হেঁপাহৰ এসাঁজ

লেখক- মানসী দত্ত

চিকচিকাই থকা কাঁহৰ কাহীখনত একাষে এটাও ভাত ইফাল সিফাল নকৰাকৈ বাতিৰ সাজেৰে বাঢ়ি দিয়া ভাতখিনি, কাষতে অকণমান পদিনা চাটনি, তাৰ কাষতে সমান সমানকৈ কটা ফ্ৰেন্সবিন, গাজৰ আৰু আলুৰ শুকান ভাজিখন, বেচনত লেটিয়াই ভজা মচমচিয়া বেঙেনাৰ বৰা দুটা, কাঁহৰ বাতিত ঘী ওপঙি থকা মগুৰদালিখন, ডাঙৰ বানবাতি এটাত ৰঙাকৈ তেল উপঙি থকা হাঁহৰ মাংসখিনি, কাষতে আন এটা বাতিত জাতিলাও-বিলাহীৰে চিতল মাছৰ কলঠি টুকুৰা হেতাখনেৰে ঢালি লৈ মনিকাই পানী গিলাচো বাকি দিলে।
‘হেৰা, আহা আকৌ! মই চব ৰেডি কৰিলোঁ।’ – চিঞৰটো মাৰি মনিকাই নিজেও এখন চকীত বহি পৰিল। ইমানদিনৰ পিচত ইমানবোৰ কাম কৰিলে ভাগৰ লাগিবই। পানী এগিলাচ একেবাৰতে পি মনিকাই আকৌ এবাৰ চিঞৰিলে, ‘হেৰা, আহা আকৌ! কিমান কষ্ট কৰি ৰান্ধিলোঁ। ঠাণ্ডাই হ’ব সকলোবোৰ। সকলোবোৰ তোমাৰ পচন্দৰে। হাঁহৰ মাংসখিনি বৰ ভাল আছিল। এটোপালো পানী নিদিয়াকৈ কোমোৰাৰে ৰান্ধিছোঁ। ইমান ধুনীয়া গোন্ধ ওলাইছে! চিতল মাছটো ইমান তেজাল। তুমি ভালপোৱাৰ দৰেই অকল পাঁচফোৰন আৰু আদা দি জাতিলাও গলাই ৰান্ধিছোঁ। তুমিনো কি কৰি আছা? আহা আকৌ! তুমি যে ঘীতে শুকানকৈ ভাজি জীৰা দি ৰন্ধা মগু দালিখন ভালপোৱা, তাকো ৰান্ধিছোঁ। আহা আকৌ! ক’ত আছানো তুমি, বিধান?
আটাইকেইটা কোঠাতে চুকে-কোণে চাই আহি মনিকা পুনৰ চকীখনতে বহিলহি।
‘বিধান ক’ত গ’লানো? মিচাতে মোৰ খং উঠাই নাথাকিবা দেই! ওলাই আহা!’
লাহে লাহে মনিকাই ফেকুৰিবলৈ ধৰিলে। ‘তুমি নাথাকিলে মোৰ বৰ ভয় লাগে, নাজানা জানো তুমি, বিধান? আহাছোন! মোৰ ভয় লাগিছে।’ মনিকাই ডাঙৰকৈ কান্দিব ধৰিলে।
ইমান দেৰি দূৰৈৰ পৰা চাই থকা স্নেহাই আৰু ৰ’ব নোৱাৰি মাকক সাবটি ধৰিলেহি। তাই জানে, এইখিনি সময়ত মাকে তাইৰ কথা একেবাৰে নুশুনে। আগৰ কেইবাৰৰ দৰেই এইবাৰো মাকক চম্ভালা কঠিন হৈ পৰিব।
লাহে লাহে মাকৰ পিঠিত হাত বুলাই তাই কৈ থাকিল, ‘ক’তো যোৱা নাই তোমাৰ বিধান। এতিয়াই আহিব। তুমি এনেকৈ কান্দি থাকিলে তেওঁ বেয়া পাব নহয়! ব’লা আমি ৰূমলৈকে যাওঁ। তুমি অলপ সময় শুই দিবা।’ – কেঁচুৱাৰ দৰে নিচুকাই নিচুকাই স্নেহাই মনিকাক তেওঁৰ কোঠালৈ নি বিছনাখনত শুৱাই দি লাহে লাহে চুলিখিনিত হাত বুলাই দিলে। ভাগৰি পৰা মানুহজনীয়ে তাইৰ হাতখনকে বুকুত সাবটি ধৰি টোপনি গ’ল। ক’লা পৰা চকুৰ গুৰি শুকান, হাড়ে-ছালে লগা চেহেৰাটো বিছনাখনৰ লগত মিলি গৈছে। সকলো সময়তে ধুনীয়াকৈ সাজি কাচি থকা তাইৰ মৰমীয়াল মাকজনীক তাইৰ লগৰ সকলোৱে বৰ ভাল পাইছিল। সকলোকে জুতি লগাই খুৱাই ভালপোৱা মানুহজনীয়ে আজিকালি গালে-মুখে ভাত সানি বহি থাকে। আগতে ঘৰতো ইষ্ট্ৰি কৰা কাপোৰ পিন্ধা মানুহজনীয়ে আজিকালি কাপোৰকেইটা গাত ওলোমাই লৈ ফুৰে। সোণৰ দৰে জিলিকি থকা মানুহজনীৰ হাড়ে-ছালে লগা চেহেৰাটোৱে তাইক বৰ কষ্ট দিয়ে। এনেখিনি সময়ত স্নেহাই বুজি নাপায়, তাই কি কৰিব, কান্দিব নে হাঁহিব নে ওপৰৱালাক ধিক্কাৰ দিব।
প্ৰশান্তিত শুই থকা মাকৰ মুখখন চাই স্নেহাৰ আপোনা আপুনি হুমুনিয়াহ এটা ওলাই আহিল। শান্তিৰে ভৰি থকা সেই দিনবোৰত কেৱল আছিল হাঁহি-ধেমালি আৰু ভালপোৱা। কিমান দিননো পাৰ হৈ গল! মাত্ৰ পাঁচ বছৰহে। কিন্তু তাইৰ এনে লাগে যেন যুগ যুগ ধৰি তাই কেৱল এইখিনি সময়তে জীয়াই আছে। প্ৰতিটো দিনেই অনিশ্চয়তা আৰু আশংকাৰে ভৰা। মাজে মাজে তাইৰ মনটো ব্যাকুল হৈ পৰে আগৰ দৰে এখিনি সময় জীয়াবলৈ। সময়বোৰ যদি সদায় একেদৰে ৰৈ গ’ল হয়! হয়তো ৰৈ গ’ল হয় সময় একেদৰেই যদিহে তাইৰ দেউতাকৰ সেই ভয়াবহ অঘটনটো নঘটিলেহেঁতেন।
সেইদিনটোৰ প্ৰতিটো কথাই তাইৰ ভালদৰে মনত আছে। মাক-দেউতাকৰ বিবাহবাৰ্ষিকী আছিল। সেইদিনা সন্ধিয়া মাকে দেউতাকৰ প্ৰিয় হাহঁৰ মাংস, চিতল মাছৰ কলঠি আৰু আৰু বহুত কিবাকিবি ৰান্ধিছিল। দেউতাকৰ লগৰবোৰে পৰিৱেশতো বৰ ধুনীয়া কৰি তুলিছিল। আলহী বুলিবলৈ মহাক-মাহীয়েকেই আছিল। সিহঁতে বিশেষ দিনবোৰ নিজৰ মাজতে উদযাপন কৰি ভাল পায়। সেয়েহে মাকৰ বৰ মৰমৰ তাইৰ একমাত্ৰ মাহীয়েকেই সাধাৰণতে সিহঁতৰ একমাত্ৰ অতিথি হয়। মাহীয়েক থাকিলে তাইৰো বৰ ভাল লাগে। মিনু মাহী তাইৰ সকলোতকৈ ভাল বান্ধবী। মাকক ক’ব নোৱাৰা কথাবোৰো তাই মাহীয়েকৰ লগতে পাতে। সেইদিনা ৭তা মান বজাত দেউতাকে মাকৰ প্ৰিয় মনমোহনৰ গৰম গৰম মুখত দিলেই পমি যোৱা গোলাবজামুনকেইটা আনিবলৈ বুলি স্কুতিখন লৈ ওলাই গৈছিল। যাওঁতে মাথোঁ চিঞৰি কৈ গৈছিল, মই দহ মিনিটত আহি যাম মনিকা। তুমি আদা ইলাচি দি গাখীৰ চাহকাপ বনোৱা।
দহ মিনিটত আহিবলগীয়া মানুহজন আধাঘণ্টাত ডে’ডবডী হৈহে ঘৰ সোমালহি। সিহঁতৰ গলিৰ পৰা মেইন ৰাস্তাত উঠোঁতেই তীব্ৰ বেগেৰে অহা ব’লেৰ’খনে দেউতাকক মহতিয়াই লৈ গ’ল। নিমিষতে মানুহজন হেৰাই থাকিল। কেনেদৰে পাহৰিব তাই সেই দিনটো। তাইৰ আকাশখনযে মুহূৰৰ্ততে খহি পৰিছিল। আৰু মাক? মাকৰ দুচকুত ধুসৰ হৈ পৰিল। দেউতাক হেৰাই যোৱা সত্যটো মাকে কেতিয়াও মানি নল’লে। লাহে লাহে সকলোবোৰ পাহৰি গ’ল তেওঁ। স্নেহা আৰু ভনীয়েকৰ মুখ দুখনৰ বাদে বাকী সকলোবোৰ মাথোঁ মনত পেলাব নোৱাৰা ছবি হৈ ৰৈ গ’ল। বিধানৰ প্ৰিয় ভাতসাজঁৰ খুতি-নাতি কিন্তু তেওঁ পাহৰিব নোৱাৰিলে। সেয়েহে দুমাহ তিনিমাহৰ মূৰত জেদ ধৰে তেওঁ ইমান দিনে বিধানৰ প্ৰিয় ভাতসাঁজ ৰান্ধিব পৰা নাই। স্নেহাক জোৰ জবৰদস্তি কৰি বজাৰলৈ পঠিয়ায়। বজাৰ কৰি ননালৈকে একো এটা মুখত নিদিয়ে তেওঁ। মিনু মাহী আৰু মহা আছে বাবেই স্নেহা মানুহ হৈ আছে। নহ’লে তায়ো হয়তো মানসিক ভাৰসাম্য হেৰুৱাই পেলালেহেঁতেন।
মাকক শুৱাই তাই ডাইনিং টেবুলখন সামৰিবলৈ আহিল। সকলোবোৰ এখন ধুনীয়া ছবিৰ দৰে পৰি আছে। কিমান দিন ধৰি এইসাঁজ ভাত সিহঁতৰ বাবে চকুলোৰ কাৰণ হৈ আছে! অন্য দিনবোৰৰ দৰে আজিও তাই সকলোখিনি সামৰি ভালদৰে টিফিনত ভৰাই ওচৰতে থকা অকলশৰীয়া আইতাজনীৰ ঘৰলৈ গ’ল। তাইক দেখিয়েই আইতাকে ধুনীয়াকৈ হাঁহিলে। তায়ো দেৰি নকৰি টিফিনবোৰ উলিয়াই ভাতসাঁজ সজাই দিলে। কাঁহীখন চাই আইতাকে মৰা হাঁহিটো চাই প্ৰতিবাৰৰ দৰে এইবাৰো তাইৰ মনটো ভৰি গ’ল। মাকে ৰন্ধা দেউতাকৰ হেঁপাহৰ সাঁজটো যেন সঁচাকৈয়ে আইতাকৰে হেঁপাহৰ এসাঁজ।

Subscribe
Notify of

4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ধ্ৰুৱজ্যোতি ওজা।
1 year ago

বৰ ধুনীয়াকৈ আপোন জনক হেৰুৱাৰ দুখঃ আৰু আবেগখিনিক উপস্থাপন কৰিলে। ভাল লাগিল পঢ়ি বাইদেউ।

মানসী দত্ত
1 year ago

ধন্যবাদ

Farmida Aman
1 year ago

🙏🙏excellent

মানসী দত্ত
1 year ago
Reply to  Farmida Aman

ধন্যবাদ

Don`t copy text!