ভাৰতৰ অৰ্থনৈতিক বিজয়: জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি

লেখক- ভাস্কৰ জ্যোতি গগৈ

সম্প্ৰতি ভাৰতৰ GDP (Gross Domestic Product) বিশ্বৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ খবৰে সমগ্ৰ দেশজুৰি আশাৰ এক নতুন আশাৰ সঞ্চাৰ কৰিছে। যদিও কিছুমান মহলে এই সংখ্যাটোক সহজভাৱে লৈ per capita incomeৰ দোহাই দিয়ে, তথাপি GDPৰ এই গৌৰৱজনক বৃদ্ধি সফলতাৰ এক সুস্পষ্ট চিহ্ন। উন্নয়নক মাত্ৰ ব্যক্তি প্ৰতি আয়ৰ দৃষ্টিৰে মূল্যায়ন কৰাটো একপাক্ষিক দৃষ্টিভংগী। 

# GDPৰ বৃদ্ধি: এটা জাতীয় শক্তিৰ প্ৰতীক#

GDPৰ বৃদ্ধি মানে—দেশৰ উৎপাদনশীলতা, উদ্যোগ-ব্যৱসায়, পৰিকাঠামো আৰু কৰ সংগ্ৰহত বিস্তৰ উন্নতি। ই মাথোঁ এক সংখ্যা নহয়; ই হৈছে দেশৰ অৰ্থনৈতিক ভিত্তিৰ প্ৰতিফলন। GDPৰ বৃদ্ধিৰ ফলস্বৰূপেই নতুন চাকৰি সৃষ্টি হয়, বিদেশী বিনিয়োগ আহে আৰু সামাজিক-অৰ্থনৈতিক খণ্ডবোৰত গতি আহে। 

#Per Capita Incomeৰ লগত GDPৰ সম্পৰ্ক#

সঁচা, per capita income এক গুৰুত্বপূৰ্ণ সূচক। কিন্তু এই সূচকটো GDPৰ ওপৰতে নিৰ্ভৰ কৰে। GDP নাথাকিলে, per capita income বৃদ্ধি হ’বই নোৱাৰে। GDP হ’ল সেই মূল আধাৰ যাৰ ওপৰত সামাজিক উন্নয়নৰ গৃহ নিৰ্মাণ কৰা হয়। GDP বৃদ্ধি হৈছে পুথিভঁৰালত ধন সংযোজনৰ দৰে—এবাৰ ধন জমা হ’লেই তাতৰ পৰা ভাগ-বতৰা কৰিব পাৰি। সেয়ে মুঠ ধনৰ বৃদ্ধি (GDP) হ’ব লাগিব, তেতিয়াহে ব্যক্তিগত আয় বা per capita income বৃদ্ধিৰ পথ মুকলি হয়। 

# জনসংখ্যা: সমস্যা নহয়, সম্ভাৱনাৰহে #

ভাৰতৰ জনসংখ্যা বিশাল—এয়া কিছুমানৰ মতে per capita income কম হোৱাৰ কাৰণ। কিন্তু বাস্তৱতে এই জনসংখ্যাই ভাৰতক এটা বৃহৎ বজাৰ, বৃহৎ কৰদাতা শ্ৰেণী আৰু বৃহৎ কৰ্মক্ষম জনশক্তিৰ দেশ হিচাপে গঢ়ি তুলিছে। Skill India, Make in India, Start-up India আদিৰ সংযোজনে এই জনসংখ্যাক উৎপাদনক্ষম শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সহায় কৰিছে। 

# বিশ্বৰ মঞ্চত ভাৰতৰ স্থান #

GDPত শীৰ্ষ স্থানত উঠাৰ অৰ্থ হৈছে— ভাৰত এতিয়া বিশ্ব অৰ্থনীতিৰ নেতৃত্বত থাকিবলৈ সক্ষম। বিশ্বৰ আন দেশৰ লগত সমান ওজনেৰে আলোচনাত বহাৰ ক্ষমতা, বাণিজ্যিক আকৰ্ষণ বৃদ্ধি আৰু বিশ্ব বিনিয়োগকাৰীৰ বিশ্বাস—এইবোৰ সকলোতে GDPৰ ভূমিকা অনস্বীকাৰ্য। 

# উন্নয়নৰ ধাৰা: ধাপে ধাপে আগবাঢ়ে দেশ#

  উন্নয়ন হঠাতে নহয়; ই ধাপে ধাপে হয়। আজিৰ এই GDP বৃদ্ধি ভবিষ্যত প্ৰজন্মৰ বাবে শক্তিশালী ভিত্তি গঢ়ি দিছে। স্বাস্থ্য, শিক্ষা, পৰিকাঠামো, কৃষি আৰু ডিজিটেল ইকনমীত যি লগতিয়াল উন্নয়ন ঘটিছে, তাৰ ফল অচিৰেই সাধাৰণ ৰাইজে লাভ কৰিব৷ 

# উপসংহাৰ: আশাবাদী হওঁ আহক#

  GDPৰ চতুৰ্থ স্থানত উপনীত হ’ব পৰা ভাৰতৰ সক্ষমতা জাতিৰ বাবে এক গৌৰৱ। এই উন্নয়নক per capita incomeৰ তুলনাৰে সহজভাৱে নল’ব। GDP হৈছে সম্ভাৱনাৰ দুৱাৰ— যাৰ জৰিয়তে per capita income, সামাজিক উন্নয়ন আৰু জনগণৰ জীৱনৰ মান উন্নত হ’ব। এই দেশ আৰু বহুদূৰ আগুৱাই যাবলৈ আছে আৰু আগুৱাই গৈ থাকিব ক্ৰমশঃ। প্ৰথম দুই ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’বলৈ ভাৰতবৰ্ষক লাগিল প্ৰায় ৬০- ৭০ বছৰ। দ্বিতীয় দুই ত্ৰিলিয়ন সংযোগ কৰিবলৈ লাগিল প্ৰায় ১১ বছৰ। সকলো যদি ঠিকেই থাকে আৰু দুই ত্ৰিলিয়ন যোগ কৰিবলৈ লাগিব প্ৰায় ছয় বছৰ। 

সেয়ে, দেশৰ এই অৰ্থনৈতিক গতিৰে গৰ্বিত হওঁ আহক—এয়া মাথোঁ আৰম্ভণি।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!