বৈজ্ঞানিক পত্নী; মূল— চিমা ডিকচন অফিচিয়েল

অনুবাদ—প্ৰদীপ বৈশ্য।

পেশাত এগৰাকী বিজ্ঞানী আৰু অধিবক্তা ইজনে সিজনৰ প্ৰতিৱেশী হিচাপে বাস কৰিছিল। বিজ্ঞানী গৰাকীৰ পত্নী ঘৰুৱা কাম-কাজত অতিশয় নিপুণ আছিল। তেওঁৰ এনে ব্যস্ততাৰ দিশটোৱে অধিবক্তাজনক আচৰিত কৰি তুলিছিল আৰু নিজৰ পত্নীৰ সৈতে বিজ্ঞানী পত্নীৰ দিশবোৰ মনতে ৰিজাই চাইছিল। 

এদিন অধিবক্তাজনে পত্নীক ক’বলৈ ল’লে—“চোৱাচোন কেট। বিজ্ঞানীজনৰ পত্নী কিমান কঠোৰ পৰিশ্ৰমী। তুমি তাইৰ দৰে মুঠেও কাম নকৰা। তাই প্ৰতিদিনে ৰাতিপুৱা ৪: ৩০ বজাতে সাৰ পায়। স্বামীয়ে কামলৈ যোৱাৰ আগতেই খাদ্য প্ৰস্তুত কৰে। স্বামীৰ কাপোৰ-কানি ইস্ত্ৰী কৰে। প্ৰতিসাঁজ আহাৰ গ্ৰহণ কৰাৰ পাছতেই তোমাৰ দৰে পেলাই নথৈ লগে-লগে বাচন-বৰ্তনবোৰ পৰিষ্কাৰ কৰে। ঘৰ চাফ-চিকুণজনিত কামবোৰত তাই বিশেষ মনোযোগ দিয়ে। স্বামী কামৰ পৰা উভতি অহাৰ পাছতেই জোতাযোৰ সঠিক ঠাইত ৰাখি থয়। ঘৰৰ বাগিছাত থকা গছ-গছনিবোৰটো আনকি পানী দিয়ে। দিনটোৰ পোন্ধৰ ঘণ্টামানলৈ ঘৰুৱা কাম-কাজতেই তাই ব্যস্ত থাকে। তুমি মাথোন পাঁচ ঘণ্টা কাম কৰিয়েই ভাগৰি যোৱা।” 

লুচিয়ে তাইৰ মৰমসনা মাতেৰে ক’বলৈ ল’লে—“মই হয়তো কেটৰ দৰে একে মানদণ্ডৰ নহ’বও পাৰোঁ, সেইটো মানি লৈছোঁ। কিন্তু আপুনি ভালকৈ জানে যে এগৰাকী সুগৃহিণীৰ দৰে মোৰ সাধ্য অনুসৰি ঘৰৰ কামবোৰৰ দায়িত্ব পালন কৰি আছোঁ।” 

স্বামীয়ে উত্তৰ দিলে—“তুমি সাধ্য অনুসৰি কৰিবলৈ চেষ্টা কৰিলেও মই মুঠেও সন্তুষ্ট নহয়। বিজ্ঞানীৰ পত্নীৰ দৰে তুমিও কঠোৰ পৰিশ্ৰম কৰা উচিত। তোমাৰ কাম কৰাৰ সময় তেওঁৰ দৰেই বঢ়োৱা উচিত।” 

সিমানেই নহয়। অধিবক্তাজনে তাৰে পাছৰে পৰা পত্নীক কঠোৰ শাসন কৰিবলৈ আৰম্ভ কৰিলে। পত্নী লুচিক বিজ্ঞানীগৰাকীৰ পত্নীৰ দৰেই কাম-কাজ কৰাৰ বাবে নিদিষ্ট নিয়ম পালন কৰিবলৈ নিৰ্দেশ দিলে। ঘৰৰ কাম-কাজ আৰম্ভ কৰিবলৈ কাহিলিপুৱাই সাৰ পাবলৈ বাধ্য কৰালে। ঘৰৰ বাচন-বৰ্তনবোৰৰ লগতে বেচিন আদিবোৰ খোৱা-বোৱা কৰাৰ লগে-লগে পৰিষ্কাৰ কৰিবলৈ বাধ্য কৰালে। দৈনিক ঘৰৰ কাষৰ নলাবোৰ পৰিষ্কাৰ কৰিবলৈও লুচি বাধ্য হ’ল। আৱৰ্জনা কঢ়িওৱা গাড়ীত দৈনিক পেলনীয়া আৱৰ্জনাবোৰ জমা দিয়া, গেলামালৰ বজাৰ-সমাৰখিনিও আনকি তাই কৰিবলৈ বাধ্য হ’ল। চৌহদৰ গছ-গছনিত দৈনিক পানী দিয়া, অপতৃণ গুচাই দিয়া আদি কামবোৰো তাইৰ নিতৌ কৰা কামত সাঙুৰি ল’বলগীয়া হ’ল। 

লুচিয়ে এই কঠোৰ নিয়ম আৰু সময়সুচী পালন কৰি নিতৌ অৱশ হৈ পৰিছিল। তাইৰ জিৰণি ল’বলৈ অকণো সময় নোহোৱা হৈছিল। ক্ৰমান্বয়ে তাইৰ শৰীৰ ৰুগ্নপ্ৰায় হৈ পৰিছিল। স্বামীয়ে তাইৰ প্ৰতি অলপো সহানুভূতি দেখুওৱা নাছিল। 

এনেতে এদিন নঘটিবলগীয়া ঘটনা এটা ঘটিল। সন্ধিয়া সময়ত অধিবক্তাজনে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহি দেখে যে লুচি ঘৰৰ মজিয়াত নিৰ্জীৱ হৈ পৰি আছে। তাইক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হ’ল, যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে। চিকিৎসকৰ মতে অত্যধিক মানসিক চাপৰ ফলত হৃদপৃণ্ডৰ স্পন্দন বন্ধ হৈ তাই মৃত্যুক সাৱটি ল’লে। 

পত্নীৰ মৃত্যুত অধিবক্তাজন শোক আৰু অপৰাধবোধত বিহ্বল হৈ পৰিল। তেওঁ অনুভৱ কৰিলে যে কঠোৰ  শ্ৰম কৰিবলৈ বাধ্য কৰোৱাৰ বাবেই তাই মানসিক আৰু শাৰীৰিকভাবে যথেষ্ট কষ্ট পালে আৰু সেয়াই তাইৰ মৃত্যুৰ একমাত্ৰ কাৰণ হৈ পৰিল। 

পত্নীৰ মৃত্যুৰ ঘটনাৰ দুদিনমান পাছতেই অধিবক্তাজনে এদিন বৈজ্ঞানিক গৰাকীৰ ওচৰলৈ গৈ নিজৰ দুখৰ কাহিনী বৰ্ণনা কৰিলে। তেওঁ বৈজ্ঞানিক গৰাকীক ক’লে—“মই মোৰ পত্নীক আপোনাৰ পত্নীৰ সৈতে তুলনা কৰিছিলোঁ। ঘৰৰ কামবোৰ নিজেই কৰিবলৈ বাধ্য কৰাইছিলোঁ। আপোনাৰ পত্নীৰ কঠোৰ পৰিশ্ৰমৰ কথা দহাই কৈছিলোঁ আৰু তাই তেনে কৰিবলৈ বাধ্যও হৈছিল। আপোনাৰ ভাগ্য সঁচাকৈ খুব ভাল। তেওঁ ইমানবোৰ কাম-কাজ অকলে কেনেকৈ চম্ভালি লয়, আপুনিহে জানে। আপোনাৰ পত্নীয়ে বাৰু বাৰু ক্লান্তি অনুভৱ নকৰেনে?”

বিজ্ঞানীগৰাকী ক্ষন্তেক সময় থমকি ৰ’ল। তেওঁ যিখিনি কথা ক’লে, সেইখিনিহে আচৰিত হ’বলগীয়া আছিল। 

তেওঁ ক’লে—“মোৰ পত্নীৰ বহুবছৰ আগেয়ে বিয়োগ হৈছে। মোৰ লগত থকা ভদ্ৰমহিলাগৰাকী কেট নামৰ মানৱসদৃশ ৰবটহে মাথো। মই তাইক ঘৰৰ সকলো কাম-কাজ যেনে—চাফাই, ৰন্ধা-বঢ়া, ইস্ত্ৰী কৰা আদি কামবোৰ কৰিবলৈ সৃষ্টি কৰিলোঁ। কি সাহসত আপুনি নিজ পত্নীক এটা ৰবটৰ সৈতে তুলনা কৰিব পাৰিলে? আপোনাৰ পত্নী লুচি আছিল শৰীৰত মঙহ থকা, শিৰাত তেজ বৈ থকা এগৰাকী প্ৰাণৱন্ত মানুহ। কিন্তু, কেট বেটাৰীচালিত এটা কাম কৰা মানসসদৃশ যন্ত্ৰহে। আপুনি যি ভুল কৰিলে সেয়া উপলব্ধি কৰা উচিত। বুজিছেনে কথাখিনি?” 

অধিবক্তাজন হতভম্ব আৰু অবিশ্বাসত নিথৰ হৈ থিয় দি ৰ’ল। বিজ্ঞানীজনে পুনৰ ক’বলৈ ল’লে—”আপোনাৰ পত্নী পৰিয়ালৰ প্ৰতি দায়িত্বশীল আৰু দয়ালু মহিলা বুলি সকলোৰে মুখত কোৱা শুনিছিলোঁ। আপোনাক ভালপোৱা আৰু সন্মান কৰা মহিলাগৰাকী পত্নীৰূপে পাই আপুনি কিমান যে ভাগ্যৱান আছিল, সেয়া এতিয়া অনুভৱ কৰিব পাৰিছেনে? আপুনি একপ্ৰকাৰে নিজ পত্নীক হত্যা কৰাৰ দৰে হৈছে। সঁচাকৈ বৰ লজ্জাজনক ঘটনা।”

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!