প্ৰবীণ কুমাৰ বৰুৱাৰ সৈতে সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰ

লেখক- সাহিত্য ডট অৰ্গ

অৱসৰপ্ৰাপ্ত টাটা টীৰ কল্যাণ বিষয়া শ্ৰীযুত প্ৰবীণ কুমাৰ বৰুৱাৰ সৈতে সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গ – নমস্কাৰ। সাহিত্য ডট অৰ্গৰ তৰফৰপৰা আজিৰ সাক্ষাৎকাৰৰ বাবে আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে মাঘৰ বিহুৰ ওলগ জনালোঁ।
প্ৰবীণ বৰুৱা – নমস্কাৰ, আপোনালোককো মাঘৰ বিহুৰ শুভকামনা জনালোঁ ৷

সাহিত্য ডট অৰ্গ -আপুনি টাটা টিত চাকৰি কৰিছিল— নহয় জানো?
প্ৰবীণ বৰুৱা – হয়, মই টাটা টিত চাকৰি কৰিছিলো। কিন্তু মোৰ জন্ম পাৱৈ বাগানত। বাগানত মোৰ দেউতাই কাম কৰিছিল। তাৰ পাছত মই টাটা টিত যোগদান কৰিছিলোঁ। সেইয়া ১৯৮১ চনৰ কথা , বাগানত যোগদান কৰিছিলোঁ কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে। তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলো। দেউতা ঢুকুৱাৰ পাছত বাইদেৱে চাকৰি কৰি পৰিয়ালটো চলাবলগীয়া হৈছিল। বাইদেউৰ বিয়াৰ পিছত মই বাগানৰে স্কুলখনত শিক্ষক হিচাপে যোগদান কৰিবলগীয়া হৈছিল।

সাহিত্য ডট অৰ্গ – আমি প্ৰথমে জানিব বিচাৰিম আপুনি চাহ উদ্যোগৰ সৈতে কেনেধৰণে জড়িত হ’ল?
প্ৰবীণ বৰুৱা – মই গ্ৰেজুৱেচন কৰি থকা সময়তে বাগানৰ স্কুলখনত যোগ দিছিলোঁ শিক্ষক হিচাপে। এই ক্ষেত্ৰত মই ধন্যবাদ দিব লাগিব টাটা টিৰ এজন বিষয়াক। তেওঁ মোৰ পৰিয়ালৰ সমস্যা বুজি বাগানৰ স্কুলত যোগদান কৰাত সহায় কৰি দিছিল। গ্ৰেজুৱেচন লোৱাৰ পাছত মোক তেওঁলোকে একাউণ্ট বিভাগলৈ লৈ গল। ১৯৮৫ত বাগানবোৰত কম্পিউটাৰ অনা হৈছিল। সেই সময়ত সাক্ষাৎকাৰ লোৱা হৈছিল কম্পিউটাৰ চলোৱা মানুহৰ বাবে আৰু মই সুযোগ পাইছিলোঁ। তাৰ পাছত দুবছৰমান মই বাগানত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰোঁ। তাৰ পাছত মই কোম্পানীৰ পৰা অনুমতি লৈ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ আৰ. চি. চি.-ত কম্পিউটাৰৰ পাঠ্যক্ৰম কৰিলোঁ। তাৰ পাছতে চি. এম. চি.-ৰ পৰাও কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ কোৰ্চ এটা কৰোঁ। সেই সময়ত মই কম্পিউটাৰৰ কামৰ বাবে টাটা টিৰ অধীনস্থ বহু বাগন ঘূৰি ফুৰিছিলোঁ। তাৰ পাছত ১৯৮৯ চনত বাগানত কল্যাণ বিষয়াৰ চাকৰি ওলোৱাত তাত সাক্ষাৎকাৰ দি নিযুক্তি পাও। সেই সময়ত যিহেতু এম. চ. ডাব্লিও. বা তেনেধৰণৰ পাঠ্যক্ৰম অসমত নাছিল গতিকে কোম্পানীয়ে গুৱাহাটীত এটা ৱেলফেয়াৰ মেনেজমেণ্টৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিল আৰু তালৈ আমাক সেয়া পঢ়িবলৈ পঠিয়াইছিল। তাৰ পাছতে, ১৯৮৯ ত মই বাগানত যোগদান কৰিছিলোঁ কল্যাণ বিষয়া হিচাপে। প্ৰথমে চাবুৱা বাগানত যোগদান কৰি তাৰ পিছত বৰহাট বাগানলৈ গ’লোঁ। বৰহাটৰ পৰা গ’লোঁ নাহৰণি বাগান আৰু তাৰ পিছত নাহৰকটীয়া বাগানলৈ বদলি হৈ ২০১৮ ত অৱসৰ গ্ৰহণ কৰো।

সাহিত্য ডট অৰ্গ – বাগানত কল্যাণ বিষয়া হিচাপে আপুনি লাভ কৰা দুই এটা অভিজ্ঞতাৰ বিষয়ে ক’লে আমি অনন্দিত হম।
প্ৰবীণ বৰুৱা – কল্যাণ বিষয়া হিচাপে যোগদান কৰা সময়ত বহু আশা লৈ গৈছিলোঁ। মই জানিছিলোঁ যে কল্যাণ বিষয়াসকলে বাগানৰ সামূহিক উন্নয়নৰ বাব কাম কৰিব লাগে আৰু তেওঁলোকে যথেষ্ট স্বাধীনভাৱেই কাম কৰে৷ তদুপৰি ১৯৮৫ চনৰ প্লেণ্টেচন এক্ট মতেই কল্যাণ বিষয়াসকলৰ নিযুক্তি দিয়া হৈছিল। আমি যেতিয়া যোগদান কৰিছিলোঁ, তেতিয়া আমাক কোৱা হৈছিল যে, দক্ষতা অনুসৰি আমাক পাছলৈ বাগানৰ আন কামটো নিয়া হ’ব পাৰে কিন্তু আমাৰ ক্ষেত্ৰত সেইটো নহ’ল। কল্যাণ বিষয়া হিচাপে কামটো যিমান সহজ হ’ব যেন লাগে তেনেকুৱা নহয়। দৰমহা লৈ কাম কৰিম বুলি ভাবিলে ঠিকে আছে, কিন্তু যদি মনৰ সন্তুষ্টি বিচাৰে তেন্তে সিমান সহজ নহয়। ভাবিছিলোঁ কল্যাণ বিষয়া হিচাপে বনুৱাসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাম কৰিম, তেওঁলোকৰ মাজত বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰিম; কিন্তু কল্যাণ বিষয়া হিচাপে বিভিন্ন বিষয়— যেনে, বনুৱাসকলৰ ঘৰ, তেওঁলোকৰ শৌচালয় আদিৰ মেৰামতি কৰা, বিজুলী যোগানৰ সু-ব্যৱস্থা কৰা, খোৱা-পানীৰ ব্যৱস্থা কৰা আদিত ব্যস্ত হৈ পৰোঁ। বাগানৰ বনুৱাসকলেও এই কামসমূহ কৰি দিব লাগে বুলি আমাৰ পৰা আশা কৰে; কিন্তু যিহেতু কোম্পানীৰ এখন বাজেট থাকে সেই বাজেট মতে কাম কৰোঁতে সকলোকে সন্তুষ্ট কৰিব নোৱাৰি। কিন্তু কল্যাণ বিষয়াসকলৰ কাম কেৱল ইতিমধ্যে কৈ যোৱা কামসমূহেই নহয়। বিভিন্ন বিষয়ত সজাগতা সৃষ্টি কৰা, বনুৱাসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ বাবে কাম কৰা, মহিলা সৱলীকৰণৰ বাবে কাম কৰা আদি বিভিন্ন কাম কৰি বনুৱাসকলক তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰাই হ’ল কল্যাণ বিষয়াসকলৰ কাম। কিন্তু যেনেধৰণে ভবা হয় বাস্তৱত তেনেধৰণে হৈ নাহে। আমি কৰা কামৰ মাজত আৰু বাহিৰৰ পৰা দেখাৰ মাজত বহু পাৰ্থক্য আছে।

সাহিত্য ডট অৰ্গ- আপোনাৰ পৰিয়ালৰ আন কোনোবাও বাগানৰ সৈতে জড়িত নেকি?
প্ৰবীণ বৰুৱা – মই কৈছোঁৱেই যে মোৰ দেউতাই বাগানত চাকৰি কৰিছিল। তদুপৰি মোৰ বাইদেউও প্ৰায় তিনিবছৰমান বাগানত চাকৰি কৰিছিল। মই ২০১৮ ত অৱসৰ লও আৰু সেই বছৰতে মোৰ লৰাটোও টাটা টিত যোগদান কৰে। সি মেকানিকেল ইঞ্জিনিয়াৰ আৰু সহ-পৰিচালক হিচাপে পাৱৈ বাগানত যোগদান কৰে, তাৰপাছত চাবুৱা বাগানলৈ বদলি হয় আৰু বৰ্তমান কাকজান বাগানত কাম কৰি আছে। লগতে মোৰ ভাইটি প্ৰশান্ত কুমাৰ বৰুৱা, সি আৰু মই একেদিনাই বাগানত কল্যাণ বিষয়া হিচাপে যোগদান কৰিছিলোঁ। বৰ্তমান ভাইটিয়েও অৱসৰ লৈছে।

সাহিত্য ডট অৰ্গ – কল্যাণ বিষয়াসকলে বাগানত কি ধৰণৰ কাম কৰিব লাগে বাৰু— অলপ বহলাই ক’ব নেকি?
প্ৰবীণ বৰুৱা – তেওঁলোকে মুলতঃ বনুৱাসকলৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে তথা তেওঁলোকৰ জীৱন ধৰণৰ মানদণ্ডৰ উন্নতিৰ বাবে, তেওঁলোকৰ বাসস্থানৰ মেৰামতিৰ বাবে, তেওঁলোকৰ মাজত বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ বাবে, শিশু উন্নয়নৰ বাবে, মহিলা সাৱলীকৰণৰ বাবে কাম কৰিব লাগে। কল্যাণ বিষয়াসকল বাগানৰ প্ৰায় সকলো বিষয়তে জড়িত হৈ পৰে। চিকিৎসা বিভাগৰ লগত তেওঁলোক জড়িত হ’বলগীয়া হয়, উৎপাদনৰ ক্ষেত্ৰটো বনুৱাসকলৰ কামত অনুপস্থিতি কম কৰা আদি বিভিন্ন বিষয়ত কাম কৰিব লাগে।

সাহিত্য ডট অৰ্গ – বাগানত কল্যাণ বিষয়া হিচাপে বা পৰিচালক হিচাপে সংস্থান পাবলৈ কি ধৰণৰ অৰ্হতা লাগে বা কি ধৰণে নিজকে প্ৰস্তুত কৰিব লাগে?
প্ৰবীণ বৰুৱা – এইক্ষেত্ৰত এটা কথা ক’ব লাগিব যে, বাগানত আগতে পৰিয়ালৰ ইতিবৃত্ত চাইহে নিযুক্তি দিয়া হৈছিল। কিন্তু আজিকালি শিক্ষাগত অৰ্হতা, ব্যক্তিত্ব আদি চাইহে নিযুক্তি দিয়া হয়। তদুপৰি বাগানত কাম কৰিবলৈ হ’লে মানসিকভাৱে বহু শক্তিশালী হ’ব লাগিব, ধৈৰ্য্য থাকিব লাগিব। কাৰণ শিক্ষিত মানুহৰ লগত কাম কৰা আৰু বাগানৰ মানুহখিনিৰ মাজত কাম কৰাৰ বহু পাৰ্থক্য আছে। তেওঁলোক বহু পৰিমাণে অজ্ঞ আৰু সহজ-সৰল মানুহ আৰু তেওঁলোকক বুজাই পৰাই চলাটো ইমান সহজ কথা নহয়। যিকোনো বিষয়ত স্নাতক ডিগ্ৰী থাকিলেই হয়। এই ধৰক মোৰ ল’ৰাটো, সি মেকানিকেল ইঞ্জিনিয়াৰ। সাক্ষাৎকাৰত শিক্ষাগত অৰ্হতাৰ লগতে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব, কষ্টসহিষ্ণুতা আদিবোৰ গুণ পৰীক্ষা কৰা হয়। টি মেনেজমেণ্টৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত দিয়া পাঠ্যক্ৰম কৰিলে অগ্ৰাধিকাৰ দিয়া হয়। আজিকালি কল্যাণ বিষয়াসকলৰ বাবে এম. এচ. ডাব্লিও. বা সমাজ অধ্যয়নত স্নাতকোত্তৰ হ’লে অগ্ৰাধিকাৰ দিয়া হয়।

সাহিত্য ডট অৰ্গ – বৰ্তমান অসমৰ চাহ উদ্যোগৰ সমস্যা সম্পৰ্কে দুএষাৰ ক’ব নেকি?
প্ৰবীণ বৰুৱা – উপযুক্ত শ্ৰমিকৰ অভাৱ চাহ উদ্যোগৰ বাবে এটা ডাঙৰ সমস্যা। বহুতে কয় যে বৰ্তমান বাগানসমূহত শ্ৰমিকসকলে যি দৰমহা পায় সি আন উদ্যোগৰ তুলনাত যথেষ্ট নহয়। কিন্তু বাগানৰ শ্ৰমিকসকলে দৰমহাৰ উপৰি আন সুবিধা; যেনে— চিকিৎসাৰ সুবিধা, ৰেচন, থকা ঘৰ, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি আদি বিভিন্ন সুবিধা পায়। এই গোটেইখিনি মিলালে আন উদ্যোগৰ তুলনাত আচলতে তেওঁলোকে বেছিহে পায়। কিন্তু দেখা গৈছে যে, বেছিভাগ শ্ৰমিকে আন সুবিধাসমূহতকৈ হাতলৈ অহা টকাতহে বেছি গুৰুত্ব দিয়ে। গতিকে দেখা গৈছে যে বহু বাগানত পুৰুষ শ্ৰমিকসকলে আন আন উদ্যোগত কাম কৰিবলৈ গুছি যায়। দ্বিতীয়তে চাহ উদ্যোগৰ উৎপাদনৰ খৰচ বাঢ়ি গৈ আছে। ই আন এটা সমস্যা।

সাহিত্য ডট অৰ্গ – অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ সম্পৰ্কে আপুনি কি ক’ব?
প্ৰবীণ বৰুৱা – বৃহৎ চাহ কোম্পানীসমূহ যথেষ্ট চাপত আছে। কেইবাটাও বৃহৎ চাহ কোম্পানীয়ে ইতিমধ্যে তেওঁলোকৰ বহু বাগান বিক্ৰী কৰি দিবলগীয়া হৈছে। উদাহৰণস্বৰূপে অলপতে মেক্ লয়দ ৰাচেলে তেওঁলোকৰ প্ৰায় বাৰখনমান বাগান বিক্ৰি কৰিছে। এইটো ধৰণে চলি থাকিলে অনুমান কৰা হয় যে, হয়টো চাহ উদ্যোগটো ভৱিষ্যতে বৃহৎ কোম্পানীসমূহৰ পৰা গৈ কিছুমান ক্ষুদ্ৰ উদ্যোগপতিৰ হাততহে থাকিব। কিন্তু তেওঁলোকো বাগানসমূহ চলোৱাত কিমান সফল হ’ব ক’ব নোৱাৰি।

সাহিত্য ডট অৰ্গ – বৰ্তমান আপুনি কি কৰি আছে আৰু চাহ উদ্যোগৰ সৈতে কিবা ধৰণে জড়িত হৈ আছে নেকি?
প্ৰবীণ বৰুৱা – ২০১৮ ত অৱসৰ লোৱাৰ পিছত মই যোৰহাটৰ নিজৰ ঘৰতে একো নকৰাকৈ কিছুদিন আছিলোঁ। কিন্তু পিছত ই. টি. পি. বা চমুকৈ ইঠিকেল টি পাৰ্টনাৰচিপ (লণ্ডন ) যোৰহাট ক্লাষ্টাৰত যোগদান কৰোঁ ২০২০ ৰ ফেব্ৰুৱাৰিত। তেওঁলোকে প্ৰথমে চাৰিখন বাগানত পাইলট প্ৰজেক্ট আৰম্ভ কৰে আৰু তাৰ পাছত বৰ্তমান বিশখন বাগানত আৰম্ভ কৰিছে। যোৰহাট ক্লাষ্টাৰত মোৰ অধীনত আছে সাতখন বাগান। ই. টি. পি.-ৰ কমিউনিটি এম্পাৱাৰমেণ্ট প্ৰজেক্টৰ দ্বাৰা আমি এই বাগানসমূহত একো একোখন কমিটি গঠন কৰি দিছো। তাত বাগানৰ বিভিন্ন পৰ্যায়ৰ সদস্যসকলক লৈ বনুৱাসকলৰ বিভিন্ন সমস্যাসমূহ সমূহিয়াকৈ মিলি-জুলি সমাধানৰ ব্যৱস্থা কৰা হৈছে।

সাহিত্য ডট অৰ্গ – আপোনাৰ পৰা বহু নতুন কথা জানিব পাৰিলোঁ, ভাল লাগিল। আমাৰ পাঠকসকলেও নিশ্চয় বহু নতুন কথা শিকিব৷ আপুনি ভৱিষ্যতেও এনেধৰণে বিভিন্ন কামত ব্যস্ত হৈ থাকক, কুশলে থাকক। আকৌ এবাৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ।
প্ৰবীণ বৰুৱা – ধন্যবাদ।

Youtube: https://youtu.be/3N9MkrCiIHA

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!