কণ্ট্ৰল (CTRL), ঘিবলি (Ghibli art) আৰ্ট আৰু আমি:

লেখক- পাপৰি দত্ত

যোৱা বছৰৰ শেষৰ ফালে নেটফ্লিক্সত অনন্যা পাণ্ডেৰ CTRL নামৰ চিনেমা (চলচ্চিত্ৰ)খন চাইছিলোঁ। সাধাৰণতে মোৰ অনন্যা পাণ্ডেৰ চিনেমাৰ প্ৰতি বিশেষ আকৰ্ষণ নাই। দেখাত ধুনীয়া অভিনেত্ৰী গৰাকীক অৱশ্যে মই ইন্ষ্ট্ৰাগ্ৰামত ফলʼ কৰোঁ। সেয়ে নতুন চিনেমাখনৰ কথাও তেনেকৈয়ে গম পালোঁ। 

 

CTRL নামৰ চিনেমাখন নৱ প্ৰজন্মক উদ্দেশ্যে নিৰ্মাণ কৰিছে, কিন্ত চিনেমাখন চাবলৈ লৈ শেষ নকৰাকৈ উঠিব নোৱাৰিলোঁ। কাহিনীটোৰ মূল বিষয়বস্তু বৰ্তমান বহু চৰ্চিত বিষয় – এ আই (AI – artificial intelligence) মানে কৃত্ৰিম বুদ্ধিমত্তা আৰু মানৱ জীৱনত তাৰ প্ৰভাৱ। কেনেকৈ আমি নিবিচাৰিলেও AI আমাৰ ভৱিষ্যত জীৱনৰ অংগ হৈ পৰিব পাৰে সেই বিষয়ে এই চিনেমাখনত দেখুৱা হৈছে। 

 

AI ৰ বিষয়ে আমি মানে আমাৰ দৰে সাধাৰণ মানুহবোৰে একোৱে নাজানো, AI ৰ সম্যক জ্ঞানো আমাৰ নাই। কিন্তু তথাপি পদে পদে আমি AIৰ সহায় লৈয়ে আগবাঢ়ি গৈ আছোঁ। গুগলত কিবা এটা বস্তুৰ বিষয়ে জানিব বিচাৰিলেও AI ৰ দ্বাৰা আমি গোটেই কথাখিনিৰ সাৰাংশ উলিয়াই ল’ব পাৰোঁ। সেয়ে আমি বেলেগ ৱেবচাইট, প্ৰবন্ধ আদি নপঢ়াকৈ আমি বিচৰা বস্তুটোৰ সম্যক জ্ঞান এটি পাই যাওঁ আৰু সেই গতিকে সেই বিষয়টোৰ ওপৰত লিখা লেখাবোৰ পঢ়ি সময় অপচয় নকৰোঁ। আনকি আমাৰ পঢ়িবলৈ মন নাথাকিলে কথাখিনি AI ৰ জৰিয়তে শুনিও ল’ব পাৰি। 

 

সেইদৰে মানুহে আজিকালি AI ৰ সহায়ত অফিচিয়েল মেইল, প্ৰেজেণ্টটেচন, প্ৰজেক্ট ৰিপৰ্ট আদিও যুগুত কৰিবলৈ লৈছে। অতি সহজে আৰু সুন্দৰ আকাৰত AI ৰ সহায়ত কম সময়ত এই কামবোৰ হৈ যায়। বৰ্তমান বহুলোকে AI ৰ সহায়ত কিতাপ লিখিও নিজৰ নামত প্ৰকাশ কৰিবলৈ লৈছে। সেয়ে এমাজনৰ দৰে কোম্পানীবোৰে AI সহায়ত নে মানুহে নিজৰ বুদ্ধিমত্তাৰে কিতাপ লিখি প্ৰকাশ কৰিছে সেয়া চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে। কিন্তু আলোচনী, নিউজ পেপাৰ আদিত প্ৰকাশিত গল্প – কবিতাবোৰ লেখকে নিজৰ বুদ্ধিমত্তাৰে লিখিছে নে AI ৰ সহায়ত লিখিছে সেয়া আমাৰ দৰে সাধাৰণ পঢ়ুৱৈৰ পক্ষে বিচাৰি উলিওৱাটো বৰ্তমান অতি কঠিন। 

 

সেইদৰে বৰ্তমান ছচিয়েল মিডিয়াৰ ট্ৰেণ্ড ঘিবলি (Ghibli art) আৰ্টৰ বিষয়েও আমি বেছিভাগে শুনি আছোঁ, দেখি আছোঁ আৰু ব্যৱহাৰো কৰি আছোঁ। এই ঘিবলি (Ghibli art) আৰ্টৰ সৃষ্টিকৰ্তাই বহু কষ্টৰে, বহু সময়দি এনে আৰ্টবোৰ বনাইছিল। কিন্তু আমি বৰ্তমান মাত্ৰ এটা ক্লিকতে আমাৰ নিজৰ ফটোখনক ঘিবলি আৰ্টলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আৰু তাৰবাবে আমি আমাৰ privacy (গোপনীয়তা)ক ব্যৱহাৰ কৰিব দিছোঁ। এয়া মাথোঁ এটি উদাহৰণহে। এনেদৰে হয়তো আমিও লাহে লাহে CTRL নামৰ চিনেমাখনৰ নায়িকা গৰাকীৰ দৰে সুদূৰ ভৱিষ্যতে AI ৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিম। 





Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!