আদাৰ বেপাৰীক জাহাজৰ খবৰ

লেখক- সুস্মিতা দাস

কথাবোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই আৰম্ভ কৰোঁ। ছোৱালীজনী আমাৰ সহপাঠী যদিও বিভাগ বেলেগ বেলেগ। সেইবছৰ সেইটো বিভাগত ছোৱালীজনীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল। চকুত অযুত সপোন। সপোনবোৰ খহিবলৈ কিন্তু বেছি পৰ লগা নাছিল। প্ৰথম ষাণ্মাসিকতে বেক। পিছলৈ বাকী তিনিওটাতো। তাই এৰাতি থকাকৈ আহিছিল আমাৰ কোঠালৈ। কৈছিল কলেজত পঢ়াৰ দৰে যদি এতিয়াও অসমীয়াত পঢ়িবলৈ পালোঁ হয়, তেন্তে দেখুৱাই দিলোঁ হয় যে টপাৰ কেনেকুৱা হয়। কথাখিনিত দুখ আছিল, আক্ষেপ আছিল। কৈছিল ইংৰাজীখিনি চোন মনতেই নৰয়। তাইৰ বিষয়বস্তুৰ ওপৰত বহুত দখল আছিল। অন্তৰায় আছিল মাধ্যম। কাৰণ তাইৰ কলেজ পৰ্যন্ত অসমীয়া মাধ্যম আছিল। বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ অবিহনেই উভতিবলৈ বাধ্য আছিল তাই।

ওজন থকা মাৰ্কছিটৰ শকত টোপোলাটো লৈ ঘূৰি উকা হাতে উভতে সি। এনেকুৱা নহয় যে সি উত্তৰবোৰ নাজানে কিন্তু প্ৰকাশ কৰিব নোৱাৰে মাধ্যমৰ বাবে। ইংৰাজী লিখাতো তাৰ প্ৰচুৰ পৰিমাণে দখল আছে কিন্তু চৰ্চাৰ অভাৱত মুখ ফুটি কথাবোৰ ওলাই নাহে। ফলস্বৰূপে কম নম্বৰৰ কোনোবা এজনে এম এনচিৰ চাকৰিটো আঁজুৰি নিয়ে তাৰ চকুৰ আগতে।

তাইৰ দৰে বিজ্ঞান কোনোৱেই পঢ়ুৱাব নোৱাৰে। বিজ্ঞানক তাই উচ্চতৰ মাধ্যমিক পৰ্য্যায়তো পানী কৰি তুলিছে। মাধ্যম ইংৰাজী আছিল বাবেই তাই ছাত্ৰ- ছাত্ৰীকো একাদশ শ্ৰেণীত ইংৰাজী মাধ্যম ল’বলৈ অনুপ্ৰাণিত কৰিছিল। ইংৰাজী ভাষাত বস্তুনিষ্ঠ কিতাপৰ অভাৱ নাই তাইৰ মতে। পিছপৰা গাঁৱৰ ল’ৰা ছোৱালীখিনিক তাই তিনিটা বছৰ ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অংশীদাৰ কৰিছিল, পুৰস্কাৰৰ সৈতে।

নতুনকৈ কামত সোমোৱা কোনোবা এটা দিনৰ কথা। কেন্দ্ৰ এটাৰ মূল্যায়ন কৰিবলৈ যাব লগাত পৰিলোঁ। আগতে জিলাখনলৈ কেতিয়াও যোৱা নাই। দেউতা চাকৰিত। লগত যাবলৈ মিলাব নোৱাৰে। দেউতাৰ অৱসৰপ্ৰাপ্ত সতীৰ্থ এজন সেই জিলাৰ স্থায়ী বাসিন্দা। তেওঁৰ লগত গ’লোঁ। কেন্দ্ৰটোৰ অধ্যক্ষ অত্যন্ত ভদ্ৰ আৰু সাধাৰণ বেশভূষা পৰিধান কৰা তীক্ষ্ণ মেধাৰ ইংৰাজীত স্নাতকোত্তৰ যুৱক। খুড়াই তাত নিজৰ জ্ঞান পাণ্ডিত্য ইংৰাজীত বেকত কৰিলে। তেওঁৰ ইংৰাজীৰ কোবত মই আই বসুমতীক বাৰে বাৰে স্মৰণ কৰিছিলোঁ। উভতি আহোঁতে বাটত খুড়াই কৈছিল এইবোৰ ঠাইত ইংৰাজী নক’লে মানুহে জধামুৰ্খ বুলি ভাবে। উল্লেখযোগ্য যে খুড়া এজন উচ্চপদস্থ বিষয়া আছিল। তেওঁৰ শিক্ষাৰ মাধ্যমো অসমীয়া আছিল।

শিক্ষা অধিকাৰ। এই অধিকাৰৰ পৰা জাতি ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে কোনেও কাকো বঞ্চিত কৰিব নোৱাৰে । সকলোৰে অধিকাৰ আছে এক ধৰণৰ শিক্ষা পোৱাৰ। সকলোৰে বাবে শিক্ষাৰ মাধ্যম ইংৰাজী হ’লে শিক্ষাৰ এক বেলেগ দুৱাৰ মুকলি হোৱাৰ আশা নিশ্চয়কৈ আছে।

কেনেকৈ?

কোনো এটা বিষয়বস্তুৰ ওপৰত ইংৰাজী ভাষাত কিতাপৰ কোনো অভাৱ নাই। আপুনি এখন বিচাৰিব হাতত আহি দহখন পৰিব। অসমীয়া ভাষাত সেইটো পৰ্য্যায় পাবলৈ এতিয়াও বহুদূৰ। যেতিয়া সেই পৰ্য্যায় পাব তেতিয়া মোৰ ভাষ্য এইটো কেতিয়াও নহয়। দ্বিতীয়তে, মাধ্যম ইংৰাজী হ’লে বা ইংৰাজী ভাষাত প্ৰচুৰ দখল থাকিলে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ যে সহজ হয় সেয়া কোনেও নুই কৰিব নোৱাৰে। আকৌ কৈছোঁ ইংৰাজী ভাষাত প্ৰচুৰ পৰিমাণে কিতাপ বজাৰত উপলব্ধ।

আপোনালোকে কয়#ভাষা শিক্ষাৰ অন্তৰায় নহয়। হয় নহয়। সঁচা কথা। কিন্তু সকলো ছাত্ৰ ছাত্ৰী টপাৰো নহয়। তীক্ষ্ণ মেধাৰ দহজনক সমুখত বহুৱাই কথাবোৰ ক’বলৈ বৰ সহজ। আগবাঢ়ি যাবলৈ হ’লে মধ্যমীয়া মেধাৰ লগতে নিম্ন মেধাৰ সকলকো লৈ যাব লাগিব হাতে হাত ধৰি।

আপোনালোকে কয় #প্ৰাথমিক পৰ্য্যায়ত শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে। নহ’লে ল’ৰা ছোৱালী বিভ্ৰান্ত হ’ব। পাঁচ বছৰৰ তলৰ শিশু এজনৰ গ্ৰহণ কৰিব পৰা ক্ষমতা অপৰিসীম। জ্ঞান যিমানেই দিয়া হয় কলহটো ভৰাৰ নামেই নলয়। গতিকে এইটো বয়সৰ শিশুক একে সময়তে দুটা তিনিটা ভাষা শিকিবলৈ দিয়াটো একো আপত্তিজনক বিষয় নহয়। বিশ্বাস নহয় যদি যিকোনো অংগনবাদী কেন্দ্ৰ এটাত এবেলা বহি চাব। ৩-৬ বছৰৰ শিশুৰ ভাষাজ্ঞান, ভাষা এটা গ্ৰহণ কৰিব পৰা ক্ষমতা আৰু নতুন নতুন কৌশল, কথা শিকাৰ আগ্ৰহ আৰু কৌতূহল।

এইখিনি লিখি থাকোঁতে সন্মানীয় অৰ্চনা কলিতাৰ লেখা এটা চকুত পৰিছিল। লেখাটো পঢ়ি কিয় জানো মনলৈ আহিল অসমীয়া ভাষাটো ইংৰাজী মাধ্যমত পঢ়া ল’ৰা-ছোৱালীয়ে ধ্বংস নকৰে, কৰিব ইংৰাজী মাধ্যমত পঢ়া ল’ৰা ছোৱালীৰ অসমীয়া মাধ্যমত পঢ়ি অহা অভিভাৱকসকলেহে।

’ মাইনা জাংগলত নাযাবা, স্নেক আছে’ এইটো কি ধৰণৰ ভাষা। এইধৰণৰ সানমিহলি ভাষা ব্যৱহাৰ কৰি ‘ চা, ময়ো শিক্ষিত, ময়ো ইংৰাজী জানো’ বুলি যহোৱা কাৰবাৰ চাগৈ কম বেছি পৰিমাণে আমাৰ সকলোৰে অৱচেতন মনত বিৰাজমান। এনেকুৱা বহুত মানুহ ব্যক্তিগত জীৱনত লগ পাওঁ, যিয়ে সাধাৰণ শব্দ এটাকো ইংৰাজীতহে কয় যহাবলৈ, অথচ গোটেই বাক্যটো ইংৰাজীত ক’বলৈ দিলে শেষেই আৰু!

শিক্ষা সকলোৰে বাবে এক হওক, অকল যোৰহাট নলবাৰীৰ পৰাই কিয়, সোণতলী, গৰৈমাৰীৰ পৰাও বিজ্ঞানী ওলাই আহক। Infosysত গুৱাহাটীৰ নহয় যোৰহাট, কাছাৰৰ চাহ বাগানৰ পৰাও ল’ৰা- ছোৱালী বিশেষজ্ঞ হিচাপে নিয়োজিত হওক।

আমি সাধাৰণ computer literate.কাট- পেষ্ট, কপি- পেষ্টৰ বাদে বিশেষ একো জ্ঞান নাই। আহিবলগীয়া দিনবোৰ coding ৰ দিন হ’ব গোটেই বিশ্বত। ইয়াৰ গন্ত্যন্তৰ নাই। সৰু সৰু কথা কিছুমানত লাগি থকাতকৈ বিদ্যালয়সমূহত তলৰ শ্ৰেণীৰ পৰাই বিনামূলীয়াকৈ coding ৰ শিক্ষা দিয়াৰ ওপৰতজন জাগৰণ সৃষ্টি কৰিব লাগে। কিয় এই ২০২২ চনতো কম্পিউটাৰৰ বিশদ জ্ঞান এক বিশেষ শ্ৰেণীৰ লোকৰ মাজতেই আৱদ্ধ। কিয় কম্পিউটাৰৰ ডিগ্ৰী থকাৰ পিছতো বিশেষ শিক্ষাগত অৰ্হতা নথকাৰ বাবে প্ৰতিভাশালী ল’ৰা ছোৱালীৰ সংস্থাপন নহয় বা কেৰিয়াৰ dara entry operatorতেই শেষ হয়। কম্পিউটাৰ শিক্ষা নথকা প্ৰতিভাশালী বহু ছাত্ৰ ছাত্ৰীৰ যে পুৰস্কাৰৰ কম্পিউটাৰটো কেৱল চিনেমা চাবলৈ ব্যৱহাৰ হয় সেয়াতো অজানা নহয়।

অসমত অসমীয়াই অসমীয়া ভাষাত নপঢ়িলে কোনে পঢ়িব।

হয়, কোনে পঢ়িব?

কিন্তু কথাটো হ’ল আমাৰ দুটা প্ৰজন্মৰ আগলৈকে আনকি এটা প্ৰজন্মৰ ৯৫%লোক অসমীয়াতেই পঢ়া শুনা কৰা। গণ্ডাই গণ্ডাই জাতীয় সংগঠনো আছে। পাৰিলে জানো চৰকাৰী কাৰ্য্যালয়ত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ? চৰকাৰী চিঠিবোৰ, তাৰ উত্তৰ প্ৰত্যুত্তৰবোৰ কি ভাষাত ওলায়?

‌‌‍চৰকাৰী সাক্ষাৎকাৰবোৰ অসমীয়াত লয়নে?
চৰকাৰী বিজ্ঞাপনবোৰত ইংৰাজীত দক্ষতা বিচৰা নহয়নে?
তেন্তে, ক’ত শিকিব?
কোনে শিকাব?

আমাৰ অতি জাতীয়তাবাদীবোৰে পাহৰি যায় আবেগেৰে পেট নভৰে। শিক্ষাৰ লগত আৰ্থিক স্বতন্ত্ৰতা জড়িত হৈ আছে। সেইটোক জানো নুই কৰিব পাৰি?

#কোনে ধৰি ৰাখিব ভাষাটো?

হাইস্কুলত পঢ়ি থকা দিনতে দেউতাৰ বন্ধু পৰিয়াল এঘৰলৈ নিমন্ত্ৰিত হৈ গৈছিলোঁ। খুড়াৰ একমাত্ৰ সন্তান ল’ৰাটো তেতিয়া তেনেই অকণমানি। ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনৰ প্ৰথম শ্ৰেণীত পঢ়ি আছিল। খুড়াৰ গৌৰৱ, ল’ৰাই #অসমীয়া পৰীক্ষাত শূন্য পাইছে। সেই সন্তুষ্টিৰ হাঁহি খুড়ী আৰু ভাইটিটোৰ চকু মুখতো জিলিকি উঠিছিল। মাতৃভাষা চয়ন কৰা বস্তু নহয়, বিলাসিতাও নহয়, ই জীৱন নিৰ্বাহ প্ৰণালী, জীৱনৰ লগে লগেই আগবাঢ়ে। অসমীয়া ভাষাটো যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা, চতুৰ্থ বৰ্গৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষালৈ বাধ্যতামূলক কৰা উচিত। ফেল কৰিলে বাকীবোৰত যিমানেই উল্টাই নাহক কিয় ফল শূন্য। প্ৰাথমিক বিদ্যালয়ৰ পৰাই অসমীয়া উজু নহওক। সঠিক ব্যাকৰণ জনাটো বাধ্যতামূলক হওক। সমস্ত অভিধানৰ শব্দাৱলী পৰ্য্যায়ক্ৰমে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হওক।

পাছ মাৰ্ক ৮০ৰ তলত হোৱাটোৱেই ভুল অসমীয়াত। শিক্ষকসকলক সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো জৰুৰী। শিক্ষক শিক্ষাৰ আধাৰ। তেওঁলোকক জৰুৰী সেৱাৰ বিষয়া কৰ্মচাৰীৰ দৰে আন কামত নিয়োজিত কৰাৰ পৰা বিৰত ৰাখিব লাগে। আমাৰ জীৱন কালতেই My has a pen শিকোৱা শিক্ষাগুৰু দেখিছোঁ। নিজৰ প্ৰজন্মৰ বহুতে ঠাল-ঠেঙুলি নোহোৱা বুজি নোপোৱা ভাষাও লিখা দেখিছোঁ। কেতিয়াবা বাধ্যত পৰি ক’বলগীয়া হয়, কথাখিনি অসমীয়াতে লিখক।

যেতিয়ালৈ বিদ্যালয়বোৰ অসম জাতীয় বিদ্যালয়, নুনমাটি, বাল্যভৱন যোৰহাট নহয় তেতিয়ালৈ আমাৰ দৰে অল্পবুদ্ধিৰ মানুহৰ দ্বিধা থাকিবই। যিখিনি অভিযন্তা, চিকিৎসক, শিক্ষক হাকিমৰ ল’ৰা- ছোৱালী দেখুৱাব অসমীয়া মাধ্যমত পঢ়ি থকা, তেওঁলোকৰ পিতৃ -মাতৃয়ে এশটা কাম পেলাই ল’ৰা ছোৱালীক আপদাল কৰিবলৈ বাধ্য। তেওঁলোক নমস্য। তেওঁলোকে পিতৃ-মাতৃৰ পৰা জন্মগত মেধাৰ উপৰিও শিক্ষকৰ আশিস পায়। তেওঁলোকে জানে যে মাধ্যম যিয়েই নহওক তেওঁলোকৰ সন্তান জিলিকি উঠিবই। কথা হ’ল, আমাৰ দৰে নিম্ন বুদ্ধিৰ পিতৃৰ মাতৃৰ সন্তানৰৰো অধিকাৰ আছে শিকাৰ, পঢ়াৰ, খোকোজা নলগাকৈ কথা কোৱাৰ, আগবাঢ়ি যোৱাৰ। নে আমাৰ সন্তানবোৰ ৰৈ যাব, আবেগৰ ঢৌত?

মেডিকেল ইঞ্জিনীয়াৰিং কোনো কাৰণতে অসমীয়াত হোৱাটো সমৰ্থনযোগ্য নহয়। ৫০বছৰ লাগিব লাগ বুলিয়েই লগা কিতাপখন/বিষয়বস্তুৰ কিতাপখন সাজু হৈ উঠোঁতে।

দেশ সলনি হৈ আছে, শিক্ষা পদ্ধতিও। ভাষাৰ শিকলি লগাই উৰা মাৰিব খোজা ডেউকাবোৰৰ পাখি কাটি দিয়াটো পাপ। ভাষা জাপি দিয়া বস্তু নহয়। ই পূজা, প্ৰাৰ্থনা। উশাহটো ৰৈ নোযোলৈকে গৈ থাকিব, গৈয়েই থাকিব। নিজৰ সন্তানক কনভেণ্ট স্কুলত পঢ়ুৱাই মাদ্ৰাছা কিয় বন্ধ কৰিব চৰকাৰে বুলি চৰকাৰক প্ৰশ্ন কৰা বদমাছবোৰৰ বাবে যমে এনেও বেলেগকৈ তেল গৰম কৰি থৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!