শব্দৰ খেল(লিমাৰিক)
লেখক- প্ৰণামিকা অধিকাৰী
১
হেৰাল মুখৰ মাত মুখাৰ কথাত
সালংকৃত উলংগৰ নাই সঞ্জাত
চুৱা চেলেকা গঙাটোপ
নিবোকাৰ দাংকোপ
নিগনিৰ চৰত সৰে সিংহৰ দাঁত৷
২
ফোঁপজহী ৰঙাইৰ আঁঠুত পাগুৰি
উটে ভেটি বয় মাটি থাকে হাতযুৰি
দয়া কৰা দয়াময়
দৈৱাসন তল যায়
যায় যদি যাওকগৈ ৰাইজখন উৰি৷
৩
আতালত পাতাল আদালতত জুই
বাহত কণীৰ উম ৰজা থাকে শুই
ঘৰে ঘৰে বাঁহতল
বটলত গংগাজল
কুবেৰে ধন বিলায় শ্মশানলৈ গৈ৷
৪
শিচ্ সিয়ান হ’ল গুৰু অগিয়ান
উছৱৰ অচিলাত চায় গুণ মান
ধোঁৱা চাঙত কুঁহিপাঠ
টোলে টোলে বেং পাঠ
গ্ৰেদৰ পেৰেদ চাই শিচ্ হায়ৰান৷
৫
কইনাৰ কেটৱাক কেমেৰাই নচুৱায়
অভ্যাগত থৰ লাগে বহুৱালি চাই চাই
ৰঙানীলা পোহৰ দেখি
কাকে গুজে ম’ৰা পাখি
দম দম খাদ্যবস্তু যাচোঁতা কেও নাই৷
* * *
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments