বৰষুণ

লেখক- ভক্তি দেবী চহৰীয়া

বৰষুণত নিতিতাসকলে হৃদয়ঙ্গম কৰিব নোৱাৰে তিতাসকলৰ কষ্ট।
বৰষুণে জুৰুলি জুপুৰি কৰে গাৰ আচ্ছাদন
শৰীৰৰ ভিতৰলৈকে প্ৰকট কৰে মানুহৰ স্বৰূপ
বৰষুণত তিতিব লগীয়া নোহোৱাসকলে বুজি পোৱা অসম্ভৱ উলঙ্গ শৰীৰৰ লাজ
বৰষুণে কলিজালৈকে কঁপাই পেলায় সিক্ত শৰীৰক
শৰীৰেই নহয়, মনবোৰ বৰফৰ দৰে গোট মাৰে
ঠেৰেঙা লাগি মৰিবলৈ ধৰে আশাৰ গছবোৰ
ডাৱৰৰ সিপাৰত মৃত হৈ ৰয় বেলি বা জোন
বৰষুণে কেৱল গায় মহাপ্ৰস্থানৰ সঙ্গীত
বৰষুণ আহিলে ছাতিৰ আশ্বাস অৰ্থহীন
উলট-পালট বৰষুণে
চিৰাচিৰ কৰিব খোজে গাৰ ছাল
বিধ্বস্ত কৰে মন আৰু শৰীৰ
নিতিতা মানুহবোৰে নিৰাপদ ঠাইৰ পৰা
ভ্ৰূকূটি কৰে নাইবা সমবেদনা জনায় তিতা মানুহ বোৰক
কোনোবাই মুখটিপি হাঁহে, কোনোবাই তৃপ্তি পায়
লিপিত খোৱা কাপোৰৰ সৌন্দৰ্য চাই
বৰষুণত তিতি ৰোমাণ্টিক হোৱাটো
অৰ্থহীন কাব্যিক কল্পনা মাত্ৰ
তিতাসকলে কেৱল বুজে মন আৰু শৰীৰৰ তিলতিল মৃত্যুৰ কথা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!