পিটাৰচনৰ হাঁহি
লেখক- নমিতা তালুকদাৰ
বিয়াঘৰৰ উলহ-মালহ, ভিৰৰ মাজতে অনুমান কৰিলে কথাটি। তাই যিফালে গৈছে ল’ৰাজন সেইফালেই হাজিৰ হৈছে। তাই যদি এঠাইত বহিছে দুটি চকুই তাইকে চাই ৰৈছে।
আজি নয়নাৰ মাহীয়েকৰ বিয়া। তিনিদিন আগতেই আহিছে তাই। ডাঙৰ মামাকৰ ছোৱালী মনি আৰু তাই সমবয়সীয়া। দুয়ো এইবাৰ অষ্টম শ্ৰেণী পাইছে। ভনীয়েক ক’ম, বন্ধুত্বৰ সম্পৰ্ক বেছি দুয়োৰে। বিয়া বুলি দুয়ো মিলি যিমান পাৰি হাঠিছে। ঘৰৰ সৰু-সুৰা কামবোৰৰ পৰা কইনাৰ জা-যোগাৰত হাত আগবঢ়োৱা ইত্যাদি। দুয়োৰে একেতাই মত যে বিয়াৰ দিনা সিহঁতে এডাল টিৰিঙ কূটাও নালাৰে। সাজি-কাচি ৰভাতলীত বহি থাকিব। অৱশ্যে আলহীক মাত নিদিয়াকৈ নাথাকে।
পানী তুলি অহাৰ পৰাই কথাটো লক্ষ্য কৰিছে তাই। তাৰ আগতে ল’ৰাজনক তাই দেখা নাছিল। কোন বা! মনিক ইফালে-সিফালে বিচাৰিলে নয়নাই। মনিৰ সম্ভেদ নাপাই ৰভাতলীতে এঠাইত বহিল তাই। অলপ আঁতৰত তাইৰ সন্মুখা-সন্মুখীকৈ পাৰি থোৱা চকীৰ শাৰীটোৰ এখনত ল’ৰা জন। তাইলৈ চাই হাঁহিছে। দাঁত কেইটা নোলালেও, ওঁঠ দুটায়ো বিশেষ এটা লৰচৰ নকৰিলেও তাই অনুমান কৰিছে যে ল’ৰাজনে হাঁহিছে। তাৰ চকু দুটাত হাঁহিৰ ঢৌ উঠিছে। নয়নাৰ ভৰিৰ পৰা মূৰলৈকে এটা সিৰসিৰণি উঠি আহিল। আগতে অনুভূত নোহোৱা এক আমেজে বুৰাই পেলালে তাইক।
–ঐ আপী! কি ভাৱি আছ?
মনিয়ে আহি জোকাৰি দিলে তাইক।
–ক’লৈ গৈছিলি তই? কথা এটি ক’বৰ বাবে বিচাৰি মৰিছোঁ।
–কি কথা?
–তই মোৰ আগত থিয় হ’চোন। সেই ল’ৰাজন কোন নো?
–কোনজন?
–হেই। এনেকৈ ঘপককৈ নাচাবিচোন। তাৰ কথা কোৱা বুলি গম পাই যাব। তোৰ পিছফালে চা নীলা চাৰ্ট পিন্ধাজন।
মনিয়ে ঘূৰি চাই ‘অ, ৰুণ দা কেতিয়া আহিল’ বুলি একেচিপে ল’ৰাজনৰ ওচৰ পালে।
নয়নাৰ ভাল নালাগিল। যদি মনিয়ে কৈ দিয়ে ‘কিয় চাই আছ নয়নালৈ? ’ তায়ো চাইছে বাবেইতো তাইলৈ চাই থকাটো দেখিছে ন!
ৰুণ দাদাকক এৰি নয়নাৰ কাষ পালে এইবাৰ মনিয়ে।
–সেইজন ৰুণ দা। মোৰ মামাৰ ল’ৰা। এইবাৰ মেট্ৰিক দিছে। তোক জোকাইছে নেকি?
–নাই। মোলৈ চাই আছে তোৰ ৰুণ দাদাৰে।
“তই নাচালেই হ’ল “বুলি হাঁহি মাৰি আকৌ ৰভাতলীৰ পৰা উধাও হ’ল মনি।
মাহীয়েকৰ বিয়াত এইটো কৰিব, সেইটো কৰিব বুলি আওৰাই থকা নয়নাৰ হিচাপত আউল লাগিল। কোনোবা ৰুণ নামৰ ল’ৰা এজনে তাইলৈ চালে আৰু সেই দৃষ্টিৰ আগে আগে তাই ৰচকী পখিলা হৈ ঘূৰি থাকিল। বিয়া ঘৰ গৈ ফুলৰ বাগিচা হ’ল। হাঁহিৰ বিনিময়ত হাঁহিৰ আদান-প্ৰদানেৰে দিনটো কেনেকৈ পাৰ হ’ল নয়নাই একো টলকিব নোৱাৰিলে। গধূলি কইনাৰ লগত বহিলহে, মন আৰু চকু ৰুণ নামৰ ল’ৰাজনৰ আশে-পাশে ঘূৰি থাকিল।
ৰাতি দৰা অহাৰ আগৰ সময়খিনিৰ সাঙসিঙীয়া পৰিৱেশ। মনিৰ লগতে আৰু কোনোবা কোনোবাৰ লগত নয়না ৰভাতলীত বহিছে। হঠাৎ তাই অনুভৱ কৰিলে তাইৰ চুলিখিনিত কোনোবাই চুই দিছে। ঘূৰি চাইহে অৱস্থা কাহিল তাইৰ। ৰুণে তাইলৈ চাই হাঁহিছে। তাই আৰু তাত ৰৈ থাকিব পাৰেনে! নয়নাই ভিৰাই ঘৰৰ ভিতৰলৈ লৰ দিলে।
কি আচৰিত! ক্লাছৰ প্ৰশান্ত, নিতুল হঁতৰ লগত কত চুলিয়াচুলি, কোনে কিমান সময় পতা নজপোৱাকৈ চকুৱে চকুৱে চাই থাকিব পাৰে, সেই খেলখন! ক’তা! একোৱে অনুভূত নহয়চোন মনত। তেন্তে আজি কিয়!
তাই যেতিয়া সাৰ পায়, এক নিমাওমাও পৰিৱেশ। দৰা অহাৰ পাছত মামীয়েকৰ বিছনাখনত ‘কইনা যোৱাৰ পৰলৈ অলপ শুই লও’ বুলি যেনেকৈ মূৰ গুজিছিল সেইভাজেই পৰি আছে। কইনা গৈ দৰাঘৰ পালে। কোনেও নজগালে তাইক। ছেঃ!
উঠি আহিহে গম পালে যে তাইক জগাবলৈ গৈছিল মনিয়ে। মাকেহে মানা কৰিলে। মাকলৈ খং উঠি আহিল নয়নাৰ। যোৱাৰ পৰত মাহীয়েকক নেদেখিলে! নয়নাৰ চকু দুটা সমেকি আহিল। তাইৰ এই দুখখিনি কাৰোবাৰ আগত ক’বলৈ মন গৈছে। কাৰ আগত! মাক? নে মনিৰ আগত? মাক আৰু মনিৰ ছবি দুটা নয়নাৰ মানসপটত ভাহি নুঠিল। যিখন ছবি ভাহি উঠিল, সেয়া ৰুণৰ। মাত্ৰ কালি দেখা-দেখি হোৱা ল’ৰাজনৰ।
ক’ত আছে ৰুণ?
ৰভাতল, পিছফাল, ঘৰৰ আটাইকেইটা কোঠা চলাথি ফুৰিলে নয়নাই। নাই যে নায়েই! বুকুখনত প্ৰথমবাৰৰ বাবে বিষ এটি অনুভৱ কৰিব পাৰিলে তাই। কালি যি ঘটিছিল সেয়াও প্ৰথম। আজি যি..
–কাক বিচাৰি আছ?
মনিৰ মাতত উচপ খাই উঠিল নয়না।
–ৰুণ দা পুৱাতে গ’ল।
–হা!
নয়না প্ৰস্তৰ মূৰ্তি হৈ তাতেই তাপ মাৰে। বুকুৰ বিষটো বাঢ়ি অহা যেন লাগে।
দিনবোৰ গৈ থাকে। নয়নাও সময়ৰ লগত ফেৰ মাৰি বাঢ়ি গৈ থাকে। ৰুণ নামৰ ল’ৰাজনৰ চকু আৰু হাঁহিও তাই লগত কঢ়িয়াই ফুৰে। মনিক লগ পালে ৰুণৰ কথা সোধে। ৰুণেও হেনো তাইৰ কথা সোধে মনিক লগ পালে।
কেইটামান ঘণ্টা মাত্ৰ! বাঢ়নি পানীৰ দৰে অজানা অনুভূতি আহিল। সুখৰো, দুখৰো! বয়সৰ জোখাৰে বঢ়া মনটোৱে এতিয়া নয়নাক উত্তৰ দিয়ে, এই অজান অনুভূতিৰ নামেই প্ৰেম। প্ৰেমত পৰিছে নয়না। দুবছৰ আগৰ ভাল লগা অনুভূতিখিনি প্ৰেমলৈ উন্নীত হৈছে।
যাতায়াত, যোগাযোগৰ ফালৰ পৰা ৰুণ আৰু তাইৰ পুনঃ সাক্ষাতৰ সম্ভাৱনা তেনেই শূন্য। মনিক লগ পায় বছৰেকৰ মূৰত। সিহঁতৰ ঘৰত অথবা মনিহঁতৰ ঘৰত। ৰুণ থাকে বেলেগত । মাহীয়েকৰ বিয়াৰ পিছত এনে কোনো অনুষ্ঠান অহাই নাই যাৰ সুবাদত সময়ে পুনৰবাৰ লগ-লগাই দিব দুয়োকে।
নয়নাৰ খুৰাকৰ বিয়া। বহাগত। তাইৰ মেট্ৰিক পৰীক্ষা শেষ হ’ব তেতিয়ালৈ। এই বছৰটো মনপুতি পঢ়িছে তাই। বহুত সপোন আছে নয়নাৰ। টেষ্ট পৰীক্ষাৰ শেষত ঘৰতেই পঢ়াশুনা কৰি আছে। ঘৰখনত বিয়াৰ প্ৰস্তুতি চলি আছে যদিও তাই ইমান কাণসাৰ দিয়া নাই।
দুপৰীয়া ভাত খাই বিছনাত বাগৰি থাকোঁতে দেউতাকে মাতিলে।
–মাজনী, বিয়ালৈ নিমন্ত্ৰণ কৰিবলগীয়া আলহীৰ তালিকাখন বনাই দেচোন। মই কৈ যাম এফালৰ পৰা।
–হ’ব দেউতা।
দেউতাকে আগবঢ়াই দিয়া কলম আৰু নোটবুকখন হাত পাতি ল’লে তাই।
–প্ৰথমতে উত্তৰৰ পৰা আহচোন। পেহীয়েৰহঁতৰ পৰাই আৰম্ভ কৰোঁ। লিখ। গাঁৱৰ নামটো ওপৰত দি থ’বি। এক নম্বৰত লিখ নাৰায়ণ কলিতা, তাৰপাছত..
দেউতাকে কৈ যোৱা মতে লিখি গৈছে নয়নাই। লিখি থাকোঁতে তাইৰ মনটো মাহীয়েকৰ বিয়াখনলৈ উৰা মাৰে। সেইখন বিয়ায়েতো তাইৰ জীৱনলৈ নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল!
–হেৰা, তোমালোকৰ ফালৰ কাক কাক মাতিব লাগিব কোৱাহিচোন।
–আপুনি নাজানে নে, মোক যে সুধিব লাগে!
–বৌৱেৰাহঁতৰ ফালৰো কাৰোবাক মাতিব লাগিব নেকি?
–এ নালাগে নালাগে। তথাপি অতুল ককাইদেউক মাতিব পৰা যায়।
–বাৰু! হ’ব যোৱা। bচাহ একাপ আনাচোন।
–অ মা!
–কি ক?
–ময়ো খাম চাহ।
–সেইটো কওঁতে ইমান লেনিয়াব লগীয়া হ’লনে?
“অ মা! মনিহঁতৰ মোমায়েকহঁতক নামাতা নেকি”বুলি ক’ব খোজা কথাষাৰ জিভাত আহি ৰৈ গ’ল তাইৰ।
খুৰাকৰ বিয়াত একো ভাল নালাগিব। নয়নাৰ মনটো সেমেকি উঠিল।
পৰীক্ষা শেষ হ’ল। বিয়াৰ দিনো চমু চাপি আহিল। নয়নাৰ মনটোহে ফাগুন মহীয়া দুপৰীয়াটোৰ দৰে উদাস। উকা। ধূলিয়ৰি বতাহজাক যেন এখন ধাৰাল চুৰি। তাইৰ কলিজাটো ৰেপি থৈ য়ায়।
খুৰাকৰ বিয়ালৈ মাজত পাঁচটা দিন। দুদিন আগত মনিও আহিছে। দুয়োৰে পৰীক্ষা শেষ যেতিয়া, কোনে মাতে। হেঁপাহ পলুৱাই কথা পাতিছে দুয়ো। ৰুণে কটন কলেজত পঢ়ি আছে। তিনিটা বছৰত তিনিবাৰ নে চাৰিবাৰ লগ পালে মনিয়ে ৰুণ দাদাকক। দাদাকৰ লগত কি প্ৰসংগত, কেনেকৈ, কিয় নয়নাৰ কথা ওলাল, নয়নাৰ কথা ৰুণ দাদাকে কি কয়, সেইখিনিকে ৰাতি শুৱাৰ পৰত মনিৰ মুখৰ পৰা শুনিব বিচাৰে নয়নাই। মনিয়ে তাইৰ আগ্ৰহক সন্মান জনাই গাই যায় এফালৰ পৰা। আনে নুশুনাকৈ। মনে মনে।
ক’বলৈ বা শুনিবলৈ আচলতে একোৱে নাথাকে। তথাপি মনিয়ে ৰহণ সানি কয়। নয়নাই শিতানৰ গাৰুটো বুকুত সাবটি শুনি থাকে। মনিৰ টোপনি আহে এসময়ত। নয়না সাৰে থাকে। ৰাতি দোভাগলৈ। মনৰ চকুত ভাল লগা ছবি এখনো দুলি থাকে। মনিলৈ নয়নাৰ মৰম আগতকৈ বাঢ়ে। তাইৰ মনৰ বতৰা প্ৰিয়জনলৈ কঢ়িয়াব পৰাৰ একমাত্ৰ মাধ্যম মনি। নয়নাই ইচ্ছা কৰিয়ে হাতৰ তলুৱাত কলমেৰে লিখা ইংৰাজীৰ আৰ্ আখৰটো মনিক দেখুৱায়, তাইৰ স্কুলৰ বহীবোৰ, য’ত মাজে মাজে “ৰুণ” বুলি ডাঙৰকৈ লিখি পুনৰ চিন নিচিনকৈ কাটি থৈ দিয়া আছে, সেইবোৰো কিবা কৌশল কৰি দেখুৱায়।
মনিয়ে তাইক জোকায় –“মোৰ বৌ জনী।”
–“ধেৎ! শুনিব কোনোবাই।” নয়না ৰঙা পৰে।
খুৰাকৰ বিয়াখনলৈ নয়নাৰ আগ্ৰহ নাই। বিয়াৰ পাচত মনিৰ লগত তায়ো যাব মামাকহঁতৰ ঘৰলৈ। কেইদিনমান থকাকৈ যাব। কি ঠিক! ৰুণক লগ পাবও পাৰে তাত! মনিয়ে কৈছে, বহাগত ৰুণ দাদাক অহাৰ কথা আছে।
হৈ চৈ, স্ফূৰ্তি-তামাচাত বিয়াৰ দিনটো পাৰ হ’ল। বহাগমহীয়া গধূলিটো বিজুলী-বিজুলি ঢেৰেকনিৰে ৰজনজনাই আহিছে। ইফালে জেনেৰেটৰৰ ধম্ ধম্ শব্দ। বৰষুণ জাক আহিল মানে আহিলেই। ধাৰাষাৰ। এই বৰষুণজাকতেই তিতি বুৰি কোনোবা এজন দৌৰি আহিছে। বান্ধৱীসকলক আগবঢ়াই দিবলৈ অহা নয়না গেটৰ মুখতেই আছিল। আগন্তুকক দেখিহে চুৰ্তি হেৰাল তাইৰ।
“ৰুণ!”
ভৰিৰ পৰা মূৰলৈ উঠি অহা কঁপনিটোৱে তাইক পেলাই দিয়ে বুলি ৰভাৰ কাপোৰ এখনত খামুচি ধৰে তাই। পেটটোও যেন পকাই আহিছে।
–ভালে আছা?
–অঁ। আছোঁ।
কোনোমতে শব্দ দুটাৰ যোগাৰ কৰে তাই।
জেনেৰেটৰটো এতিয়া নয়নাৰ মূৰৰ ভিতৰত চলিছে নেকি বাৰু!
তাইক পিছ পেলাই ৰভাতলীত প্ৰৱেশ কৰা ৰুণলৈ চাই ৰয় নয়নাই।
ইতিমধ্যে ৰুণক বেৰি ধৰিছে মাক, মামীয়েক, মনিহঁতে।
–অতুল ককাইদেউৰ ল’ৰা ইমান ডাঙৰ হ’ল। বাটে-ঘাটে লগ পালেচোন চিনিয়ে নাপালোঁহেঁতেন! মাজনী! কাপোৰ এখন আনচোন। গোটেইটো তিতি আহিল একেবাৰে।
উৰহী গছৰ ওৰটো নয়নাই এতিয়াহে পালে। কঁপা কঁপা হাতৰে ৰুণলৈ গামোচাখন আগবঢ়াই দিলে তাই।
বৰষুণ জাক কমিছে। দৰা যাবৰ পৰ হৈছে। নয়না আৰু মনি দুয়ো যাব দৰাৰ লগত।
“ৰুণ যাবনে?”
নয়নাৰ মনটো উচপিচাই উঠে।
ক’ব নেকি মনিক! নাই নাই! তাইৰ লাজ লাগে।
যাওঁ নাযাওঁ কৈ দোমোজাত পৰিয়ে নয়না দৰা গাড়ীত উঠিল। দুজনীয়া চিটটোৰ খিৰিকীৰ ফালে মনি। খিৰিকী মুখত বহি নয়নাৰ ভাল লাগে যদিও মনিক উঠাই দিবতো নোৱাৰি। বাছখনত আৰু এটা চিটো খালী নাই। দুৱাৰ মুখৰ পৰা তাইৰ দৃষ্টি আঁতৰা নাই। এই যেন ৰুণ উঠি আহিব। দুই এজন আহি বহিবলৈ ঠাই নাপাই থিয় হৈ ৰৈছে। বাছখনে যাত্ৰা কৰোঁ কৰোঁ। নয়নাৰ চকু দুটা পানীৰে উপচি পৰিল। ৰুণক এৰি থৈ আহিব নালাগিছিল? ঠিক তেনেতেই ধৰমৰাই বাছ খনলৈ ৰুণ উঠি আহিল। তাইলৈ হাঁহি এটি ছটিয়াই তাইৰ কাষতে থিয় হৈ ৰ’ল সি। চকুৱে হঁহা ল’ৰাজন। নয়নাৰ বুুকুত ভালপোৱাৰ কঠীয়া সিঁচা ল’ৰাজন।
আকৌ এবাৰ চকু দুটা ভৰি আহে তাইৰ। অলপ আগৰ চকুপানী আৰু এতিয়াৰখিনি একে জুলীয়া হৈও, একে নহয়।
ৰুণ তাইৰ কাষত! সঁচা নে মিছা প্ৰমাণ কৰিবলৈ চকু দুটা মুদি পুনৰবাৰ মূৰ তুলি চায় তাই। তাইলৈ চাই এয়া ৰুণ! খুৰাকৰ বিয়াখনৰ দৰেই সত্য। তাইৰ কাষত মনি বহি থকাৰ দৰেই সত্য।
মনিৰ হাতত খামুচি ধৰে নয়নাই।
–তই অলপ আগুৱাই আহ। ৰুণ দাদা, বহিব পাৰিবি তই।
”কি কয় এই মৰতীয়ে!”
নয়নাৰ কাণেৰে ভো ভোৱনি এটা ওলাই আহে। ঘামি উঠে তাই।
–তহঁতে বহ। মোৰ এনেকৈয়ে ভাল লাগিছে।
হাঁহি হাঁহি ৰুণে তাইৰ চকুতে দৃষ্টি থাপে। নয়নাই পাহৰি য়ায় এবাছ মানুহৰ কথা। পাহৰি যায় ৰুণেও। চাৰি চকুৰ মিলনৰ সাক্ষী হৈ ৰয় এটি ৰাতি। পল অনুপল গৈ থাকে সময়..
–আমি নাজানো তাক! সাৱধান কৰি দিছোঁ তোক। তোৰ ভালৰ বাবেই কৈছোঁ। তই যদি সেই ভুল কৰ তহঁতৰ ঘৰ খনৰ লগত আমাৰ সম্পৰ্ক বৰ্তি ৰ’বনে?
খুৰাক, পেহীয়েক, মাহীয়েক, মনিৰ ককায়েক দুজনে বেৰি ধৰিছে নয়নাক।” কি দোষ কৰিলোঁ” বুলি বুলি মুখ ফুটাই ক’ব নোৱাৰা কথাখিনি জুলীয়া আৱৰণ হৈ চকু দুটি ঢাকি ধৰিছে। ক্ৰমাৎ বুকুত বাজি উঠা সকৰুণ সুৰ এটাই তাইক কেৱল কন্দুৱাইছে আৰু কন্দুৱাইছে।
কইনা ঘৰৰ মানুহ আহিব। আজি বাহি বিয়া। ৰন্ধা- বঢ়াৰ যো-জা চলি আছে। কিছু কিছু আলহী যাবলৈ ওলাইছে। নয়না এতিয়াও বিছনাত।
“নয়নাৰ জ্বৰ।”
তাইৰ বিচাৰ লোৱা মানুহখিনিৰ বাবে ৰেডিমেড উত্তৰ।
লাজে-অপমানে শুই আছে তাই। ৰুণৰ মুখৰ ছবিটিয়ে এবাৰ যদি তাইক নিচুকায়, এবাৰ কন্দুৱায়।
“ক’ত আছে ৰুণ?”
“মনি ক’ত?”
হাতত বেগ এখন লৈ মনি তাইৰ কাষত আহি ওলায়।
–মনি, ৰুণ?
–সি পুৱাতেই গ’ল। তই সেইবোৰ ভাৱি নাথাকিবি। নিজৰ মামাৰ ল’ৰা হ’লেও সি ভাল ল’ৰা নহয়। তোৰ লগত ফটুৱামি কৰি আছে। সি বেলেগ ছোৱালী এজনীক ভাল পায়। মোৰ আগত আৰু ৰুণৰ কথা নুলিয়াবি। দাদা নকৈ অকল ৰুণ বুলি কোৱা মনিৰ মুখখনত কঠোৰ নে সাঁথৰ মুখ খনলৈ চাই নয়না উচুপি উঠে।
–মনি? ৰুণ সঁচাকৈ তেনেকুৱা?
–আমি আজি যাম। তই পেহীৰ লগত পাছত যাবি।
নয়নাৰ বুকুত যি এক হাঁহাকাৰৰ সৃষ্টি হৈছে কাক বুজায় তাই? ৰুণৰ সৈতে দৃষ্টিৰ বিনিময়হে হ’লগৈ। এবাৰো নক’লে সি তাইক ভালপোৱাৰ কথা। তাই সৰু। সিটো ডাঙৰ! নে মনিয়ে কোৱা কথাটোৱে সত্য!
দিনবোৰ গৈ থাকিল। পৰীক্ষাৰ ৰিজাল্ট ওলাল। চহৰৰ কলেজখনত নয়নাৰ এডমিচন হ’ল। মনিয়ে স্থানীয় কলেজখনতে এডমিচন ল’লে। নয়না এতিয়া হোষ্টেলৰ বাসিন্দা। ঘৰৰ পৰা ওলাই অহাৰ দুখত মনটোৱে কান্দিছে যদিও এটি আশাৰ চাকিয়ে তাইৰ এন্ধাৰ মনটো পোহৰাই তুলিছে। ৰুণৰ চকুত তাই যি দেখিছিল সেয়া ভালপোৱাই। চকুৱে মিছা নকয়।
“ৰুণ আহিব এদিন। আহিবই।”
নয়নাৰ চহৰখনলৈ সন্ধিয়া নামে। ৰাতি হয়। বেলি উদয় হয়। দুপৰ হয়। পুনৰ সন্ধিয়া নামে। যন্ত্ৰৱৎ ঘূৰি থাকে সময়ৰ চকা। যি নাহে সেয়া ৰুণ। তাইৰ বুকুত প্ৰেমৰ বীজ ৰোৱা ৰুণ।
ক্ৰিকেট খেল নয়নাৰ প্ৰিয়। ইণ্ডিয়া টিমটো স্বাভাৱিকতেই তাইৰ আপোন। কিন্তু আজিকালি ইংলেণ্ড দলৰ খেল থাকিলে নোচোৱাকৈ নোৱাৰে। দলটোত নতুন মুখ এখন দেখি থৰ হৈ ৰৈ গৈছিল তাই সিদিনা। সেইজন সাইলাখ ৰুণৰ দৰে। কেভিন পিটাৰচন। ৰাইট হেণ্ডেড বেটচমেন। অফ ব্ৰেক বলিং। চকুৰ জুৰণিৰ বাবে মনত ৰৈ যোৱা ৰুণৰ ছবিটিয়ে আছিল একমাত্ৰ সম্বল। এতিয়া টিভিত পিটাৰচনক দেখিলে ৰুণক দেখা যেন লাগে তাইৰ। আজৱ কল্পনা বিলাসত ডুব যায় নয়না।
ৰৈ থকাটো নিয়ম নহয়। ৰ’দৰ বাট ৰুদ্ধ হ’লেও ছাঁতে বাঢ়ে তাই। বৃক্ষ হোৱাৰ সপোন আছিল। জীৱনৰ আগবেলাতে প্ৰতাৰণাৰ আঘাতে তাইৰ সপোনৰ বাটটো আগচি ধৰে। নয়না এতিয়া আনৰ ঘৰ শুৱনি এজোপা বনছাই। নিজৰ পৰিচয় বহন কৰিও কোনোবাখিনিত ৰঙহীন। উকা।
মেট্ৰিক পৰীক্ষা দি যে মামাকহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিল। যোৱা নহ’ল। মনিৰ ডাঙৰ ককায়েকৰ বিয়াতো নগ’ল। মনিৰ বিয়াতো। কিয় যাব তাই! কিহৰ আশাত! ৰুণ কোন? কি হয় তাইৰ? তাইৰ সঁচা ভালপোৱাক বুজি নোপোৱা মানুহ এজনৰ মুখামুখি হোৱাৰ ইচ্ছা তাইৰ নাই। তথাপি এবাৰ জানিব মন যায় তাইৰ, কিয় এবাৰো তাইক বিচাৰি নাহিল সি? কিয় তাইৰ সৈতে মিছা খেল এখন খেলিলে সি? এদিন হ’লেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিবই নয়নাই। নিজেই সুধিব তাক।
সেই সুযোগৰ সন্ধানতে মনিৰ সৰু ককায়েকৰ বিয়ালৈ আহিছে নয়না। নিৰন্তৰে আশা কৰিছে ৰুণো আহক বিয়ালৈ।
বহু বছৰৰ মূৰত মামাকহঁতৰ ঘৰলৈ আহিছে। বিয়াৰ ব্যস্ততাৰ মাজতো তাইক লৈ ঘৰখনৰ ন-পুৰনি সকলো সদস্য ব্যস্ত হৈ পৰিছে। তাইৰ খবৰ, গিৰিয়েক কিয় নাহিল, ছোৱালীজনী কোন ক্লাছ পালে, এতিয়া তাইৰ চাকৰি ক’ত ইত্যাদি অলেখ প্ৰশ্ন।
নয়নাৰ মনটো এটা কথাত বেয়া লাগিছে যে মনিয়ে তাইৰ পৰা যেন আঁতৰি ফুৰিছে। সিদিনা তাইকো কথা শুনাইছিল নেকি মানুহবোৰে! পুৰনি কথাবোৰ উলিয়াই মনিক আঘাত দিয়া জানো উচিত হ’ব! থাকক। সকলো নিজৰ ভাগে সুখত থাকক।
অৱশেষত নয়নাৰ কাণলৈ বাৰ্তা এটা উৰি আহিল–“ৰুণ আহিছে।”
আকৌ এবাৰ জেনেৰেটৰৰ শব্দটো তাইৰ বুকুত যেন বাজি উঠিছে। কিয়? কিয়?
–ৰুণ দাই বিচাৰিছে তোক?
মনিৰ মুখত বেজাৰৰ ছাঁ।
–ক’ত আছে?
দৃঢ় হৈছে নয়না। আৱেগক দমন কৰি অত বছৰে বিচাৰি থকা উত্তৰটো শুনিবলৈ তাই ব্যাগ্ৰ।
মনিহঁতৰ ড্ৰয়িংৰূমত বহি আছে ৰুণ। চঞ্চল বয়সক নেওচা দি এগৰাকী চল্লিছোৰ্দ্ধৰ ব্যক্তি। গহীন। গম্ভীৰ। হালধীয়া টি চাৰ্টটোৰে ধুনীয়া লাগিছে তাক। পিটাৰচনৰ ছবিটো আনি ৰুণৰ সৈতে তুলনা কৰি চালে নয়নাই। মনত সাঁচ বহা ছবিটো বহু বছৰৰ পুৰণা।
– মনত আছে?
এটি গুৰু গম্ভীৰ মাতে নয়নাৰ বুকুৰ গভীৰলৈকে কঁপাই তোলে।
ৰুণৰ চকুলৈ পোনপটীয়াকৈ চালে এইবাৰ নয়নাই। হাতেৰে ঢুকি পোৱা দূৰত্বত থকা মানুহজনলৈ। বেঁকা চাৱনিৰে হাঁহি থকা চকু দুটি ঠিক একেদৰেই আছে। কিছু চঞ্চল। ওঁঠৰ হাঁহিটো যেন নিস্তেজ।
–বিশ বছৰ হ’ল নেদেখাৰ। তুমি একেই আছা কিন্তু।
বিশ বছৰ! মনতে হিচাপটো যুকিয়াই লয় নয়নাই।
–মনত আছে আপোনাৰ? নয়না সাজু হয়।
–তুমি পাহৰিলা।
–মই পাহৰিলোঁ? জানেনে আপোনাৰ বাবে ৰৈ ৰৈ..
–মই যে ৰৈছিলোঁ সিদিনা?
–কোনদিনা?
নয়নাই একো বুজি পোৱা নাই। আচলতে হৈছে কি!
দুটি আতুৰ মনক চকিত কৰি মনি উচুপি উঠিছে।
–মোক ক্ষমা কৰি দে দাদা। নয়নাৰ গাত দোষ নাই। মইহে ফালি পেলাইছিলোঁ চিঠিখন। নয়নাই নহয়। ভয় লাগিছিল মোৰ। দাদাই গালি পাৰিছিল বহুত।
অতবছৰৰ ভাৱনাত খেলিমেলি লাগি যায় নয়নাৰ।
উত্তৰ বিচাৰি গৈ এসোপা ভাৱবোধক, প্ৰশ্নবোধক বুকুত কঢ়িয়াই থমথমকৈ বহি ৰৈছে তাই।
“ৰুণে চিঠি লিখিছিল তাইলৈ?”
ৰুণৰ চিঠিখন মনিয়ে তাইৰ হাতত দিয়াহেঁতেন! ৰুণলৈ তাইৰ মৌখিক উত্তৰটো মনিয়ে কঢ়িয়াই নিয়াহেঁতেন! হয়তো নয়নাৰ দিনলিপিখন বেলেগ হ’লহেঁতেন আজি! কি লিখছিল সি? “ভালপাওঁ তোমাক” বুলি! ভাৰ্চুৱেল বুলি জগতখন তেতিয়াও থকাহেঁতেন!
দূৰ অতীতত গাপ যোৱা কথাৰ জীৱাশ্মবোৰ খান্দি উলিওৱাৰ সময় এয়া নহয়। ৰুণৰ দৃষ্টিৰ আগে আগে পখিলা হৈ উৰি ফুৰাৰ সময়বোৰো মানুহ মৰি ভূত হোৱাৰ দৰে কথা। বিশটা বছৰে গোমা হৈ থকা আকাশখন মুকলি হৈ আজি এজাক ৰ’দ সোমাই আহিব খুজিছে। চকু দুটা মুদি দিলে নয়নাই। ৰ’দে কটা বাটটো এতিয়া তাইৰ বাবে নিষিদ্ধ।
তথাপি নয়নাৰ মনৰ চকুত লাহে লাহে উজলি উঠিছে এখন হাঁহি থকা মুখৰ ছবি। কেভিন পিটাৰচনৰ ছবি!