OBLIVION

লেখক- স্বপ্না দত্ত ভৰালী

মূল কবিতা: OBLIVION ( Pablo Neruda)
অসমীয়া ভাঙনি _ স্বপ্না দত্ত ভৰালী

বিস্মৃতি
ধৰাখনৰ সমানেই বহল পাণ পাত্ৰত ভৰাই,
তৰা আৰু কাঁইটেৰে মোৰ সমস্ত প্ৰেম
মই তোমাকেই দিছিলোঁ।
কিন্তু তুমি তোমাৰ সৰু ভৰিৰে,
লেতেৰা গোৰোহাৰে গছকি,
জুই নুমুৱাই গুচি গ’লা।
অহ্! মহান প্ৰেম, অকণমানি প্ৰেমিকা!
মোৰ সংগ্ৰামত যতি পৰা নাছিল।
জীৱনমুখী যাত্ৰাটো যতি নপৰাকৈ আছিল,
কিন্তু মই তোমাক মোৰ দুবাহুৰে ডাঙি লৈছিলোঁ,
আৰু মোৰ চুম্বনেৰে তোমাক বিদ্ধ কৰিছিলোঁ,
আৰু তোমালৈ যেনেদৰে চাইছিলোঁ
তেনেদৰে আৰু কোনেও তোমাক চোৱা নাছিল।
অহ! মহান প্ৰেম, অকণমানি প্ৰেমিকা!
তুমি তেতিয়া মোৰ মৰ্য্যদা বুজি পোৱা নাছিলা,
যিজন মানুহে তোমাৰ বাবে একাষৰীয়াকৈ থৈছিল
তেওঁৰ তেজ,
ভোকৰ ভাত আৰু
পিয়াহৰ পানী।
তোমাৰ কাপোৰত উৰি আহি পৰা এটা পতংগৰ দৰেই বুলি তুমি তেওঁক ভুল বুজিছিলা।
অহ! মহান প্ৰেম আৰু অকণমানি প্ৰেমিকা!
তোমালৈ আকৌ ঘূৰি চাম বুলি আশাই নকৰিবা,
দূৰৈৰপৰা,
মই যি এৰি গলোঁ তাৰ সৈতেই থাকিবা।
মোৰ প্ৰতাৰণাৰ ছবিখন লৈয়েই ঘূৰি ফুৰিবা।
মই আগলৈ গৈ থাকিম,
ছাঁ আঁতৰাই বাট বহলাই বহলাই,
ধৰাখন মসৃণ কৰি,
আহিবলগীয়াজনৰ বাবে তৰাৰে বাট কাটি,
তুমি বাটতে ৰৈ থাকা।
তোমাৰ বাবে এতিয়া নিশা নামিছে,
বোধকৰোঁ ফেহুজালিৰ পৰত আমি পুনৰ লগ হম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!