মেঘমল্লাৰৰ শেষত

লেখক- ৰশ্মি ৰেখা বৰা হাজৰিকা

জেঠ সোমোৱাৰ পৰাই বৰষুণ। নেকনেকীয়া‌ বৰষুণ। ৰাস্তা-পদূলি একেবাৰে গেলি গৈছে। ঢেকীশালত মেলি থোৱা তিতা তিয়নীবোৰৰ পৰা উখুমা উখুম গোন্ধ ওলাইছে। আজিকালি বাৰিষা আগতীয়া। তাতে, মুহিধৰ বৰবায়ন‌ৰ মনটোও ফৰকাল নহয়। চিন্তাৰ কাৰণটো হৈছে, গাঁৱৰ নামঘৰৰ বাৰ্ষিক বৰসবাহ আৰু ভাওনাখন। গাঁৱৰ ডেকামখাৰ মনকাণ নাই। গোটেই ব’হাগ মাহটো অ’ত বিহু সন্মিলন ত’ত বসন্ত উৎসৱ পাতি পাতি ততেই নাই সিহঁতৰ। ভাওনাৰ আখৰা কৰিবলৈ‌ ক্লাবৰ ভোজ-ভাতৰ আড্ডাৰ‌ পৰা উঠাই অনাই মস্কিল। খঙতে বুঢ়া-মেথাসকলে সিদ্ধান্ত ল’লে যে ভাও তেওঁলোকেই গাব। ভীষ্মপৰ্ব নাটখন মেলা হ’ল। সব ঠিকেই হৈ আছিল। কিন্তু কালি বৰ ধেমালিৰ দিনাখন বকুল দাইটিয়ে ৰাইজৰ মাজত আঁঠু লৈ দ্ৰোণাচাৰ্যৰ ভাও ঘূৰাই দিবলৈ ওলাল। কদমকাইদেৱে বাৰুকৈ পৰিস্থিতিটো চম্ভালিলে বুলিহে। ৰাইজৰ আগত শৰাই আগবঢ়াই বকুল দাইটিয়ে ক’লে,
“ৰাইজ, সৰ্বদোষ মৰিষণ কৰিব। মোক এইবাৰলৈ দ্ৰোণাচাৰ্যৰ ভাওটোৰ পৰা ৰেহাই দিয়ক। মোৰ পেচাৰ।” শেহৰফাললৈ দাইটিৰ মাতটো নোলাব‌ই যেন। কদমকাইদেৱে লগে লগে মাত দিলে, “ঠিক আছে বকুল। এইবাৰ তোমাৰ নামতে নাটখন উঠাই লোৱা হ‌ওক!” বকুল দাইটি সাষ্টাঙ্গে দীঘল দি পৰিল, “ৰাইজ, তেনেকুৱা অনৰ্থ নকৰিব। মোৰ এনেই পেচাৰ। এতিয়া গোটেই ৰাইজ
আৰু ভগৱন্তৰ অভিশাপ শিৰত ল’বলৈ শক্তি নাই মোৰ। হ’ব ৰাইজ, হ’ব। ভাওনা হ’ব। মই ভাও গাম, ৰাইজ।”
বকুল দাইটি সৈমান হ’ল যদিও তেওঁ যে বচন মুখস্থ কৰিব, তাত সন্দেহ আছে। নাট মেলাৰ ওচৰত ৰৈ ভাৱৰীয়াবোৰে বচন আওৰালে বৰ বেয়া দেখি। শুনি শুনি ক‌ওঁতে ভুলো হয় প্ৰচুৰ। সেয়ে, মুহিধৰৰ মন বেয়া। দবা‌পিটা বৰষুণ জাক পাতলোঁতেই তেওঁ তাৰাতাৰিকৈ বকুল দাইটিৰ ঘৰলৈ গৈ পুতেক অনন্তক বচনখিনি দেউতাকক পঢ়ি পঢ়ি শুনাবলৈ‌ কৈ আহিছে।
ভাওনাৰ দিনা পিছবেলালৈ যেনিবা বৰষুণ পাতলিল। কোভিড কোভিড বুলি দুবছৰে ভাওনা-সবাহ হোৱা নাই। সেয়ে, পেনপেনীয়া বৰষুণকো নেওচি ৰাইজখন ভাওনা চাবলৈ আহিছে। ঘৰৰ সৰুকেইটাই ফুট গধূলিৰ পৰাই ঢাৰি পাৰি মাক-খুড়ীয়েকহ‍ঁতলৈ চিট ৰাখিছে। নামঘৰলৈ সোমোৱা খাপৰি দিয়া পথটোৰ দুয়োকাষে দুটা পুখুৰীত বৰভেকোলাবোৰে ঐক্যতান জুৰিছে। ৰাতিলৈ ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা। তথাপিও, সৰুকণৰ এইট-নাইনত পঢ়ি থকা পুতেক দুটাই মৰণত শৰণ‌ দি পকৰি, ঘুগুনী আৰু চাহৰ দোকান দিছে। আঠ-ন দিন একেৰাহে বৰষুণ। হাজিৰা কাম বন্ধ। চৰকাৰী চাউল নোহোৱা হ’লে নাজল-নাথল অৱস্থা হ’লহেঁতেন সিহঁতৰ। এতিয়া নিমখেৰে হ’লেও ভাত মুঠি খাবলৈ পাইছে। মাক ৰুণুমাইৰ সাঁচতীয়া টকা কেইটামান খৰচ কৰি‌ মটৰ মাহ, ‌চাহ-চেনি
কিনি লৈ‌ দোকানখন দিছে সিহঁতে। মানুহ অহালৈ চাই‌ বিক্ৰী-বাৰ্তা বেয়া হ’ব নালাগে।
বকুল দাইটি আহিছে ফোঁপাই জোপাই। ভতিজাক এটাই বিছনীৰে বিছি বিছি আহিছে। গ্ৰীণৰূমলৈ গৈ তেওঁ চকী এখনত বহিয়েই দিলেগৈ, “সানি দে কি সান’, দ্ৰোণাচাৰ্যৰ ভাও।” পেইণ্টাৰকেইজনে তেওঁক দ্ৰোণাচাৰ্যৰ ৰূপ দিবলৈ খৰখেদা লগালে। তেওঁক বহুৱাই থ’ব নোৱাৰি। হাই প্ৰেচাৰ আছে তেওঁৰ। ভতিজাকটোৱে বিছিয়েই আছে এখন্তেকো নোৰোৱাকৈ। গায়ন-বায়ন ইতিমধ্যে হৈ গ’ল । সূত্ৰধাৰো ওলাল। শ্ৰী কৃষ্ণৰ প্ৰৱেশ কৰি আহি অনিল পুনৰ গ্ৰীণৰূম পালেহি। বুকালিখন পিন্ধোৱাহে ঠিক নহ’ল ।
কুৰু ৰাজসভাৰ পাৰিষদবৰ্গৰ প্ৰৱেশৰ সময় হৈছে। বিছনীখনেৰে দুবাৰমান আৰু খৰকৈ বিছি লৈ বকুল দাইটি ভীষ্মৰ পিছতে থিয় হ’ল। মুহিধৰ বায়নে কোনোবা এটাক বকুলৰ ওচৰলৈ সুধিবলৈ পঠিয়ালে, “চেৱত ওলাব নে গীতত ওলাব?” উচ্চ ৰক্তচাপত কাহিল বকুল দাইটিয়ে খঙতে ‘তোৰ বাপেৰৰ মূৰটো’ বুলি কোৱাৰ লগে লগে সি ‘গীত, গীত’ বুলি চিঞৰ লগাই পলাল।
নাটৰ ওচৰত দাইটি ৰ’ল আৰু ফুচফুচাই কোৱাদি ‘চমু কৰিবি’ বুলি কৈ গ’ল। পিছে পিছে যুদ্ধং দেহি প্ৰৱেশ মাৰি অহা দুৰ্যোধনৰ ৰূপত প্ৰাক্তন মিলিটেৰী ৰাজেনে গদা ঘূৰাই ঘূৰাই “নহ’ব” বুলি হুমকি দি গ’ল।
প্ৰৱেশ মাৰি আহি বকুল দাইটি ঢাৰি এখনতে পৰি দিলেহি। খবৰ সুধিবলৈ অহা নিত্যানন্দক তেওঁ বধ শপত দি দ্ৰোণৰ পোছাকযোৰ পিন্ধাই ভাওনাৰ পিছৰছোৱা চম্ভালিবলৈ কৈ ঘৰমুখীহে হ’ল। বেচেৰা নিত্য! বয়োজ্যেষ্ঠজনৰ কথা পেলাব নোৱাৰি নাটৰ ওচৰত ৰৈ ৰৈ কিতাপ আওৰোৱাৰ দৰে বচন গাই গাই দৰ্শকসকলক আমোদ দিব ধৰিলে। মাজতে বহুৱালি কৰিবলৈ ওলাল ভোলোকাই আৰু লীলাধৰ। গাঁৱৰ প্ৰত্যেক ঘৰৰ পিছফালৰ পৰা বহু দিনৰে পৰা হেৰাবলৈ ধৰা বস্তুবোৰৰ হিচাপ ওলাল। বীৰেনৰ ঘৰৰ কান নাইকিয়া এলুমিনিয়ামৰ কলহ, হীৰা খুড়ীদেউৰ পুতেকে চাইকেল ঢাকি ৰখা পুৰণি ফটা বে’ডচিট, মাধৱৰ ঘৰৰ গোবৰ পাছি, কপৌৱনী আইতাৰ নাল ভগা ৰং উৰা ক’লা ছাতি আৰু অনেকটা বস্তু বেহানিৰে তেওঁলোকে মীনা বজাৰ পাতিলেহি।
কলীয়া পিয়ন অৰ্জুনৰ ভাৱত ওলাওঁতে কোনোবা এটাই “দাইটি, চিঠি আহিছে নেকি?” বুলি চিঞৰিলে। ভাওনাঘৰ পুনৰবাৰ হাঁহিৰে ৰজনজনাই গ’ল। হলিৰামৰ পুতেক মিণ্টুক তেওঁ মন নকৰাকৈ নাথাকিল। এবাৰ যুদ্ধ কৰি থকাৰ মাজতে দৌৰি দৌৰি এফালৰ পৰা ওলাই আনফালে যাওঁতে তাক জোখৰ বাঘঢকা এটাকে দি থৈ আহিল। সন্ধিয়া সন্ধিয়া গাঁৱৰ ছোৱালীবোৰৰ লগত কলীয়াৰ জীয়েক তৰা পদূলি মুখত ৰ‌ওঁতে তাৰ চাইকেলৰ পাক কি নাচাবা! কলীয়াই একো গম নাপায় বুলি ভাবি আছে বেটাই।
মৃণালী বৰবৌৱে এজাক মানুহক ভাত খুৱাই কোনোমতে ভাওনা ঘৰ পাইছেহি। ভাওনা বুলি মিতিৰে-কুটুমে, ল’ৰাকেইটাৰ বন্ধু-বান্ধৱেৰে ঘৰখন গিজগিজাই আছে। তেওঁ ভাত নুখুওৱাকৈ কাকো নেৰে। হাচতিত অনা তামোল এখন এখন তেওঁ ওচৰত বহাসকলকো দিছে। হঠাতে নীৰেন চকুত পৰাত তেওঁ ৰিঙিয়ালে, “মৰাটো, ভাতকেইটা খাই আহিবগৈ পৰা নাই! যা এতিয়াই, ঢাকি থৈ আহিছোঁ।”
কনকৰ চাহ-দোকানৰ সন্মুখত কাজিয়া এখন লাগিল। মৰামৰি, হতাহতি পৰ্যন্ত হ’লগৈ। বিৰাজ ঠিকাদাৰৰ পুতেকে মদ খাই টং হৈ জুনুৰ জীয়েকক বেয়া কথা ক’লে। শুনি থকা উৰুলিপুঙাকেইটামানে অঘোষিত অভিভাৱক ওলাই ৰৈয়েই নাথাকিল। ধুলাইৰ কোবত বেচেৰাৰ নাক ফাটি তেজ ব’বলৈ ধৰিলে। তাৰ বুলেটখনো কোনোবা কেইটামানে ভাঙি পেলালে। যোগেনৰ নিষ্কৰ্মা সৰু ভায়েকটোৱে জুইশলা কাঠি মাৰি জ্বলাই দিব খুজিছিল বাইকখন। গোট খোৱা মানুহখিনিৰ কোনোবা এটাই সাহস কৰি তাক ৰখালে । কাজিয়াখন সিমানতে ৰফা দফা কৰি মাৰ খোৱা আৰু মাৰধৰ কৰাকেইটাক কাবৌ-কোকালি কৰি ঘৰাঘৰি পঠিয়াই ৰাইজ আকৌ ভাওনা চাবলৈ বহিল। শৰশয্যাত পৰা ভীষ্মৰ পোছাকযোৰ ক’লামণি দাইদ’ই ইমান নিখুঁতভাৱে তৈয়াৰ কৰিছিল যে ভীষ্ম মাটিত পৰাৰ লগে লগে শৰবোৰ থিয় হৈ শয্যাৰ ৰূপ লৈছিল। দৰ্শকৰ চকু থিয় হৈ গৈছিল। মুহিধৰ বৰবায়নে মনে মনে ভাবিলে, সঁচাকৈ এনে জাতৰ
শিল্পীবোৰ তেওঁলোকৰ সৰু গাঁও খনতেই অখ্যাত হৈ থাকি গ’ল। যদি বহল পৰিসৰত তেওঁৰ চিনাকি হ’লহেঁতেন আজি কত বঁটা-বাহন, সন্মান আৰু পদকৰ অধিকাৰী হ’লহেঁতেন। হুমুনিয়াহ এটা ওলাই আহিল তেওঁৰ। এই যে তেওঁলোকে ধৰি ৰখা বিদ্যাবোৰ, তেওঁলোকৰ পিছতেই শেষ হৈ যাব নেকি? সেয়া চৰ্চা কৰিবলৈ কোনো নাথাকিব নেকি? তেওঁলোকৰ পিছৰ প্ৰজন্মৰ দেখোন এইবোৰ শিকাৰ প্ৰতি আগ্ৰহেই নাই । কেৱল ম’বাইল ফোন এটা হ’লেই হ’ল। দিনৰ দিনটো সেইটো লৈয়েই ব্যস্ত হৈ থাকিব পাৰে। কৃষ্টি-সংস্কৃতি বুলি কিবা থাকিবগৈনে? এইবাৰেই এতিয়া কোনো এটা ডেকা ল’ৰা ভাওনা কৰিবলৈ আগবাঢ়ি নাহিল। কিন্তু ভাওনাৰ দিনা কাজিয়া কৰি পৰিৱেশ দূষিত কৰাত হ’লে সিহঁতেহে আগভাগ ল’লে। দিনৰ দিনটো তিনিআলি চ’কত কেৰমৰ আড্ডা, বগাইৰ দোকানৰ পিছফালে চুলাই, সন্ধিয়া ক্লাবত সুৰা আৰু জুৱাৰ নিচা, ঘৰত মাক-দেউতাকহঁতৰ লগত কাজিয়া, পকেটত গুটখা, চকু কোটৰগত! সিহঁতক দেখিলে ভৱিষ্যতৰ এন্ধাৰ ছবি এখনহে ভাঁহি আহে। এইটো নহয় যে গাঁৱত পঢ়া-শুনা ল’ৰা নাইকিয়া হ’ল। বলে পৰাসকলে মেট্ৰিক পাছ কৰাৰ পিছত নিজৰ সন্তানক চহৰৰ ভাল কলেজত পঢ়ুৱাইছে। পঢ়ি-শুনি চাকৰি বাকৰি লৈ সিহঁত চহৰতে সংস্থাপিতও হৈছে। ‌ সিহঁতৰ সন্তানবোৰো পঢ়া-শুনা, খেলা-ধুলা, সংগীত-বাদ্য
সকলোতে আগবাঢ়ি গৈছে। এইবাৰ অ’ এন জি চিত চাকৰি কৰা কিশোৰৰ পুতেকে বিহুত আহি যি ঢোল বজালেহি, নশলগা মানুহ নাই।
মুহিধৰ বৰবায়নে খৰকৈ সিদ্ধান্ত এটা লৈ পেলালে যে এই কথাই কথা নহয়, তেওঁলোকে অভিভাৱকৰ দায়িত্ব অৱহেলা কৰিলে নহ’ব। তেওঁলোকে জনাখিনি উত্তৰ প্ৰজন্মক শিকাব‌ই লাগিব। কাষতে বাঁহী বজোৱা দ্বীপেনক তেওঁ ক’লে, “এইবাৰ বুজিছ, গৰমৰ বন্ধত ভাওনাৰ কৰ্মশালা এখন‌ পাতিব লাগিব। কথাটো খাটাং।”
ভাওনাঘৰত ইতিমধ্যে কল্যাণ-খৰমানৰ চেও বাজিছে। আন সকলোৰে লগতে মুহিধৰ বৰবায়নেও বিগলিত কণ্ঠেৰে মুক্তি মঙ্গল ভটিমা জুৰিলে:
জয় জয় নাৰায়ণ,
জগতৰ কাৰণ।
ৰক্ষা হ’লে সেৱে যাক,
তুহাৰি চৰণ।
নৰহৰি মৎস্য,
কুৰ্ম হলিৰাম,
সীতাপতি বোধ,
বৰাহক নাম,
শংকৰে কহয়,
স্থিৰ কৰা মন,
হৰি হৰি বোলা
সামাজিক জন।
পূবৰ আকাশত সূৰ্যৰ প্ৰথম কিৰণ উকমুকাইছিল। বৰষুণ জাক কেনিবা গৈছিলগৈ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!