Mechanical Elephant বা যান্ত্ৰিক হস্তী

লেখক- পার্থপ্ৰতিম বৰা

গুৰু-গম্ভীৰ চলন-ফুৰণ, এডাল দীঘল শুৰ, প্ৰকাণ্ড দাঁত (মখনাবোৰৰ), ডলাৰ দৰে কাণ, আৰু সোতোৰা পৰা ছালেৰে এক বিশালাকায় প্ৰাণী। সততে নিমাখিত এই প্ৰাণীবিধৰ গাম্ভীৰ্যই মানৱক যুগে যুগে মোহাচন্ন কৰি আহিছে। ইয়াৰ ভৌগোলিক অৱস্থিতি দক্ষিণ-পূব এছিয়া মহাদেশৰ কিছু দেশৰে পৰা আৰম্ভ কৰি ভাৰত তথা আফ্ৰিকা মহাদেশৰ ভালেকেইখন দেশলৈকে বিস্তৃত। ভাৰত বুলিলে বিশেষকৈ দক্ষিণৰ কেইখনমান ৰাজ্য ও অসমত প্ৰাণীবিধৰ অৱস্থিতি খুবেই বিৰাজমান। বিশালাকায় জীৱবিধ শতিকাজুৰি বিভিন্ন কাৰণত মানৱৰ সংগী তথা উপযোগী ৰূপে বিবেচিত হৈ আহিছে। 

 

ঐতিহাসিকভাৱে, চাবলৈ গ’লে ৰজা-মহাৰজা, মোগল সম্ৰাটকে আৰম্ভ কৰি, পাছলৈ জমিদাৰ-গাঁওবুঢ়াসকলৰ দৰে ধনীক শ্ৰেণীয়ে মৰ্যাদাৰ প্ৰতীক হিচাপেই জীৱবিধৰ ঠিকেই লালন-পালন কৰিছিল। সেই তাহানিত মুখ্যতঃ যাতায়াত, যুদ্ধ-বিগ্ৰহৰ সংগীৰ লগতে সাধাৰণ নৰমনিচে বলে নোৱাৰা কাম-বনত হাতীৰ সমানে ফেৰ মাৰিব পৰা নাছিলেই বুলিলেও বহলাই কোৱা নহ’ব। এনেহেন প্ৰাণী এটাৰ পিঠিত উঠি ফুৰিবলৈ পোৱাটোও কম গৌৰৱৰ কথা নাছিলে। আনহে নালাগে ইয়াৰ ঠেঙৰ তলেৰে সৰকিবলৈ পোৱাটোও সৌভাগ্য বুলিহে গণ্য কৰা হৈছিল। অৱশ্যে, পৰিৱৰ্তনে সমাজলৈ যন্ত্ৰপাতিৰ প্ৰয়োভৰ নমাই আনিলে। যন্ত্ৰৰ সহায়ত মানৱে প্ৰায় সকলোখিনিয়েই কৰিব পৰা হ’ল। হয়তো এনেবোৰ কাৰণতেই বা আন কাৰণতেই হাতীৰ প্ৰয়োজন তথা ব্যৱহাৰ হ্ৰাস হৈ আহিল। তদুপৰি, এনেহেন জীৱ এটাক খোৱাই-বোৱাই ৰখাটোও সকলোৰে বাবে সহজ হৈ নাথাকিল। সেয়া কিছু ইতিহাস! 

 

এই পৱিত্ৰ প্ৰাণীবিধক পৌৰাণিক হিন্দু কাহিনীত ভগৱানৰ প্ৰতিনিধিত্ব আৰু জ্ঞান তথা সমৃদ্ধিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ উপৰিও, বৌদ্ধ ধৰ্মতো এই প্ৰণীবিধৰ প্ৰতি অগাধ সন্মান প্ৰদৰ্শন কৰা হয়। এক বৌদ্ধ কিংবদন্তী অনুসৰি, বুদ্ধদেৱৰ মাতৃয়ে গৰ্ভধাৰণৰ সময়ত বগা হাতীক সপোনত দেখিছিল। হিন্দু ধৰ্মৰ বহুতো পৌৰাণিক কাহিনীত হাতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাকাব্য মহাভাৰতত ইয়াৰ সৰস বৰ্ণনা সৰ্বজন বিদিত! ফলস্বৰূপে, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বহুতো মঠ-মন্দিৰ হস্তীৰ ভাস্কৰ্যৰে সজ্জিত। হিন্দু আৰু বৌদ্ধ উভয় পৰম্পৰাত বিশ্বাস কৰা একাংশলোকৰ অনুসৰি হাতীয়ে সৌভাগ্য কঢ়িয়াই আনে! এনেবোৰ বিশ্বাসতে মঠ-মন্দিৰবোৰত জীৱিত হাতী ৰখা হয় বুলি ভাৱিবৰ থল আছে। পিছে কেতিয়াৰে পৰা এনেদৰে মঠ-মন্দিৰত হাতী ৰক্ষাৰ পৰম্পৰা আৰম্ভ হ’ল ইয়াৰ সঠিক বিৱৰণ পোৱা নাযায়। দক্ষিণাত্যৰ কিছুমান মন্দিৰত, হাতীয়ে পূজা-পাতল বা ধৰ্মীয় সমদলত বিশেষ গুৰুত্ব বহন কৰে। সেয়েহে, বিশেষকৈ দক্ষিণ ভাৰতৰ, মন্দিৰবোৰত তেওঁলোকৰ নিজাকৈ হাতী আছে, যিবোৰ হয় ক্ৰয় কৰা হয় বা উপহাৰ হিচাপে পোৱা। 

 

অৱশ্যে, এই মন্দিৰৰ হস্তীকুলৰ জীৱন ধাৰণৰ মানক যদিহে চোৱা যায় ই সঁচায়ে এক উদ্বেগজনক বিষয়। ৱিকিপিডিয়াৰ তথ্য অনুসৰি, মন্দিৰৰ এনে হাতীবোৰ প্ৰশিক্ষণৰ সময়তে হওক বা আন কাৰণতেই বহুবাৰ উৎপীড়নৰ সম্নুখীন হয়। উদাহৰণ স্বৰূপে, আপোনাৰ হয়তো মনত পৰিব পাৰে— জয়মালা নামৰ অসমৰে এটা হাতীক তামিলনাডুৰ এটা মন্দিৰত কৰা অত্যাচাৰৰ বিষয়ে! যিটো বিষয়ক পেটা ইণ্ডিয়াৰ প্ৰতিবেদনে উদঙাই দিছিল। আনহে নালাগে বিভিন্ন কাৰণত এনে মন্দিৰৰ হাতীয়েও প্ৰায়ে হিংস্ৰ ৰূপ ধাৰণ কৰি বাটৰুৱাক মহতিয়াই নিয়া বা মাউত পৰ্যন্তলৈ আঘাত কৰোৱা বাতৰিও নতুন নহয়। 

 

এইবোৰৰ মাজতে আশাব্যঞ্জক বাতৰিটো হ’ল পৰম্পৰা আৰু উদ্ভাৱনৰ মিশ্ৰণৰ ফচল, এক যান্ত্ৰিক-হাতী! বা মেকানিকেল এলিফেণ্ট। দেখাত সাইলাখ হাতীৰ দৰেই যান্ত্ৰিক হাতীটোৰ জঁকাটো নিৰ্মিত লোৰে, ইয়াৰ ওপৰত ৰবৰ, সাগৰফেনা ও কাপোৰৰ প্ৰলেপৰে গোটেই শৰীৰটো সম্পূৰ্ণ কৰা হৈছে। উচ্চতা প্ৰায় দহৰ পৰা এঘাৰ ফুট আৰু ওজন প্ৰায় ৮০০ কিলোগ্ৰাম। প্ৰাপ্ত বাতৰি অনুসৰি, তিনিৰ পৰা পাঁচজন লোকে কোনো ভয়-ভীতি অবিহনে এই আধুনিক আশ্চৰ্যৰ পিঠিত উঠিব পাৰিব। এই যান্ত্ৰিক হাতীটোৰ ধাৰণা আৰু ৰূপাঙ্কণ (concept & design) চাৰিজন প্ৰতিভাশালী ব্যক্তিয়ে বিকশিত কৰিছে: তেওঁলোক ক্ৰমে পি. প্ৰশান্ত, কে.এম. জিনেশ, এম.আৰ. ৰবীন, আৰু চেণ্টো জ’ছ। ইমানবোৰ ভাল লগাৰ মাজৰ সবাটোকৈ ভাল লগা বিষয়টো হৈছে দক্ষিণ ভাৰতৰ বহুতো মন্দিৰে এই পৰিৱৰ্তনক ইতিমধ্যে আঁকোৱালি হৈছে, যি জীৱ-জন্তুৰ প্ৰতি হৈ অহা উৎপীড়নৰ দিশত অলপ হলেও ইতিবাচক পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব। দক্ষিণ ভাৰতৰ এই পৰিৱৰ্তনৰ ভূমিকাত প্ৰখ্যাত ব্যক্তি (বোলছবিৰ নায়িকা) তথা পেটা ইণ্ডিয়াৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকৰ প্ৰচেষ্টাতে এনে ধৰণৰ যোগাত্মক পৰিৱৰ্তনে সমাজত স্থান পাইছে। 

 

পিছে… বাকীখিনি সময়েহে নিৰ্ধাৰণ কৰিব কেনেকৈ কাণ, চকু, নেজ আৰু দাঁত ইত্যাদি লৰচৰ কৰিব পৰা যন্ত্ৰৰ দ্বাৰা পৰিচালিত হস্তীয়ে (mechanical elephant) পৰম্পৰা ও প্ৰগতিৰ মাজত আশাৰ সেঁতু বন্ধাত সহায় কৰে! 

 

বিঃদ্ৰঃ– বহু উৎসৰ পম খেদি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!