“Motherhood is more than a fertile uterus.” 

মাতৃ ৰূপেন সংস্থিতা

লেখক- জিতেন কলিতা

                                 

১: মণিমাসি

মণিমাসি (মাহী)ৰ সৈতে মোৰ প্ৰথম পৰিচয় ঘটিছিল মোক পুত্ৰবৎ স্নেহ কৰা, আমাৰ প্ৰতিবেশী মীনাখুৰীহঁতৰ ঘৰত, নব্বৈৰ দশকৰ দ্বিতীয় ভাগত। অধুনালুপ্ত বজালী কলেজত মই শিক্ষকতা কৰি থকা সময়ত এবাৰ খুৰীৰ কলিকতীয়া বান্ধৱী চাৰিগৰাকী অসম ভ্ৰমণলৈ আহি তেওঁলোকৰ ঘৰতে থিতাপি লৈছিলহি। সেইসময়তে এদিন সন্ধিয়া তেওঁলোকৰ ঘৰলৈ যাওঁতে খুৰীয়ে মাতৃবয়সৰ বান্ধৱীকেইগৰাকীৰ সৈতে মোক চিনাকি কৰাই দিছিল। তেওঁলোকৰ মাজৰেই মণিমাসিয়ে মোৰ সতে এনেভাৱে কথা পাতিবলৈ আৰম্ভ কৰিছিল যেন তেখেতৰ সৈতে মোৰ বহুদিনৰ চিনাকি। কথাৰ মাজতে কুন্দত কটা মুখাৱয়বৰ চুটি-চাপৰ মানুহগৰাকীয়ে এবাৰ “তোমাক কিবা মোৰ নিজৰ ল’ৰা যেনেই লাগিছে” বুলি কোৱাত মই বৰ অপ্ৰস্তুতবোধ কৰিছিলোঁ যদিও তেখেতৰ আত্মীয়তাত মুগ্ধ হৈছিলোঁ। তেওঁলোকৰ পৰা বিদায় লোৱাৰ পৰত তেখেতে কেতিয়াবা কলিকতালৈ আহিলে তেওঁলোকৰ ঘৰলৈ নহাকৈ নাথাকিবলৈ মোক দঢ়াই দঢ়াই সকীয়াই দিছিল। পাছলৈ মীনাখুৰীৰ পৰা জানিব পাৰিছিলোঁ যে একমাত্ৰ গাৰ ৰংটো ক’লা হোৱা বাবেই ওৰেটো জীৱন তেওঁ আবিয়ৈ হৈ থাকিবলগীয়া হ’ল। কলিকতাত তিনি ভায়েকৰ সৈতে একেটা বিল্ডিঙতে তেওঁ অকলশৰে পৃথকভাৱে বাস কৰে। 

মণিমাসিৰ ঘৰলৈ আগমনৰ সুযোগ আহিল ১৯৯৮ চনৰ মাৰ্চ-এপ্ৰিল মাহত পশ্চিম বংগৰ বৰ্দ্ধমান বিশ্ববিদ্যালয়ত এমহীয়া বাধ্যতামূলক orientation course এটি কৰি থকা সময়ত। মোৰ সতে একেলগে আহিছিল সহকৰ্মী সজল দাস। ক’ৰ্ছ চলি থকা সময়তে বন্ধৰ দিন এটাত দিনতীয়াকৈ কলিকতা ভ্ৰমণৰ উদ্দেশ্যে অসমৰ ভিন ভিন স্থানৰ পৰা অহা ছজনীয়া সদস্যৰ দল এটাই কলিকতালৈ ফুৰিবলৈ যোৱাৰ আঁচনি কৰিছিলোঁ। মীনাখুৰীৰ পৰা ফোন নম্বৰটো সংগ্ৰহ কৰি পি চি অ’ৰ পৰা মণিমাসিলৈ খবৰটো জনোৱাত তেখেতে মই আৰু দাস, দুয়োকে দুপৰীয়াৰ ভাতসাঁজ তেওঁৰ ঘৰতে গ্ৰহণ কৰিবলৈ সাগ্ৰহেৰে আমন্ত্ৰণ জনালে। 

সেইদিনা আছিল ১৯৯৮ চনৰ ১৫ এপ্ৰিল, বুধবাৰ। ব’হাগৰ প্ৰথম দিন। পয়লা বৈশাখ বাবে অসমৰ দৰে পশ্চিম বঙ্গতো চৰকাৰী বন্ধৰ দিন। কলিকতালৈ যোৱাৰ আমাৰ মূল উদ্দেশ্য আছিল Science City দৰ্শন কৰা, যি আমাৰ বাবে আছিল এক ব্যতিক্ৰমী অভিজ্ঞতা। বিমুগ্ধচিত্তে অন্তৰ্ভাগৰ বিভিন্ন আকৰ্ষণসমূহ পৰিদৰ্শন কৰি থাকোঁতে ঘড়ীৰ কাটাই ইতিমধ্যে যে তিনিৰ ঘৰ অতিক্ৰম কৰিলে তৰ্কিবই নোৱাৰিলোঁ। সেই মুহূৰ্তত স্থানীয় পি চি অ’ৰ পৰা মণিমাসিলৈ ফোন কৰি আমাৰ কাৰ্য্যসূচী বাতিল কৰাৰ চিন্তা মনলৈ আহিছিল যদিও সাতে পাঁচে ভাবি দলৰ আনবোৰে গড়িয়াহাটলৈ বজাৰ কৰিবলৈ যোৱাৰ বিপৰীতে দাস আৰু মই মণিমাসিৰ ঘৰলৈ বুলি ৰাওনা হলোঁ। বাছ, মেট্ৰ’ আৰু কলিকতাৰ ভয়ানক যান-জঁট অতিক্ৰমি টালিগঞ্জস্থিত তেখেতৰ ঘৰটো বিচাৰি উলিয়াওতে আমাৰ এঘণ্টাৰো অধিক সময় লাগিল। 

সৰু বিল্ডিংটোৰ ঠেক, থিয় খটখটি বগাই আমি মণিমাসি বাস কৰা চতুৰ্থ মহলালৈ আগবাঢ়িলোঁ। এই মহলাটো উৰুঙা, আনকেইটাতকৈ পৃথক। চকুত পৰাকৈ চাপৰ, সৰু সৰু কোঠালি দুটা আৰু টিনপাতেৰে সজা চালখন দেখিয়েই অনুমান কৰিব পাৰি যে ই প্ৰথমতে মূল ঘৰটোৰ অংশ নাছিল। কলিং বেল বজোৱাৰ লগে লগে দুৱাৰ খুলি মণিমাসি ওলাই আহিল। গোসাঁনীৰ দৰে তেওঁৰ উজ্জ্বল চকুযুৰিত প্ৰথমবাৰত লগ পোৱাৰ দৰেই কাৰুণ্য আৰু স্নেহৰ মিশ্ৰিত অভিব্যক্তি। সেইবাৰৰ তুলনাত তেখেতক সামান্য ক্লান্ত যেন লাগিছিল। বোধকৰোঁ আমাৰ বাবে ৰৈ ৰৈ দুপৰীয়াৰ ভাত ঘুমটিৰ আমেজকণৰ পৰা তেখেত বঞ্চিত হৈছিল। আমাক উষ্ম সম্ভাষণ জনাই তেওঁ ক’লে, ”আহা, আহা। গোটেই দিনটো ঘূৰি পকি কিজানি তোমালোকৰ বৰ ভাগৰ আৰু ভোক লাগিছে, নহয়নে?” 

চোফাখনত বহি চাৰিওফালে চকু ফুৰাই দেখিলোঁ যে সাধাৰণ আচবাবেৰে আটোম-টোকাৰিকৈ সজোৱা কোঠালিটো আচলতে এটা ড্ৰয়িং কাম ডাইনিং ৰূম। ডাইনিং টেবুলখনত ঢাকনিৰে আৱৰা চেঁচা পৰি যোৱা বাচনবোৰত চকু পৰাত বুজিবলৈ বাকী নাথাকিল যে ৰন্ধন প্ৰকৰণ সম্পন্ন কৰি বহুপৰ তেখেতে সন্মুখত খাদ্যসম্ভাৰ লৈ আমাৰ বাবে অপেক্ষা কৰি আছিল। এক অপৰাধবোধে লগে লগে মনটোত জুমুৰি ধৰিলেহি। ক্ষমা প্ৰাৰ্থনা কৰিবলৈ লওঁতেই মোক বাধা দি তেখেতে ক’লে, 

”নাই, নাই, একো নহয়। আমাৰ কলিকতাখনত যে বন্ধৰ দিনতো যান-জঁটৰ পৰা নিস্তাৰ নাই। মই ভাতকেইটা পাতি দিছোঁ ৰ’বা।” 

এই বুলি একাষত থকা টেবুলখনৰ ওপৰৰ গেছ ষ্ট’ভটো জ্বলাই আগৰে পৰা সাজু কৰি ৰখা প্ৰেছাৰ কুকাৰটো তুলি দিলে। কুকাৰে হুছেইল বজোৱাৰ পাছতে তেওঁ আন চুলাটোও জ্বলাই দি ডাইনিং টেবুলত সজাই থোৱা ব্যঞ্জনবোৰ এটা এটাকৈ গৰম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ মাজতে তেখেতে মোৰ সহকৰ্মী দাসৰ পৰিচয় লোৱাৰ লগতে মীনাখুৰীহঁতৰো বা-বতৰা ল’বলৈ নাপাহৰিলে। 

আবেলি প্ৰায় চাৰে চাৰি বজাত ‘দুপৰীয়াৰ ভাত’সাঁজ বাঢ়ি মণিমাসিয়ে আমাক ডাইনিং টেবুললৈ আমন্ত্ৰণ জনালে। এটা এটাকৈ বাচনবোৰ অনাবৃত হোৱাৰ পাছত ভাপা ইলিছ, পাভ মাছ ভাজি, ৰৌ মাছৰ কালিয়া, মুৰীঘণ্ট, আলুপৌষ্ট, পঠাৰ মাংস, পায়সকে ধৰি নানা তৰহৰ ব্যঞ্জন দেখি ইতিমধ্যেই স্থিতি লোৱা পেটৰ কলকলনি দুগুণে বৃদ্ধি পাইছিল। কাষতে থিয় দি তেখেতে আমালৈ ইবিধ-সিবিধ আহাৰ্য আগবঢ়াই থাকিল যদিও নিজৰ বাবে ভাত সজাৰ নাম-গোন্ধেই নেদেখি মই ক’লোঁ, 

”আপুনি দেখোন ভাতৰ পাতত নবহিল!” 

”মোৰ খোৱানো কি? মই সামান্য দাইল ভাত সিদ্ধ খাম। পেংক্ৰিয়াছৰ অসুখটো ধৰা পৰাৰ পাছত একো খাবই নোৱাৰা হ’লোঁ।” 

অলপ পাছত তেখেতেও থাল এখনত সামান্য দাইল ভাত লৈ আমাৰ সতে বহিল। সকলোৰে খোৱা-বোৱা শেষ হ’লত মই মাছ-মাংসৰ কাইট আৰু হাড়বোৰৰ লগতে বাহি কাঁহি-বাটিবোৰো থুপুৰিয়াই দিলোঁ। বাচন আৰু হাত-মুখ ধোৱাৰ ব্যৱস্থা আছিল পিছদুৱাৰেদি বাহিৰ ওলাই মুকলি ছাদখনত থকা পানী টেংকিৰ কাষতে। 

”তোমাৰ শ্ৰীমতীক কাম-কাজত তুমি খুব সহায় কৰা নহয়নে?” 

মিচিকিয়াই হাঁহি মাৰি মই উত্তৰ দিলোঁ যে আচলতে কথাটো তেনেকুৱা নহয়। আগৰে পৰা আমাৰ তেনেধৰণৰ কামবোৰ কৰাৰ অভ্যাস আছে। ইতিমধ্যে বৰ্দ্ধমানলৈ ওভতনি যাত্ৰাৰ সময় আহি পৰিলত এক অদ্ভুত আবেগে মনটো ভৰাই তুলিলে। অশ্ৰুসিক্ত নয়নেৰে মণিমাসিয়ে আমাক বিদায় দিলে। ঠেক গলিটোৰে খোজ আগবঢ়াই মূল পথত ভৰি দিওঁ মানে বেলি লহিওৱাৰ উপক্ৰম ঘটিছে। ইমান আদৰ-আগ্ৰহ নেওচি একাকী জীৱনত অভ্যস্ত তিনিকুৰি গৰকা মানুহগৰাকীৰ তালৈ নোযোৱাৰ সিদ্ধান্ত যে প্ৰায় লৈয়েই পেলাইছিলোঁ, তাকে ভাবি বুকুখন চিৰিংকৈ উঠিল। 

                                   ২: মা সুযশা 

৮ অক্টোবৰ ২০২৫, বৃহস্পতিবাৰ, সময় সন্ধিয়া ৪:০০-৬:০০ বজা, স্থান: গেলেৰী SFG2। দুটা অতিৰিক্ত ক্লাছ লোৱাৰ পাছত অফিচ ৰূমলৈ উভতি অলসভাৱে চকীখনত বহি ভৰি দুখন সন্মুখলৈ প্ৰসাৰিত কৰি দিলোঁ। শাহুআইৰ কথা মনলৈ অহাত চকু দুটা আকৌ এবাৰ সেমেকি উঠিল। অলপ আগতে শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডত লিখি থকা সময়তো দুবাৰমান তেখেতৰ স্মৃতিয়ে সাময়িকভাৱে মন:সংযোগ বিচ্ছিন্ন কৰিছিল। পূৰ্বৰ সমস্ত অভিজ্ঞতা একত্ৰ কৰি কথমপিহে ছাত্ৰ-ছাত্ৰীসকলে ভু নোপোৱাকৈ নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিলোঁ। যোৱা দুমাহ ধৰি তেখেতৰ জীৱনটো হাস্পতালৰ কেবিন, আই চি ইউ আৰু নিজা বাসগৃহই গঠন কৰা ত্ৰিভুজটোতে সীমাবদ্ধ হৈ আছে। শ্ৰীমতী আৰু মই ব্যক্তিগত আৰু বৃত্তিগত, দুয়ো জীৱনতে সমতা বজাই ৰাখি তেখেতৰ এই পৰিক্ৰমাত সংগদান কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ছিমেষ্টাৰ তুংগত থকা অৱস্থাত ক্লাছ খতি হোৱাৰ আসন্ন সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ পাঠ্যক্ৰম আগুৱাই নিয়াৰ পৰিকল্পনা আছিল ইয়াৰেই এক অংগ। সেয়েহে যোৱা সোমবাৰেই classroom booking portalলৈ গৈ এই ক্লাছদুটাৰ বাবে SFG2 শ্ৰেণীকোঠাটো দুঘণ্টাৰ কাৰণে বুক কৰি থৈছিলোঁ। 

জন্মদাত্ৰী মা (মাই) ইহসংসাৰ এৰি যোৱা প্ৰায় দুটা দশক পাৰ হৈ গ’ল। তেখেতৰ অবৰ্তমানত কাৰোবাক “মা” বুলি সম্বোধন কৰাৰ অধিকাৰ পাইছিলোঁ একমাত্ৰ মোৰ শাহুআইৰ পৰা। মনে প্ৰাণে সকলোৰে মঙ্গল কামনা কৰা অতি সহজ-সৰল মানুহগৰাকীয়ে মোক মাতৃস্নেহেৰে এনেভাৱে আৱৰি পেলালে যে মাতৃৰ মৃত্যুৰ পাছত ক্ৰমান্বয়ে তেখেতৰ মাজতে মোৰ ‘মা’ গৰাকীক আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ প্ৰতি তেখেতৰ স্নেহৰ মাত্ৰা ইমানেই তীব্ৰ আছিল যে মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ দৰে কেতিয়াবা মোৰ কোনো অদূৰদৰ্শী সিদ্ধান্তক সমৰ্থন কৰিবলৈ গৈ তেখেতে শ্ৰীমতীৰ ওপৰতো ‘ভিটো’ (veto) প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আমাৰ body language দেখিয়ে হয়তো হাস্পতালৰ ইমাৰ্জেঞ্চি ৰূমত ভৰ্তি কৰাৰ সময়ত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈয়ে ডাক্তৰ-নাৰ্ছসকলে প্ৰপত্ৰখনত “ৰোগীৰ সৈতে এটেণ্ডেণ্টৰ সম্পৰ্ক” ৰ সুনিৰ্দিষ্ট স্থানডোখৰ “মাতৃ” বুলিয়েই পূৰণ কৰিছিল।

অক্টোবৰ মাহটোৰ প্ৰথম তিনি সপ্তাহ ঘৰতে শয্যাগত অৱস্থাত চিকিৎসাধীন হৈ শেষ সপ্তাহত তেখেত আকৌ আই চি ইউত ভৰ্তি হ’বলগীয়া হয়। বন্ধুবৰ ৰাজীৱ শৰ্মাই এক নৱেম্বৰত তেওঁৰ পিতৃ-মাতৃৰ স্মৃতিত স্মাৰক বক্তৃতা প্ৰদানৰ বাবে মোক তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আমন্ত্ৰণ জনাইছিল। তালৈ ৰাওনা হোৱাৰ সময়তে আবতৰীয়া বৰষুণ এজাকে এক শীতকালসদৃশ আমেজৰ সৃষ্টি কৰিছিল। সেই মুহূৰ্তত তেখেতলৈ আৰু বেছিকৈ মনত পৰি মই আৱেগিক হৈ পৰিছিলোঁ। কিয়নো অলপ ঠাণ্ডা পৰিলেই বা শীতকালত মই ক’ৰবালৈ যাবলগীয়া হ’লেই মৰমী শাহুআয়ে আমাৰ এওঁক সতৰ্কবাণী শুনাইছিল, “জিতেনে গৰম কাপোৰ লগত লৈ গৈছেনে? তাক ঠাণ্ডা লগাব নিদিবি দেই। অলপ ঠাণ্ডা লাগিলেই তাৰ স্বৰ্দি কাহ হয়।” তাৰ দুদিনমান আগতে তেখেত সংজ্ঞাহীন হৈ ক’মা অৱস্থা পাইছিল। সেয়েহে তেখেতৰ মুখেৰে পুনৰ সেই বাক্যকেইশাৰী শুনিবলৈ মই ব্যাকুল হৈ পৰিছিলোঁ আৰু তাৰ অসম্ভাব্যতাই মোক চৰমভাৱে ব্যথিত কৰি তুলিছিল।

বোধকৰোঁ তেখেতে মোৰ প্ৰাৰ্থনা শুনিছিল। প্ৰায় এসপ্তাহ সাৰ-সুৰ নোহোৱাকৈ হাস্পতালৰ বিছনাত পৰি থকা মানুহগৰাকীয়ে ৪ নৱেম্বৰৰ দিনা সঁহাৰি দিয়াৰ খৱৰ হাস্পতাল কৰ্তৃপক্ষই আমালৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰিছিল। ভিজিটিং আৱাৰ্ছত আই চি ইউ কেবিনত উপস্থিত হোৱাৰ লগে লগে তেখেতে শেঁতা হাঁহিৰে আমাক সম্ভাষণ জনাইছিল। তেখেতৰ মুখৰ পৰা নিঃসৃত প্ৰথম বাক্যশাৰীয়ে আছিল, “তুমি গৰম কাপোৰ পিন্ধিছা নে নাই? এ চি চলা বাবে ৰূমটো বৰ ঠাণ্ডা হৈ আছে।” মোৰ চশমাৰ তলেৰে দুচকুৰ কোণত জমা হোৱা চকুলো তেখেতৰ পৰা  লুকুৱাবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিও মই বিফল হৈছিলোঁ।

                             ৩: নিৰুপমা বাইদেউ 

২৮ অক্টোবৰ ২০২৫, সময় নিশা ৮ বাজি ৪৬ মিনিট। আমি দুয়ো নিশাৰ আহাৰ গ্ৰহণ কৰি উঠি বাচন-বৰ্তনবোৰ সামৰি সূতৰি থৈছোঁহে মাথোন। এনেতে মোৰ ম’বাইল স্ক্ৰীণত এটা অচিনাকি নম্বৰৰ ভূমুকি। 

”হেল্ল’।” 

”এইটো জিতেন কলিতাৰ নম্বৰ হয়নে? মই নিৰুপমা বৰগোহাঞি বাইদেৱে কৈছোঁ।” 

মোৰ শৰীৰেৰে এক মৃদু শিহৰণ পাৰ হৈ গ’ল আৰু মই মানুহজন সঁচাকৈয়ে অলপ অলপ কঁপিবলৈ আৰম্ভ কৰিলোঁ। কেইদিনমান আগতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ একেখন বিশ্ববিদ্যালয়ৰেই ইংৰাজী বিভাগৰ অধ্যাপক, তেখেতৰ সুযোগ্য পুত্ৰ ড° প্ৰদীপ্ত বৰগোহাঞিক মোৰ প্ৰথম গ্ৰন্থ “মাৰ্টিনাক ৰেকেটখন দিয়া নহ’ল”খন তেখেতৰ মাতৃক উপহাৰ দিবলৈ অনুৰোধ কৰি দি আহিছিলোঁ। ড° বৰগোহাঞিৰ সৈতে মোৰ পূৰ্বৰ কোনো চিনাকি নাছিল যদিও বুকুত সাহস বান্ধি তেখেতৰ নম্বৰটো গোটাই সাক্ষাৎকাৰৰ অনুমতি লৈ তেখেতৰ অফিচত উপস্থিত হৈছিলোঁগৈ। প্ৰায় বাকৰুদ্ধ অৱস্থাত সেপ টুকি মই উত্তৰ দিলোঁ, 

”হয় বাইদেউ।” 

বাইদেৱে তেখেতৰ স্পষ্ট কণ্ঠেৰে এনে ঘৰুৱাভাৱে কথা- বতৰা পাতিবলৈ আৰম্ভ কৰিলে যে মোৰ ভয়, সংকোচ, কঁপনি ক’ৰবাত লুকাল। 

”তুমিতো তোমাৰ কিতাপখনত তোমাৰ ফোন নম্বৰ দিয়া নাছিলা। মই নিয়মীয়া বাৰ্তাত তোমাৰ লেখাটোৰ (তাৰ দুদিন আগতে কাকতখনত মোৰ এটা লেখা ওলাইছিল) পৰাহে ফোন নম্বৰটো লৈ মোৰ পৰিচাৰিকা গৰাকীৰ ফোনৰ পৰা ফোন কৰিছোঁ। মই আজিকালি ফোন ব্যৱহাৰ কৰিবলৈ এৰিলোঁ। প্ৰিয় বন্ধু দুগৰাকীৰ মৃত্যুৰ পাছত ফোন কৰিবলৈ মানুহ নোহোৱা হ’ল।” 

তাৰ পাছত আমি বহু কথা পাতিলোঁ। ফোনৰ ৰেকৰ্ড পৰীক্ষা কৰি চাই দেখিলোঁ যে আমি ১৯ মিনিট ৫১ চেকেণ্ড সময় জুৰি কথা পাতিছিলোঁ। গ্ৰন্থখন মাতৃৰ নামত উৎসৰ্গা কৰা বাবে সন্তোষ প্ৰকাশ কৰি তেখেতে মোৰ বিশেষভাৱে শলাগ লৈছিল। বাৰ্তালাপৰ মাজতে তেখেতে মোৰ মা’ৰ নাম উল্লেখ কৰোঁতে মই কেৱল আচৰিত হোৱাই নহয়, গৌৰৱান্বিতও বোধ কৰিছিলোঁ। সেইখিনি সময়তে তেখেতৰ বাগ্মীতা আৰু প্ৰখৰ স্মৃতিশক্তিৰ সুস্পষ্ট উমান পাইছিলোঁ। এই ফোনকলটোৱে মোক যথেষ্ট উচ্ছ্বসিত কৰিছিল, কিয়নো যিকোনো সাহিত্যচৰ্চাকাৰীৰ বাবে এনে স্বীকৃতি এক জীৱনজোৰা সম্পদ। পাছে তাতকৈও এক ডাঙৰ আশ্চৰ্য্যই মোৰ বাবে অপেক্ষা কৰি আছিল। তাৰ প্ৰায় এমাহ পাছত ৩০ নৱেম্বৰ তাৰিখে নিয়মীয়া বাৰ্তা কাকতত তেখেতৰ “জীৱনৰ বাটে-হাটে” শিতানত মোৰ কিতাপখনৰ আঁত ধৰি এক লেখা প্ৰকাশ পাইছিল। ৯৫ বছৰ বয়সত তেখেতৰ দৰে প্ৰথিতযশা, অসমীয়া সাহিত্য জগতৰ মহীৰুহ, বৰেণ্য কথাশিল্পী গৰাকীয়ে (যথাৰ্থতে) নিজ হাতেৰে এই নিঃকিনৰ নামত দুকলম লিখাটো এতিয়ালৈকে মোৰ লেখক (?) জীৱনৰ সৰ্বোত্তম প্ৰাপ্তি। (তেখেতে মোৰ সৈতে হোৱা বাৰ্তালাপত এই বয়সতো হাত নকঁপাকৈ স্বাচ্ছন্দ্যৰে কলম চলাব পৰা সামৰ্থ্যৰ কথা উল্লেখ কৰিছিল।) 

উল্লিখিত গ্ৰন্থ-সমালোচনাটিত তেখেতে মোক অসমৰ লব্ধপ্ৰতিষ্ঠ লেখকসকলৰ মাজত স্থান লাভ কৰিবলৈ দিয়া আশীৰ্বাদত নিহিত হৈ থকা নিভাঁজ মাতৃসুলভতা মই ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰিছিলোঁ। একেডাল সূতাৰে গঁথা মণিমাসি আৰু শাহুআইৰ মৰম-চেনেহতো তাৰেই বহিৰ্প্ৰকাশ ঘটিছিল। বোধকৰোঁ তেওঁলোক তিনিওৰে মোৰ প্ৰতি থকা মনোভাৱ সাম্প্ৰতিক কালৰ এক বহুলভাৱে ব্যৱহৃত “মাতৃত্ব এক উৰ্বৰ জৰায়ুৰ বহু উৰ্দ্ধত” খণ্ডবাক্যটিৰেই এক আংশিক উদাহৰণ আছিল। মাজে মাজে এই অভাজনৰ প্ৰতি শ্ৰীমতীৰ সহনশীলতা, যত্ন আৰু সময়োচিত সকীয়নিবোৰ দেখিলে তেওঁকো ‘মা’ৰ দ্বিতীয় ৰূপ যেন লাগিবলৈ আৰম্ভ কৰে। কিয় জানো সেই সময়বিলাকত স্বামী বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসই তেখেতৰ পত্নীক মাতৃৰ আসনত উপৱিষ্ট কৰাৰ কথা মনত পৰে। তেখেতে জন্মদাত্ৰী মাতৃ, মা কালী আৰু পত্নী সাৰদাময়ীৰ মাজত কোনো পাৰ্থক্য দেখা নোপোৱাৰ আঁৰতো বোধকৰোঁ তেনে ধৰণৰ অনুভূতিয়েই মূল চালিকা শক্তি আছিল। মণিমাসিৰ গোসাঁনীৰ দৰে চকুযুৰিৰ আকুলতাও দেৱী মা’ৰ মাতৃসত্তাৰেই প্ৰতিফলন নাছিল জানো? 

উপসংহাৰ: আজি শাহু আই আৰু মণিমাসি আমাৰ মাজত নাই। মোক মাতৃস্নেহেৰে আৱৰি থকা আইসকলেও এজন এজনকৈ এই ধৰাৰ পৰা মেলানি মাগিবলৈ আৰম্ভ কৰিছে। ভগৱানৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে শতায়ু গৰকি আমালৈ অবিৰতভাৱে আশীৰ্বাদৰ বন্যা বোৱাবলৈ নিৰুপমা বৰগোহাঞি বাইদেউৰ সুস্বাস্থ্য অব্যাহত ৰাখে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments