জৈৱসাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

লেখক- জ’লি ৰুমি বৰা

১৯৯৫ চন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিক’ চহৰ। তাৰে স্থানীয় বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশ ল’বলৈ আহিছিল লুইছা মাফি (Luisa Maffi) নামৰ ইটালিয়ান বিজ্ঞানীগৰাকী। মাফিয়ে তাৰ মাথোঁ এবছৰৰ পূৰ্বে ভাষা আৰু নৃতত্ত্ববিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তাৰ উপৰিও সেইসময়ত তেওঁ পৰিৱেশ আৰু জীৱবিজ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী।
ড°লুইছা মাফিয়ে অংশ লোৱা আলোচনাচক্ৰ (Symposium on Language Loss and Public Policy)ৰ বিষয় আছিল হেৰাই যাব খোজা খিলঞ্জীয়া ভাষাবোৰ। তাত উপস্থিত থকা বহুতো ভাষাবিজ্ঞানীয়ে থলুৱা ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰিলে। তেনেদৰে নৃতত্ত্ববিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিলে খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি বিপন্ন হোৱাক লৈ। পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ বিষয়টোও ইতিমধ্যে এক জ্বলন্ত সমস্যা হৈ পৰিছে। এই সম্পৰ্কীয় আলোচনাবোৰ শুনি ড°মাফি চিন্তাত ডুব গ’ল। তেওঁ অনুভৱ কৰিলে যেন এই সকলোবোৰৰ মাজৰ এক সহজাত আন্ত:সম্পৰ্কৰ কথা এতিয়াও আলোচনাৰ পৰা বাদ পৰি ৰৈছে।
ড°মাফিৰ এই ধাৰণাকে যেন সত্য বুলি প্ৰতিপন্ন কৰিলে সেই আলোচনাচক্ৰৰ এগৰাকী বক্তাই। ডেভিদ হাৰ্মন (David Harmon) নামৰ এই জীৱবিজ্ঞানী গৰাকীয়ে তেওঁৰ নিজা গৱেষণাৰ উল্লেখ কৰি ক’লে যে পৃথিৱীৰ জৈৱবৈচিত্ৰ্য আৰু ভাষাৰ বিচিত্ৰতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে পূৰ্ণাংগ গৱেষণা আৰু বিশ্লেষণৰ থল আছে।
সেই মুহূৰ্তটোৱে হৈ পৰিল ড°মাফিৰ পৰৱৰ্তী জীৱনৰ বাবে এক নতুন পথ নিৰ্দেশনা। বক্তৃতা শেষ হোৱাৰ লগে লগে তেওঁ এক মুহূৰ্তও বিলম্ব নকৰাকৈ হাৰ্মনক লগ ধৰিলেগৈ। নিজৰ চিনাকি দিয়ে তেওঁ উত্তেজিতভাৱে ক’লে, ‘আপোনাৰ লগত মোৰ ভালকৈ কথা পতাৰ দৰকাৰ! ’
তেওঁলোকৰ আলোচনাৰ বিষয়টোৱে অন্য কেইবাগৰাকী বিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিলে। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ চাৰিওফালে বিজ্ঞানীৰ এটা সৰু জুম বান্ধিল। ৰাতিৰ সাঁজ খোৱালৈকে তেওঁলোক গভীৰ আলোচনাত মগ্ন হৈ পৰিল। আনকি খোৱামেজত কোনো কোনোজনে খোৱাৰ মাজে মাজে নেপকিনতে লিখিবলৈ আৰম্ভ কৰিলে। সেইনিশা বিজ্ঞানীৰ দলটো একমত হ’ল যে ভাষা, সংস্কৃতি আৰু পৰিৱেশ তিনিওটাই ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে সম্বন্ধ থকা বিষয়। গতিকে পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ সলনি এই তিনিওটাৰে সামগ্ৰিকভাৱে গৱেষণাৰ প্ৰয়োজন।
সেই আলোচনাৰ পৰাই জন্ম হ’ল এক নতুন ধাৰণাৰ- জৈৱসাংস্কৃতিক বৈচিত্ৰ্য (biocultural diversity)। প্ৰকৃততে ভাষা, সংস্কৃতিৰ বৈচিত্ৰ্য আৰু জৈৱবৈচিত্ৰ্য সকলোবোৰ এই পৃথিৱীত জীৱনৰ বৈচিত্ৰ্য (Diversity of life)ৰে একো একোটা ৰূপ। আদিম কালৰে পৰা পৃথিৱীৰ ভিন্ন পৰিৱেশত বাস কৰা মানুহৰ ভাষা আৰু সংস্কৃতিৰ একেলগে বিৱৰ্তন হৈছে। সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে মানুহ আৰু মানুহৰ ভাষা আৰু সংস্কৃতিয়েও একেলগে খাপ খুৱাই লৈছে। খিলঞ্জীয়া জাতিসমূহৰ পৰম্পৰাগত জ্ঞান (Traditional Ecological knowledge) হ’ল পৰিৱেশৰ সৈতে মানুহৰ এনে অভিযোজনৰ এক উদাহৰণ।
জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ ধাৰণা জন্ম হোৱাৰ পৰা যোৱা পঁচিছটা বছৰত এই ক্ষেত্ৰখনত গৱেষণালব্ধ তথ্যই যথেষ্ট সমৃদ্ধ কৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে পৃথিৱীত জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰত থলুৱা ভাষা আৰু সংস্কৃতিও বিপদাপন্ন (চিত্ৰ)। উত্তৰ-পূব ভাৰতো ইয়াৰে এক জ্বলন্ত উদাহৰণ। ইয়াৰ কাৰণ হ’ল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ চহকী গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত মানুহৰ জনবসতিও অধিক। কাৰণ এই অঞ্চলসমূহত পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদৰ বাবে কম পৰিসৰতে বহুতো মানুহে থুপ পাতি বাস কৰিবলৈ সক্ষম হৈছিল। এনে গোটসমূহত ভিন্ন ভাষা আৰু সংস্কৃতিৰো বিকাশ সম্ভৱপৰ হ’ল। উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া অঞ্চলসমূহত দেখা পোৱা জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য এনে এক প্ৰক্ৰিয়াৰে নামান্তৰ।
জৈৱসাংস্কৃতিক বৈচিত্ৰ্য বৰ্তমান ঘোৰ সংকটত। এহাতে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে যাৰ পৰিণতিত আজি প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত। আনহাতে বিভিন্ন প্ৰান্তত খিলঞ্জীয়া ভাষা, কৃষ্টি-সংস্কৃতিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণস্বৰূপে, বিশ্বত মাতৃভাষা ক’ব পৰা লোকৰ সংখ্যাৰ ভিত্তিত কৰা এক বিশ্লেষণত ধৰা পৰিছে যে ১৯৭০ চনৰ পৰা বিশ্বৰ ভাষাৰ বৈচিত্ৰ্য ২০% হ্ৰাস পাইছে। তাৰ লগে লগে হেৰাই গৈছে খিলঞ্জীয়া ভাষাত সঞ্চিত হৈ থকা প্ৰকৃতি আৰু সংস্কৃতি সম্পৰ্কীয় মূল্যৱান পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ। বিপদাপন্ন হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সহজাত সম্পৰ্কও। গতিকে জীৱনৰ এই সামগ্ৰিক বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ হ’লে জৈৱবৈচিত্ৰ্যৰ লগতে থলুৱা ভাষা-সংস্কৃতিকো বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন।
জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচী লোৱা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে। বিশেষকৈ আমেৰিকাৰ হাৱাই দ্বীপত জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ (Biocultural Restoration)ৰ বাবে খিলঞ্জীয়া জাতিসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকে ঠাই, জীৱ-জন্তুৰ থলুৱা নামৰ উদ্ধাৰৰ পৰা খিলঞ্জীয়া উপায়েৰে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা লৈছে। এই উপায়সমূহে মানুহৰ দৈনন্দিন জীৱনৰ লগতে প্ৰকৃতিকো সমৃদ্ধ কৰাৰ প্ৰমাণ শেহতীয়া গৱেষণাই দিছে। উদাহৰণস্বৰূপে, তাৰ খিলঞ্জীয়া জাতিসমূহৰ বাবে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জীৱ-জন্তুৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিছে। তেনেদৰে লুইছা মাফিয়ে জন্ম দিয়া ‘টেৰালিংগুৱা’ নামৰ প্ৰতিষ্ঠানটোৱেও বিশ্বৰ বিভিন্ন কোণৰ বিজ্ঞানী আৰু খিলঞ্জীয়া জাতি-জনজাতিৰ নেতৃত্বত জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰালস্য প্ৰচেষ্টা চলাই আহিছে।
উত্তৰ-পূব ভাৰত ভাষা, সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয়। এই অঞ্চলটো পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা দুয়োটা জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান (biodiversity hotspot) ৰ অন্তৰ্ভুক্ত। তেনেদৰে দুশৰো অধিক খিলঞ্জীয়া জাতি-জনজাতিয়ে আদিম কালৰে পৰা এই অঞ্চলত বাস কৰি আহিছে। একেসময়তে বিভিন্ন কাৰকৰ প্ৰভাৱত উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ্য আৰু ভাষা-সংস্কৃতি বৰ্তমান সংকটৰ মুখামুখি হৈছে। এই পৰিপ্ৰেক্ষিতত বিশ্বৰ অন্য প্ৰান্তৰ দেশসমূহে লোৱা জৈৱসাংস্কৃতিক পুনৰুদ্ধাৰৰ পদক্ষেপসমূহ উত্তৰ-পূব ভাৰতৰ বাবেও খুবেই প্ৰাসংগিক হৈ পৰিছে। উত্তৰ-পূবৰ প্ৰকৃতি আৰু ভাষা-সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবেও বৰ্তমান প্ৰয়োজন হৈছে অন্য এগৰাকী লুইছা মাফিৰ।

(চিত্ৰ: পৃথিৱীত উদ্ভিদৰ বৈচিত্ৰ্য আৰু বিভিন্ন ভাষাৰ বৈচিত্ৰ্যৰ এক মানচিত্ৰ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!