চুমা এটা আঁকি দিছিল। বহুজনে কৌতূহলেৰে তেওঁক লক্ষ্য কৰিছিল। চকুৰ আগতে এজন ব্যক্তি কেনেকৈ এখন জীৱন্ত কেনভাছলৈ ৰূপান্তৰিত হৈছে তাকে চাই আমোদো লভিছিল। অলপ যেন মৰমো জাগিছিল তেওঁলোকৰ। 

 

সময় আগবাঢ়িছিল। লাহে লাহে দৰ্শকৰ সংকোচো আঁতৰি গৈছিল আৰু তেওঁলোক দ্বিতীয় পৰ্যায়লৈ গতি কৰিছিল। এইবাৰ দৰ্শক এজন আগবাঢ়ি আহি তেওঁৰ গাৰ কাপোৰবোৰ কেঁচিৰে টুকুৰা-টুকুৰকৈ কাটি পেলালে আৰু তাৰপাছত তেওঁৰ উলংগ শৰীৰটো চাই হাঁহিবলৈ ধৰিলে। কোনো কোনোৱে আকৌ সেই শৰীৰতে লিপষ্টিকেৰে অশালীন মন্তব্য লিখি বিকৃত আমোদ ল’লে। আন এজনে গোলাপৰ কাঁইটেৰে তেওঁৰ শৰীৰত খুঁচি-বিন্ধি তেজ উলিয়াই তেওঁৰ প্ৰতিক্ৰিয়ালৈ বাট চালে। 

 

সময়ে তৃতীয় ঘণ্টাত ভৰি দিলে। দৰ্শকসকল তেতিয়ালৈ আৰু উন্মত্ত আৰু পাশৱিক হৈ গৈ আছে। বহুকেইগৰাকী মহিলাই তেওঁৰ স্বামী বা সংগীক উচটাইছে। ফলস্বৰূপে, কোনোবা এজনে মঞ্চলৈ উঠি গৈ ব্লেডেৰে তেওঁৰ ডিঙিত ৰেপ এটা দিছে। মাৰিনাৰ ডিঙিৰপৰা সৰসৰাই তেজ বৈ আহিছে। আন কোনোবাই আকৌ সেই তেজকে তেওঁক জোৰ কৰি খুৱাই দিছে। কোনোৱে কামুকতাৰে অনুচিতভাৱে তেওঁৰ সৰ্বশৰীৰ স্পৰ্শ কৰিছে। নিঠৰ হৈ ৰৈ থকা মাৰিনাৰ দুচকুৰে অহৰহ অসহায় চকুলো বাগৰিছে। এগৰাকীয়ে ঘনে ঘনে তেওঁৰ চকুলো মচি দিছে। 

 

ঘটনাই অন্তিম পৰ্যায় পাইছেগৈ। এজনে বন্দুকত গুলী ভৰাই ট্ৰিগাৰত মাৰিনাৰ আঙুলি লগাই তেওঁকেই মৰাৰ ভাবুকি দিছে। তাকে দেখি এজন দৰ্শকে তেওঁক বাৰণ কৰিছে। এই লৈ তেওঁলোকৰ মাজত হতাহতিও আৰম্ভ হ’ল। ঘটনাই নতুন মূৰ ল’বলৈ আৰম্ভ কৰিলে। 

 

অৱশেষত অভিশপ্ত সেই ছঘণ্টা সময় পূৰ্ণ হ’ল। সকলো নিৰ্যাতন আৰু অপমান সংযমেৰে সামৰি এইবাৰ মাৰিনাই নিজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘূৰাই ল’লে। তেওঁ লৰচৰ কৰিলে। তাকে দেখি উপস্থিত দৰ্শকসকল মুহূৰ্ততে তাৰপৰা পলাই পত্ৰং দিলে। ইমানপৰে যিসকল লোকে তেওঁক অতবোৰ অমানুষিক যন্ত্ৰণা দি ৰং চাই আছিল, সেইসকল লোকেই এতিয়া তেওঁৰ সন্মুখীন হোৱাৰ সাহস গোটাব নোৱাৰিলে। তেওঁলোকৰ নৈতিকতাত দাগ লাগিল। কিমান লাজৰ আৰু দুখৰ কথা আছিল সেয়া! 

 

বহু বছৰৰ পাছত সেই অভিজ্ঞতাকে সুঁৱৰি এদিন মাৰিনাই কৈছিল — “নিজৰ প্ৰদৰ্শনত তুমি বহু দূৰলৈকে আগবাঢ়ি যাবা পাৰা; কিন্তু নিজক যেতিয়া তুমি জনতাৰ হাতত এৰি দিয়া, তেওঁলোকে তোমাক মাৰিও পেলাব পাৰে।” 

(”The experience I drew from the work was that in your own performance you can go very far, but if you leave decisions to public, you can be killed.”)

 

‘ৰিদম জিৰ’ ই উদঙাই দিয়া সংবেদনশীল কথাখিনি হ’ল —

 

১. শিষ্টাচাৰ আৰু বৰ্বৰতাৰ মাজৰ সীমাৰেখাডাল ক্ষীণ। সামাজিক দায়বদ্ধতা, সংযম অথবা বাধা নাথাকিলে হিংসা, দ্বেষ আদি বেয়া ৰিপুবোৰ সহজেই বাহিৰলৈ ওলাই আহে। বহু সময়ত আমি শিষ্টাচাৰৰ এখন পাতল আবুৰহে লৈ থাকোঁ। 

 

২. আইন অথবা পৰিণতিৰ ভয় নাথাকিলে ফলাফল সদায় সুখকৰ নহ’বও পাৰে। সকলো কাৰ্য্যই তেতিয়া ন্যায্য হৈ পৰে। 

 

৩. বাইষ্টেণ্ডাৰ এফেক্ট (Bystander Effect): বহু সময়ত অনেকে অন্যায় বা দুৰ্নীতি দেখিও নীৰৱ দৰ্শক হৈ চাই থাকে। হয়তো ভাবে- ‘মই কিয় নলগা জেঙত লাগোঁ। ’ অথবা আনে প্ৰতিবাদ কৰিব বুলি বাট চাই থাকে। ফলত পৰিস্থিতি তেনেকৈয়ে ৰয়। 

 

৪. সন্মতিৰ ভ্ৰম (Illusion of Consent): মাৰিনা আব্ৰাম’ভিচে তেওঁৰ শৰীৰটোক দৰ্শকক যিদৰে মন যাই ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল। কিন্তু সেই অনুমতিৰ কোনো সীমা নাছিলনে? অনুমতি মানেই শোষণ নেকি? নীৰৱতা বা নিষ্ক্ৰিয়তাকে অনুমতি বোলে নেকি? 

 

ইয়াৰপৰা আমি ইয়াকে বুজোঁ যে, 

 

— পৰিৱেশ আৰু সুযোগে মানুহৰ আচৰণত গভীৰভাৱে ক্ৰিয়া কৰে। দায়বদ্ধতাহীন স্বাধীনতা আৰু শক্তিয়ে সাধাৰণ মানুহকো অপৰাধী কৰি তুলিব পাৰে। 

 

— নীৰৱতাও এক প্ৰকাৰ অন্যায়। দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে মাত নামাতি নীৰৱ দৰ্শক হৈ থকাজনো দুৰ্নীতি আৰু অন্যায় কৰাজনৰ সমানেই দায়ী। ই অনীতিক প্ৰশ্ৰয় দিয়ে। 

 

— অৱশ্যে নীৰৱতা দুৰ্বলতাও নহয়। কাৰোবাক কিবা কৰিবলৈ অনুমতি দিয়া মানেই এইটো নহয় যে তেওঁ সীমা চেৰাই যাব। নৈতিকতা পাহৰি যাব। বিবেক আছে বাবেই আমি মানুহ। 

 

‘ৰিদম জিৰ’ কেৱল এক প্ৰদৰ্শন বা অনুষ্ঠানেই নাছিল, আছিল নৈতিকতাৰ এক পৰীক্ষা। য’ত নৈতিকতাই বৰ বেয়াকৈ মুখ থেকেঁচা খাইছিল। 

 

দৰ্শকক দুটা বিকল্প দিয়া হৈছিল, দয়া অথবা হিংসা। বহুতেই হিংসাক বাচি ল’লে। 

 

এতিয়া প্ৰশ্নটো আপোনালোকলৈ এৰি দিছোঁ। আপুনিও যদি তেনে এটা পৰিস্থিতিৰ সন্মুখীন হ’লহেঁতেন, আপুনি কি কৰিলেহেঁতেন? 

 

‘ৰিদম জিৰ’ ই আমালৈ এৰি থৈ যোৱা ই এক জটিল আৰু চিন্তনীয় বিষয়। এবাৰ ভাবি চাবচোন।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!