কৈশোৰ, সামাজিক মাধ্যম আৰু অপৰাধপ্ৰৱণতা...

লেখক- সৌৰভ দত্ত

 

এজন অভিভাৱক হিচাপে “Adolescence” অৰ্থাৎ ‘কৈশোৰ’ অৱস্থাৰ বিভিন্ন প্ৰশ্ন আৰু আলোচনাৰ প্ৰায়েই সন্মুখীন হওঁ। 

শনিবাৰৰ নিশা। নেটফ্লিক্সত ফিলিপ বাৰানটিনিয়ে পৰিচালনা কৰা ‘Adolescence’ নামৰ ৱেবচিৰিজখন চালোঁ। 

 নেটফ্লিক্সৰ ‘Adolescence’ সমালোচক আৰু সাধাৰণ দৰ্শকৰদ্বাৰা উচ্চ প্ৰশংসিত চাৰিটা খণ্ডৰ এখন লিমিটেড চিৰিজ। 

যি আধুনিক প্ৰজন্মৰ জীৱনৰ জটিলতাবোৰ তুলি ধৰিছে। 

হয়, ঠিকেই পঢ়িছে। বৰ্তমান পৰিস্থিতিত চচিয়েল মেডিয়া আৰু আন বিভিন্ন ধৰণৰ মানসিক চাপৰ প্ৰভাৱত কিশোৰসকলৰ জীৱনবোৰো ভীষণভাৱে জটিল হৈ পৰিছে। 

সেই জটিলতাবোৰৰ মাজত আমাৰ দৰে সাধাৰণ অভিভাৱকে সচৰাচৰ সন্মুখীন নোহোৱা কেইটামান শব্দ হ’ল, অনলাইন ৰেডিকেলাইজেশ্যন (Online Radicalization), চাইবাৰবুলিং (Cyberbullying০), টক্সিক ফ্ৰেইণ্ডশ্বিপছ (Toxic Friendships), চচিয়েটেল প্ৰেছাৰ এণ্ড আনন’ইংলি ইনহেৰিটেড ক্ৰিমিনেল মাইণ্ডচেট (Societal Pressures and unknowingly inherited Criminal Mindset) ইত্যাদি। 

 

‘Adolescence’ চিৰিজখনত পৰিচালকে ইয়াৰ লগতে চিত্ৰায়ন কৰিছে সন্তানৰ প্ৰতি থকা অভিভাৱকৰ অকৃত্ৰিম ভালপোৱা; বিপৰীতে নতুন প্ৰজন্মৰ ‘ভয়াবহ’ স্মাৰ্টনেছ, বিদ্যালয়ত মূল্যবোধ শিক্ষাৰ অভাৱ আৰু বিশৃংখলতা, মোবাইলৰ অত্যধিক ব্যৱহাৰ, কৈশোৰ অৱস্থাৰ হৰম’নৰ পৰিৱৰ্তন, পৰ্ণগ্ৰাফিক আসক্তি, বডী শ্বেমিং, মানসিকভাৱে যৌন উৎপীড়ন, নাবালকৰ দ্বাৰা সংঘটিত অপৰাধ অনুসন্ধানৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ অসহায় অৱস্থাৰ লগতে মানসিক অন্তৰ্দ্বন্দ্ব, মনোৰোগ বিশেষজ্ঞৰ অপাৰগতা, বিভ্ৰান্তিৰ লগতে সীমাবদ্ধতা, পুত্ৰৰ কাৰণে পিতৃৰ সময়ৰ অভাৱ, সম্পৰ্কৰ দূৰত্ব, কিশোৰ পুত্ৰক বিপদৰপৰা ৰক্ষা কৰিব নোৱৰা অসহায় পিতৃৰ চকুলো আৰু কান্দোন ইত্যাদি। 

 

একেষাৰে ক’বলৈ গ’লে ‘Adolescence’ এখন অত্যন্ত উচ্চ মানদণ্ডৰ চিৰিজ। যিখন চাই থকা সময়ত সঁচা অৰ্থত বাকৰূদ্ধ হৈ পৰিছিলোঁ; কাৰণ আমিও একো একোজন অসহায় অভিভাৱক। 

 

মাত্ৰ ১৩ বছৰীয়া এজন কিশোৰে কিয় আৰু কি পৰিস্থিতিত এটা অবাঞ্চিত হত্যাকাণ্ড সংঘটিত কৰি পেলালে তাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এই ৱেবচিৰিজখনত জেমি মিলাৰ নামৰ কিশোৰজনৰ চৰিত্ৰত ১৫ বছৰীয়া অ’ৱেন কুপাৰৰ কি যে দুৰ্দান্ত অভিনয়! জেমিৰ পিতৃৰ চৰিত্ৰত ষ্টীফেন গ্ৰাহাম আৰু এগৰাকী মনোৰোগ বিশেষজ্ঞৰ চৰিত্ৰত এৰিন ডোহাৰ্টীৰ অভিনয়েও মন চুই গৈছে। 

 

চিৰিজটোৰ তৃতীয়টো খণ্ডত জেমি মিলাৰ আৰু মনোৰোগ বিশেষজ্ঞগৰাকীৰ সংলাপ, অভিনয় আৰু অভিব্যক্তিক পৰিচালকে যি ধৰণে উপস্থাপন কৰিছে সেয়া নিজে নাচালে ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়। এই খণ্ডটো চালে আজিৰ প্ৰত্যেকজন অভিভাৱকৰ মনোজগতখন এক মুহূৰ্তলৈ হ’লেও কঁপি উঠিব। শেষৰ খণ্ডটোৰ শেষ দৃশ্যত অসহায় পিতৃয়ে উচুপি উচুপি কন্দা দৃশ্যটো দেখিলে যিকোনো দৰ্শকৰে চকু সেমেকি উঠিব। 

 

চিৰিজটো সমালোচকসকলে উচ্চ প্ৰশংসা কৰিছে; বিশেষকৈ ইয়াৰ পৰিচালনা, অভিনয় আৰু দৃশ্যগ্ৰহণৰ বাবে চিৰিজখন প্ৰশংসিত হৈছে। 

চিৰিজখনৰ দৃশ্যগ্ৰহণৰ পদ্ধতিটোক One-shot অথবা Oner বুলি কোৱা হৈছে। মানে চিৰিজটোৰ প্ৰতিটো খণ্ড Single continuous take ত কোনো ধৰণৰ কাট্ বা এডিট্ নকৰাকৈ সম্পূৰ্ণ কৰা হৈছে। 

‘Adolescence’, এই ৱেবচিৰিজখনক কিশোৰসকলৰ মানসিক স্বাস্থ্য আৰু সামাজিক মাধ্যমৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰিব পাৰি। 

অতি শীঘ্ৰে অসমীয়া ভাষাটো এনে ধৰণৰ ৱেবচিৰিজ বা চিনেমা নিৰ্মাণ হোৱা প্ৰয়োজন। কাৰণ আমাৰ সমাজত আৰু আমাৰ সামাজিক মাধ্যমত প্ৰতি দিনেই কিশোৰৰপৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলোৰে ক্ষেত্ৰত মূল্যবোধৰ চূড়ান্ত অৱক্ষয় সহজেই দৃষ্টিগোচৰ হৈছে। ইয়াৰ উপৰিও নিত্য নৈমিত্তিক ঘটি থকা বিভিন্ন অপৰাধৰ

 আঁৰতো চচিয়েল মেডিয়াৰ প্ৰভাৱ স্পষ্টভাৱে পৰিস্ফুত হৈছে। 

 

লেখাটো শেষ কৰাৰ আগতে আৰু দুটামান কথা লিখিব বিচাৰিছোঁ। মই ২০০৪ চনৰ জানুৱাৰী মাহৰপৰা চচিয়েল মেডিয়া ব্যৱহাৰ কৰি আহিছোঁ। তেতিয়া চচিয়েল মেডিয়াৰ নামত কেৱল ‘অৰকুট’ আছিল। ২০০৭ চনৰ ৪ আগষ্টৰপৰা মই ‘ফেচবুক’ ব্যৱহাৰ কৰি আহিছোঁ। ইনষ্টাগ্ৰামৰ ব্যৱহাৰ অৱশ্যে মোৰ ক্ষেত্ৰত একেবাৰে সীমিত। সাধাৰণতে দেখা যায় যে ইনষ্টাগ্ৰামৰ জনপ্ৰিয়তা কৈশোৰ আৰু যুৱচামৰ মাজতহে বেছি। বয়স্কসকল ফেচবুকতে ব্যস্ত থাকে। ফলত নৱ প্ৰজন্মই ইনষ্টাগ্ৰামত লাভ কৰা এই অঘোষিত স্বাধীনতাৰ অপব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। 

 

কিন্তু ইমান বছৰে চচিয়েল মেডিয়া ব্যৱহাৰ কৰিও নেটফ্লিক্স ৰ ‘Adolescence’ নামৰ এই লিমিটেড চিৰিজখন চোৱাৰ পাছতহে গম পালোঁ যে, চচিয়েল মেডিয়াৰ জগতখনত আমি এতিয়াও একেবাৰেই অনভিজ্ঞ। 

নৱ প্ৰজন্মৰ তুলনাত আমি চচিয়েল মেডিয়াৰ বিষয়ে একোৱেই নাজানো। বাকীবোৰ বাদেই দিলোঁ, আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা ‘ইম’জি’বোৰৰ অৰ্থই ভালদৰে নাজানো। 

 

চিৰিজখনত অনুসন্ধানকাৰী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰা এছলে ৱাল্টাৰ্ছে জেমি মিলাৰৰ লগত একে বিদ্যালয়ত পঢ়ি থকা নিজৰ কিশোৰ পুত্ৰৰপৰা চচিয়েল মেডিয়া আৰু ইম’জিৰ জগতখনৰ বিষয়ে কি কি শিকিলে এবাৰ পঢ়ি লওক আৰু নিজৰ সন্তানৰ চচিয়েল মেডিয়াৰ জগতখনতো আলেঙে আলেঙে নজৰ ৰাখক….

 

❤️: Red Heart: : Love

💜: Purple Heart: : Horny

💛: Yellow Heart: : I’m interested, are you interested…? 

💓: Pink Heart: : I’m interested but not in sex

🧡: Orange Heart: : You’re going to be fine. 

It all has a meaning. Everything has a meaning.

 

ইয়াৰ উপৰিও এই চিৰিজখনত আন কেইটামান ইম’জি কি ধৰণে ব্যৱহাৰ হৈছে চাওঁ আহক। 

 

💊 Red Pill: The red pill is like, ‘I see the truth’. It’s a call to action by the manosphere.”

মেন’স্ফিয়েৰ হৈছে এনে কিছু ৱেবছাইট, ব্লগ আৰু অনলাইন ফ’ৰামৰ সংগ্ৰহ, য’ত পুৰুষত্ব, বিদ্বেষ আৰু নাৰীবাদৰ বিৰোধিতা কৰা হয়। 

কিশোৰসকলৰ ইণ্টাৰনেটৰ জগতখনত ‘The Matrix’ চিনেমাখনত ব্যৱহাৰ হোৱা এই ‘Red Pill’ শব্দটো লিংগ গতিশীলতাৰ আঁৰত থকা ‘সত্য’ৰ প্ৰতি জাগৰণৰ প্ৰতীক হৈ পৰিছে। 

 

💥 Dynamite: চিৰিজখনত এই ইম’জিটোৰে Red Pill টোৰ বিস্ফোৰণ ঘটোৱাৰ কথা কোৱা হৈছে মানে কোনো এজনক ‘Incel’ বুলি কোৱা হৈছে। 

‘Incel’ অনলাইন জগতখনত ব্যৱহৃত এনে এটা শব্দ, যিটো শব্দই কোনো এজন পুৰুষক ৰোমাণ্টিক বা যৌন সঙ্গী বিচাৰি পোৱাত অক্ষম বুলি চিহ্নিত কৰে; যি ইয়াৰ বাবে ছোৱালী বা মহিলাকে দোষ দিব বিচাৰে। 

 

💯: এইটো ইম’জিৰে বুজাইছে ‘80/20 Rule’ অৰ্থাৎ ৮০% মহিলা কেৱল ২০% পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। লগতে কোৱা হৈছে যে, মহিলাসকলক প্ৰতাৰণা কৰিব লাগিব কাৰণ তেওঁলোকক নিজৰ কৰি পোৱাটো এজন Incel ৰ কাৰণে স্বাভাৱিক প্ৰচেষ্টাৰে কেতিয়াও সম্ভৱ নহয়। 

কি যে এক ভয়ানক ভাৰ্চুৱেল পৃথিৱী! 

 

 এতিয়া এবাৰ ভালদৰে ভাবি চাওক যে কিদৰে আপোনাৰ সন্তানে আপোনাৰ লগতে সকলোৰে চকুৰ আগত থাকিও চচিয়েল মেডিয়াত ক’ড লেংগুৱেজত কথা পাতি থাকিব আৰু কোনোৱে একো বুজিয়েই নাপাব। 

যাৰ পৰিণতিত হয়তো কিশোৰৰ দ্বাৰাই পুনৰ সংঘটিত হ’ব ধৰ্ষণ, নৃশংস হত্যাকাণ্ড অথবা আত্মহত্যাৰ দৰে ভয়ংকৰ অপৰাধ। 

 

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাব্য অপপ্ৰয়োগৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ ভয়াবহতাৰ কথা বিশ্লেষণ আৰু পৰ্যালোচনা কৰিব পৰাকৈ আমি হয়তো সক্ষম হৈ নাথাকিম। 

 

ইয়াৰ বাবে দায়ী কোন? 

চিন্তা কৰি চাওঁ আহক। 

মই, আপুনি, আমাৰ সন্তান প্ৰতিপালনৰ পদ্ধতি, সমাজ, সামাজিক মাধ্যম, শিক্ষা ব্যৱস্থা, আৰক্ষী, প্ৰশাসন নে চৰকাৰ? 

হয়তো আমি সকলো।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!