ষ্টে’য়াৰকেচৰ কাল-প্ৰিট
লেখক- প্ৰনৱজোতি ৰাজখোৱা
আজি শনিবাৰ। শ্ৰীমতী দুই পুত্ৰৰ লগত ডিব্ৰুগড়ত থকা মোমায়েকৰ ঘৰলৈ বিয়া খাবলৈ গৈছে। কাইলৈ আহিব। আমাৰ ঘৰৰ ওপৰ মহলাত ভাড়াত থকা ল’ৰা দুজনো বৃহস্পতিবাৰে তেজপুৰৰ ঘৰলৈ গ’ল। আজি ৰাতি দহ কি চাৰে দহ মানত পাবহি বুলি কৈ গৈছিল। এতিয়া গোটেই ঘৰটোৰ ৰখিয়া মই। বিন্দাচ!
গধূলি টি ভি ত বাতৰিৰ চেনেল কেইটা সলনা- সলনি কৰি চাই শেষ হ’লত, কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ আলোচনা এটা চাই আছিলোঁ। নামত আলোচনা। কিন্তু চিঞৰ-বাখৰত কাৰো কথা কোনেও নুশুনে। এই ধৰণৰ আলোচনা চাই বৰ ৰস পাওঁ।
গেটৰ সন্মুখত ডেলীভাৰী ল’ৰাটোৰ মটৰ চাইকেলৰ হৰ্ণটো শুনি উঠি আহি টোপোলাটো লৈ গ’লোঁহি। অকলে থাকিলে ৰন্ধা-বঢ়া কৰিবলৈ মন নাযায়। খাই বৈ উঠি গেটৰ তলাটো লগাই ভিতৰলৈ আহি বিছনাত পৰোঁতে চাৰে দহ বাজিল। অকলশৰে থাকিলে টোপনিও নাহে সোনকালে। মোবাইলটো লৈ বিছনাত ওপৰলৈ মুখ কৰি, ইটো সিটো চাই আছোঁ। এপাকত গাৰুটোৰ ওচৰতে থকা ঘড়ীটো চাই দেখিলোঁ চাৰে বাৰ বাজিল। তৎক্ষণাত মোবাইল সামৰি, লাইট দুটা নুমুৱাই, চকু দুটা মুদি টোপনি যাবলৈ চেষ্টা কৰিলোঁ।
চিলমিলকৈ টোপনি আহিছিল কিজানি। খিটিং কৈ মেচেজ এটা আহিল। নাচালোঁ। আহিয়েই থাকে ইটো-সিটো মেচেজ। আকৌ আহিল মেচেজ। ইমান ৰাতি কোনেনো মেচেজ কৰি আছে বুলি মোবাইলটো চাই দেখিলোঁ, মেচেজবোৰ আমাৰ ঘৰৰ ষ্টেয়াৰকেছত লাগি থকা কেমেৰা এটাই দিছে। “ম’চন ডিটেক্টটেড্” কেমেৰাটোৱে কাৰোবাৰ উপস্থিতি গম পাইছে।
একেকোবেই বিছনাৰ শিতানত আউজি, চকু দুটা মোহাৰি, মোবাইলটোৰ দ্বাৰা ৩৬০ডিগ্ৰী কেমেৰাটো ইফালে-সিফালে ঘূৰাই, ক’তো কাকো নেদেখিলোঁ। আকৌ মেচেজ আহিল “ৰ্পাচন্ ডিটেক্টটেড্” মই আকৌ এবাৰ কেমেৰাটো ইফাল সিফাল ঘূৰাই চালোঁ। নাই কোনো নাই দেখোন।
গাড়ী এখন গেটৰ মুখত ৰোৱা যেন লাগিল। মনটোত সাহস আহিল। আমাৰ ওপৰত থকা ভাড়াঘৰৰ ল’ৰা দুটা আহিছে। সিহঁতে এতিয়া সেইটো ষ্টেয়াৰকেছে ওপৰলৈ উঠিব! চাই আছোঁ মবাইলটো। “ৰ্পাচন্ ডিটেক্টটেড্” কেমেৰাটোৱে মেচেজ দিলে। কেমেৰাই ঠিকেই মেচেজ পঠিয়াই আছে। তেনেহ’লে আগতে কোনে উঠা-নমা কৰি আছিল? কাৰোবাক দেখা হ’লে যিমান ভয় খালোঁহেঁতেন এতিয়া নেদেখি বহুত বেছি ভয় খাইছোঁ। কোনোবা অশৰীৰী আত্মাই বিচৰণ কৰিছে নিশ্চয়! অশৰীৰী আত্মাৰ কথা মনলৈ অহাৰ লগে লগেই বুকুৰ ভিতৰত ধপ্ ধপ্ কৰি দবাহে যেন বাজিছে! মনে মনে বিছনাৰ পৰা নামি, কোঠাৰ লাইট কেইটা জ্বলাই দি দুৱাৰখনৰ খিলিটো ভালদৰে লাগি আছেনে নাই চাই ললোঁ। তাৰ পাছত কোঠাটোত দা-কুঠাৰ কিবা পাওঁ নেকি বিচাৰিলোঁ। মই জানো কোঠাৰ ভিতৰত এইবোৰ একো নাপাওঁ। বেজি এটাও নাই। গোটেই গাটো জ্বৰ ঘমাদি ঘামিছে।
“ঐ কোন আহিছ? বাপেৰক চিনি পোৱা নাই!” বুলি চিঞৰিম বুলি ভাবিও চিঞৰিব নোৱাৰিলোঁ। মনে মনে ক’লোঁ ৰাতিপুৱা চাই লম তোক! মোক চিনি পোৱা নাই! এই বুলি কৈ কাণে-মূৰে বিছনা চাদৰখনেৰে ঢাকি চকু দুটা মেলি পৰি থাকিলোঁ।
পুৱা ৪ বজাতে পোহৰ হ’ল। ভাড়া ঘৰৰ ল’ৰা দুটা ওলাই গ’ল। কেমেৰাটোৱে মেচেজ দিলে, “ৰ্পাচন ডিটেক্টটেড” জাঁপ মাৰি বিছনাৰপৰা পোনে পোনে ষ্টৰ্ ৰূম পালোঁ। দা-কুঠাৰ, জাঠি- জোং একো নাই। মামৰে ধৰা ঘাহ কটা দীঘল দাখন লৈ, ষ্টেয়াৰকেছ পালোঁগৈ। মবাইলটো জেপত লৈ “ছনি” চেনেলৰ চি আই ডিৰ নিচিনাকৈ তন্ন তন্ন কৈ পৰীক্ষা কৰিবলৈ লাগিলোঁ। মেচেজ আহিল “ৰ্পাচন ডিটেক্টটেড” বুজিলোঁ এইবাৰ মোক দেখিছে। বাকী একো নাই ক’তো। তেনেহ’লে গোটেই ৰাতি কেমেৰাটোৱে কি দেখি মেচেজ দি আছিল? ! লাহে লাহে কেমেৰাটোৰ ওচৰলৈ গৈ ঘাহ কটা দীঘল দাখন দুই হাতে দাঙি লৈ ভীমে গদা ঘুৰোৱাদি বতাহতে ঘূৰাই দিলোঁ দুপাকমান। খিটিং খিটিং কৰি “ম’চন্ ডিটেক্টটেড, “ৰ্পাচন ডিটেক্টটেড” বুলি একেৰাহে তিনি চাৰিবাৰকৈ মেচেজ আহিবলৈ লাগিল। কেমেৰাৰ একেবাৰে ওচৰলৈ গৈ জুমি চাই দেখি, মোৰ নিজৰ ওপৰতে খং উঠিল আৰু হাঁহিও উঠিল। যোৱা ৰাতি যিটো ভয় খাই মোৰ মৰ ঘাম ওলাই গৈছিল, সেই “কাল-প্ৰিট”টো দেখি এতিয়া বৰ লাজ লাগিল মোৰ।
কেমেৰাটোৰ কাষতে মকৰা এটাৰ জাল এখন আছে। জালখনৰ কেন্দ্ৰটো কেমেৰাৰ লেন্সখনৰ কাষত। যোৱা ৰাতি মকৰাটোৱে জালখন বনাবলৈ কেমেৰাৰ লেন্সৰ আগেদি কেইবাবাৰো অহা-যোৱা কৰিছিল আৰু প্ৰতিবাৰে কেমেৰাটোৱে মোলৈ মেচেজ পঠিয়াই মোৰ অৱস্থা কাহিল কৰি দিছিল। ধেৎ তেৰি। কি যে হ’ব মোৰ।