আনকমন
লেখক- গীতাৰ্থী হাজৰিকা
মধুকুঞ্জই ফেইল কৰিলে। এইবাৰৰ সৈতে গোট চাৰিবাৰকৈ মধুকুঞ্জই মেট্ৰিকত ফেইল কৰিলে। খবৰ এটা ল’বলৈ যাম নে নাযাম এবাৰ ভাবিলো, গৈয়ে অহাই ভাল। পাছ কৰি এনেও কি ফুলালেহেঁতেননো তাই! ফেইল কৰাটো যেন অৱধাৰিতই আছিল, আজি মাত্ৰ নিয়ম মাফিক ফলাফল। সান্ত্বনা দিয়া উচিত হ’ব নে নহ’ব! যাহ যি হয় হ’ব, তাতকৈ তাইৰ হাতৰ সৰ দিয়া গাখীৰ চাহ একাপ আৰু বগা বগা গোল গোল মুখত পমি যোৱাকৈ বনোৱা লস্কৰা এটাইহে টানি নিলে মোক মধুকুঞ্জৰ ঘৰলৈ।
মধুকুঞ্জ মোতকৈ ডাঙৰ। তাইৰ ভাই-ভনী কেইটাকে মই দাদা-বাইদেউ মাতো, কিন্তু মধুকুঞ্জ মোৰ বাবে কেৱল মধুকুঞ্জ, ঘৰত মতা মৰমলগা সৰু নামটোৰে মাতিও বেয়া পাওঁ মই। হওঁতে মধুকুঞ্জই মোক সৰু ছোৱালীৰ দৰেই ব্যৱহাৰ কৰে, তাৰ মাজতো মোক ঘৰত সৰু বুলি নিদিয়া গাখীৰ চাহ কাপ তাই মনে মনে হ’লেও যাচে। তাইৰো ইয়াত একধৰণৰ স্বাৰ্থ নথকা নহয়, এক ধৰণৰ অলিখিত চুক্তি, তাই মোক চাহ খুৱাব বিনিময়ত মই তাইক মাজে মাজে দোকানৰ পৰা দৰকাৰী বস্তু আনি দিম। দৰকাৰী বস্তুনো কি, কেতিয়াবা বহীপাত এক দিষ্টা বা বহী এখন, কেতিয়াবা ৰিফিল বা কাঠপেঞ্চিল দুডাল, সেয়াই। বজাৰলৈ প্ৰায়েই যোৱা তাইনো কিয় এইকেইটা বস্তু নিজে নিকিনে তাৰ কোনো যুক্তি মোৰ ওচৰত নাই। মই অৱশ্যে ভালেই পাওঁ, লিকৰ লগা চাহ কাপ আৰু তাই বনোৱা লস্কৰাৰ সোৱাদেই বেলেগ।
অংকত বছৰি এককৰ ঘৰত নম্বৰ পাই প্ৰতিটো শ্ৰেণীত ব্ৰেক মাৰি মধুকুঞ্জই মেট্ৰিক দিয়ালৈ তাইৰ দুই ভাই ভনী কলেজৰ ওপৰ শ্ৰেণীত, লগৰীয়াবোৰৰো বিয়া বাৰু ইতিমধ্যেই আৰম্ভ হৈছে। গতিকে মধুকুঞ্জৰ লগ সংগ বুলিবলৈ তেনেকৈ নাই, মোৰ লগতে আবেলি প্ৰায়েই চেং গুটি খেলি সময় কটায়, সেই সূত্ৰেই মই মধুকুঞ্জৰ গোপন কথা দুটামানো জনা হৈছোঁ। গোপন নো কি, ঘৰৰ মানুহে নেদেখাকৈ মধুকুঞ্জই ছবি আঁকে। ফাৰ্নিছাৰৰ। মধুকুঞ্জৰ হাতেৰে অঁকা কাঠৰ ফাৰ্নিছাৰৰ ডিজাইনৰে সকলো বহীৰ মাজ ভাগ মানৰ পৰাই ভৰ্তি। নিত্য নতুন ছবি, নিত্য নতুন ডিজাইন। কাষতে দাম দৰো নিজৰ মতে কৰে। ছবি চাই চাই এদিন শেষ পৃষ্ঠা কেইটাত দেখিলোঁ বহুত হিচাপ নিকাছ। পেণ্ডেলৰ খৰচ, কাৰিকৰ, কইনা সজোৱা! মুঠতে এখন বিয়াৰ সম্পূৰ্ণ হিচাপ নিকাচ। ‘কাৰ বিয়া আছে অ ‘ সুধিবলেই নাপালোঁ, তাই বহীখন ঠপিয়াই নিলে। চাৰিটা লস্কৰা আৰু সৰ দিয়া স্পেচেল গাখীৰ চাহ একাপ যাচি কেৱল ক’লে ‘কাকো নকবি, এনেই কৰি চাইছো। ‘
ৰিজাল্ট বেয়াৰ খবৰটো কেনেকৈ কৰিম, তাইক মন বেয়া নকৰি আকৌ চেষ্টা কৰিবলৈ কি বুলি ক’ম তাকে মনতে আঁওৰাই আঁওৰাই তাইৰ ঘৰ পালোগৈ। দুৱাৰ মুখতে মধুকুঞ্জ; যেন মোলৈকে ৰৈ আছিল। মোক দেখিয়েই তাই আগবঢ়াই দিলে টকা কেইটামান, ‘ বহী দুখন আৰু কাঠপেঞ্চিল দুডালমান আনি দেছোঁন। ‘ মই তাইক এবাৰ চালো, ফেইলে মূৰত ধৰিলে নেকি! ‘ সাউৎকে আহগৈ, মই চাহ বাকো’ বুলি ভিতৰলৈ সোমাই যোৱা মধুকুঞ্জই একো কোৱাৰ সুবিধাই নিদিলে মোক।
আজিকালি মধুকুঞ্জক বৰ ঘনাই বহীপাত লগা হৈছে। কোনোবা সময়ত বিৰক্তি লাগে, দোকানী খুড়ায়ো খবৰ লোৱা হৈছে। সেইদিনাটো সুধিয়েই দিছিল, ‘চিঠি লিখিবলৈ শিকিছ হ’বলা! ‘ কোনোমতে যোৰা দিয়া উত্তৰ এটা দি আহিছোঁ, আকৌ সুধিব লগা হ’লে ঘৰত মোৰ পিঠিত ঔ পৰিব। মই মনতে এটা হিচাপ কৰিলোঁ, দুমাহ মান আগতে মোক লগত লৈ সখীয়েকৰ বিয়া খাই অহাৰ পিছৰ পৰাই তাইৰ এই বেছি বহীপাত লগা কাৰবাৰটো আৰম্ভ হৈছে।
দোকানলৈ যোৱাৰ ভয়তে ভালেকেইদিন মই মধুকুঞ্জৰ ঘৰলৈ যোৱা নাই, তাইক দেখিছোঁ, ডিঙি মেলি মোক চোৱা যেন পালেই মই নেদেখা ভাও ধৰি পলায়ো আহিছোঁ দুদিনমান। বেচেৰীৰ চাগে মোক বৰ দৰকাৰ হৈছে, আজি পাৰিলে এপাক মাৰিম বুলি ভাবোঁতেই মায়ে আহি ক’লেহি ‘ কালি মধুকুঞ্জ আহিছিল, ক’বলৈকে পাহৰিছিলো তোক, তোলৈ বহী এজাপ দি গৈছে, ধেৰ পাত আছে বোলে পিছফালে, তই কিবা প্ৰেক্টিচ কৰিব পাৰিবি। বেয়াও লাগে, ছোৱালীজনী আজি গ’লগৈ। ‘
’ গ’লগৈ? ক’লৈ? ‘
’ তই হ’বলা গমেই নেপালি, তাতে দেখোন পৰি থাক। ‘
’ ৰিজাল্টৰ দিনাৰ পৰা দেখাই নাই তাইক। ‘
মেট্ৰিক ফেইল মধুকুঞ্জৰ লগত বেছি সময় থাকিলে মায়ে বৰ ভাল নাপায়, আজি কিন্তু মাৰ কথাত সেই সদায়ৰ দৰে অৱজ্ঞাৰ সুৰটো নাই যেন লাগিল, আজি যেন কথাবোৰ কিবা এটা বেলেগ।
’মধুক আঙুঠি পিন্ধাই লৈ গ’ল তাইৰ শহুৰৰ ঘৰলৈ। ‘
’ মধুকুঞ্জক? কিন্তু এনেকৈ হঠাতে কিয়? ৰভাও দেখোন নেদেখিলো। ‘ নুশুনিব লগা কিবা এটাহে যেন শুনিলো।
‘সৰুজনীৰ বিয়া বোলে, এইক এনেকেই দি ল’লে ঘৰতে সৰুকৈ নিয়ম অকন কৰি। এবাৰ এৰিলে সৰুজনীৰ বিয়াৰ পিছত ক’তনো ভাল ল’ৰা আহিব তাই ডাঙৰজনীলৈ, সেইকাৰণে খৰধৰ হ’ল বোলে চব। ‘
কিবা এটাই যেন বুকুত খুন্দা মাৰি ধৰিলে, মোক কি ক’বলৈ বা ডিঙি মেলি চাইছিল এইকেইদিন মধুকুঞ্জই! বহীকেইখন দিবলৈকে আহিছিল নে তাই আমাৰ ঘৰলৈ, তাইৰ দেখোন নিজকে নাটে বহীপাতে! মোক কি ক’বলৈ থাকি গ’ল তাইৰ! গধূৰ মন এটাৰে তাই দি যোৱা নতুনৰ দৰে হৈ থকা বহীকেইখন আলফুলে চুই চালো, মই আনি দিয়াবোৰেই। এখন এখনকৈ বহীবোৰ মেলিলো, প্ৰতিখন বহীৰ পাতে পাতে মধুকুঞ্জৰ হেঁপাহ, পাতে পাতে তাইৰ আধৰুৱা সপোন! প্ৰতিখিলা পাততে মধুকুঞ্জই কাঠপেঞ্চিলৰে অঁকা আৰু এতিয়া ৰবৰেৰে মোহৰাৰ পিছতো আধা ৰৈ যোৱা ছবিবোৰ। বেলেগ বেলেগ ধুনীয়া ডিজাইনৰ বিয়াৰ ৰভা, ফাৰ্নিচাৰ..চব নতুন, জাকত জিলিকা।
বহীখনত সৰি পৰা মোৰ চকু পানীৰ টোপাল কেইটাৰ পৰা যেন মধুকুঞ্জই সখিয়েকৰ বিয়াৰ পৰা আহোঁতে উজ্জ্বলি অহা মুখখনৰে ওৰে বাট কৈ অহাৰ দৰে হাঁহি হাঁহি কৈছে, ‘ মোৰ বিয়াৰ ৰভা হ’ব আটক ধুনীয়া, উলা-মূলা হ’লে নহ’ব। ফাৰ্নিছাৰ, কাপোৰ, মেক-আপ সকলো নতুন ডিজাইনৰ.. মুঠতে মোৰ বিয়াখন হ’ব এই অঞ্চলৰ এখন একদম আনকমন বিয়া। ‘
’একদম আনকমন’ বিয়াখনৰে তই সুখত থাক মধুকুঞ্জ।