ভেলাঘৰ

লেখক- বিচিত্ৰ কুমাৰ নাথ

”ঐ দীঘল নৰা ক’ত আছে?”
”বিহু কিন্তু পালেহি!”
”উৰুকাৰ দিনাখন মেজি বনায় কিন্তু শেষ কৰিব লাগিব।”
”ঐ তাৱৈ ককাহঁতৰ ঘৰত বাঁহ আছে, খুজিলে দিব কিন্তু! কালি গৈ আনিব লাগিব।”
”মুধৰ খুঁটা লগতে বাকী খুঁটাকেইটা কিন্তু ভীমকলৰ হলে বাঁহ কম লাগিব।”
”ঐ সোণাই পাৰৰ মাতিবোৰত বাও খেতি কৰে নহয়, তাৰ নৰাবোৰ কিন্তু দীঘল হয়।”
”আমাৰ কোৰখন ভাল নহয়, নালটো দীঘল। তহঁতৰ কোৰ খনকে আন যা, নালটো চুটি যে কাম কৰি আৰাম লাগে।”

কিমান উৎকণ্ঠাৰ পাছত যে এই ভেলাঘৰৰ সৃষ্টি হয়, আজি অনুভৱ হৈছে, কাৰণ আজি ভোগালী বিহু। এটি সময় আছিল, যেতিয়া আমাৰ মনবোৰ নিভাঁজ আছিল, এই নিভাজৰূপী মন বোৰৰ বাবেই চাগে মনবোৰ মুক্ত হৈ যৌথ প্ৰচেষ্টাত ভেলাঘৰ সজাই দহো মন এক কৰি ভোগালীৰ ভোগ উপভোগ কৰাৰ লগতে গাঁৱৰ কণ কণ আমিবোৰে ভেলাঘৰৰ খানাৰ জৰিয়তে সকলোৱে একত্ৰিত হৈ নিজৰ সংস্কৃতিক সমাজত জীয়াই ৰখাৰ বাবে জ্ঞান আহৰণ কৰিছিলোঁ।

”ঐ তাৱৈ ককাহঁতৰ ঘৰত বাঁহ আছে, খুজিলে দিব কিন্তু!”
অতীতৰ এই কথাবোৰে ককাহঁতৰ নাতিৰ প্ৰতি থকা অকল্পনীয় মৰম লগতে নিভাঁজ গাওঁবোৰত বস্তুৰ আদান প্ৰদানৰ চহা মনোভাৱবোৰ আজি যেন ম্লান হোৱা পৰিলক্ষিত হয়। বৰ্তমান ভেলাঘৰৰ মাজতো প্ৰতিযোগিতা আৰম্ভ হল। মূল্যৰ বিনিময়ত বাঁহ ক্ৰয় কৰি, মজদুৰ নিয়োগ কৰি দৈনিক মজুৰীৰ বিনিময়ত নৰা কাটি অভিজাত্যৰ চিনাকি দি দুই তিনি সলপীয়া খেৰৰ অট্টালিকা বনোৱাতহে ৰাইজ ব্যস্ত হোৱা দেখিবলৈ পোৱা যায়।

নিজৰ শ্ৰম দান কৰি আজি ভেলাঘৰ সাজিবলৈও মানুহে লাজ কৰা হ’ল, কিজানিবা কাৰোবাৰ হাঁহিয়াতৰ পাত্ৰ হয়। শ্ৰমৰ বিনিময়ত পোৱা আনন্দ আজিৰ লোকৰ বাবে মৰুভূমিৰ মৰীচিকা। সকলোৱে শ্ৰম দান কৰি সজ্জিত হোৱা ভেলাঘৰত লগ হৈ এসাঁজ খোৱা, ৰাতি খেৰ পাৰি ঘৰৰ পৰা কেঁথা-কম্বল আনি উৰে ৰাতি কটোৱা মুহূৰ্তবোৰ চকুৰ সন্মুখতে নোহোৱা হ’ল।

আঁঠুকাঢ়ি লৈ হাতেৰে দীঘল ১২ হাত, পুতল ৬ হাত জোখ লৈ ভেলাঘৰ সজাৰ আৰম্ভণিৰ সোৱাদ আজি ক’ত হেৰাল?
দুই তিনিজনে জোখ লৈ জোখৰ খেলিমেলি কৰাত এজনে আকৌ মাত লগায়,
”মই জানিছিলোঁৱে তহঁতে খেলিমেলি লগাবি বুলি, দহটাই কিয় জোখ ল’ব লাগে?
কাৰোবাৰ হাত দীঘল হ’ব পাৰে!
কাৰোবাৰ চুটি হ’ব পাৰে!
সেয়ে কোনোবা এটাই জোখ ল।
নহ’লে এটাই জোখ লৈ সঠিক ৰূপত দুডাল ৰচী কাটি ল।”

যন্ত্ৰৰ সৃষ্টিয়ে যেন এই সুন্দৰ পদ্ধতিবোৰ নোহোৱা কৰি পেলালে। আধুনিকতাই আমাক ন ৰূপ দিছে সঁচা। কিন্তু ইয়াৰ কৰালগ্ৰাসত পৰি আমাৰ অতীতৰ সৃষ্টিমূলক মানসিকতাক হেৰুৱাব ধৰিছোঁ নেকি!

কেলকুলেটৰ আৱিষ্কাৰ হল। আমি মুখস্থ বুলি কোৱা শব্দটি পাহৰি গলোঁ। যোগ নেওঁতা, বিয়োগ নেওঁতা, পূৰণ নেওঁতা, হৰণ নেওঁতা, বৰ নেওঁতা আজিকালি কোনেও মুখস্থ নৰখা হ’ল। আচলতে আমি সময়তকৈ আগত দৌৰি সৃষ্টিমূলক জ্ঞানক একাষৰীয়া কৰি গঠনমূলক চিন্তাধাৰাক স্থবিৰ কৰিছোঁ নেকি?

ৰাতি সপোনত দেখা দীঘল দীঘল নৰাবোৰ বিচাৰি ৰাতিপুৱা পথাৰে পথাৰে চলাথ কৰাৰ পাছত সন্ধিয়া হাত ভৰি ধোঁৱাৰ সময়ত হাত ভৰিত খজুৱতি ধৰাৰ ভয়ত বিছনাৰ তলত বা দৰ্জা চেপত লুকাই থকা সময়বোৰ আজি নাই। ভেলাঘৰ হোৱাৰ পাছত চৌকা বনাই কেৰাচিন তেলৰ চাকি লৈ কেৰাচিন তেল ঢালি জুই ধৰি সকলোৱে ঘৰৰ পৰা নিজৰ জোখৰ চাউল লৈ আহি সামান্য পইচা তুলি কণী ভাত খোৱা আনন্দভৰা মাদকতাবোৰে আজিও খেদি ফুৰে। আজিৰ দৰে জেনেৰেটৰ জৰিয়তে গোটেই পৰিৱেশ পোহৰাই তুলিব পৰা নাছিল যদিও সেই সময়ত মুক্ত মনবোৰে যেন চাকিৰ সামান্য পোহৰৰ যোগেদিয়েই চাৰিওপাশ উজ্জ্বলাই ৰাখিছিল।

পৰিৱৰ্তিত সমাজ জীৱন উন্নীত হোৱাৰ লগে লগে আমিও খোঁজত খোজ মিলাই আগবাঢ়ি গৈ থাকিব লাগিব, এনেকৈয়ে আগবাঢ়ি গৈ গৈ কিন্তু নিজৰ অস্তিত্বক হেৰুৱাই আধুনিকতাক অধিক প্ৰাধান্য দিলে, আমিও এদিন নিজকে হেৰুৱাই পেলাম যেন অনুভৱ হয়। “ভেলাঘৰ সদায় ভেলাঘৰে হৈ থাকক। অট্টালিকা যাতে কেতিয়াও ভেলাঘৰ নহওক।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!