জীৱন যুঁজৰ সোণসেৰীয়া কথা

লেখক- ৰাজেন পূজাৰী

অভিশাপেই যেতিয়া আশীৰ্বাদ হয়।”
“ Blessing in disguise “ বুলি এষাৰ কথা আছে। অভিধানত ইয়াৰ অৰ্থ হৈছে – something to be unfortunate, but later to be fortunate. কিবা অভিশাপ হ’লেও পিছলৈ ই আশীৰ্বাদ স্বৰূপ বা সৌভাগ্যহে হৈ পৰে। কেতিয়াবা বেয়া বুলি ভৱা বা দুৰ্ভাগ্য জনক ঘটনা এটাক আশীৰ্বাদ বুলিও বিবেচিত হয়। ঘটনাবোৰক যদি কেৱল বেয়া দিশেৰে নাচাই তাৰ পৰা ইতিবাচক দিশেৰে শিক্ষা ল’ব জানিলে লাভৱান হ’ব পাৰি। তেতিয়া সি অভিশাপ হৈ নাথাকে। জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা ঘটনাক বা ঘাট-প্ৰতিঘাটক বিকল্প সন্ধানেৰে নিজৰ বা সমাজৰ স্বাৰ্থত কাম-কাজেৰে ব্যস্ত ৰাখিব পাৰিলে দুৰ্ভাগ্যজনক ঘটনাটো পাহৰণিৰ গৰ্ভত লীন গৈ নতুন প্ৰেৰণাময় ঘটনাই জীৱনটোক সজীৱ কৰি তোলে। ফলত বেয়া ঘটনাটোৱে বিকল্পৰ সন্ধানত আশীৰ্বাদ ৰূপে ঠিয় দিয়ে । জীৱনত বহু অসহনীয় বেদনাদায়ক ঘটনাই মানুহক পীড়া দিয়ে। সেই ঘটনাৰ বিলাকৰ মাজত আৱদ্ধ হৈ পাগুলি থকা মানুহক ঘটনাটোৱে গ্ৰাস কৰে যে তেওঁ আৰু উধাব নোৱৰা হয়। তেনে লোকৰ বাবে ঘটনা অভিশাপ হৈ পৰে। এনে সমস্যাৰে পাক চক্ৰত সোমাই দিক-বিদিক হেৰুৱাই বহু লোকে মানসিক ৰোগত এননেদৰে আক্ৰান্ত হয় যে তেওঁৰ বাবে জীৱনেই অসাৰ স্বৰূপ হয়। এনেদৰেই মানসিক ভাৰসাম্য হেৰুৱাই আত্মঘাতী হোৱাৰ বহু দুৰ্ভাগ্যজনক ঘটনা ঘটি আছে।
সৱল দূৰদৰ্শী মনৰ লোকে বেয়া ঘটনাক পাহৰিবলৈ সদায় বিকল্পৰ সন্ধান কৰে। মন পৰিবৰ্তন কৰে অন্য দিশত। পীড়া থকা এটা ঘটনাক মন প্ৰফুল্ল কৰা নতুন ঘটনাৰ সন্ধানে প্ৰশমিত কৰাই নহয় বৰঞ্চ বৈচিত্যময় অভিজ্ঞতাই মানসিক বিকাশ ঘটায়।
যিহেতু মানুহৰ মগজুটো বৰ আছৰিত বস্তু। একেটা মগজুৰে পৰিচালিত হৈ মানুহে গঠনাত্মক কাম কৰি বিখ্যাত ব্যক্তি হৈছে। বিখ্যাত বিজ্ঞানী, সাহিত্যিক, লেখক, সাংবাদিক, অভিনেতা, শিল্পী হৈছে। আনহাতে একেটা মগজুকে বেয়াভাৱে পৰিচালিত কৰি কুখ্যাত অপৰাধীও হৈছে। সেয়ে নিৰ্ভৰ কৰে মানুহে মনটোক কেনেধৰণে ব্যৱহাৰ কৰিব পাৰে। মানুহৰ মনটোতে সকলো আছে অতীত বৰ্তমান আৰু ভৱিষ্যৎ। মনটো পবিত্ৰ শুদ্ধ সঠিক হ’লে কাম-কাজ বিলাকৰ মাজত সততা, আদৰ্শ আৰু মূল্যবোধ প্ৰতিফলিত হয়। এনে সামাজিক চেতনাৰ ব্যক্তিয়ে জীৱনত সদায় অভিশাপৰ মাজতো আশীৰ্বাদেই বিচাৰি পায়।
সেই কাৰণে আমি যিকোনো বেয়া ঘটনাৰ ওচৰত মূৰ দোৱাব নালাগে। সেই ঘটনাক পাহৰি নতুন ৰূপত কাম আৰম্ভ কৰিলে জীৱনটোক অধিক লাভৱানো কৰি তুলিব পাৰি। জীৱনটোক প্ৰত্যাহবান ৰুপে লোৱা মানুহে কেতিয়াও সমস্যাৰ ওচৰত হাৰ নামানে। মানুহৰ জীৱনেই সমস্যা বহুল। সমস্যা অবিহনে মানুহৰ জীৱনৰ উত্তৰণ অসম্ভৱ। সমস্যা মোকাবিলা কৰিব পাৰিব লাগিব। প্ৰতিটো সমস্যাৰ সঠিক বিশ্লেষণ আৰু প্ৰয়োজনীয় পদক্ষেপে সু সমাধান দিয়ে। এই পৃথিৱীত যেনেকৈ সমস্যা আছে তেনেকৈ তাৰ সমাধানো আছে। সমস্যা বুলিলে সমাধানৰ পথো আছে। পৃথিৱীত এনে কোনো সমস্যা নাই যিটো আলোচনাৰ মাধ্যমেৰে সমাধান হোৱা নাই। এৰা-ধৰা মাজতে সমাধান ওলায়। আলোচনাৰ জড়িয়তেই বহু জ্বলন্ত সমস্যা সমাধান হৈ আছে এই পৃথিৱীত। বহু জ্বলন্ত ৰাজনৈতিক সমস্যাৰ সমাধান হৈ আলোচনাৰ মাধ্যমেৰে শান্তি স্থাপন হৈছে।
‌ষ্টিফেন হকিঙৰ মটৰ নিউৰণ ৰোগত সৰ্ব শৰীৰ অকামিলা নোহোৱা হ’লে হয়তো আমি তেওঁক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্বৰ দৰে পদাৰ্থ বিজ্ঞানৰ জটিল বিষয়ত গৱেষণা আৰু তত্ত্ব উদ্ভাৱক হিচাপে নাপালোহেতেন। সৰ্ব শৰীৰ অসাৰ বিজ্ঞানীজনে কেৱল সক্ৰিয় মগজুটোকে লৈ কম্পিউটাৰৰ বুতামত আঙুলিৰ সংকেতৰ দ্বাৰা চিন্তা প্ৰসূত গৱেষণা প্ৰকাশ কৰিছিল। কৃষ্ণ গহ্বৰ, বিগ বেংগৰ দৰে অতি জটিল তত্ত্ব তেওঁ দাঙি ধৰিছিল। “ সময়ৰ চমু বুৰঞ্জী” আছিল হকিঙৰ ৰচিত আটাইতকৈ বেছি বিক্ৰি হোৱা জনপ্ৰিয় গ্ৰন্থ।
‌ মুম্বাইৰ বাসিন্দা শাৰীৰিক ভাৱে অক্ষম ফিৰদোৱাছ কাংগা আছিল লেখক সাংবাদিক। জন্মতে তেওঁৰ হাড় ঠুনুকা আছিল। শিশু অৱস্থাতে তেওঁৰ হাড়বোৰ সহজে ভাগি গৈছিল। হকিঙৰ দৰেই কাংগায়ো হুইল চেয়াৰত ঘূৰি-ফুৰে। কাংগাই লোৱা এক সাক্ষাৎকাৰত হকিঙক সুধিছিল “ বহুত মানুহে ভবা যেন লাগে যে অক্ষম মানুহবোৰ অনবৰতে অসুখী।” উত্তৰত বিজ্ঞানীজনে হাঁহি উঠা কথা বুলিহে কয়। সম্পূৰ্ণ এক নি: সংগ অৱস্থাই তেওঁক গৱেষণা কাৰ্যত সহায়হে কৰিছিল। সেয়ে হকিঙৰ বাবে এই জটিল ৰোগ আশীৰ্বাদ স্বৰূপ হ’ল। বহু শাৰীৰিক ভাৱে অক্ষমলোকক দেখি আমাৰ ধাৰণা হয় তেওঁলোক দুৰ্ভগীয়া। তেওঁলোকৰ মাজত ফুটি উঠা প্ৰতিভাই প্ৰমাণ কৰে তেওঁলোকৰ অক্ষমতা কেতিয়াও অন্তৰায় নহয়। মনৰ প্ৰচণ্ড শক্তিৰ দ্বাৰা মানুহে অক্ষমতাকো হেলাৰঙে জয় কৰিব পাৰে। সৱল মনৰ লোকৰ বাবে জীৱন কেতিয়াও অভিশপ্ত নহয়। তেনে লোকৰ কাৰণে জীৱন সদায় আশীৰ্বাদ স্বৰূপ। মানুহৰ জীৱনটো হৈছে অভিজ্ঞতাৰে ভৰা। এই অভিজ্ঞতাবিলাকৰ পৰা অৰ্জন কৰা জ্ঞানৰ দ্বাৰা জীৱন সাফল্য মণ্ডিত কৰিব পাৰি।
‌গান্ধীজীয়ে দ্বিতীয় বাৰ দক্ষিণ আফ্ৰিকালৈ যোৱা জাহাজখনত দুশ ভাৰতীয় লোক আছিল। সেই সময়ত বোম্বেত প্লেগ ৰোগে ভয়াবহ ৰূপ লৈছিল। জাহাজৰ পৰা নমা ভাৰতীয় সকলক স্বাস্থ্য পৰীক্ষা কৰি আফ্ৰিকাৰ মাটিত নামিবলৈ দিবলৈ বন্দৰত কেবাদিনো ৰাখি থৈছিল। গান্ধীৰ দক্ষিণ আফ্ৰিকা সম্পৰ্কত কাকতত অতিৰঞ্জিতকৈ প্ৰকাশিত লেখাকলৈ বৰ্ণবাদী সমৰ্থকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। ফলত গান্ধীৰ ওপৰত অপযশ দি জাহাজৰ ভাৰতীয় যাত্ৰী সকলক ভাৰতলৈ ঘূৰাই পঠাবলৈ কৰা কৰা চক্ৰান্ত বিফল হৈছিল গান্ধীৰ প্ৰতিবাদত। এটা উচ্ছৃংখলদলে গান্ধীক শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰিলে। গান্ধীৰ বন্ধু এজন ইংৰাজ আৰক্ষী বিষয়াই ছদ্মবেশেৰে গান্ধীক পলুৱাই ৰক্ষা কৰিছিল। পিছত ইংৰাজ বন্ধু মহলে তেওঁক গোচৰ তৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ গোচৰ দিয়াৰ পৰা বিৰত থাকিল। গান্ধীয়ে কাকতত লেখা সম্পৰ্কত স্পষ্টীকৰণ দিলে। এই ঘটনাই দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ জনপ্ৰিয়তা বঢ়ালেহে। তেওঁৰ ক্ষমা দৃষ্টিয়ে অপকৰ্মত লিপ্ত সকলৰো হৃদয় জয় কৰিলে। তাত বৰ্ণবাদী আমোলত ভাৰতীয় সকলৰ দুখ-যন্ত্ৰণা দূৰ কৰাৰ গান্ধীৰ অহিংস আন্দোলনে প্ৰসাৰ লাভ কৰিছিল আৰু সফলতাও অৰ্জন কৰিছিল।
‌২০০৩/৪ চনত আমাৰ চাকৰি জীৱনলৈ এটা দুৰ্যোগ আহিছিল। অন্যায়ৰ বলি হৈ ২০ মাহ বেতনৰ পৰা বঞ্চিৎ হৈ আছিলো। মাননীয় উচ্চ ন্যায়ালয়ৰ পৰা ন্যায় পাইছিলো। চাকৰি সংক্ৰান্তত গুৱাহাটীলৈ গৈ থাকোঁতে মাজুলীত ব্ৰহ্মপুত্ৰ গড়া খহনীয়াত বিধ্বস্ত আমাৰ গাঁৱৰ ২৮টা ভূমিহীন পৰিয়ালৰ ভূমি আবণ্টনৰ কাম অসম চৰকাৰৰ ৰাজহ পুনৰ সংস্থাপন বিভাগৰ দ্বাৰা উদ্যোগ লৈ সম্পন্ন কৰিছিলো। গাঁৱৰ ৰাইজে ভূমি আবণ্টন পালে। এই কামৰ কথা মনলৈ আহিলে অপাৰ আনন্দ লাভ কৰো। সমাজত মানুহে কৰা সকলো গঠনমূলক কামৰে মূল্যায়ন হয়। সময়ে মানুহক আচল ফলাফল দিয়ে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!