ভ্ৰমণ কাহিনী (জম্মু আৰু কাশ্মীৰ)

লেখক- সৌৰভ বৰগোহাঁই

চাওঁতে চাওঁতে ২০২২ চন শেষ হ’বলৈ ধৰিছিল আৰু মোৰ বছৰৰ ছুটি পহিলা অক্টোবৰলৈকে প্ৰায় বাৰ দিন মান আছিল যি কেইটা ন’ললে এনেই নষ্ট বা শেষ হৈ যাব। মোৰ স্কুলৰ খুব ঘনিষ্ঠ বন্ধু ৰাজীৱ হুজুৰী ছিংগাপুৰত থাকে। সি মোক প্ৰায়ে মাতি থাকে। হঠাৎ তাৰ ফোন পালোঁ ছেপ্টেম্বৰৰ শেষ সপ্তাহত। সি ক’লে –
: কি কৰিছা? ছিংগাপুৰলৈ নাহা নেকি? মই থাকোঁতেই আহা ছিংগাপুৰলৈ। থকা, খোৱা ঘুৰা চব ফ্ৰি কেৱল ফ্লাইটৰ টিকট কাটি আহি যোৱা।
: যাব মন আছে। তুমি কেতিয়া আহিবা, অসমলৈ? মই ৰাজীৱক সুধিলোঁ।
: মই দুৰ্গা পূজাত গৈ আছোঁ। মোৰ লগতে ছিংগাপুৰলৈ আহিবলৈ প্লেন কৰা। – ৰাজীৱে ক’লে।
অ’কে মই চেষ্টা কৰিম বুলি কয় ফোনটো থলোঁ। পাছপ’ৰ্ট আছেই কিন্তু ব্যৱহাৰ হে হোৱা নাই। মনতে ভাবিলোঁ এইটো উত্তম সুবিধা, ইয়াতকৈ ভাল সুবিধা আৰু পোৱা নাযাব বিদেশ ভ্ৰমণ কৰাৰ। ভিছাৰ বাবে আমাৰ স্কুলৰ মৰমৰ ভাইটি তন্ময় ফুকনক (ছিংগাপুৰৰ স্থায়ী বাসিন্দা) ক’লোঁ। সিয়ো বেছ আগ্ৰহত ক’লে-
: সৌৰভ দা আহক আহক। বৰ ভাল লাগিব। কেতিয়া আহিব কওক? মই ভিছা ঠিক কৰি দিম।
কিন্তু অফিচত খবৰ কৰি গম পালোঁ, চৰকাৰী চাকৰিয়ালে যাওঁ বুলি কলেই বিদেশ ভ্ৰমণ কৰিব নোৱাৰে। তাৰ বাবে অনুমতি লব লাগিব। অৰ্থাৎ মোৰ অনুমতি দিল্লী মুখ্য কাৰ্যালয়ৰ পৰা আহিব লাগিব। অনুমতি আহোঁতে বোলে এমাহ মান লাগি যায়। মনটো মৰি গ’ল। এনেতে বন্ধু ডা: দিব্যজ্যোতি চুতীয়াৰ ফোনটো পালোঁ। দিব্যজ্যোতি মোৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অন্তৰংগ বন্ধু আৰু বৰ্তমান মেঘালয়ৰ উমিয়ামত থকা “নৰ্থ ইষ্ট চেটেলাইট এপ্লিকেচন চেণ্টাৰৰ” জেষ্ঠ বিজ্ঞানী। সি ফোনত ক’লে।
: ঐ, ভাল খবৰ আছে! মই e-governanceৰ ওপৰত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে বাছনি পাইছোঁ। জম্মুত পুৰস্কাৰ দিয়া হ’ব।
: ৱাহ। ইমান ভাল খবৰ। ময়ো যাওঁ নেকি তোৰ পুৰস্কাৰ লোৱা চাবলৈ। – মই ফুৰ্টিতে এনেই ক’লোঁ।
: আৰে ওলা-ওলা। ভাল লাগিব। – সি সঁচাকৈ ক’লে।
মই কথাটো সম্ভৱ নে এবাৰ ভাবি চালোঁ আৰু দেখিলোঁ একেবাৰে সম্ভৱ। বঢ়িয়া হ’ব। এই সুযোগতে স্বৰ্গপুৰি হিছাপে খ্যাত কাশ্মীৰখনো চাই আহিব পাৰিম। কিন্তু বন্ধু দিব্যজ্যোতিয়ে ক’লে সি বোলে কাশ্মীৰলৈ যাব নোৱাৰিব। কাৰণ অফিচৰ কাম বহুত বেছি আছে। মই ঠিক কৰিলোঁ যে মই অকলে আগতীয়াকৈ কাশ্মীৰ তিনিদিন মান ফুৰি আহোঁ আৰু তাৰ পিছত জম্মুলৈ আহি দিব্যজ্যোতিক লগ কৰিম। কথা মতে কাম। মই মোৰ অফিচৰ বচ্ মানে মুখ্য মহাপ্ৰবন্ধক ছাৰক কথাটো ক’লোঁ। ছাৰে একেবাৰতে ছুটিত সন্মতি জনালে আৰু মই এসপ্তাহৰ ছুটিৰ আবেদন কৰি দিলোঁ, ২১ নৱেম্বৰ ২০২২ পৰা ২৭ নৱেম্বৰ ২০২২ লৈ। ২১ৰ পৰা ২৩ তাৰিখলৈ কাশ্মীৰত থাকিম। ২৪ তাৰিখে জম্মুলৈ আহি যাম আৰু দিব্যজ্যোতিক লগ কৰি তাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ অনুষ্ঠানত যোগ দিম। শ্ৰীনগৰ আৰু জম্মুত মোৰ অফিচৰ গেষ্ট হাউচ্ বুক কৰিলোঁ। লগৰ বহুতে উপদেশ দিলে “ডাল লেকৰ” বোট হাউচ্ ত এবাৰ থাকি চাবলৈ। সেইকাৰণে শ্ৰীনগৰত প্ৰথম ৰাতি “ডাল লেকৰ” বোট হাউচত থাকিম বুলি ঠিক কৰিলোঁ আৰু অনলাইন ৰূম বুক কৰিলোঁ। সাতদিনৰ প্লেনটো এনেকৈ বনালোঁ –
২১ নৱেম্বৰ ২০২২ – গুৱাহটীৰপৰা দিল্লী হৈ শ্ৰীনগৰলৈ যাম উৰা জাহাজত। সন্ধিয়া চাৰে চাৰিটাত শ্ৰীনগৰ গৈ পাম। প্ৰথমে মোৰ অফিচৰ গেষ্ট হাউচলৈ গৈ তাত নিজৰ ডাঙৰ বেগটো থম আৰু সৰু বেগ এটা লৈ বোট হাউচলৈ যাম। ৰাতি “ডাল লেকৰ” বোট হাউচৰ অভিজ্ঞতা লম।
২২ নৱেম্বৰ ২০২২ – ৰাতিপুৱাই পেহালগাম যাম আৰু সন্ধিয়া শ্ৰীনগৰলৈ ঘূৰি আহিম।
২৩ নৱেম্বৰ ২০২২ – ৰাতিপুৱাই গুলমাৰ্গলৈ যাম আৰু সন্ধিয়া শ্ৰীনগৰলৈ ঘূৰি আহিম।
২৪ নৱেম্বৰ ২০২২ – শ্ৰীনগৰৰ পৰা জম্মু আহিম গাড়ীত আৰু সন্ধিয়া শ্ৰীশ্ৰী বৈষ্ণু দেৱী মাতাৰ মন্দিৰ দৰ্শন।
২৫ নৱেম্বৰ ২০২২ – জিৰণি।
২৬ নৱেম্বৰ ২০২২ – e-governanceৰ ওপৰত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ অনুষ্ঠানত অংশগ্ৰহণ।
২৭ নৱেম্বৰ ২০২২ – জম্মুৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ ওভতনি যাত্ৰা উৰা জাহাজত।
মই কাশ্মীৰ যোৱাৰ দুদিন আগত (১৯/১১/২০২২), দিব্যজ্যোতিয়ে ফোন কৰি ক’লে যে সিয়ো ২১ নৱেম্বৰ তাৰিখে মোৰ লগত একেখন ফ্লাইটত দিল্লীলৈকে যাব এদিনৰ বাবে বিশেষ জৰুৰী কাম আছে। ২৫ নৱেম্বৰত জম্মুলৈ যাব। ২০ নৱেম্বৰৰ ৰাতি দিব্যজ্যোতি মোৰ ঘৰলৈ আহিল যাতে ২১ নৱেম্বৰ তাৰিখে ৰাতিপুৱা একেলগে এয়াৰপৰ্টলৈ যাব পাৰোঁ। সি আহি মোক ক’লে –
: ৰহ তোৰ নামটো নেচনেল কনফাৰেন্সত অংশগ্ৰহণ কৰিবি বুলি ৰেজিষ্টাৰ কৰি দিওঁ। যদি অনুমোদন হৈ যায় তেতিয়া তই ফাইভ ষ্টাৰ হোটেল, গাড়ী আদি সকলো সুবিধা বিনামূলীয়াকৈ পাই যাবি।
: কৰি দে দেখা যাব। নহলে তোৰ ৰূমত থাকিম। কাৰণ তোকটো সকলো সুবিধা দিব। – মই ক’লোঁ।
সি মোৰ নামটো delegate হিচেপে ৰেজিষ্টাৰ কৰি দিলে।
২১ নৱেম্বৰ ৰাতিপুৱা ছয় বজাত ঘৰৰ পৰা গাড়ীত এয়াৰপৰ্ট অভিমুখে ৰাওনা হ’লোঁ, বন্ধু দিব্যজ্যোতিৰ লগত। ফ্লাইট ৰাতিপুৱা ৯.১০ বজাত আছিল। নিৰ্ধাৰিত সময়ত ফ্লাইট উৰা মাৰিল আৰু দুপৰীয়া বাৰমান বজাত দিল্লী এয়াৰপৰ্ট গৈ পালোঁগৈ । দিব্যজ্যোতিক দিল্লীত বিদায় দি শ্ৰীনগৰ যাবলগীয়া ফ্লাইটত চেক-ইন কৰিলোঁ। শ্ৰীনগৰলৈ যাবলগীয়া ফ্লাইটৰ সময় আছিল দুপৰীয়া দুই বাজি পঁচপন্ন মিনিট। সময়মতে ফ্লাইটখনে দিল্লী এয়াৰপৰ্ট এৰিলে আৰু শ্ৰীনগৰ এয়াৰপৰ্ট আহি পালোঁ আবেলি চাৰে চাৰি বজাত। বিমানৰ ভিতৰত থাকোঁতেই স্কুলীয়া বন্ধু ৰুনজুন গগৈৰ ফোন আহিল।
: ঐ, ভাল খবৰ। আমাৰ স্কুলৰ জুনিয়ৰ কৰ্নেল নিমাড মুছাহাৰী এতিয়া শ্ৰীনগৰত কৰ্মৰত। বৰ ভাল ল’ৰা। তাক লগ পায় ভাল পাবি। মই ইতিমধ্যে তাক কৈছোঁ তই শ্ৰীনগৰলৈ যোৱাৰ কথা।
: বহুত বহুত ধন্যবাদ। পাৰ্টি কৰিবলৈ মানে লগ এটা পালোঁ। – মই উৎসাহিত হৈ ক’লোঁ।
বিমানৰ পৰা নামি লাগেজ ল’বলৈ ৰৈ থাকোঁতে অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল। কিন্তু Truecaller ত ওলাই পৰিল নামটো – নিমাড মুছাহাৰী। মনটো ভাল লাগি গ’ল। ফোনটোৰ ইটো মুৰৰ পৰা নিমাডৰ কণ্ঠ ভাঁহি আহিল।
: সৌৰভ দা, মই নিমাড। আপুনি আহি পালে নেকি শ্ৰীনগৰ?
: হয় নিমাড, এইমাত্ৰ আহি পাইছোঁ। মোৰ লগৰ ৰুনজুনে অলপ আগতে ক’লে, তোমাৰ পষ্টিং বোলে শ্ৰীনগৰত? – মই ক’লোঁ।
: হয় দাদা, মই ইয়াত কৰ্ণেল হিছাপে কৰ্মৰত। আপোনাক কেতিয়া লগ পাম? – অলপ আন্তৰিকতাৰে নিমাডে ক’লে।
: মই মোৰ অফিচৰ গেষ্ট হাউচ্ ঠিক কৰিছোঁ, লাল চৌকত আছে। আজি “ডাল লেকৰ” বোট হাউচত থাকিম। কাইলৈ তোমাক লগ পাম। – মই ক’লোঁ।
: হ’ব দাদা কালি আপুনি আজৰি হৈ ফোন কৰিব, মই গাড়ী পঠিয়াই দিম আপোনাক মোৰ ঘৰলৈ আনিবলৈ। – নিমাডৰ মৰম ভৰা মাত।
হ’ব বুলি কৈ ফোনটো থলোঁ। আচৰিত লাগে নিমাডক মই এবাৰো লগ পোৱা নাই ।কিন্তু ইমান আন্তৰিকতা আৰু মৰম একমাত্ৰ সৈনিক স্কুলৰ ছাত্ৰৰ একতাৰ বাবে। আমি সৰু বা ডাঙৰ সেইটো নাচাওঁ মাত্ৰ সৈনিক স্কুল গোৱালপাৰাৰ ছাত্ৰ বুলি গম পালে নিজৰ পৰিবাৰৰ সদস্যৰ নিচিনা অনুভৱ কৰোঁ। নিমাড মোতকৈ ন বছৰ মান সৰু হ’ব। যা হওক মনটো ভাল লাগিল, অচিনাকি ঠাইত ভাইটি এটা পালোঁ।
এয়াৰপৰ্টৰ পৰা ওলাই মোৰ অফিচৰ গেষ্ট হাউচ লৈ (শ্ৰীনগৰৰ লাল চৌকত অৱস্থিত) বুলি গাড়ীত উঠিলোঁ। আচৰিত ঠাণ্ডা। তাপমাত্ৰা ১° চেলচিয়াছ। জেকেট পিন্ধিও ঠাণ্ডা লাগিছে। গেষ্ট হাউচ আহি পালোঁ। গেষ্ট হাউচটো চি.আৰ.পি.এফৰ তত্ত্বাবধানত আছে। কাৰণ কাশ্মীৰখনত উগ্ৰপন্থীৰ ভয় এটা থাকে। তাৰ উপৰি দূৰসংযোগে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু বি এছ এন এল চৰকাৰী প্ৰতিষ্ঠান হোৱাৰ বাবে ইয়াক চৰকাৰে সুৰক্ষা প্ৰদান কৰে। মই গেটত নিজৰ পৰিচয় দিয়াৰ পিছত ভিতৰলৈ সোমাবলৈ অনুমতি পালোঁ।
মোক যিটো ৰূম দিয়া হৈছে সেইটো এটা সৰু কোৱাৰ্টাৰ, তৃতীয় মহলাত। প্ৰথম সোমাই এটা ডাঙৰ ৰূম য’ত ধুনীয়াকৈ সজোৱা আছে এযোৰ সোফা ছেট, টিভি, এখন ডাঙৰ বিছনা, দুটা ৰূম হিটাৰ তাৰ উপৰি তলৰ ফ্লোৰ আৰু ওপৰৰ চিলিংখন কাঠৰ, একেবাৰে জিলিকি আছিল। ধুনীয়া ৰূম। ভিতৰৰ ৰূমত ড্ৰেছিং টেবুল, ৱাল আলমিৰা আৰু কাপোৰ থবলৈ আলনা। শেষৰ ৰূমত আছে ৱাচ বেচিন, কুমুদ, গিজাৰ আৰু এটা বাথ টাব। সুন্দৰ….. ইয়াতকৈ বেছি কেতিয়াও আশা কৰা নাছিলোঁ। ভাৰা দিব লাগিব মাত্ৰ দুশ টকা। চৰকাৰী চাকৰিৰ এই সুবিধাখিনিৰ বাবে চৰকাৰী চাকৰি কৰাৰ গৌৰৱবোধ অনুভৱ কৰোঁ। পিছে মই “ডাল লেকৰ” বোট হাউচত ৰূম বুক কৰি থোৱা কাৰণে সেই ৰাতি মোৰ ডাঙৰ বেগটো গেষ্ট হাউচত থৈ সৰু বেগ এটা লৈ শ্ৰীনগৰৰ বিখ্যাত “ডাল লেকলৈ” ঢাপলি মেলিলোঁ। মোৰ অটোখন চাৰি নম্বৰ ঘাটত ৰখাবলৈ ক’লোঁ। “ডাল লেকৰ” সুন্দৰ দৃশ্য চাই তবধ মানিলো। “ডাল লেকৰ” আনটো পাৰত শাৰী শাৰী বোট হাউচ্ য’ত জিলিকি আছে বিভিন্ন ৰঙৰ লাইট আৰু এইটো পাৰত অসংখ্য চিকাৰা (সৰু নাও)। “ডাল লেকৰ” কাষেৰে পাৰ হৈ গৈছে ৰাস্তা আৰু ৰাস্তাৰ আনফালে আছে বহুত দোকান, হোটেল আৰু দূৰত বৰফেৰে ঢকা ধুনীয়া পাহাৰ। ক’বলৈ গলে এটা মোহনীয় দৃশ্য। মোক চিকাৰা এখনে মোৰ বোট হাউচত থৈ আহিল। বোট হাউচ খনত দহটা ৰূম আছিল। মোৰ ৰূমটো ধুনীয়া বেছি ডাঙৰ নহয় কিন্তু বাথৰূম সংলগ্ন। ৰুমত আছে হিতাৰ চিষ্টেম (ৰূম গৰম কৰি ৰাখিবলৈ)। এটা অন্য অভিজ্ঞতা পায় মন ভাল লাগি গ’ল। প্ৰথমে মোক বোট হাউচৰ মালিকে কাৱা (চাহৰ নিচিনা এবিধ পানীয়) আগবঢ়াই স্বাগতম জনালে। ভাত খোৱাৰ আগলৈকে বোট হাউচৰ সন্মুখৰ বাৰণ্ডাত বহি নিশাৰ “ডাল লেক” উপভোগ কৰিলোঁ। ৰাতি দহ মান বজাত ছাগলীৰ মাংস আৰু ভাত খাই শুই পৰিলোঁ। পিছদিনা পুৱাই কাশ্মীৰৰ এখন অতি ধুনীয়া ঠাই পেহেলগামলৈ যাবলৈ ঠিক কৰি থোৱা আছে। দিনৰ ভাগৰত কেনেকৈ টোপনি আহিল গমেই নাপালোঁ। একেবাৰে পুৱা ছয় বজাত সাৰ পালোঁ আৰু লৰালৰিকৈ পেহেলগামলৈ যাবলৈ সাজু হ’লোঁ। পেহেলগামলৈ মই শ্বেয়াৰৰ্ড টেক্সীত যাবলৈ ঠিক কৰিছিলোঁ কাৰণ নিজাকৈ ভাড়া কৰি গ’লে তিনি হাজাৰ মান পৰে আৰু শ্বেয়াৰৰ্ডত গলে মাত্ৰ চাৰিশ চলিছ টকা। শ্ৰীনগৰৰ পৰা পেহেলগামলৈ ডাইৰেক্ট টেক্সী নাই ।সেইবাবে প্ৰথমে শ্ৰীনগৰৰ পৰা অনন্তনাগলৈ যাব লাগে, ভাড়া এশ বিছ টকা, দূৰত্ব ৬০ কিলোমিটাৰ। আকৌ অনন্তনাগৰ পৰা পেহেলগামৰ বাবে টেক্সী পোৱা যায়, ভাড়া এশ টকা, দূৰত্ব ৪৬ কিলোমিটাৰ। শ্ৰীনগৰৰ পৰা পেহেলগামলৈ গৈ পাওঁতে মোৰ সময় লাগিল আঢ়ৈ ঘণ্টা অৰ্থাৎ মই আঠ বজাত যাত্ৰা আৰম্ভ কৰি ছাৰে দহ মান বজাত পেহেলগাম পালোঁগৈ। গাড়ীৰ পৰা নামি পেহেলগামৰ দৃশ্য চাই অভিভূত হলোঁ। ইমান ধুনীয়া! এটা ঠাণ্ডা বতাহ গাত লাগি আছিল। অলপ দূৰত বৰফেৰে ঢকা পৰ্বত। কিবা সপোনপুৰি যেন লাগিছিল। গাড়ীৰ পৰা নমাৰ পিছতেই ঘোঁৰা ৱালা কিছুমানে মোক ঘোঁৰাত উঠি কেইটামান পৰ্য্যটনথলী চাবলৈ অনুৰোধ কৰিলে। ঘোঁৰাবোৰৰ ভাড়া তেওঁলোকে দুই হাজাৰ বা আঢ়ৈ হাজাৰ মান কয়, কিন্তু দৰ দাম কৰিলে বাৰশ বা পোন্ধৰশ মানত পোৱা যায়। মই পোন্ধৰশ টকাত ঘোঁৰা এটা ঠিক কৰিলোঁ। ঘোঁৰাত উঠি দুৰ্গম ৰাস্তাৰে পাহাৰৰ ওপৰলৈ মই গতি কৰিলোঁ। মোৰ লগত এজন ঘোঁৰাৰখীয়া দিয়া হৈছে (সৰু ল’ৰা ষোল্ল বছৰ মান বয়স হ’ব)। বেছ ফুৰ্তিবাজ ল’ৰা, মোক ৰাস্তাত যাওঁতে তাৰ কাহিনী কৈ গৈছে। ঘোঁৰাটো বোলে তাৰ, কিন্তু তাৰ খোৱা- বোৱাৰ খৰচ বহন কৰিব নোৱাৰা কাৰণে বেলেগ এজন মানুহক দিছে। অৱশ্যে পৰ্য্যটক আহিলে সি ঘোঁৰাটোৰ লগত থাকে। সি ঘোঁৰাটোৰ নাম দিছে “পৱন” আৰু তাৰ নাম “মুষ্টাফিৰ।” সি পৱনক বৰ মৰম কৰে। মুষ্টাফিৰে মোক পাহাৰৰ টিলাত থকা মিনি চুইজাৰলেণ্ড বুলি খ্যাত “বেচাৰণ ভেলী” দেখুৱাবলৈ লৈ গৈ আছিল আৰু ৰাস্তাত যাওঁতে চাৰিটামান পৰ্যটনথলী দেখুৱালে। প্ৰায় এঘণ্টা ঘোঁৰাত উঠি পাহাৰ বগোৱাৰ পিছত মিনি চুইজাৰলেণ্ড বুলি খ্যাত “বেচাৰণ ভেলী” পালোঁগৈ। ইমান অপূৰ্ব ঠাই নিজ চকুৰে নেদেখিলে ভাষাৰে বুজাব নোৱাৰি। ইয়াতে “বজৰংগী ভাইজান” চিনিমাখনৰ কিছু অংশ দৃশ্যগ্ৰহণ কৰা হৈছিল। প্ৰায় আধা ঘণ্টামান তাত জিৰণি লৈ চাৰিওফালৰ মোহনীয় দৃশ্য উপভোগ কৰি নয়ন তৃপ্তি লভিলোঁ। ঘূৰি আহিবলৈ মনে যোৱা নাছিল কিন্তু আহিবতো লাগিবই, কাৰণ আমি সময়ৰ লগত বান্ধ খাই আছোঁ। মোৰ ঘোঁৰাযাত্ৰা তিনি ঘণ্টামানত শেষ কৰি কিবা এটা খাই অনন্তনাগ হৈ শ্ৰীনগৰলৈ উভতিলোঁ। শ্ৰীনগৰ সন্ধিয়া চাৰে পাঁচমান বজাত পালোঁহি। মই গেষ্ট হাউচত হাত মুখ ধুই ফ্ৰেছ হ’বলৈ লওঁতেই, কৰ্ণেল নিমাডৰ ফোনটো পালোঁ-
: দাদা আহি পালে নে?
: পালোঁ পালোঁ। – মই ক’লোঁ।
: ঠিক আছে। এতিয়া ছয় বাজিছে। মই সাত মান বজাত আপোনাক আনিবলৈ গাড়ী পঠিয়াম। হ’ব নে? – নিমাডে ক’লে।
মই হ’ব বুলি কৈ ফোনটো ৰাখিলোঁ। কাপোৰ সলনি কৰি নিমাডৰ ঘৰলৈ যাবলৈ সাজু হ’লোঁ। ৰাতি ঠিক চাৰে সাত মান বজাত গাড়ী আহি পালে মোক নিবলৈ। কৰ্ণেল নিমাড বি.বি (বাদামি বাগ) কেম্পত থাকে, বেছি দুৰ নহয় মই থকা লাল চ’কৰ পৰা। বিছ মিনিটমানত নিমাডৰ কোৱাৰ্টাৰ পালোঁগৈ। গাড়ীৰ শব্দ শুনি নিমাড ওলাই আহিল আৰু মই ওচৰ গৈ পাওঁতে “ৱেলকাম” দাদা বুলি কৈ সাৱটি ধৰিলে। ধুনীয়া পৰিপাটি ঘৰ। এনেও আৰ্মিৰ ঘৰ ,সেইকাৰণে অলপ বেছিহে পৰিপাটি। নিমাডৰ পত্নী ওলাই আহিল ভিতৰৰ পৰা। তাইৰ নাম এলিনা কাকতি। ধুনীয়া হাঁহি এটা মাৰি তাই ক’লে।
: দাদা ভাল লাগিল আপুনি অহাৰ কাৰণে। নিমাডে বেছ আগ্ৰহত আপোনাক আদৰিবলৈ ৰৈ আছিল। আপোনাৰ কাৰণে সি নিজে গাহৰি আৰু চিকেন বনাইছে।
মোৰ মনটো ভাল লাগি গ’ল। মই হাঁহি মাৰি ক’লোঁ-
: সৈনিক স্কুলৰ বান্ধোনৰ বাবে এইবোৰ সম্ভৱ হৈছে। আমি একেই স্কুল বুলি গম পোৱাৰ লগে লগে ল’গ পাবলৈ আগ্ৰহ বাঢ়ি যায়।
: হয় হয় ঠিক কৈছে। আপোনালোক লগ হ’লে বেলেগ মানুহৰ উপস্থিতি পাহৰি যায়। – হাঁহি মাৰি এলিনাই ক’লে।
প্ৰায় তিনি ঘণ্টা সময় নিমাড আৰু এলিনাৰ লগত কটাই, ভাত পানী খাই মই নিজৰ গেষ্ট হাউচলৈ উভতিলোঁ। নিমাড আৰু মাত্ৰ এমাহ শ্ৰীনগৰত থাকিব বুলি জনালে তাৰ পিছত তেওঁ দিল্লীলৈ বদলি হৈছে।
পিছদিনা ৰাতিপুৱা মোৰ কাশ্মীৰৰ মূল আকৰ্ষণ গুলমাৰ্গলৈ যোৱাৰ পৰিকল্পনা আছে। বৰফৰ ঠাই গুলমাৰ্গখন চাবলৈ সৰুৰে পৰা হেঁপাহ আছিল। ৰাতি আহিয়ে শুই পৰিলোঁ। পুৱা ছয় বজাত উঠি গুলমাৰ্গলৈ বুলি গেষ্ট হাউচৰ পৰা ওলালোঁ। মই যিহেতু শ্বেয়াৰৰ্ড টেক্সীত যাম সেইকাৰণে টেক্সী ষ্টেণ্ড পালোঁগৈ। শ্ৰীনগৰৰ পৰা চিধাকৈ গুলমাৰ্গলৈ শ্বেয়াৰৰ্ড টেক্সী নেপায়। প্ৰথমে শ্ৰীনগৰৰ পৰা তেন্মাৰ্গ নামৰ ঠাইলৈ যাব লাগিব। আকৌ তেন্মাৰ্গৰ পৰা গুলমাৰ্গলৈ টেক্সী পোৱা যায়। তেন্মাৰ্গলৈ বুলি টেক্সীত বহোঁতে মোৰ কিনাৰত লৰা-ছোৱালী এহাল বহি আছিল। লৰা জনে উপযাচি মোৰ লগত চিনাকি হ’ল। তেওঁলোক বাংলাদেশৰ ঢাকাৰ পৰা আহিছে, হনিমুন কৰিবলৈ। দুইজন ডক্তৰ, বাংলাদেশত মেডিকেল পাছ কৰি বিবাহ পাশত আবদ্ধ হয় আৰু বিয়াৰ পাছতে ভাৰত ভ্ৰমণলৈ আহিছে। আমি ভাল বন্ধু হৈ পৰিলোঁ। অচিনাকি ঠাইত ফটো তুলিবলৈ ভাল লগৰী পাই গলোঁ। গুলমাৰ্গৰ বিশেষ আকৰ্ষণ হৈছে “গণ্ডলা ৰাইড” যাৰ বাবে আমি অনলাইন টিকট কৰি থৈছিলোঁ। “গণ্ডলা ৰাইড” মানে “ৰপ-ৱে”, যিটো দুটা পৰ্যায়ত উপলব্ধ। প্ৰথম পৰ্যায়ত বৰফ নেপালে পৰ্য্যটকবোৰ সাধাৰণতে দ্বিতীয় পৰ্যায়লৈ যায়। আমি প্ৰথম পৰ্যায়তে বৰফ পোৱাৰ বাবে দ্বিতীয় পৰ্যায়ৰ টিকট লোৱা নাছিলোঁ। গুলমাৰ্গত গাড়ীৰ পৰা নামিয়ে চাৰিওফালে যি দৃশ্য উপভোগ কৰিলোঁ মন ভাল লাগি গল। গোটেই ঠাই ডোখৰ বৰফেৰে ঢকা। ঘৰৰ চালৰ ওপৰতো বৰফেৰে ঢাক খায় আছে। কিবা কেলেণ্ডাৰৰ ছবিৰ নিচিনা লাগিছিল। মোবাইলত ফটো তুলি তুলি হেঁপাহ পলোৱা নাছিল। গুলমাৰ্গৰ মেইন গেটৰ পৰা “গণ্ডলা ৰাইড” লৈ প্ৰায় এক কিলোমিটাৰ। মানুহে গাড়ীত বা ঘোঁৰাত যাব পাৰে, আমি কিন্তু খোজ কাঢ়ি গলোঁ। খোজ কাঢ়ি অপূৰ্ব দৃশ্য উপভোগ কৰি কৰি। অলপ দেৰিৰ পিছত আমি “গণ্ডলা ৰাইড” পালোঁ আৰু এটা কেবিনত আমাক বহিবলৈ দিয়া হল। এটা কেবিনত চাৰিৰ পৰা ছয়জনমান মানু্হ নিয়ে “ৰপ-ৱেৰ” দ্বাৰা। আমি বহাৰ লগে লগে আমাৰ কেবিনটো “ৰপ-ৱেৰ” দ্বাৰা বৰফেৰে ঢকা পাহাৰৰ ওপৰলৈ চলিবলৈ ধৰিলে। কি যে বুজাব নোৱাৰা এটা আমেজ। চাৰিওফালে শুদ্ধ বগা আৰু বগা, তলৰ মাটিত বৰফ, পাহাৰ-পৰ্বত সকলোতে বৰফ। আনকি গছবোৰতো বৰফ লাগি ধৰিছে। সঁচাই স্বৰ্গ বুলি ইয়াকে কয় বুলি অনুভৱ হৈছিল। আমি গন্তব্য স্থান পাই দেখো বহুত পৰ্য্যটকে ইতিমধ্যে বৰফৰ খেল খেলা আৰম্ভ কৰি দিছে। ময়ো বৰফত বাইক চলোৱা আমেজটো ললোঁ। বহুত ফটো তুলিলোঁ। জীৱনটো সাৰ্থক হোৱাৰ নিচিনা অনুভৱ হ’ল ইমান ধুনীয়া ঠাইডোখৰলৈ আহি। প্ৰায় তিনি ঘণ্টামান সময় কটাই মই তেন্মাৰ্গ হৈ শ্ৰীনগৰলৈ উভতিলোঁ। মোৰ কাশ্মীৰত সময় শেষ, পিছদিনা পুৱাই জম্মু যাব লাগিব। মই থকা অফিচৰ (বি.এছ.এন.এল) গেষ্ট হাউচত কেইজন মান বন্ধু লগ পালোঁ। তেওঁলোক ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বদলি হৈ কাশ্মীৰত চাকৰি কৰিবলৈ আহিছে। মোক তেওঁলোকে সুধিলে মই জম্মুলৈ কিহত যাম? মই “ইন্নভা” গাড়ীত যাম বুলি ক’লোঁ। তেওঁলোকে কলে –
: ফ্লাইটত কিয় নোযোৱা? ফ্লাইটৰ ভাৰা মাত্ৰ ২১০০/- টকা কাশ্মীৰৰ পৰা জম্মুলৈ,আৰু ইন্নভা গাড়ীত শ্বেয়াৰৰ্ডত গ’লে ১৫০০/- টকা।
মই ক’লোঁ –
: নাই মই ৰাস্তাৰেই যাম। আকাশী মাৰ্গেৰে গ’লে মই ঠাই বোৰ ভালকৈ চাই যাব নোৱাৰিম।
তেওঁলোকে হাঁহিলে আৰু মোক শুভেচ্ছা দিলে।
পিছদিনা ৰাতিপুৱা আঠমান বজাত মোৰ যাত্ৰা কাশ্মীৰৰ পৰা জম্মুলৈ আৰম্ভ হ’ল। ৰাস্তাত ক্ৰিকেট বেট বিক্ৰী কৰা বহুত দোকান দেখিলোঁ। কাশ্মীৰৰ ক্ৰিকেট বেট বহুত বিখ্যাত। কেচৰ আৰু অন্য ড্ৰাই ফ্ৰুটছ বিক্ৰী কৰা দোকানো বহুত দেখিবলৈ পালোঁ। পিছবেলা প্ৰায় দুই মান বজাত আহি জম্মু পালোঁহি। টেক্সি ষ্টেণ্ডৰ পৰা অটো এখন লৈ মই মোৰ বি.এছ.এন.এলৰ গেষ্ট হাউচ আহি পালোঁ। জম্মু পায়ে মোৰ মনটো গৈছে বৈষ্ণু দেৱী মাতাৰ মন্দিৰ দৰ্শন কৰিবলৈ। গেষ্ট হাউচত গা-পা ধুই মই বৈষ্ণু দেৱী মন্দিৰ যাবলৈ জম্মুৰ পৰা কাটৰালৈ বাছত উঠিলোঁ। এঘণ্টামানৰ পিছত সন্ধিয়া পাঁচমান বজাত আহি কাটৰা পালোঁ। বৈষ্ণু দেৱী মন্দিৰলৈ যাবলৈ প্ৰথমে নিৰ্দিষ্ট কাউণ্টাৰত আৰ.এফ.আই.ডি কাৰ্ডখন বনাই ল’লোঁ। সময় চাৰে পাঁচ মান বাজিছে, ভাবিলোঁ ভাত কেইটামান খাই লওঁ নহলে বৈষ্ণু দেৱী মন্দিৰলৈ যাবলৈ ১২-১৪ কিলোমিটাৰ খোজ কঢ়া আৰম্ভ কৰিলে ভোক লাগি যাব। ভবা মতে ধুনীয়াকৈ নিৰামিষ ভাত কেইটা খালোঁ। ইয়াতে এটা কথা উল্লেখ কৰি থওঁ যে কাটৰাত আমিষ আহাৰ পোৱা নাযায় আৰু ৰাগীয়াল বস্তু যেনে মদো পোৱা নাযায়। পেটটো ভৰাই ৰাতি সাত বজাত মই মোৰ যাত্ৰা মানে বৈষ্ণু দেৱী মন্দিৰলৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ। ৰাস্তাত অসংখ্য মানু্হ। সৰু পানী কেঁচুৱা লৈ যোৱা মানুহৰ পৰা বুঢ়া- বুঢ়ীলৈ সকলো মন্দিৰলৈ গৈ আছে বা মন্দিৰ দৰ্শন কৰি আহি আছে। দিন -ৰাতিৰ চিন-চাব নাই একেবাৰে পোহৰ। ৰাস্তাৰ দুই পাৰে লানি নিছিগা দোকান। মুখত “জয় মাতা ডি” গান গাই সকলো গৈ আছে। এটা অদ্ভুত পৰিবেশ। কিছুমানে খোজ কাঢ়ি গৈছে, কিছুমানে ঘোঁৰাত উঠি গৈছে, কিছুমানে পাল্কীত উঠি গৈছে আৰু যাৰ বেছি সামৰ্থ আছে তেওঁলোক হেলিকপ্টাৰত গৈছে। মুঠতে যিয়ে যেনেকৈ পাৰে বৈষ্ণু দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছে। মই খোজ কাঢ়ি কাঢ়ি ৰাতি দহ মান বজাত “অৰ্ধকুৱাৰি” মন্দিৰ গৈ পালোঁ। কাটৰাৰ পৰা “অৰ্ধকুৱাৰি” মন্দিৰলৈ ছয় কিলোমিটাৰ। আকৌ তাৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ চাৰে ছয় কিলোমিটাৰ। মানুহৰ বিশ্বাস বৈষ্ণু দেৱী মন্দিৰলৈ গলে “অৰ্ধকুৱাৰি” মন্দিৰো দৰ্শন কৰিব লাগে। মই অৰ্ধকুৱাৰি মন্দিৰত সোমাবলৈ টিকট (বিনামূলীয়া) ললোঁ। কিন্তু টিকট কাউণ্টাৰত মোক ক’লে যে বহুত ভিৰ চলি আছে সেইকাৰণে মই পিছদিনা ৰাতিপুৱা দহমান বজাতহে দৰ্শন কৰিব পাৰিম। মই মনতে ঠিক কৰিলোঁ আগে বৈষ্ণু দেৱী মন্দিৰ দৰ্শন কৰি আহোঁ আৰু ঘূৰি আহোঁতে যদি পৰা যায় অৰ্ধকুৱাৰি মন্দিৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিম। মই আকৌ খোজ কঢ়া আৰম্ভ কৰিলোঁ। অৱস্থা কাহিল হৈ গৈছিল খোজ কাঢ়ি কাঢ়ি। কেতিয়া পাম কেতিয়া পাম লাগি গৈছিল। ইমান দূৰ খোজ কঢ়াৰ অভিজ্ঞতা বহুত বছৰ নাই। অৱশেষত ৰাতি বাৰ বজাত ভৱন (বৈষ্ণু দেৱী মন্দিৰ) আহি পালোঁ। বৈষ্ণু দেৱী মন্দিৰক যে ভৱন বুলি কোৱা হয়, মই তাত মানে কাটৰা গৈহে গম পাইছিলোঁ। বৈষ্ণু দেৱী মন্দিৰত প্ৰবেশ কৰিবলৈ মোবাইল, যিকোনো চামৰাৰ বস্তু আৰু স্মাৰ্ট ঘড়ী আদি নিয়াত বাধা আৰোপ কৰা আছে। সেইবোৰ বস্তু থবলৈ বিনামূলীয়া লকাৰ পোৱা যায়। নিয়ম অনুসৰি কামবোৰ কৰি মই ৰাতি বাৰ বজাত ভৱন (বৈষ্ণু দেৱী মন্দিৰ) গৈ পালোঁ। ইমান বছৰে মনতে ভাবি থকা বৈষ্ণু দেৱী মন্দিৰ দৰ্শন সাৰ্থক হ’ল। মোৰ ইমান সৌভাগ্য যে মোৰ পিছত কোনো মানু্হ নাছিল আৰু মই প্ৰায় বিছ মিনিট সময় বৈষ্ণু দেৱী মন্দিৰৰ ভিতৰত থকাৰ সুবিধা বা মাতাৰ আশীৰ্বাদ পালোঁ। মনটো ভাল লাগি গ’ল। মন্দিৰ দৰ্শন কৰি ৰাতি চাৰে বাৰ বজাত মন্দিৰৰ সমীপতে থকা “সাগৰ ৰত্ন” নামৰ হোটেলখনত “ৰাজমা চাৱল” খালোঁ, লগতে দুটা লালমোহন আৰু কফি একাপো খালোঁ। গাটো অলপ সতেজ লাগি গল আৰু মই উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ নিশা প্ৰায় এক বজাত। বহুত ঠাণ্ডা আছিল, ৰাস্তাৰ কাষৰ চকীৰ ওচৰত জুই একুৰা জলি আছিল দৰ্শনাৰ্থীৰ সেৱাৰ বাবে। মই আহি তাতে অলপ জিৰণি ল’লোঁ। কিছুমান মানুহে কম্বল লৈ জিৰণি কোঠাৰ যতে ঠাই পাইছে তাতে শুই পৰিছে। মই লাহে লাহে আকৌ খোজ কঢ়া আৰম্ভ কৰিলোঁ আৰু মাজ নিশা প্ৰায় দুই বাজি ত্ৰিশ মিনিটত অৰ্ধকুৱাৰি মন্দিৰ আহি পালোঁ। আহি দেখোঁ যে কিছু দৰ্শনাৰ্থী অৰ্ধকুৱাৰি মন্দিৰত প্ৰবেশ কৰিবলৈ শাৰী পাতিছে। মই লৰালৰিকৈ প্ৰবেশ দুৱাৰ গৈ পালোঁ আৰু মই সোমাব পাৰিম নেকি খবৰ কৰিলোঁ। প্ৰথমে মোৰ টিকট চাই কলে নোৱাৰিব কাৰণ মোৰ প্ৰবেশৰ পাল পৰিছে পুৱা দহ বজাত কিন্তু ভগৱানৰ ইচ্ছা, কি দয়া উপজিল নেজানো দুৱাৰ ৰক্ষীজনে মই অকলে আছো নেকি সুধিলে? মই যেতিয়া অকলে আছো বুলি ক’লো তেতিয়া মোক মন্দিৰত সোমাবলৈ অনুমতি দিলে। মই গম পালোঁ, ভগৱানে যেতিয়া বিচাৰে তেতিয়া সকলো সম্ভৱ। অৰ্ধকুৱাৰি মন্দিৰৰ ভিতৰত প্ৰায় দুই ঘণ্টামান শাৰী পাতি মন্দিৰৰ মূল স্থান পালোঁ। অলপ অদ্ভুত! শিলৰ সৰু ফাকাৰে পাৰ হ’ব লাগে। ভয় লাগে বেছি শকত মানুহ লাগি ধৰিব নেকি? মানুহৰ বিশ্বাস, যাৰ মন পৱিত্ৰ তেওঁ শকত হলেও সৰকি যাব পাৰে। নেজানো আৰু কিন্তু মোৰ আগৰ সকলো শিলৰ সৰু ফাকাৰে পাৰ হৈ গৈছে। ময়ো আৰামচে পাৰ হৈ গলোঁ। মোৰ অৰ্ধকুৱাৰি মন্দিৰ দৰ্শন শেষ হওঁতে পুৱা ছাৰে পাঁচমান বাজিল। বহুত ভাগৰ লাগি গৈছে, মই আকৌ খোজ কঢ়া আৰম্ভ কৰিলোঁ, উদেশ্য যিমান পাৰি সোনকালে কাটৰাৰ পৰা জম্মুলৈ যাব লাগে আৰু গেষ্ট হাউচ পাই শুব লাগে। জম্মুলৈ যাব লগা বাছত উঠিলোঁ। অলপ দুৰ যোৱাৰ পাছতে এটা অচিনাকি নম্বৰৰ পৰা ফোন পালোঁ। এগৰাকী ভদ্ৰ মহিলাৰ ফোন। নিজকে অঞ্জলি গদ্ৰতকা বুলি চিনাকি দিলে। তেখেত জম্মুৰ চেৰী নামৰ ব্লকৰ বি.দি.ও।
: ছাৰ আপুনি সৌৰভ বৰগোহাঁয়ে কৈছে নে?
মই হয় বুলি উত্তৰ দিলোঁ।
: ছাৰ আপুনি নেচনেল কনফাৰেন্সত যোগদান কৰিবলৈ আহি আছে নহয়?
: হয় আহি আছোঁ। – মই কলোঁ।
: ধন্যবাদ ছাৰ। আপোনাক ৰিচিভ কৰিবলৈ আমি গাড়ী ক’লৈ পঠিয়াম?
মই অলপ আচৰিত হ’লোঁ আৰু মনতে ভাবিলোঁ নিশ্চয় মোৰ কনফাৰেন্সত যোগদান কৰিব বিচৰা আবেদন অনুমোদন হ’ল।
: মোক ৰিচিভ কৰি ক’ত ড্ৰপ কৰিব? – মই ক’লোঁ।
: ছাৰ আপোনাক পঞ্চ তাৰকা হোটেল নৱতেলত ৰূম দিয়া হৈছে। হোটেলখন কাটৰাত আছে। – ভদ্ৰ মহিলাই ক’লে।
ঠিক আছে মেডাম মই আপোনাক অলপ পিছত জনাম বুলি কৈ ফোনটো থলোঁ। লগে লগে বন্ধু দিব্যক ফোন কৰি কথাটো কলোঁ সি ক’লে –
: বঢ়িয়া! তয়ো এতিয়া অফিচিয়েল ডেলিগেট বনি গলি। তই গাড়ী নেলাগে বুলি কৈ দে, কাৰণ মই সন্ধিয়া সাত মান বজাত জম্মু এয়াৰপৰ্ট পাম আৰু তই এয়াৰপৰ্টলৈ আহি যাবি ,আমি একেলগে কাটৰা যাম।
মই হ’ব বুলি কৈ ভদ্ৰ মহিলাক ফোন কৰি মোক গাড়ী নেলাগে বুলি কৈ দিলোঁ কাৰণ মোৰ বন্ধুজনক গাড়ী ইতিমধ্যেই দিয়া হৈছে। অকলে অকলে গাড়ীত ঘূৰাৰ কি আমেজ থাকিবনো? মনটো ভাল লাগি গ’ল বিনা পইছাত পঞ্চ তাৰকা হোটেল নৱতেলত থাকিবলৈ পাম। মই সেয়া বৈষ্ণু দেৱী মাতাৰ আশীৰ্বাদ বুলি ভাবোঁ। প্ৰায় দহ মান বজাত মই গৈ বি.এছ.এন.এলৰ গেষ্ট হাউচ পালোঁগৈ। হাত মুখ ধুই ব্ৰেকফাষ্ট কৰি শুই পৰিলোঁ। ভাগৰ আৰু টোপনিয়ে মোক হেঁচা মাৰি ধৰিছিল, একেবাৰে পিছবেলা চাৰি মান বজাত সাৰ পালোঁ। গাটো যথেষ্ট ভাল লাগিল। বেগত কাপোৰ কানি ভৰাই মই জম্মু এয়াৰপৰ্টলৈ সন্ধিয়া ছয় মান বজাত গ’লোঁ। বন্ধু দিব্য আহি পালে ৰাতি সাত বজাত জম্মু এয়াৰপৰ্ট দিল্লীৰ পৰা আৰু আমি কাটৰালৈ বুলি গতি কৰিলোঁ। দিব্যক দিয়া হোটেল খনৰ নাম “ৰমাদা” এক পঞ্চ তাৰকা হোটেল। মোক দিয়া হোটেল নৱতেলৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ। কাটৰা গৈ পালোঁ আৰু প্ৰথমে হোটেল নৱতেললৈ গ’লোঁ। মোক জনোৱা হ’ল যে মোৰ নামত তিনি ৰাতিৰ বাবে ৰূম বুক আছে (২৫, ২৬ আৰু ২৭ নৱেম্বৰলৈ। ২৮ নৱেম্বৰত চেক আউট আছে। ) ৰাতিৰ আহাৰ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰূমৰ লগত ধৰা আছে অৰ্থাৎ মোৰ বাবে ফ্ৰী। মোক দিয়া ৰূম নম্বৰ ৪০৫ ত নিজৰ বেগ থৈ বন্ধু দিব্যৰ হোটেললৈ গ’লোঁ। তাৰ হোটেলখনো বেছ ধুনীয়া আৰু বিশেষকৈ তাৰ ৰূমটো বেছ ডাঙৰ। যিহেতু বন্ধু দিব্যক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব সেইকাৰণে তেওঁলোকক অলপ স্পেচি়য়েল ট্ৰিটমেণ্ট দিয়া হৈছে। বন্ধু দিব্যৰ অফিচৰ আৰু দুজন লগৰীয়াও দিব্যৰ লগত একেই হোটেলত আছে। তেওঁলোকেও পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। তেওঁলোকৰ নাম হৈছে সুভাষ আৰু নিলয়। মোৰ লগত ভাল বন্ধুত্ব তেওঁলোকৰ। একেলগে আমি হোটেল “”ৰমাদা”ত ৰাতিৰ আহাৰ গ্ৰহণ কৰি মই মোৰ হোটেল নৱতেললৈ আহিলোঁ। পিছদিনা ৰাতিপুৱা অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনা হোটেলত ব্ৰেকফাষ্ট কৰি নেচনেল কনফাৰেন্স আৰু লগতে ই গভৰ্ৰনেন্সৰ ওপৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান অনুষ্ঠানলৈ বন্ধু দিব্যৰ লগত গ’লোঁ। অনুষ্ঠানটো হৈছিল কাটৰাৰ শ্ৰী মাতা বৈষ্ণু দেৱী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত। ইমান ডাঙৰ অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিলোঁ।
পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ পিছত অডিট’ৰিয়ামৰ বাহিৰত ফটো চেশ্যন আৰম্ভ হল। গৌৰৱৰ বিষয় যে অসমৰ দুগৰাকী উপায়ুক্তক তেওঁলোকৰ প্ৰশংসনীয় কামৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰৰে সন্মানিত কৰা হৈছিল। তেওঁলোক হ’ল- শ্ৰী মতি বৰ্ণালী ডেকা, ডি.চি. কোকৰাঝাৰ আৰু শ্ৰী মতি কীৰ্থি জল্লি, ডি.চি. কামৰূপ গ্ৰাম্য। মই মোৰ ডি.এছ.এল.আৰ কেমেৰাটো লৈ গৈছিলোঁ, ফটো তুলিবলৈ। কীৰ্থি মেদামে মোৰ কেমেৰা দেখি তেখেতৰ ফটো দুখন মান তুলি দিবলৈ অনুৰোধ কৰিলে আৰু তেখেতৰ মবাইল নম্বৰটো দিলে ফটো বোৰ পঠিয়াই দিবলৈ।
এনেকৈ এটা মোৰ স্মৰণীয় যাত্ৰাৰ সামৰণি পৰিল। পাছদিনা ৰাতিপুৱা (২৭ নৱেম্বৰ) সাত বজাত মই জম্মু এয়াৰপৰ্টৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ উভতিলোঁ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!